Ezekiel 21:10 in Assamese 10 বধ কৰিবৰ বাবে তোমাক ধাৰ দিয়া হৈছে, বিজুলীৰ দৰে হ’বৰ বাবে তোমাক চিকুণ কৰা হৈছে! তেনেহলে আমি জানো আমোদ প্ৰমোদ কৰিম? মোৰ পুত্ৰৰ দণ্ডডালিয়ে আটাই কাঠকে তুচ্ছ কৰে!
Other Translations King James Version (KJV) It is sharpened to make a sore slaughter; it is furbished that it may glitter: should we then make mirth? it contemneth the rod of my son, as every tree.
American Standard Version (ASV) it is sharpened that it may make a slaughter; it is furbished that it may be as lightning: shall we then make mirth? the rod of my son, it contemneth every tree.
Bible in Basic English (BBE) It has been made sharp to give death; it is polished so that it may be like a thunder-flame: ...
Darby English Bible (DBY) It is sharpened for sore slaughter, it is furbished that it may glitter. Shall we then make mirth, [saying,] The sceptre of my son contemneth all wood?
World English Bible (WEB) it is sharpened that it may make a slaughter; it is furbished that it may be as lightning: shall we then make mirth? the rod of my son, it condemns every tree.
Young's Literal Translation (YLT) So as to slaughter a slaughter it is sharpened. So as to have brightness it is polished, Desire hath rejoiced the sceptre of my son, It is despising every tree.
Cross Reference 2 Samuel 7:14 in Assamese 14 মই তেওঁৰ পিতৃ হম আৰু তেওঁ মোৰ পুত্ৰ হ’ব। তেওঁ অপৰাধী হ’লে মই মনুষ্যসকলৰ দণ্ডেৰে আৰু মনুষ্যসন্তানসকলৰ প্ৰহাৰৰ দ্বাৰাই তেওঁক শাস্তি দিম৷
Esther 3:15 in Assamese 15 ৰজাৰ হুকুম মতে ডাকোৱাল সকল বেগাই ওলাই গ’ল, আৰু সেই পত্র বিলাই দিলে। সেই আজ্ঞা চুচন ৰাজপ্রসাদতো বিলোৱা হ’ল। তাৰ পাছত ৰজা আৰু হামনে দ্ৰাক্ষাৰস পান কৰিবলৈ বহিল, কিন্তু চুচন নগৰত হ’লে বিক্ষোভ হ’ল।
Psalm 2:7 in Assamese 7 ৰজাই ক’ব, যিহোৱাই যি নির্দেশ দিছে, মই তাক ঘোষণা কৰিম; যিহোৱাই মোক কৈছে, “তুমি মোৰ পুত্ৰ, আজিয়েই মই তোমাক পিতৃৰূপে জন্ম দিলোঁ।
Psalm 89:26 in Assamese 26 তেওঁ মোক মাতি ক’ব, ‘তুমিয়েই মোৰ পিতৃ, মোৰ ঈশ্বৰ আৰু মোৰ পৰিত্ৰাণৰ শিলা!’
Psalm 89:38 in Assamese 38 কিন্তু তুমিয়েই পৰিত্যাগ কৰিলা, অগ্ৰাহ্যও কৰিলা; তোমাৰ অভিষিক্ত জনাৰ বিৰুদ্ধে তুমি ক্ৰোধ কৰিছা।
Psalm 110:5 in Assamese 5 যিহোৱা তোমাৰ সোঁহাতে আছে; ক্ৰোধৰ দিনত তেওঁ ৰজাসকলক চূর্ণ কৰিব।
Ecclesiastes 3:4 in Assamese 4 কান্দিবৰ সময় আৰু হাঁহিবৰ সময় আছে; শোক কৰাৰ সময় আৰু নাচিবৰ সময় আছে।
Isaiah 5:12 in Assamese 12 তেওঁলোকৰ ভোজৰ আয়োজন বীণা, নেবল, খঞ্জৰী, বাঁহী, আৰু দ্ৰাক্ষাৰস; কিন্তু তেওঁলোকে যিহোৱাৰ কার্য বুজি নাপায়, নাইবা তেওঁৰ হাতৰ কার্য বিবেচনা নকৰে।
Isaiah 22:12 in Assamese 12 সেই দিনা বাহিনীসকলৰ প্রভু যিহোৱাই, কান্দিবলৈ, বিলাপ কৰিবলৈ, মূৰ টকলা কৰিবলৈ, আৰু চট কাপোৰ কঁকালত বান্ধিবলৈ মাতিছিল;
Isaiah 34:5 in Assamese 5 কাৰণ যেতিয়া মোৰ তৰোৱালে স্বৰ্গত পূর্ণ হোৱাকৈ তেজ পান কৰিব; চোৱা, এইটো এতিয়া ইদোমৰ ওপৰলৈ আহিব, সেই লোকসকললৈ মই ধ্বংস কৰিবলৈ পঠিয়াম।
Jeremiah 46:4 in Assamese 4 হে অশ্বাৰোহীসকল, ঘোঁৰাবোৰ সজোঁৱা, ঘোঁৰাত উঠা আৰু শিৰোৰক্ষক টুপী পিন্ধি, আগলৈ গৈ থিয় হোৱা, বৰচা জকমকোওৱা, কৱচ পিন্ধা।
Ezekiel 19:11 in Assamese 11 তাইৰ শক্তিশালী ডালবোৰ শাসনকৰ্ত্তাসকলৰ ৰাজদণ্ডৰ যোগ্য আছিল, আৰু তাই উচ্চ স্থান ঢুকি পোৱা হ’ল আৰু অধিক ডাল আৰু উচ্চতাৰ কাৰণে তাইক ভালকৈ দেখা গ’ল।
Ezekiel 20:47 in Assamese 47 আৰু তুমি দক্ষিণ অঞ্চলৰ সেই কাঠনিক কোৱা, ‘যিহোৱাৰ বাক্য শুনা, প্ৰভু যিহোৱাই এই কথা কৈছে! চোৱা, মই তোমাৰ মাজত একুৰা জুই জ্বলাম আৰু সেই জুইয়ে তোমাৰ মাজত থকা প্ৰত্যেক কেঁচাপতীয়া আৰু প্ৰত্যেক শুকান গছ ভষ্ম কৰিব; সেই প্ৰজ্বলিত অগ্নি নুমুৱা নহ’ব আৰু দক্ষিণৰ পৰা উত্তৰলৈকে সকলোৰে মুখ তাৰে পোৰা হ’ব।
Ezekiel 21:25 in Assamese 25 আৰু তুমি, হে অশুচি আৰু দুষ্ট ইস্ৰায়েলৰ অধিপতি, যিজনৰ শাস্তিৰ কাল উপস্থিত হ’ল, হত হ’বলগীয়া অন্তজনক অপৰাধৰ কাল উপস্থিত হোৱা দিন উকলিল,
Amos 6:3 in Assamese 3 তোমালোকে বেয়া দিনক দূৰ কৰি এক অত্যাচাৰীৰ ৰাজত্বক ওচৰ চপাই আনিলা।
Nahum 1:10 in Assamese 10 কিয়নো, সিহঁত জোঁট লগা কাঁইটৰ নিচিনা হলেও, সিহঁতক শুকান নৰাৰ নিচিনাকৈ ভস্ম কৰা হ’ব।
Nahum 3:3 in Assamese 3 আক্ৰমণকাৰী অশ্বাৰোহী, চিকমিকোৱা তৰোৱাল, জিলিকা বৰছা, হত হোৱা লোকসমূহ আৰু দ’ম হৈ থকা বৃহৎ মৃত-দেহবোৰ; মৰা শৱবোৰৰ সীমা নাই, তেওঁলোকৰ শৱৰ ওপৰত তেওঁলোকৰ আক্ৰমাণকাৰীসকলে উজুটি খায়।
Habakkuk 3:11 in Assamese 11 আপোনাৰ উৰি যোৱা কাড়ৰ পোহৰ আৰু আপোনাৰ চকমকায় থকা যাঠিৰ উজ্বলতাত, সূৰ্য আৰু চন্দ্ৰ নিজৰ নিজৰ উচ্চ স্থানত স্থিৰ হৈ আছে।
Luke 21:34 in Assamese 34 কিন্তু এই জীৱনৰ চিন্তা, মত্ততা আৰু অপৰিমিত ভোজনৰ দ্বাৰাই তোমালোকৰ হৃদয় যেন ভাৰাগ্ৰস্ত নহয় আৰু ফান্দৰ নিচিনা সেইদিন যেন তোমালোকলৈ অকস্মাতে নাহে, এই কাৰণে তোমালোকে নিজে সাৱধানে থাকিবা।
Revelation 2:27 in Assamese 27 মই যেনেকৈ পিতৃৰ পৰা পালোঁ, সেইদৰে তাতে কুমাৰৰ পাত্ৰ যেনেকৈ ডোখৰ ডোখৰ হয়, তেনেকৈ লোহাৰ দণ্ডেৰে তেওঁলোকক শাসন কৰিম৷