Ezekiel 24:13 in Assamese 13 তোমাৰ অশুচিতাত লজ্জাজনক আচৰণবোৰ আছে, কাৰণ মই তাক শুচি কৰিলো, কিন্তু তোমাক শুচি কৰিবলৈ যত্ন কৰিলেও তুমি শুচি নোহোৱা। এই কাৰণে মই তোমাৰ ওপৰত মোৰ ক্ৰোধ মাৰ নিনিয়ালৈকে তুমি তোমাৰ অশুচিতাৰ পৰা আৰু শুচি নহ’বা।
Other Translations King James Version (KJV) In thy filthiness is lewdness: because I have purged thee, and thou wast not purged, thou shalt not be purged from thy filthiness any more, till I have caused my fury to rest upon thee.
American Standard Version (ASV) In thy filthiness is lewdness: because I have cleansed thee and thou wast not cleansed, thou shalt not be cleansed from thy filthiness any more, till I have caused my wrath toward thee to rest.
Bible in Basic English (BBE) As for your unclean purpose: because I have been attempting to make you clean, but you have not been made clean from it, you will not be made clean till I have let loose my passion on you in full measure.
Darby English Bible (DBY) In thy filthiness is lewdness, for I have purged thee, and thou art not pure. Thou shalt no more be purged from thy filthiness, till I have satisfied my fury upon thee.
World English Bible (WEB) In your filthiness is lewdness: because I have cleansed you and you weren't cleansed, you shall not be cleansed from your filthiness any more, until I have caused my wrath toward you to rest.
Young's Literal Translation (YLT) In thine uncleanness `is' wickedness, Because I have cleansed thee, And thou hast not been cleansed, From thine uncleanness thou art not cleansed again, Till I have caused My fury to rest on thee.
Cross Reference 2 Chronicles 36:14 in Assamese 14 বিশেষকৈ পুৰোহিতসকলৰ মাজৰ প্ৰধান লোকসকলে আৰু প্ৰজাসকলে জাতিবোৰৰ আটাই ঘিণলগা কাৰ্যৰ দৰে অনেক সত্য-লঙ্ঘন কৰিলে৷ আৰু যিহোৱাই যিৰূচালেমত যি গৃহ পবিত্ৰ কৰিছিল, তাক তেওঁলোকে অশুচি কৰিলে।
Isaiah 5:4 in Assamese 4 মই মোৰ দ্ৰাক্ষাবাৰীৰ বাবে আৰু কি কৰিব পাৰিলো হেতেন, যিটো মই তাৰ বাবে কৰা নাই? মই দ্ৰাক্ষাগুটি লাগিবৰ অপেক্ষাত থাকোঁতে, কিয় তাত বনৰীয়া দ্ৰাক্ষাগুটি লাগিল?
Isaiah 9:13 in Assamese 13 তথাপিও তেওঁলোকক প্ৰহাৰ কৰা লোকসকল তেওঁলৈ নুঘুৰিব, নাইবা তেওঁলোকে বাহিনীসকলৰ যিহোৱাক নিবিচাৰিব।
Jeremiah 6:28 in Assamese 28 তেওঁলোক সকলোৱেই অতিশয় বিদ্ৰোহী আৰু পৰচৰ্চ্চাকাৰী। তেওঁলোক পিতল আৰু লোহাস্বৰূপ; তেওঁলোক সকলো দুৰাচাৰী।
Jeremiah 25:3 in Assamese 3 তেওঁ ক’লে, “আমোনৰ পুত্ৰ যিহূদাৰ ৰজা যোচিয়াৰ ৰাজত্বৰ ত্ৰয়োদশ বছৰৰে পৰা আজিলৈকে এই তেইশ বছৰ যিহোৱাৰ বাক্য মোৰ ওচৰলৈ আহি আছে আৰু মই প্ৰতি প্ৰভাতে উঠি তোমালোকক তাক কৈ আছোঁ। মই তোমালোকক ক’বলৈ অতি ইচ্ছুক আছিলো, কিন্তু তোমালোকে কাণ দিয়া নাই।
Jeremiah 31:18 in Assamese 18 “মই ইফ্ৰয়িমক বিলাপেৰে সঁচাকৈ কোৱা শুনিলোঁ। ‘তুমি মোক শাস্তি দিলা, আৰু মই শাস্তি ভোগ কৰিলোঁ। যুৱলিত অভ্যাস নোহোৱা দামুৰি পোৱালিৰ নিচিনাকৈ তুমি মোক ঘূৰুউৱা, তাতে মই ঘূৰিম, কিয়নো তুমিয়েই মোৰ ঈশ্বৰ যিহোৱা।
Ezekiel 5:13 in Assamese 13 এইদৰে মোৰ ক্ৰোধ সিদ্ধ হ’ব আৰু মই তেওঁলোকৰ ওপৰত মোৰ কোপ বৰষাই ক্ষান্ত হ’ম; মই তেওঁলোকৰ ওপৰত মোৰ ক্ৰোধ সিদ্ধ কৰাৰ পাছত, তেওঁলোকে জানিব যে, মই যিহোৱা, মই মৰ্য্যাদা ৰখাৰ উৎসাহতে এই কথা কলোঁ।
Ezekiel 8:18 in Assamese 18 এই হেতুকে ময়ো কোপেৰে কাৰ্য্য কৰিম; কৃপাদৃষ্টি নকৰিম; আৰু দয়াও নকৰিম; আৰু তেওঁলোকে বৰ মাতেৰে মোৰ কাণত কাতৰোক্তি কৰিলেও মই তেওঁলোকৰ কথা নুশুনিম।”
Ezekiel 16:42 in Assamese 42 তেতিয়া মই এইদৰে তোমাৰ ওপৰত মোৰ ক্ৰোধ মাৰ নিয়াম; তেতিয়া তোমাৰ পৰা মোৰ অন্তৰ্জ্বালা দূৰ হ’ব আৰু মই শান্তিৰে থাকিম, পুনৰায় ক্ৰোধ নকৰিম।
Ezekiel 22:24 in Assamese 24 “হে মনুষ্য সন্তান, তুমি যিহূদাক কোৱা, ‘তুমি হাবি নকটা, বা ক্ৰোধৰ দিনা বৰষুণ নিদিয়া দেশ!
Ezekiel 23:36 in Assamese 36 যিহোৱাই মোক ক’লে “হে মনুষ্য সন্তান, তুমি অহলা আৰু অহলীবাৰ ওপৰত গোচৰ কৰিবা নে? তেন্তে তেওঁলোকৰ ঘিণলগীয়া কাৰ্যবোৰ তেওঁলোকক সোঁৱৰা।
Ezekiel 24:11 in Assamese 11 তাৰ পিছত টৌটো গৰম হ’বলৈ আৰু তাৰ পিতল পুৰিবলৈ, তাৰ মল তাত গলিবলৈ আৰু তাৰ কঁহ গুচিবলৈ তাৰ আঙঠাৰ ওপৰত তাক খালিকৈ বহোৱা!’
Hosea 7:1 in Assamese 1 যেতিয়া মই ইস্ৰায়েলক সুস্থ কৰিব বিচাৰো, তেতিয়া ইফ্ৰয়িমৰ পাপৰ লগতে চমৰিয়াৰ দুষ্টতাৰ কার্যবোৰ প্ৰকাশ পায়; তেওঁলোকে ছলনা কৰে, ঘৰৰ ভিতৰত চোৰ সোমায় আৰু বাহিৰত ডকাইতবোৰে লুট-পাট কৰে।
Hosea 7:9 in Assamese 9 বিদেশীসকলে তেওঁৰ শক্তি দুর্বল কৰিলে, কিন্তু তেওঁ তাক বুজি পোৱা নাই; তেওঁৰ মূৰৰ চুলিবোৰ ঠায়ে ঠায়ে পকিছে, কিন্তু তেওঁ তাক লক্ষ্য কৰা নাই।
Amos 4:6 in Assamese 6 “মই তোমালোকৰ নগৰবোৰত আহাৰ নিদি তোমালোকৰ দাঁত পৰিস্কাৰ কৰি ৰাখিলোঁ আৰু তোমালোকৰ সকলো ঠাইত অন্নৰ অভাৱ কৰিলোঁ; তথাপি, তোমালোক মোলৈ ঘূৰি নাহিলা।” যিহোৱাই এই কথা কৈছে।
Zephaniah 3:2 in Assamese 2 তাই ঈশ্বৰৰ কথালৈ মনোযোগ নিদিয়ে; যিহোৱাৰ শাসন গ্রাহ্য নকৰে! যিহোৱাৰ ওপৰত ভাৰসা নকৰে; নিজ ঈশ্বৰৰ ওচৰলৈ তাই নাহে।
Zephaniah 3:7 in Assamese 7 মই যিৰূচালেমক ক’লো, ‘এতিয়া তুমি অৱশ্যেই মোক ভয় কৰিবা আৰু মোৰ শাসন গ্ৰহণ কৰিবা। তাতে তোমাৰ নিবাস উচ্ছন্ন কৰা নহ’ব।’ এয়ে তোমাৰ বিষয়ে মই নিৰূপিত কৰা মোৰ পৰিকল্পনা। কিন্তু তাইৰ লোকসকলে ৰাতিপুৱাতে উঠি অতি আগ্রহেৰে সৈতে দুষ্টতাৰ কার্যবোৰ কৰি থাকিল।”
Matthew 23:37 in Assamese 37 “যিৰূচালেম, যিৰূচালেম, যি জনে ভাৱবাদী সকলক বধ কৰে আৰু তোমাৰ ওচৰলৈ পঠোৱা সকলক শিল দলিয়াই মাৰে, কিমান বাৰ মই তোমাৰ সন্তান সকলক একলগ কৰিবলৈ যত্ন কৰিলোঁ, কুকুৰাই যেনেকৈ নিজৰ পোৱালিবোৰক ডেউকাৰ তলত চপাই লয়, তেনেকৈ ময়ো তোমাৰ সন্তানবোৰক চপাই ল’বলৈ ইচ্ছা কৰিছিলোঁ, কিন্তু তুমি সন্মত নহলা।
Luke 13:7 in Assamese 7 তেতিয়া গৰাকীয়ে বাৰীচোৱাক ক’লে, ‘চোৱা, মই তিনি বছৰ ধৰি এই ডিমৰু গছৰ ফল বিচাৰি আছোঁ, কিন্তু একোৱে নাপাও; সেয়েহে ইয়াক কাটি পেলোৱা। কিয় ইয়াক অযথা মাটি ডৰা নষ্ট কৰিব দিওঁ?’
Romans 2:8 in Assamese 8 কিন্তু স্বাৰ্থপৰ লোক সকললৈ আৰু সত্যক অমান্য কৰি অধাৰ্মিকতাক মান্য কৰা সকললৈ ক্ৰোধ আৰু কোপ হ’ব;
2 Corinthians 7:1 in Assamese 1 এই হেতুকে, হে প্ৰিয় ভাইসকল, এইবোৰ প্ৰতিজ্ঞা পোৱাৰ পাছত, আহক, আমি শৰীৰ আৰু আত্মাৰ সকলো অশুচিতাৰ পৰা নিজকে শুচি কৰি, ঈশ্বৰৰ ভয়ত পবিত্ৰতা সিদ্ধ কৰোঁহক।
Revelation 22:11 in Assamese 11 যি জন অন্যায়কাৰী, তেওঁক পুনৰ অন্যায় কৰি থাকিবলৈ দিয়া; যি জন অধাৰ্মিক, তেওঁ পুনৰ অধৰ্ম কৰি থাকক; যি জন ধাৰ্মিক, তেওঁ পুনৰ ধৰ্ম আচৰণ কৰক; যি জন পবিত্ৰ লোক, তেওঁ পবিত্ৰ হৈ থাকক।”