Ezekiel 2:6 in Assamese 6 আৰু তুমি, হে মনুষ্য- সন্তান, তুমি তেওঁলোকলৈ বা তেওঁলোকৰ কথালৈ ভয় নকৰিবা। যদিও তুমি কাঁইটীয়া বন আৰু কাঁইট গছৰ হাবি আৰু কেঁকোৰাবিছাবোৰৰ মাজত থকাৰ দৰে বাস কৰি আছা, তথাপিও তেওঁলোকৰ কথালৈ ভয় নকৰিবা বা তেওঁলোকৰ মুখ দেখি ব্যাকুল নহ’বা, কিয়নো তেওঁলোক বিদ্ৰোহী বংশ।
Other Translations King James Version (KJV) And thou, son of man, be not afraid of them, neither be afraid of their words, though briers and thorns be with thee, and thou dost dwell among scorpions: be not afraid of their words, nor be dismayed at their looks, though they be a rebellious house.
American Standard Version (ASV) And thou, son of man, be not afraid of them, neither be afraid of their words, though briers and thorns are with thee, and thou dost dwell among scorpions: be not afraid of their words, nor be dismayed at their looks, though they are a rebellious house.
Bible in Basic English (BBE) And you, son of man, have no fear of them or of their words, even if sharp thorns are round you and you are living among scorpions: have no fear of their words and do not be overcome by their looks, for they are an uncontrolled people.
Darby English Bible (DBY) And thou, son of man, be not afraid of them, and be not afraid of their words; for briars and thorns are with thee, and thou dwellest among scorpions: be not afraid of their words, and be not dismayed at their faces; for they are a rebellious house.
World English Bible (WEB) You, son of man, don't be afraid of them, neither be afraid of their words, though briers and thorns are with you, and you do dwell among scorpions: don't be afraid of their words, nor be dismayed at their looks, though they are a rebellious house.
Young's Literal Translation (YLT) `And thou, son of man, thou art not afraid of them, yea, of their words thou art not afraid, for briers and thorns are with thee, and near scorpions thou art dwelling, of their words thou art not afraid, and of their faces thou art not affrighted, for they `are' a rebellious house,
Cross Reference 2 Samuel 23:6 in Assamese 6 কিন্তু আটাই দু্ষ্ট লোক পেলাব লগা কাঁইট স্বৰূপ, কিয়নো সেইবোৰক হাতেৰে ধৰিব নোৱাৰি৷
2 Kings 1:15 in Assamese 15 তেতিয়া যিহোৱাৰ দূতে এলিয়াক ক’লে, “তুমি তেওঁৰ লগত নামি যোৱা, তেওঁক ভয় নকৰিবা।” তাতে এলিয়াই তেওঁৰ লগত নামি আহি ৰজাৰ ওচৰলৈ গ’ল।
Proverbs 30:13 in Assamese 13 সেই বংশ নিজৰ দৃষ্টিতে নিজে বহুত অহঙ্কাৰী! আৰু তেওঁলোকে চকুৰ পিৰিঠি ওপৰ কৰি ৰাখে!
Isaiah 9:18 in Assamese 18 দুষ্টতা জুইৰ দৰে পুৰিব, ই কাঁইটীয়া বননী আৰু কাঁইটীয়া হাবি গ্রাস কৰিব; এনে কি, ই ঘন হাবিও পুৰিব, যাৰ ধোঁৱা স্তম্ভ হৈ ওপৰলৈ উঠিব।
Isaiah 51:7 in Assamese 7 তোমালোক যিসকলে সত্য কি জানা, মোৰ বিধান তোমালোকৰ হৃদয়ত ধৰি ৰখা লোকসকল,মোৰ কথা শুনা: মানুহৰ অপমানলৈ ভয় নকৰিবা, নাইবা তেওঁলোকৰ অপব্যৱহাৰত হতাশ নহবা ।
Isaiah 51:12 in Assamese 12 মই, ময়েই যিজনে তোমালোকক শান্ত্বনা দিওঁ; তোমালোকে কিয় মানুহলৈ ভয় কৰা, কাৰ মৃত্যু হ’ব, মানুহৰ পুত্রৰ,কোনে তোমালোকক তৃণৰ দৰে সৃষ্টি কৰিলে?
Jeremiah 1:8 in Assamese 8 তুমি যিসকলক কথা ক’বা, তেওঁলোকলৈ ভয় নকৰিবা, কিয়নো তেওঁলোকৰ দ্বাৰাই অনিষ্ট হোৱাৰ পৰা মই তোমাক সুৰক্ষা দিম। আৰু এইয়া নিশ্চয়কে ঘটিব, কিয়নো মই যিহোৱাই ইয়াকে ক’লো।
Jeremiah 1:17 in Assamese 17 এই হেতুকে তুমি কঁকাল বান্ধি কামলৈ বুলি সাজো হোৱা! মই তোমাক যি যি আজ্ঞা কৰোঁ, সেই সকলোকে যিহূদাৰ লোকসকলক কোৱা। তেওঁলোকৰ আগত ব্যাকুল নহ’বা, যদি হোৱা, মই তেওঁলোকৰ আগত উদাহৰণ ৰূপে তোমালৈকো দণ্ডাজ্ঞা দিম!
Jeremiah 6:28 in Assamese 28 তেওঁলোক সকলোৱেই অতিশয় বিদ্ৰোহী আৰু পৰচৰ্চ্চাকাৰী। তেওঁলোক পিতল আৰু লোহাস্বৰূপ; তেওঁলোক সকলো দুৰাচাৰী।
Jeremiah 18:18 in Assamese 18 তেতিয়া তেওঁলোকে ক’লে, ‘আহাঁ, আমি যিৰিমিয়াৰ অহিতে কু-মন্ত্ৰণা কৰোঁহক; কিয়নো পুৰোহিতৰ পৰা ব্যৱস্থা, জ্ঞানীসকলৰ পৰা মন্ত্ৰণা আৰু ভাববাদীৰ পৰা বাক্য লুপ্ত নহ’ব; আহাঁ, আমি জিভাৰে তাক প্ৰহাৰ কৰোঁ, তাৰ কোনো বাক্যত মন নিদিওঁ।
Ezekiel 3:8 in Assamese 8 চোৱা! তোমাৰ মণ্ডল মই তেওঁলোকৰ মণ্ডলৰ দৰে আঁকোৰগোজ কৰিলোঁ আৰু তোমাৰ চেলাউৰি তেওঁলোকৰ চেলাউৰিৰ দৰে কঠিন কৰিলোঁ। তেওঁলোকৰ কপালৰ আগত তোমাৰ কপাল টান কৰিলোঁ।
Ezekiel 3:26 in Assamese 26 মই তোমাৰ জীভা তালুত লগাম, যাতে তুমি বোবা হ’বা আৰু তেওঁলোকৰ আগত অনুযোগ কৰোঁতা নহ’বা; কিয়নো তেওঁলোক বিদ্ৰোহী বংশ।
Ezekiel 28:24 in Assamese 24 তাৰ পাছত ইস্ৰায়েল-বংশক বিন্ধোতা কোন হুল বা দুখ দিওঁতা কোনো কাঁইট বা তাইৰ চাৰিওফালে থকা তাইক হেয়জ্ঞান কৰা লোকসকলৰ মাজত কোনো অৱশিষ্ট নাথাকিব; তেতিয়া মই যে প্ৰভু যিহোৱা, সেই বিষয়ে তেওঁলোকে জানিব!’
Amos 7:10 in Assamese 10 তাৰ পাছত বৈৎ-এলৰ পুৰোহিত অমচিয়াই ইস্ৰায়েলৰ ৰজা যাৰাবিয়ামৰ ওচৰলৈ এই খবৰ কৈ পঠালে: “ইস্ৰায়েলৰ বংশৰ মাজত আপোনাৰ বিৰুদ্ধে আমোচে চক্ৰান্ত কৰিছে; দেশৰ লোকসকলে তেওঁৰ কোনো কথা সহিব পৰা নাই।
Micah 3:8 in Assamese 8 কিন্তু মোৰ ক্ষেত্রত, যাকোবক তেওঁৰ অপৰাধ আৰু ইস্ৰায়েলক তেওঁৰ পাপ ঘোষণা কৰিবলৈ, মই যিহোৱাৰ আত্মাৰ দ্বাৰাই শক্তি, ন্যায় বিচাৰ, আৰু পৰাক্রমেৰে পৰিপূৰ্ণ।
Micah 7:4 in Assamese 4 তেওঁলোকৰ মাজৰ শ্রেষ্ঠ জন জংঘলী গোলাপৰ দৰে, ন্যায়পৰায়ণ লোক জোপোহা কাঁইটীয়া গছৰ বেৰা; তোমাৰ প্ৰহৰীসকলৰ দ্বাৰাই কোৱা ভবিষ্যতবাণীৰ দিন এয়ে; তোমাৰ দণ্ডৰ দিন এয়া; এতিয়া তাত বিভ্রান্তিৰ সৃষ্টি হৈছে।
Matthew 10:28 in Assamese 28 যি সকলে কেৱল শৰীৰকহে বধ কৰে, কিন্তু প্ৰাণক বধ কৰিব নোৱাৰে, তেওঁলোকলৈ ভয় নকৰিবা; কিন্তু যিজনে প্ৰাণ আৰু শৰীৰ, এই দুয়োকো নৰকত নষ্ট কৰিব পাৰে, তেওঁকহে ভয় কৰিবা।
Luke 10:19 in Assamese 19 চোৱা, সাপ আৰু কেঁকোৰা-বিছা গচকিবলৈ আৰু শত্ৰুৰ সকলো পৰাক্ৰমৰ ওপৰত তোমালোকক ক্ষমতা দিলোঁ; তাতে একোৱে তোমালোকৰ কোনো প্ৰকাৰে হানি কৰিব নোৱাৰিব।
Luke 12:4 in Assamese 4 হে মোৰ বন্ধু সকল, মই তোমালোকক কওঁ, যি সকলে শৰীৰক বধ কৰে আৰু তাৰ পাছত একো কৰিব নোৱাৰে, তেওঁলোকলৈ ভয় নকৰিবা।
Acts 4:13 in Assamese 13 পিতৰ আৰু যোহনৰ সাহস দেখি আৰু তেওঁলোক লিখা-পঢ়া নজনা লোক বুলি জানিবলৈ পোৱাত, তেওঁলোকে বিস্ময় মানিলে৷ তেওঁলোকে জানিলে যে, পিতৰ আৰু যোহন যীচুৰ লগত আছিল।
Acts 4:19 in Assamese 19 কিন্তু পিতৰ আৰু যোহনে উত্তৰত তেওঁলোকক ক’লে, “আপোনালোকেই বিচাৰ কৰি কওক ‘ঈশ্বৰৰ আজ্ঞা অমান্য কৰা বা আপোনালোকৰ আজ্ঞা পালন কৰা’ ইয়াৰ ভিতৰত কোনটো বিষয় আমি পালন কৰা উচিত হ’ব?
Acts 4:29 in Assamese 29 হে প্ৰভু, এতিয়া তেওঁলোকৰ এই ভীতি প্ৰদৰ্শন শুনা! তোমাৰ দাস সকলক তোমাৰ বাক্য অতি সাহসেৰে ক’বলৈ অনুগ্রহ দান কৰা।
Ephesians 6:19 in Assamese 19 মোৰ কাৰণেও প্ৰার্থনা কৰিব, যাতে শুভবার্তাৰ নিগূঢ়-তত্ত্ব সাহসেৰে প্ৰচাৰ কৰিবলৈ মই মুখ মেলিবৰ সময়ত উপযুক্ত কথা মোক দিয়া হয়৷
Philippians 1:28 in Assamese 28 আপোনালোকৰ বিৰুদ্ধী সকলৰ বাবে কোনো বিষয়ত ত্ৰাসযুক্ত নহ’ব; সেয়ে তেখেত সকলৰ অৰ্থে বিনাশ, কিন্তু আপোনালোকৰ অৰ্থে ঈশ্বৰৰ পৰাই পৰিত্ৰাণৰ প্ৰমাণ হয়।
2 Timothy 1:7 in Assamese 7 কিয়নো ঈশ্বৰে আমাক ভয়ৰ আত্মা দিয়া নাই, কিন্তু শক্তি, প্ৰেম আৰু আত্ম-সংযমৰ আত্মা দিলে।
Hebrews 11:27 in Assamese 27 বিশ্বাসৰ গুণে তেওঁ ৰজাৰ ক্ৰোধলৈ ভয় নকৰি, মিচৰ দেশ ত্যাগ কৰিলে; কিয়নো অদৃশ্য জনক দেখা পোৱাৰ দৰে তেওঁ থিৰে থাকিল।
1 Peter 3:14 in Assamese 14 কিন্তু ধাৰ্মিকতাৰ কাৰণে যদিও দুখভোগ কৰিব লগা হয়, তথাপি আপোনালোক ধন্য; কিন্তু তেওঁলোকৰ ভয়ত ভয়াতুৰ নহ’ব আৰু ব্যাকুল নহ’ব৷
Revelation 9:3 in Assamese 3 সেই ধুঁৱাৰ পৰা কচুৱা ফৰিংবোৰ পৃথিৱীত ওলাল; আৰু সেইবোৰক, পৃথিৱীৰ কেঁকোৰা-বিছাৰ ক্ষমতাৰ নিচিনা ক্ষমতা দিয়া হ’ল।