Ezekiel 20:6 in Assamese 6 সেই দিনা আটাই দেশৰ ভূষণ স্বৰূপ, গাখীৰ আৰু মৌ-জোল বোৱা, তেওঁলোকৰ বাবে মই অনুসন্ধান কৰা এখন দেশলৈ মিচৰ দেশৰ পৰা তেওঁলোকক উলিয়াই আনিম বুলি তেওঁলোকৰ পক্ষে মোৰ হাত দাঙি শপত খাই তেওঁলোকক কৈছিলোঁ!
Other Translations King James Version (KJV) In the day that I lifted up mine hand unto them, to bring them forth of the land of Egypt into a land that I had espied for them, flowing with milk and honey, which is the glory of all lands:
American Standard Version (ASV) in that day I sware unto them, to bring them forth out of the land of Egypt into a land that I had searched out for them, flowing with milk and honey, which is the glory of all lands.
Bible in Basic English (BBE) In that day I gave my oath to take them out of the land of Egypt into a land which I had been searching out for them, a land flowing with milk and honey, the glory of all lands:
Darby English Bible (DBY) in that day I lifted up my hand unto them, to bring them out of the land of Egypt into a land that I had espied for them, flowing with milk and honey, which is the ornament of all lands;
World English Bible (WEB) in that day I swore to them, to bring them forth out of the land of Egypt into a land that I had searched out for them, flowing with milk and honey, which is the glory of all lands.
Young's Literal Translation (YLT) In that day I did lift up My hand to them, To bring them forth from the land of Egypt, Unto a land that I spied out for them, Flowing with milk and honey, A beauty it `is' to all the lands,
Cross Reference Genesis 15:13 in Assamese 13 তেতিয়া তেওঁ অব্ৰামক ক’লে, “তুমি এই কথা নিশ্চিতভাৱে জনা উচিত যে তোমাৰ বংশৰ লোকসকল যি দেশত বাস কৰিব, সেই দেশ তেওঁলোকৰ নিজৰ নহয়। সেই ঠাইত তেওঁলোকে প্রবাসী হৈ দাস হ’ব আৰু চাৰিশ বছৰ কাল তেওঁলোকে উৎপীড়ন ভোগ কৰিব।
Exodus 3:8 in Assamese 8 মই তেওঁলোকক মিচৰীয়া লোকসকলৰ হাতৰ পৰা উদ্ধাৰ কৰিবলৈ নামি আহিলোঁ। সেই দেশৰ পৰা উলিয়াই আনি, গাখীৰ মৌ-জোল বৈ থকা এখন উত্তম আৰু বহল দেশলৈ, য’ত কনানীয়া, হিত্তীয়া, ইমোৰীয়া, পৰিজ্জীয়া, হিব্বীয়া, যিবূচীয়া লোক সকলে বাস কৰি আছে, এনে ঠাইলৈ তেওঁলোকক নিবলৈ আহিলোঁ।
Exodus 3:17 in Assamese 17 মিচৰ দেশত তোমালোকৰ ওপৰত কৰা উপদ্রৱৰ পৰা তোমালোকক উলিয়াই আনি, গাখীৰ, মৌ-জোল বৈ থকা সেই কনানীয়া, হিত্তীয়া, ইমোৰীয়া, পৰিজ্জীয়া, হিব্বীয়া, আৰু যিবোচীয়া সকলৰ দেশলৈ মই তোমালোকক লৈ যাবলৈ প্রতিজ্ঞা কৰিছোঁ’।”
Exodus 13:5 in Assamese 5 কনানীয়া, হিত্তীয়া, ইমোৰীয়া, হিব্বীয়া আৰু যিবূচীয়া লোকসকলৰ যি দেশ আপোনালোকক দিবলৈ, যিহোৱাই আপোলোকৰ পূৰ্বপুৰুষ সকলৰ আগত প্রতিজ্ঞা কৰিছিল, সেই গাখীৰ আৰু মৌ বৈ থকা দেশত, যেতিয়া তেওঁ আপোনালোকক সুমুৱাব, তেতিয়া আপোনালোকে এই মাহত যিহোৱাৰ উদ্দেশ্যে আৰাধনাৰ কাৰ্য কৰিব।
Exodus 14:1 in Assamese 1 তাৰ পাছত যিহোৱাই মোচিক ক’লে:
Exodus 33:3 in Assamese 3 গাখীৰ আৰু মৌজোল বৈ থকা দেশলৈ যোৱা। কিন্তু মই তোমালোকৰ লগত নাযাওঁ; কাৰণ তোমালোক ঠৰডিঙীয়া লোক। মই হয়তো বাটতে তোমালোকক বিনষ্ট কৰিব পাৰোঁ।”
Leviticus 20:24 in Assamese 24 কিন্তু মই তোমালোকক ক’লোঁ, তোমালোকেই তেওঁলোকৰ দেশ অধিকাৰ কৰিবা; মই তোমালোককেই অধিকাৰৰ অৰ্থে সেই গাখীৰ আৰু মৌ-জোল বৈ থকা দেশ দিম। আন জাতিসকলৰ পৰা তোমালোকক পৃথক কৰা তোমালোকৰ ঈশ্বৰ যিহোৱা ময়েই।
Numbers 13:27 in Assamese 27 আৰু তেওঁলোকে মোচিক ক’লে, “আপুনি যি দেশলৈ আমাক পঠাইছিল, আমি সেই দেশলৈ গৈছিলোঁ। সঁচাকৈ সেই দেশ গাখীৰ আৰু মৌজোল বৈ থকা দেশ। চাওঁক এইয়া তাৰ ফল।
Numbers 14:8 in Assamese 8 যিহোৱাই যদি আমাত সন্তোষ পায়, তেন্তে তেওঁ আমাক সেই দেশলৈ নিব, গাখীৰ আৰু মৌজোল বোৱা সেই দেশ আমাক দিব।
Deuteronomy 6:3 in Assamese 3 সেয়ে, হে ইস্রায়েলীয়াসকল, মনোযোগেৰে শুনক আৰু সেইবোৰ মানি চলক। আপোনালোকৰ পূর্ব-পুৰুষসকলৰ ঈশ্বৰ যিহোৱাৰ শপত অনুসাৰে গাখীৰ-মধু বোৱা দেশত আপোনালোকৰ যেন মঙ্গল হয় আৰু আপোনালোক যেন বহুবংশ হয়।
Deuteronomy 8:7 in Assamese 7 কিয়নো আপোনালোকৰ ঈশ্বৰ যিহোৱাই এখন উত্তম দেশলৈ আপোনালোকক লৈ গৈছে; সেই দেশ পাহাৰ আৰু উপত্যকাৰ মাজেদি বৈ যোৱা জলৰ সোঁত আৰু জুৰি থকা দেশ; মাটিৰ তলত ওলোৱা পানীৰ ভুমুকৰ দেশ।
Deuteronomy 11:9 in Assamese 9 যিহোৱাই আপোনালোকৰ পূর্বপুৰুষ আৰু তেওঁলোকৰ বংশধৰৰ ওচৰত দুগ্ধ-মধু বোৱা যি দেশ দিয়াৰ প্রতিজ্ঞা কৰিছিল, সেই দেশত যেন আপোনালোক অনেক দিন জীয়াই থাকিব পাৰে।
Deuteronomy 11:11 in Assamese 11 কিন্তু যর্দন নদী পাৰ হৈ যি দেশ আপোনালোকে অধিকাৰ কৰিবলৈ গৈছে, সেই ঠাই পাহাৰ আৰু উপত্যকাৰে ভৰা। সেই দেশে পানী আকাশৰ পৰা পানী পায়;
Deuteronomy 26:9 in Assamese 9 তেওঁ আমাক এই ঠাইলৈ আনিলে আৰু গাখীৰ-মৌ বোৱা এই দেশ আমাক দিলে।
Deuteronomy 26:15 in Assamese 15 হে যিহোৱা, আপুনি নিজ পবিত্ৰ নিবাস স্বৰ্গৰ পৰা তললৈ দৃষ্টি কৰক আৰু আপোনাৰ প্ৰজা ইস্ৰায়েলীয়াসকলক আশীর্বাদ কৰক। আমাৰ পুৰ্ব্ব-পুৰুষসকলৰ আগত তুমি কৰা শপত অনুসাৰে যি গাখীৰ-মৌ বোৱা ভুমি আমাক দিছা, সেই দেশক আশীৰ্ব্বাদ কৰা।’
Deuteronomy 27:3 in Assamese 3 সেইবোৰৰ ওপৰত এই বিধিৰ সকলো কথা লিখিব। আপোনালোকৰ পূৰ্ব-পুৰুষসকলৰ ঈশ্বৰ যিহোৱাই আপোনালোকৰ ওচৰত কৰা তেওঁৰ প্ৰতিজ্ঞাৰ দৰেই গাখীৰ আৰু মৌ বোৱা যি দেশ আপোনালোকক দিব, আপোনালোক তাত যোৱাৰ পাছত,
Deuteronomy 31:20 in Assamese 20 কিয়নো, যি দেশ দিম বুলি মই তেওঁলোকৰ পূর্ব-পুৰুষসকলৰ আগত প্রতিজ্ঞা কৰিছিলোঁ, সেই গাখীৰ আৰু মধু বোৱা দেশলৈ যেতিয়া মই তেওঁলোকক লৈ যাম আৰু যেতিয়া তেওঁলোকে তৃপ্তিৰে ভোজন কৰি হৃষ্টপুষ্ট হ’ব, তেতিয়া তেওঁলোকে মোক তুচ্ছ কৰিব আৰু মোৰ নিয়মটি অগ্রাহ্য কৰি আন দেৱতাবোৰলৈ উলটি সেইবোৰৰ সেৱা পূজা কৰিব।
Deuteronomy 32:8 in Assamese 8 সৰ্ব্বোপৰি জনাই যেতিয়া জাতিবোৰক নিজৰ আধিপত্য ভাগ কৰি দিলে, মনুষ্যক বিভিন্ন জাতিত ভাগ কৰিলে, তেতিয়া ইস্ৰায়েল জাতিৰ লোকসংখ্যা অনুসাৰে তেওঁ জাতিবোৰৰ সীমা স্থিৰ কৰিলে।
Deuteronomy 32:13 in Assamese 13 পৃথিবীৰ পার্বত্য ঠাইৰ ওপৰত তেওঁ যাকোবক ৰাখিলে, খেতিত উৎপন্ন হোৱা শস্য খাবলৈ দিলে; শিলনিৰ পৰা মধু আৰু শিলাময় দুৰাৰোহ পাহাৰৰ পৰা তেল দি পৰিপুষ্ট কৰিলে।
Joshua 5:6 in Assamese 6 কাৰণ মিচৰৰ পৰা ওলাই অাহোতে ইস্ৰায়েলৰ সন্তানসকলে চল্লিশ বছৰ মৰুভূমিত ভ্ৰমণ কৰি আছিল; তাতে যিহোৱাৰ গোটেই জাতিৰ লোকসকল, বিশেষকৈ যুদ্ধ কৰিব পৰা পুৰুষসকলে যিহোৱাৰ কথা নুশুনাৰ বাবে বিনষ্ট হৈছিল৷ যিহোৱাই আমাক যি দেশ দিম বুলি আমাৰ পূৰ্বপুৰুষসকলৰ আগত প্ৰতিজ্ঞা কৰিছিল, সেই গাখীৰ আৰু মৌজোল বৈ থকা দেশ তেওঁলোকক দেখিবলৈ নিদিওঁ বুলি যিহোৱাই তেওঁলোকৰ আগত শপত খাইছিল।
Psalm 48:2 in Assamese 2 উত্তৰপ্রান্তত স্থিত সেই চিয়োন পৰ্ব্বত; ওখ টিলাৰ ওপৰত মহান ৰজাৰ সেই নগৰ দেখিবলৈ সুন্দৰ; গোটেই পৃথিবীকে আনন্দ দিয়ে।
Jeremiah 11:5 in Assamese 5 , মোৰ বাক্য শুনা যাতে আজি-কালি তোমালোকে বাস কৰা গাখীৰ, মৌজোল বোৱা এই দেশ তোমালোকৰ পূৰ্ব্ব-পুৰুষসকলক দিবলৈ যি শপত কৰিছিলোঁ।’ তেতিয়া মই উত্তৰ দি ক’লো, ‘হয়, যিহোৱা!’
Jeremiah 32:22 in Assamese 22 আৰু গাখীৰ মৌ-জোল বৈ যোৱা যি দেশ তেওঁলোকক দিম বুলি তুমি তেওঁলোকৰ পূৰ্ব্ব–পুৰুষসকলৰ আগত শপত কৰিছিলা, সেই দেশ তুমি তেওঁলোকক দিলা।
Ezekiel 20:5 in Assamese 5 তেওঁলোকক কোৱা, ‘প্ৰভু যিহোৱাই এই কথা কৈছে: “মই যিদিনা ইস্ৰায়েলক মনোনীত কৰিছিলোঁ আৰু যাকোবৰ বংশৰ সন্তানসকলৰ পক্ষে হাত দাঙি শপত গ্রহণ কৰিছিলোঁ আৰু তেওঁলোকৰ পক্ষে মোৰ হাত দাঙি মিচৰ দেশত তেওঁলোকক চিনাকি দিছিলোঁ। মই কৈছিলো ‘ময়েই তোমালোকৰ ঈশ্বৰ যিহোৱা’ -
Ezekiel 20:15 in Assamese 15 ইয়াত বাজে, আটাই দেশৰ ভূষণস্বৰূপ, গাখীৰ আৰু মৌ-জোল বোৱা, মই তেওঁলোকক দান কৰা দেশৰ মাজলৈ তেওঁলোকক নিনিও বুলি মই অৰণ্যত তেওঁলোকৰ অহিতে হাত দাঙি শপত কৰিছিলোঁ।
Ezekiel 20:23 in Assamese 23 ইয়াত বাজে, জাতিবোৰৰ মাজত তেওঁলোকক ছিন্ন-ভিন্ন আৰু দেশবোৰৰ মাজত তেওঁলোকক গোট গোট কৰিম বুলি মই অৰণ্যত তেওঁলোকৰ অহিতে মোৰ হাত দাঙি শপত কৰিলোঁ।
Ezekiel 20:42 in Assamese 42 তেতিয়া যি দেশ তোমালোকৰ পূৰ্ব্ব-পুৰুষসকলক দিম বুলি মই হাত দাঙি শপত কৰিছিলোঁ, সেই ইস্ৰায়েল দেশলৈ মই তোমালোকক যেতিয়া আনিম তেতিয়া মই যে যিহোৱা, তাক তোমালোকে জানিবা।
Daniel 8:9 in Assamese 9 সেইবোৰৰ মাজৰ এটা শিংৰ পৰা আন এটা শিং গজিল; প্রথমে শিংটো সৰু আছিল, কিন্তু পাছত দক্ষিণ, পূব আৰু ইস্রায়েলৰ ঐশ্বৰ্যময় দেশৰ ফাললৈ অতিশয় বৃদ্ধি পালে।
Daniel 11:16 in Assamese 16 কিন্তু উত্তৰ দেশৰ ৰজাই দক্ষিণ দেশৰ ৰজাৰ বিৰুদ্ধে যি ইচ্ছা তাকেই কৰিব, আৰু কোনেও তেওঁক বাধা দিব নোৱাৰিব। তেওঁ সম্পূৰ্ণ ধ্বংসৰ সৈতে, এখন সমৃদ্ধিশালী দেশত নিজকে প্রতিষ্ঠিত কৰিব।
Daniel 11:41 in Assamese 41 তেওঁ সমৃদ্ধিশালী দেশলৈ সোমাই আহিব, আৰু অনেক পৰাজিত হ’ব; কিন্তু ইদোম, মোৱাব, আৰু অম্মোনৰ অনেক প্রধান লোকে তেওঁৰ হাতৰ পৰা ৰক্ষা পাব।
Zechariah 7:14 in Assamese 14 কিন্তু মই তেওঁলোকে নজনাকৈ আটাই জাতিৰ মাজলৈ বা’মাৰলি বতাহেৰে তেওঁলোকক ছিন্ন-ভিন্ন কৰিম। এইদৰে তেওঁলোকৰ পাছত দেশখন এনেদৰে উচ্ছন্ন হ’ল, যে তাৰ মাজেদি কোনেও অহা-যোৱা নকৰিলে; কিয়নো তেওঁলোকৰ দ্বাৰাই মনোহৰ দেশখন উচ্ছন্ন হ’ল।’”