Ezekiel 22:9 in Assamese 9 ৰক্তপাত কৰিবলৈ তোমাৰ মাজত চৰ্চ্চিফুৰা লোক আছে। তোমাৰ মাজত লোকে পৰ্ব্বতবোৰৰ ওপৰত ভোজন কৰে। তোমাৰ মাজত ব্যভিচাৰ কৰে!
Other Translations King James Version (KJV) In thee are men that carry tales to shed blood: and in thee they eat upon the mountains: in the midst of thee they commit lewdness.
American Standard Version (ASV) Slanderous men have been in thee to shed blood; and in thee they have eaten upon the mountains: in the midst of thee they have committed lewdness.
Bible in Basic English (BBE) In you there are men who say evil of others, causing death; in you they have taken the flesh with the blood for food; in your streets they have put evil designs into effect.
Darby English Bible (DBY) In thee there have been slanderous men to shed blood; and in thee have they eaten upon the mountains; in the midst of thee they have committed lewdness;
World English Bible (WEB) Slanderous men have been in you to shed blood; and in you they have eaten on the mountains: in the midst of you they have committed lewdness.
Young's Literal Translation (YLT) Men of slander have been in thee to shed blood, And on the mountains they have eaten in thee, Wickedness they have done in thy midst.
Cross Reference Exodus 20:16 in Assamese 16 তোমালোকে তোমালোকৰ চুবুৰীয়াৰ অহিতে মিছা সাক্ষ্য নিদিবা।
Exodus 23:1 in Assamese 1 তোমালোকে কোনো লোকৰ অহিতে মিছা কথা নকবা। অন্যায় সাক্ষী দিবলৈ তোমালোকে দুৰ্জন লোকৰ লগত সহযোগ নকৰিবা।
Leviticus 19:16 in Assamese 16 তুমি নিজ লোকসকলৰ মাজত চৰ্চ্চি ফুৰোঁতা নহ’বা; আৰু তোমাৰ ওচৰ চুবুৰীয়াৰ প্রাণ ৰক্ষা কৰোতা হ’বা; মই যিহোৱা।
Judges 20:6 in Assamese 6 পাছত মই মোৰ উপপত্নীক ধৰি ডোখৰ ডোখৰ কৰি ইস্ৰায়েলৰ অধিকাৰত থকা দেশৰ সকলো ফালে পঠিয়ালো; কিয়নো সিহঁতে ইস্ৰায়েলৰ মাজত কু-কৰ্ম আৰু অজ্ঞানতাৰ কাৰ্য্য কৰিলে।
1 Kings 21:10 in Assamese 10 তেওঁৰ লগত দুজন অসৎ লোককো ঠাই দিয়া যেন সেই দুজন লোকে তেওঁৰ অহিতে সাক্ষ্য দি কয় বোলে, ‘তুমি ঈশ্বৰক আৰু ৰজাক শাও দিলা’।” তাৰ পাছত তোমালোকে তেওঁক বাহিৰলৈ উলিয়াই আনি তেওঁক শিল দলিয়াই বধ কৰা।
Psalm 50:20 in Assamese 20 তুমি বহি বহি নিজৰ আত্মীয়ৰ বিৰুদ্ধে কথা কৈ থাক; একে মাতৃৰ নিজৰ ভাইৰ বিৰুদ্ধে নিন্দা কৰা।
Psalm 101:5 in Assamese 5 যি জনে গোপনে চুবুৰীয়াৰ অপবাদ চৰ্চ্চে, তেওঁক মই উচ্ছন্ন কৰিম; গর্বিত দৃষ্টি আৰু অহঙ্কাৰী মনৰ লোকক মই সহ্য নকৰিম।
Psalm 106:28 in Assamese 28 পাছত তেওঁলোক বাল পিয়োৰৰ প্রতি আসক্ত হ’ল; মৃত লোকসকলৰ উদ্দেশ্যে দিয়া বলিৰ মাংস ভোজন কৰিলে।
Proverbs 10:18 in Assamese 18 যিজনে ঘৃণা গোপনে ৰাখে, তেওঁ মিছলীয়া ওঁঠৰ লোক, আৰু যিজনে অপবাদ বিস্তাৰ কৰে, তেওঁ মূৰ্খ হয়।
Proverbs 18:8 in Assamese 8 পৰচৰ্চ্চাকাৰীৰ কথা সুস্বাদু আহাৰৰ দৰে; সেয়ে শৰীৰৰ ভিতৰৰ অংশলৈকে সোমায় যায়।
Proverbs 26:22 in Assamese 22 পৰচৰ্চ্চাকাৰীৰ কথা সুস্বাদু আহাৰৰ দৰে; সেয়ে শৰীৰৰ ভিতৰলৈকে সোমাই যায়।
Jeremiah 6:28 in Assamese 28 তেওঁলোক সকলোৱেই অতিশয় বিদ্ৰোহী আৰু পৰচৰ্চ্চাকাৰী। তেওঁলোক পিতল আৰু লোহাস্বৰূপ; তেওঁলোক সকলো দুৰাচাৰী।
Jeremiah 9:4 in Assamese 4 তোমালোক প্ৰতিজনে নিজ নিজ ওচৰ-চুবুৰীয়াৰ বিষয়ে সাৱধান হোৱা, আৰু কোনো ভাইক বিশ্বাস নকৰিবা; কিয়নো প্ৰতিজন ভায়ে সম্পূৰ্ণকৈ ঠগায় আৰু প্ৰতিজন চুবুৰীয়াই কথা চৰ্চ্চি ফুৰে।
Jeremiah 37:13 in Assamese 13 পাছত যেতিয়া তেওঁ বিন্যামীন নামেৰে বৰ দুৱাৰ পালেগৈ, তেতিয়া সেই ঠাইত হননিয়াৰ নাতিয়েক চেলেমিয়াৰ পুতেক যিৰিয়া নামেৰে দুৱৰীৰ এজন অধ্যক্ষ আছিল। তেওঁ যিৰিমিয়া ভাববাদীক ধৰি ক’লে, “তুমি কলদীয়াসকলৰ ফলিয়া হ’বলৈ গৈছা।
Jeremiah 38:4 in Assamese 4 তাতে প্ৰধান লোকসকলে ৰজাক ক’লে, “আমি মিনতি কৰোঁ, এই মানুহৰ প্ৰাণ দণ্ড কৰিবলৈ আজ্ঞ দিয়ক; কিয়নো তেওঁ লোকসকলক এনেকুৱা কথা কৈ, এই নগৰৰ অৱশিষ্ট যুদ্ধাৰুসকলৰ আৰু আটাই প্ৰজাসকলৰ হাত দুৰ্ব্বল কৰিছে, কাৰণ এই মানুহে এই জাতিৰ মঙ্গললৈ চেষ্টা নকৰি, কেৱল অমঙ্গললৈ চেষ্টা কৰে।”
Ezekiel 16:43 in Assamese 43 তুমি তোমাৰ যৌৱন কাল মনত নকৰিলা, কিন্তু এই আটাইবোৰ কাৰ্য্যত মোক বেজাৰ দিলা, এই হেতুকে চোৱা! প্ৰভু যিহোৱাই কৈছে, ময়ো তোমাৰ আচাৰ-ব্যৱহাৰৰ ফল তোমাৰ মূৰত ফলিওৱাম” - আৰু তুমি তোমাৰ আটাই ঘিণলগীয়া কাৰ্য্যৰ উপৰিও, এই ব্যভিচাৰ আৰু কৰিবলৈ নাপাবা।
Ezekiel 18:6 in Assamese 6 আৰু যদি পৰ্ব্বতবোৰৰ পবিত্র স্থান বোৰত ভোজন নকৰে বা ইস্ৰায়েল বংশৰ প্রতিমাবোৰলৈ চকু নোতোলে- বা নিজ ওচৰ চুবুৰীয়াৰ স্ত্রীক অশুচি কৰা নাই বা কোনো স্ত্রীৰ অশুচি হোৱা সময়ত তাইৰ ওচৰলৈ যোৱা নাই -
Ezekiel 18:11 in Assamese 11 আৰু যদিও তেওঁৰ পিতৃয়ে সেইবোৰৰ কোনো কৰ্ত্তব্যৰ কৰ্ম্ম নকৰে - কিন্তু যদি তেওঁৰ পুতেকে পৰ্ব্বতবোৰৰ পবিত্র স্থানবোৰত ভোজন কৰে আৰু নিজ ওচৰ-চুবুৰীয়াৰ স্ত্রীক অশুচি কৰে -
Ezekiel 18:15 in Assamese 15 সি পৰ্ব্বতবোৰৰ পবিত্র স্থানবোৰৰ ওপৰত ভোজন নকৰে বা ইস্ৰায়েল বংশৰ প্রতিমা বোৰলৈ চকু নোতোলে আৰু যদি সি চুবুৰীয়াৰ স্ত্রীক অশুচি নকৰে;
Ezekiel 24:13 in Assamese 13 তোমাৰ অশুচিতাত লজ্জাজনক আচৰণবোৰ আছে, কাৰণ মই তাক শুচি কৰিলো, কিন্তু তোমাক শুচি কৰিবলৈ যত্ন কৰিলেও তুমি শুচি নোহোৱা। এই কাৰণে মই তোমাৰ ওপৰত মোৰ ক্ৰোধ মাৰ নিনিয়ালৈকে তুমি তোমাৰ অশুচিতাৰ পৰা আৰু শুচি নহ’বা।
Hosea 4:2 in Assamese 2 কেৱল শপত ভাঙা, মিছা কথা কোৱা, নৰ-বধ কৰা, চুৰ কৰা আৰু ব্যভিচাৰ চলিছে; ৰক্তপাতৰ উপৰি ৰক্তপাত হৈছে।
Hosea 4:10 in Assamese 10 তেওঁলোকে ভোজন কৰিব, কিন্তু তৃপ্ত নহ’ব, বেশ্যাকৰ্ম্ম কৰিব, কিন্তু সংখ্যা বৃদ্ধি নহ’ব; কিয়নো তেওঁলোকে মূর্তিপূজা কৰি যিহোৱাক ত্যাগ কৰিলে।
Hosea 4:14 in Assamese 14 তোমালোকৰ ছোৱালীবোৰে বেশ্যাকৰ্ম্ম কৰিলেও, বা তোমালোকৰ বোৱাৰীবোৰে ব্যভিচাৰ কৰিলেও মই তেওঁলোকক শাস্তি নিদিম; কিয়নো পুৰুষসকলে নিজেই বেশ্যাসকলৰ সৈতে নিৰ্জন ঠাইলৈ যায়, আৰু দেৱদাসী বেশ্যাসকলৰ সৈতে বলি উৎসর্গ কৰে; এই বুদ্ধিহীন জাতি ধ্বংস হৈ যাব।
Hosea 6:9 in Assamese 9 ডকাইতবোৰে যেনেকৈ মানুহৰ অপেক্ষাত খাপ দি থাকে, তেনেকৈ পুৰোহিতসকলেও খাপ দি থাকে; তেওঁলোকে চিখিমলৈ যোৱা বাটত মানুহক বধ কৰে, এনে কি ভয়ঙ্কৰ অপৰাধমূলক কাৰ্য্য কৰে।
Hosea 7:4 in Assamese 4 তেওঁলোক সকলোৱেই ব্যভিচাৰী; তেওঁলোক ৰুটি প্রস্তুত কৰোঁতাৰ তপত তন্দুৰৰ নিচিনা; ৰুটি প্রস্তুত কৰোঁতাজনে আটাগুড়ি খচাৰ পৰা আৰম্ভ কৰি ৰুটি ফুলি উঠালৈকে তন্দুৰৰ জুই লৰচৰ কৰাৰ প্রয়োজন নহয়।
Matthew 26:59 in Assamese 59 তেতিয়া প্ৰধান পুৰোহিত সকল আৰু গোটেই মহাসভাই যীচুক বধ কৰিবলৈ তেওঁৰ বিৰুদ্ধে মিছা সাক্ষ্য বিচাৰিলে৷
Acts 6:11 in Assamese 11 তেতিয়া তেওঁলোকে কিছুমান লোকক গুপুতে উচটাই এই বুলি ক’বলৈ দিলে যে, “আমি শুনিছোঁ স্তিফানে মোচি আৰু ঈশ্বৰক নিন্দা কৰিছে।”
Acts 24:5 in Assamese 5 কিয়নো আমি দেখিবলৈ পালোঁ, যে এই মানুহটো মহামাৰী স্বৰূপ আৰু গোটেই জগত নিবাসী ইহুদী সকলৰ মাজত ৰাজদ্ৰোহ কৰাওঁতা আৰু নাচৰতীয়া সকলৰ দলৰ এজন অগ্ৰণী নেতা৷
Acts 24:13 in Assamese 13 আৰু এতিয়া যি যি অপবাদ মোক দিছে, এই বিষয়ে একো প্ৰমাণ আপোনাৰ আগত দিব নোৱাৰে।
1 Corinthians 10:18 in Assamese 18 ইস্ৰায়েল জাতিৰ কথা চিন্তা কৰক৷ যি লোকে উৎসৰ্গ কৰা বলিৰ মাংস খায়, তেওঁলোক বেদীৰ সহভাগী নহয় নে?
Revelation 12:9 in Assamese 9 সেই ড্ৰেগন, যি দিয়াবল বা চয়তান নামেৰে বিখ্যাত; সেই পুৰণি সাপে গোটেই জগতৰ ভ্ৰান্তি জন্মায়, তাক পৃথিৱীলৈ পেলোৱা হ’ল; আৰু তাৰ দূত সকলকো তাৰ লগতে পেলোৱা হ’ল।