Ezekiel 20:1 in Assamese 1 সপ্তম বছৰৰ পঞ্চম মাহৰ দশম দিনা ইস্ৰায়েলৰ পৰিচাৰকসকলৰ মাজৰ কেইজনমান পুৰুষে যিহোৱাক সুধিবলৈ আহি মোৰ আগত বহিল।
Other Translations King James Version (KJV) And it came to pass in the seventh year, in the fifth month, the tenth day of the month, that certain of the elders of Israel came to enquire of the LORD, and sat before me.
American Standard Version (ASV) And it came to pass in the seventh year, in the fifth `month', the tenth `day' of the month, that certain of the elders of Israel came to inquire of Jehovah, and sat before me.
Bible in Basic English (BBE) Now it came about in the seventh year, in the fifth month, on the tenth day of the month, that certain of the responsible men of Israel came to get directions from the Lord and were seated before me.
Darby English Bible (DBY) And it came to pass in the seventh year, in the fifth [month], the tenth of the month, [that] certain of the elders of Israel came to inquire of Jehovah, and they sat before me.
World English Bible (WEB) It happened in the seventh year, in the fifth [month], the tenth [day] of the month, that certain of the elders of Israel came to inquire of Yahweh, and sat before me.
Young's Literal Translation (YLT) And it cometh to pass, in the seventh year, in the fifth `month', in the tenth of the month, come in have certain of the elders of Israel to seek Jehovah, and they sit before me;
Cross Reference 1 Kings 14:2 in Assamese 2 তেতিয়া যাৰবিয়ামে নিজৰ পত্নীক ক’লে, “হেৰা উঠা, তোমাক যেন আন লোকে মোৰ পত্নী বুলি চিনি নাপাই, তাৰ বাবে তুমি ছদ্মবেশ ধৰা, আৰু চীলোলৈ যোৱা; কিয়নো যি অহীয়া ভাববাদীয়ে, এই জাতিৰ ওপৰত মই ৰজা হোৱাৰ কথা কৈছিল, তেওঁ সেই ঠাইত আছে।
1 Kings 22:15 in Assamese 15 পাছত যেতিয়া তেওঁ ৰজাৰ ওচৰলৈ আহিল, ৰজাই তেওঁক সুধিলে, “হে মীখায়া আমি ৰামোৎ- গিলিয়দলৈ যুদ্ধ কৰিবলৈ যাম নে, নে ক্ষান্ত হ’ম?” তেতিয়া তেওঁ ক’লে, “যাওঁক, আপুনি কৃতকাৰ্য্য হ’ব আৰু যিহোৱাই তাক মহাৰাজৰ হাতত সমৰ্পণ কৰিব।”
2 Kings 3:13 in Assamese 13 ইলীচাই ইস্ৰায়েলৰ ৰজাক ক’লে, “আপোনাৰ কাৰণে মই কি কৰিব পাৰো? আপুনি আপোনাৰ পিতৃ আৰু মাতৃৰ ভাৱবাদীসকলৰ ওচৰলৈ যাওঁক।” তেতিয়া ইস্ৰায়েলৰ ৰজাই তেওঁক ক’লে, “নহয়, আমি নাযাওঁ, কাৰণ মোৱাবৰ হাতত পৰাজিত হ’বলৈ যিহোৱাই আমাৰ তিনিওজন ৰজাক একত্রিত কৰি মাতি আনিলে।”
Isaiah 29:13 in Assamese 13 যিহোৱাই ক’লে, “এই লোকসকলে মোৰ ওচৰলৈ চাপি নিজৰ নিজৰ মুখেৰে আৰু ওঁঠেৰেহে মোক সন্মান কৰে, কিন্তু তেওঁলোকৰ অন্তৰ হ’লে মোৰ পৰা দূৰত আছে। তেওঁলোকৰ মোৰ প্রতি থকা সন্মানো মানুহৰ দ্বাৰাই শিকোৱা।
Isaiah 58:2 in Assamese 2 তথাপি তেওঁলোকে মোক প্রতিদিনে বিচাৰে, আৰু মোৰ পথৰ বিষয়ে জানিবলৈ ভাল পায়; নিজৰ ঈশ্বৰৰ বিধি ত্যাগ নকৰে আৰু অভ্যস্ত ধৰ্মৰ জাতিৰ দৰে তেওঁলোকে ধৰ্ম্মৰ বিচাৰবোৰ মোৰ পৰা খোজে, আৰু ঈশ্বৰৰ ওচৰলৈ চাপিবলৈ ভাল পায়।
Jeremiah 37:17 in Assamese 17 চিদিকিয়া ৰজাই মানুহ পঠিয়াই তেওঁক অনোৱালে আৰু ৰজাই নিজৰ ঘৰত গুপুতে সুধিলে, বোলে, “যিহোৱাৰ পৰা অহা কোনো বাক্য আছে নে?” তাতে যিৰিমিয়াই ক’লে, “আছে,” তেওঁ আৰু ক’লে, “আপোনাক বাবিলৰ ৰজাৰ হাতত শোধাই দিয়া হ’ব।”
Ezekiel 1:2 in Assamese 2 পঞ্চম বছৰৰ সেই মাহৰ পঞ্চম দিনা, যিহোয়াখীন ৰজা দেশান্তৰিত হোৱাৰ সময়ত,
Ezekiel 8:1 in Assamese 1 ষষ্ঠ বছৰৰ ষষ্ঠ মাহৰ পঞ্চম দিনা, মোৰ ঘৰত মই বহি থাকোঁতে আৰু যিহূদাৰ পৰিচাৰকসকল মোৰ আগত বহি থাকোঁতে, সেই ঠাইত প্ৰভু যিহোৱাৰ হাত পুনৰায় মোৰ ওপৰত অৰ্পিত হ’ল।
Ezekiel 14:1 in Assamese 1 ইস্ৰায়েলৰ পৰিচাৰকসকলৰ কেইজনমান মোৰ ওচৰলৈ আহি মোৰ আগত বহিল।
Ezekiel 24:1 in Assamese 1 পুনৰায় নৱম বছৰৰ দশম মাহৰ দশম দিনা যিহোৱাৰ বাক্য মোৰ ওচৰলৈ আহিল আৰু ক’লে,
Ezekiel 26:1 in Assamese 1 পিছত একাদশ বছৰত মাহৰ প্ৰথম দিনা যিহোৱাৰ বাক্য মোৰ ওচৰলৈ আহিল আৰু ক’লে,
Ezekiel 29:1 in Assamese 1 দশম বছৰৰ, দশম মাহৰ দ্বাদশ দিনা, যিহোৱাৰ বাক্য মোৰ ওচৰলৈ আহিল, আৰু ক’লে,
Ezekiel 29:17 in Assamese 17 তাৰ পাছত, সাতাইশ বছৰৰ বছৰি প্ৰথম মাহৰ প্ৰথম দিনা যিহোৱাৰ বাক্য মোৰ ওচৰলৈ আহিল, আৰু ক’লে,
Ezekiel 30:20 in Assamese 20 একাদশ বছৰৰ প্ৰথম মাহৰ সপ্তম দিনা যিহোৱাৰ বাক্য মোলৈ আহিল, আৰু ক’লে,
Ezekiel 31:1 in Assamese 1 তেতিয়া একাদশ বছৰৰ তৃতীয় মাহৰ প্ৰথম দিনা যিহোৱাৰ বাক্য মোৰ ওচৰলৈ আহিল, আৰু ক’লে,
Ezekiel 32:1 in Assamese 1 তেতিয়া দ্বাদশ বছৰৰ দ্বাদশ মাহৰ প্ৰথম দিনা যিহোৱাৰ বাক্য মোৰ ওচৰলৈ আহিল, আৰু ক’লে,
Ezekiel 33:30 in Assamese 30 আৰু তুমি, হে মনুষ্য সন্তান - তোমাৰ বিষয়ে হ’লে, তোমাৰ জাতিৰ সন্তানসকলে দেৱালৰ কাষত আৰু ঘৰৰ দুৱাৰ-মুখত তোমাৰ বিষয়ে কথা পাতে; আৰু ভায়েকে ভায়েকে পৰস্পৰে কোৱাকুই কৰি কয়, “ব’লা, যিহোৱাৰ মুখৰ পৰা আজি ওলোৱা বাক্য কি, সেই বিষয়ে আমি গৈ ভাববাদীজনৰ পৰা শুনোহঁক।”
Ezekiel 40:1 in Assamese 1 আমি দেশান্তৰিত হোৱাৰ পঁচিশ বছৰৰ বছৰি, বছৰৰ আৰম্ভণত, মাহৰ দশম দিনা, নগৰখন প্ৰহাৰিত হোৱাৰ চতুৰ্দ্দশ বছৰৰ সেই দিনাই যিহোৱাই তেওঁৰ হাত মোৰ ওপৰত দি মোক তালৈ নিলে।
Matthew 22:16 in Assamese 16 এনে মন্ত্ৰণা কৰি, তেওঁলোকে হেৰোদীয়াৰ মানুহৰ সৈতে তেওঁলোকৰ শিষ্য সকলক যীচুৰ ওচৰলৈ পঠিয়ালে৷ তেওঁলোকে যীচুক ক’লে, “হে গুৰু, আপুনি সত্য, আৰু সত্যৰূপে ঈশ্বৰৰ পথ দেখুৱাইছে, কোনো ব্যক্তিৰ সৈতে পক্ষপাত নকৰে।
Luke 2:46 in Assamese 46 তিনি দিনৰ পাছত তেওঁলোকে যীচুক মন্দিৰত পালে। তেওঁ অধ্যাপক সকলৰ মাজত বহি তেওঁলোকৰ কথা শুনি আছিল আৰু তেওঁলোকক নানা প্ৰশ্ন সুধি আছিল।
Luke 8:35 in Assamese 35 তেতিয়া মানুহবোৰে এই ঘটনা চাবলৈ ওলাই আহিল আৰু যীচুৰ ওচৰলৈ আহি দেখিলে যে, যি মানুহ জনৰ পৰা ভূত ওলাই গৈছিল, সি কাপোৰ পিন্ধি সচেতন আৰু জ্ঞান পোৱা হৈ যীচুৰ চৰণৰ ওচৰত বহি আছে৷ ইয়াকে দেখি আটাইলোকে ভয় কৰিলে।
Luke 10:39 in Assamese 39 আৰু মৰিয়ম নামেৰে তেওঁৰ ভনীয়েকে প্ৰভু যীচুৰ চৰণৰ ওচৰত বহি তেওঁৰ বাক্য শুনি থাকিল।
Acts 22:3 in Assamese 3 “মই ইহুদী মানুহ, কিলিকিয়া দেশৰ তাৰ্চ নগৰ মোৰ ওপজা ঠাই, কিন্তু এই নগৰত প্ৰতিপালিত হৈ, গমলীয়েল অধ্যাপকৰ চৰণত ঠিকমতে আমাৰ পূৰ্ব-পুৰুষ সকলৰ পৰা প্ৰচলিত বিধানৰ শিক্ষা পালোঁ; আৰু আজি আপোনালোক যেনে হৈ আছে, ময়ো সেইদৰে ঈশ্বৰলৈ উৎসাহী হৈ আছিলোঁ।