Ezekiel 24:24 in Assamese 24 এইদৰে যিহিষ্কেল তোমালোকৰ চিনস্বৰূপ হ’ব; তেওঁ কৰা আটাই কাৰ্য্য অনুসাৰে তোমালোকেও কৰিবা। এয়ে যেতিয়া ঘটিব, তেতিয়া, মই যে প্ৰভু যিহোৱা, তাক তোমালোকে জানিবা’!”
Other Translations King James Version (KJV) Thus Ezekiel is unto you a sign: according to all that he hath done shall ye do: and when this cometh, ye shall know that I am the Lord GOD.
American Standard Version (ASV) Thus shall Ezekiel be unto you a sign; according to all that he hath done shall ye do: when this cometh, then shall ye know that I am the Lord Jehovah.
Bible in Basic English (BBE) And Ezekiel will be a sign to you; everything he has done you will do: when this takes place, you will be certain that I am the Lord.
Darby English Bible (DBY) Thus Ezekiel shall be unto you a sign; according to all that he hath done shall ye do: when it cometh, then ye shall know that I [am] the Lord Jehovah.
World English Bible (WEB) Thus shall Ezekiel be to you a sign; according to all that he has done shall you do: when this comes, then shall you know that I am the Lord Yahweh.
Young's Literal Translation (YLT) And Ezekiel hath been to you for a type, According to all that he hath done ye do; In its coming in -- ye have known that I `am' the Lord Jehovah.
Cross Reference 1 Samuel 10:2 in Assamese 2 আজি তুমি যেতিয়া মোৰ ওচৰৰ পৰা যাবা, তেতিয়া বিন্যামীনৰ সীমাত থকা চেলচহত ৰাহেলৰ মৈদামৰ ওচৰত দুজন মানুহ লগ পাবা। তেওঁলোকে তোমাক ক’ব ‘তুমি যি গাধবোৰ বিচাৰি গৈছিলা, সেইবোৰ পোৱা হ’ল। এতিয়া তোমাৰ পিতৃয়ে গাধবোৰলৈ চিন্তা কৰিবলৈ এৰি তোমাৰ কাৰণে চিন্তা কৰি কৈছে, “মোৰ পুত্ৰৰ বিষয়ে কি কৰিম?’
Isaiah 8:18 in Assamese 18 চিয়োন পৰ্বতত থকা বাহিনীসকলৰ যিহোৱাৰ পৰা যিহোৱাই চিন স্বৰূপে ইস্রায়েলৰ অদ্ভুত লক্ষ্যণৰ বাবে দিয়া পুত্রসকল আৰু মোক চোৱা,
Isaiah 20:3 in Assamese 3 যিহোৱাই ক’লে, “মোৰ দাসৰ দৰে যিচয়াই মিচৰ আৰু কুচৰ বিষয়ে এক চিন আৰু অদ্ভুত লক্ষণস্বৰূপে উদং গাৰে আৰু শুদা ভৰিৰে তিনিবছৰলৈকে খোজ কাঢ়িলে,
Jeremiah 17:15 in Assamese 15 চোৱা, তেওঁলোকে মোক কৈছে, “যিহোৱাৰ বাক্য ক’ত? সেয়ে এতিয়া ঘটক।”
Ezekiel 4:3 in Assamese 3 আৰু তুমি এখন লোহাৰ তাওৱা লৈ, তোমাৰ আৰু নগৰৰ মাজত লোহাৰ গড়স্বৰূপে তাক স্থাপন কৰা। আৰু তালৈ কঠিন দৃষ্টি কৰা, তাতে সেয়ে অৱৰোধৰ অৱস্থাত পৰিব আৰু তুমি তাক অৱৰোধ কৰিবা; ইস্ৰায়েল-বংশৰ কাৰণে এয়ে চিন হ’ব।
Ezekiel 6:7 in Assamese 7 আৰু তোমালোকৰ মাজত লোক হত হৈ পৰিব; আৰু মই যে যিহোৱা, তাক তোমালোকে জানিবা।
Ezekiel 7:9 in Assamese 9 মই কৃপাদৃষ্টি নকৰিম আৰু দয়াও নকৰিম। তোমালোকে যিদৰে কৰিলা, মইয়ো তোমালোকলৈ সেইদৰেই কৰিম; আৰু তোমালোকৰ ঘিণলগীয়া কাৰ্য্যৰ ফল তোমালোকৰ মাজত থাকিব, তেতিয়া মই যে তোমালোকৰ প্ৰহাৰ কৰোঁতা যিহোৱা, সেই বিষয়ে তোমালোকে জানিবা।
Ezekiel 7:27 in Assamese 27 ৰজাই শোক কৰিব আৰু ৰাজকুমাৰে শোকৰ বস্ত্ৰ পৰিধান কৰিব আৰু দেশৰ প্ৰজাসকলৰ হাত ভয়ত কঁপিব; মই তেওঁলোকৰ আচাৰ-ব্যৱহাৰ অনুসাৰে তেওঁলোকৰ বিচাৰ কৰিম! আৰু যেতিয়ালৈকে তেওঁলোকে জানিব পাৰিব যে, ময়ে তেওঁলোকৰ ঈশ্বৰ যিহোৱা; তেতিয়ালৈকে মই তেওঁলোকক নিজ মানবিশিষ্ট বিচাৰ কৰিম।”
Ezekiel 12:6 in Assamese 6 তেওঁলোকৰ চকুৰ আগত তুমি তাক কান্ধত তুলি আন্ধাৰত বাহিৰলৈ লৈ যাবা; তুমি দেশখন নেদেখিবলৈ তোমাৰ মুখ ঢাকিবা, কিয়নো মই ইস্ৰায়েল বংশৰ কাৰণে এক চিনস্বৰূপে তোমাক প্ৰস্থান কৰিলোঁ।”
Ezekiel 12:11 in Assamese 11 তুমি কোৱা, মই তোমালোকৰ পক্ষে চিনস্বৰূপ; মই কৰা নিচিনাকৈ তেওঁলোকলৈ কৰা হ’ব; তেওঁলোক দেশান্তৰলৈ বন্দী-অৱস্থালৈ যাব।
Ezekiel 17:24 in Assamese 24 তেতিয়া মই যে যিহোৱা সেই বিষয়ে পথাৰত থকা সকলো গছবোৰে জানিব। মই ওখ গছজোপা চাপৰ, চাপৰ গছজোপা ওখ কৰোঁ; মই কেঁচাপতীয়া গছজোপা শুকান আৰু শুকান গছজোপা জকমকীয়া কৰোঁ! মই যিহোৱা; এই কথা ঘোষণা কৰিলোঁ আৰু ইয়াক সিদ্ধও কৰিলোঁ!”
Ezekiel 25:5 in Assamese 5 আৰু মই ৰব্বাক উটৰ শাল বনাম আৰু অম্মোনৰ লোকসকলৰ দেশখন মেৰ শোৱা গঁৰাল কৰিম, তাতে, মই যে, যিহোৱা তাক তোমালোকে জানিবা!
Ezekiel 25:7 in Assamese 7 এই হেতুকে চোৱা! মই তোমাৰ বিৰুদ্ধে মোৰ হাত মেলি জাতিবোৰৰ গুৰিত লুটদ্ৰব্যস্বৰূপে তোমাক শোধাই দিম। মই জাতিবোৰৰ পৰা তোমাক উচ্ছন্ন কৰিম আৰু দেশবোৰৰ মাজৰ পৰা তোমাক লুপ্ত কৰিম! দেশখনৰ পৰা মই তোমাক বিনষ্ট কৰিম, আৰু মই যে যিহোৱা, ইয়াকে তুমি জানিবা’!”
Ezekiel 25:11 in Assamese 11 আৰু মই মোৱাবক দণ্ড দিম, তেতিয়া মই যে যিহোৱা, ইয়াক তেওঁলোকে জানিব।
Ezekiel 25:14 in Assamese 14 মোৰ প্ৰজা ইস্ৰায়েলৰ দ্বাৰাই মই ইদোমৰ ওপৰত মোৰ প্ৰতিকাৰ সাধিম আৰু তেওঁলোকে মোৰ ক্ৰোধ ও কোপ অনুসাৰে ইদোমত কাৰ্য্য কৰিব! তেতিয়া, তেওঁলোকে মোৰ প্রতিশোধ বুজি পাব!” এয়েই হৈছে প্ৰভু যিহোৱাৰ ঘোষণা!
Ezekiel 25:17 in Assamese 17 আৰু কোপযুক্ত নানা ধমকি দি মই তেওঁলোকৰ ওপৰত মহা প্ৰতিকাৰ সাধিম; আৰু মই তেওঁলোকৰ ওপৰত প্ৰতিকাৰ সাধিলে, মই যে যিহোৱা, ইয়াক তেওঁলোকে জানিব!
Hosea 1:2 in Assamese 2 হোচেয়াৰ মাধ্যমেদি প্রথমে কথা প্রকাশ কৰাৰ সময়ত যিহোৱাই হোচেয়াক ক`লে, “তুমি যোৱা আৰু নিজৰ বাবে এগৰাকী বেশ্যা মহিলাক বিবাহ কৰা। বেশ্যাস্বভাৱৰ ফলত জন্ম পোৱা তাইৰ সন্তানসকলকো গ্রহণ কৰিবা; কিয়নো দেশখনে যিহোৱাৰ পৰা আঁতৰি গৈ অতি ঘৃণনীয় বেশ্যা কৰ্ম কৰিছে।”
Hosea 3:1 in Assamese 1 পাছত যিহোৱাই মোক ক’লে, “ যেনেদৰে ইস্ৰায়েলীয়াসকল যদিও আন দেৱতাসকলৰ ফালে ঘূৰিল আৰু অর্ঘ্যত দিয়া কিচমিচৰ পিঠা খাবলৈ তেওঁলোকে ভাল পায়, তথাপিও যিহোৱাই তেওঁলোকক প্ৰেম কৰে; সেইদৰে তোমাৰ ভার্যাৰ আন এজন প্রেমিক থকাত যদিও তাই ব্যভিচাৰ কৰিলে, তথাপিও তুমি পুনৰ যোৱা আৰু তাইক প্রেম কৰা।”
Luke 11:29 in Assamese 29 এনেদৰে অনেক লোক তেওঁৰ ওচৰত গোট খোৱাত, তেওঁ ক’বলৈ ধৰিলে, “এই কালৰ মানুহ, দুর্জন মানুহ৷ ইহতে পৰাক্ৰম কাৰ্যৰ চিন বিচাৰে, কিন্তু যোনাৰ চিনৰ বাহিৰে আন কোনো চিন ইহতক দিয়া নহব।
Luke 21:13 in Assamese 13 সাক্ষ্যৰ অৰ্থে এটা সুযোগ পাবলৈ এই সকলো কথা তোমালোকলৈ ঘটিব।
John 13:19 in Assamese 19 এইদৰে যেতিয়া ঘটিব, তেতিয়া ময়েই যে সেই জন হয়, ইয়াক তোমালোকে যেন বিশ্বাস কৰা, এই কাৰণে ঘটাৰ আগেয়ে, মই এতিয়াৰ পৰা তোমালোকক কৈ আছোঁ।
John 14:29 in Assamese 29 এইবোৰ ঘটা কালত তোমালোকে যেন বিশ্বাস কৰা, এই কাৰণে ঘটাৰ আগেয়ে, মই তোমালোকক এইবোৰ কথা ক’লোঁ।
John 16:4 in Assamese 4 কিন্তু যেতিয়া সেই সময় আহিব, তেতিয়া মই কোৱা কথাবোৰ তোমালোকে যেন সোঁৱৰিবা, এই কাৰণে মই এইবোৰ কথা তোমালোকক ক’লোঁ। মই তোমালোকৰ লগত থকাৰ কাৰণে, এইবোৰ কথা আৰম্ভণিৰে পৰা কোৱা নাছিলো।