Ezekiel 16:61 in Assamese 61 আৰু যেতিয়া তুমি নিজৰ বায়েৰা-ভনীয়েৰাক গ্ৰহণ কৰিবা, তেতিয়া তুমি নিজ আচাৰ-ব্যৱহাৰ মনত কৰি লাজ পাবা; আৰু মই তেওঁলোকক জীস্বৰূপে তোমাক দিম, কিন্তু তোমাৰ লগত কৰা নিয়মটিৰ দ্বাৰাই নহয়।
Other Translations King James Version (KJV) Then thou shalt remember thy ways, and be ashamed, when thou shalt receive thy sisters, thine elder and thy younger: and I will give them unto thee for daughters, but not by thy covenant.
American Standard Version (ASV) Then shalt thou remember thy ways, and be ashamed, when thou shalt receive thy sisters, thine elder `sisters' and thy younger; and I will give them unto thee for daughters, but not by thy covenant.
Bible in Basic English (BBE) Then at the memory of your ways you will be overcome with shame, when I take your sisters, the older and the younger, and give them to you for daughters, but not by your agreement.
Darby English Bible (DBY) And thou shalt remember thy ways, and be confounded, when thou shalt receive thy sisters who are older than thou, together with those who are younger than thou; for I will give them unto thee for daughters, but not by virtue of thy covenant.
World English Bible (WEB) Then shall you remember your ways, and be ashamed, when you shall receive your sisters, your elder [sisters] and your younger; and I will give them to you for daughters, but not by your covenant.
Young's Literal Translation (YLT) And thou hast remembered thy ways, And thou hast been ashamed, In thy receiving thy sisters -- Thine elder with thy younger, And I have given them to thee for daughters, And not by thy covenant.
Cross Reference Job 42:5 in Assamese 5 পূৰ্বেত তোমাৰ বিষয়ে মই কাণেৰেহে শুনিছিলো, কিন্তু এতিয়া নিজ চকুৰে তোমাক দেখিলো।
Psalm 119:59 in Assamese 59 মই মোৰ পথবোৰৰ বিষয়ে চিন্তা কৰিলো, আৰু মই তোমাৰ আজ্ঞাবোৰলৈ মোৰ ভৰি ঘূৰালোঁ।
Song of Solomon 8:8 in Assamese 8 যুৱতীৰ ককায়েকসকলৰ কথা; আমাৰ এজনী সৰু ভনী আছে, তাইৰ আজিলৈকে বুকু উঠা নাই; যি দিনা তাইক বিবাহৰ প্রস্তাৱ দিব, আমি সেই ভনীৰ কাৰণে কি কৰিব পাৰো?
Isaiah 2:2 in Assamese 2 পিছৰ দিনবোৰত, যিহোৱাৰ পৰ্ব্বতত গৃহ স্থাপন কৰা হ’ব পৰ্ব্বতবোৰৰ দৰে ওখ আৰু পাহাৰবোৰতকৈয়ো উচ্চ কৰা হ’ব; আৰু সকলো জাতি তালৈ সোঁত বোৱাৰ দৰে বৈ যাব।
Isaiah 11:9 in Assamese 9 মোৰ সমগ্র পবিত্ৰ পৰ্ব্বতত সিহঁতে আঘাত বা ধ্বংস নকৰিব; কাৰণ পানীয়ে যি দৰে সমুদ্ৰক ঢাকে, সেইদৰে যিহোৱাৰ জ্ঞানে পৃথিৱী পৰিপূৰ্ণ কৰিব।
Isaiah 49:18 in Assamese 18 চাৰিওফালে চোৱা; তেওঁলোক সকলো গোট খাইছে আৰু তোমাৰ ওচৰলৈ আহিছে। “নিশ্চিতভাবে যি দৰে মই জীয়াই আছো”এয়া যিহোৱাৰ ঘোষনা-“তোমালোকে সেইবোৰ অলঙ্কাৰৰ দৰে নিশ্চয় পিন্ধিবা; তোমালোকে সেইবোৰ কন্যাৰ দৰে পিন্ধিবা।
Isaiah 54:1 in Assamese 1 সন্তান জন্ম নিদিয়া মহিলা সকল গান গোৱা, কেতিয়াও প্ৰসৱ-বেদনা নোপোৱা মহিলা সকল, তোমালোকে আনন্দ গান আৰু উচ্চধ্বনিৰে উল্লাসিত হোৱা; কাৰণ যিহোৱাই কৈছে, বিবাহিত মহিলাৰ সন্তানতকৈ পৰিত্যক্ত মহিলাৰ সন্তান অধিক।
Isaiah 60:4 in Assamese 4 তুমি চকু ফুৰাই চাৰিওফালে চোৱা; তেওঁলোক সকলোৱে গোট খাই তোমাৰ ওচৰ চাপিছে; তোমাৰ পুত্ৰসকল দূৰৰ পৰা আহিছে আৰু তোমাৰ জীয়েকসকলক বাহুত বুকি অনা হৈছে।
Isaiah 66:7 in Assamese 7 বেদনা হোৱাৰ পূৰ্ব্বেই তেওঁ প্ৰসৱ কৰিলে, গৰ্ভবেদনা নোহোৱাৰ পূৰ্বেই তেওঁ এটি পুত্ৰ জন্ম দিলে;
Jeremiah 31:18 in Assamese 18 “মই ইফ্ৰয়িমক বিলাপেৰে সঁচাকৈ কোৱা শুনিলোঁ। ‘তুমি মোক শাস্তি দিলা, আৰু মই শাস্তি ভোগ কৰিলোঁ। যুৱলিত অভ্যাস নোহোৱা দামুৰি পোৱালিৰ নিচিনাকৈ তুমি মোক ঘূৰুউৱা, তাতে মই ঘূৰিম, কিয়নো তুমিয়েই মোৰ ঈশ্বৰ যিহোৱা।
Jeremiah 31:31 in Assamese 31 যিহোৱাই কৈছে: “চোৱা, এনে কোনো দিন আহি আছে - “সেই দিনা মই ইস্ৰায়েল-বংশ আৰু যিহূদা বংশৰ সৈতে এক নতুন নিয়ম স্থাপন কৰিম।
Jeremiah 50:4 in Assamese 4 যিহোৱাই কৈছে, সেই দিনত আৰু সেই কালত ইস্ৰায়েলৰ সন্তানবিলাক আৰু যিহূদাৰ সন্তানবিলাক একে লগ হৈ আহিব আৰু ক্ৰন্দন কৰি কৰি গমন কৰি তেওঁবিলাকৰ ঈশ্বৰ যিহোৱাৰ বিচাৰ কৰিব।
Ezekiel 6:9 in Assamese 9 আৰু মোৰ পৰা আঁতৰ হোৱা তেওঁলোকৰ বেশ্যালী মন আৰু তেওঁলোকৰ মুৰ্ত্তিৰ পাছে পাছে ব্যভিচাৰী হৈ যোৱা তেওঁলোকৰ চকু যেতিয়া মই দমন কৰিম, তেতিয়া তোমালোকৰ ৰক্ষা পোৱা লোকসকলে তেওঁলাকক বন্দী কৰি নিয়া জাতিবোৰৰ মাজত মোক সোঁৱৰণ কৰিব আৰু তেওঁলোকৰ আটাই ঘিণলগীয়া বস্তুৰ সম্পৰ্কে তেওঁলোকে কৰা মন্দ কাৰ্য্যৰ বাবে নিজৰ দৃষ্টিত নিজক ঘিণ কৰিব।
Ezekiel 16:53 in Assamese 53 আৰু তেওঁলোকলৈ শান্ত্বনাৰ স্থল হৈ তুমি কৰা আটাই কাৰ্য্যৰ কাৰণে তুমি তোমাৰ অপমান ভোগ কৰি অপমানিত হ’বৰ কাৰণে,
Ezekiel 16:63 in Assamese 63 তাতে, মই যে যিহোৱা, তাক তুমি জানিবা।”
Ezekiel 20:43 in Assamese 43 আৰু যি যি আচাৰ-ব্যৱহাৰ আৰু কাৰ্য্যেৰে তোমালোকে নিজকে অশুচি কৰিলা, সেই সেই আচাৰ-ব্যৱহাৰ আৰু কাৰ্য্য তাত তোমালোকে মনত কৰিবা আৰু তোমালোকে কৰা সকলো কুকৰ্ম্মৰ বাবে তোমালোকে তোমালোকৰ দৃষ্টিত নিজকে ঘিণ কৰিবা।
Ezekiel 36:31 in Assamese 31 তেতিয়া তোমালোকে তোমালোকৰ কু-আচৰণ আৰু মন্দ কাৰ্য্যবোৰ সোঁৱৰণ কৰিবা; তোমালোকৰ অপৰাধ আৰু ঘিণলগীয়া কাৰ্য্যৰ কাৰণে তোমালোকে নিজৰ দৃষ্টিত নিজকে ঘিণাবা।
Hosea 1:9 in Assamese 9 তেতিয়া যিহোৱাই ক’লে, “তুমি তাৰ নাম লো-অম্মী (মোৰ লোক নহয়) ৰাখা; কিয়নো তোমালোক মোৰ প্ৰজা নোহোৱা নতুবা মইও তোমালোকৰ ঈশ্বৰ নহয়।”
John 15:16 in Assamese 16 তোমালোকে যে মোক মনোনীত কৰিলা এনে নহয়, মইহে তোমালোকক মনোনীত কৰিলোঁ; আৰু তোমালোক যেন ফলৱন্ত হোৱা, তাতে তোমালোকৰ ফল যেন স্থায়ী হয়। মোৰ নামেৰে পিতৃৰ আগত যি খুজিবা, সেয়াই তেওঁ তোমালোকক দিব, এই কাৰণে তোমালোকক নিযুক্ত কৰিলোঁ।
Romans 11:11 in Assamese 11 তেনেহলে মই কওঁ, তেওঁলোকে পৰিবলৈ উজুটি খালে নে? এনে নহওক। কিন্তু তেওঁলোকৰ অন্তৰ্জ্বালা জন্মাবলৈ তেওঁলোকৰ অপৰাধৰ দ্বাৰাই অনা-ইহুদী সকলৰ পৰিত্ৰাণ হ’ল।
Romans 15:8 in Assamese 8 কিয়নো মই কওঁ, ওপৰ-পুৰুষ সকলক দিয়া প্ৰতিজ্ঞাবোৰ নিশ্চিত কৰিবলৈ আৰু ঈশ্বৰৰ সত্যতাৰ পক্ষে খ্ৰীষ্টক চুন্নৎ হোৱা সকলৰ পৰিচাৰক কৰা হ’ল।
Romans 15:16 in Assamese 16 অনা-ইহুদী সকলে যেন পবিত্ৰ আত্মাৰ দ্বাৰাই পবিত্ৰীকৃত নৈবেদ্য স্বৰূপে পৰম গ্ৰহণীয় হ’বলৈ মই অনা-ইহুদী সকলৰ বাবে খ্ৰীষ্ট যীচুৰ পুৰোহিতৰূপে, ঈশ্বৰৰ শুভবাৰ্তাৰ পৰিচৰ্যা কৰিবলৈ পালোঁ৷
Galatians 4:26 in Assamese 26 কিন্তু উৰ্দ্ধলোকত থকা যিৰূচালেম স্বাধীন; তেওঁ হৈছে, আমাৰ মাতৃ।
Ephesians 2:12 in Assamese 12 সেই সময়ত আপোনালোক খ্রীষ্টৰ পৰা পৃথক হৈ আছিল; আপোনালোক ইস্ৰায়েলৰ নাগৰিক নাছিল; প্ৰতিজ্ঞাযুক্ত বিধান সমূহৰ লগত আপোনালোকৰ কোনো সম্বন্ধ নাছিল; আপোনালোকৰ আশা নাছিল; এই জগতত আপোনালোক ঈশ্বৰবিহীন আছিল।
Ephesians 3:6 in Assamese 6 শুভবার্তাৰ দ্বাৰাই অনা-ইহুদী সকল খ্ৰীষ্ট যীচুত যুক্ত হৈ ইহুদী সকলৰ সৈতে সহ অধিকাৰী, এক শৰীৰৰ সদস্য আৰু প্ৰতিজ্ঞাত সহভাগী হয়।
Hebrews 8:13 in Assamese 13 ঈশ্বৰে এই নিয়মক ‘নতুন’ বুলি কৈ ‘প্ৰথমটোক পুৰণি কৰিলে’, অৰ্থাৎ অপ্ৰচলিত কৰিলে। কিন্তু যিটো পুৰণি, সেয়া জীৰ্ণপ্ৰায় বুলি ঘোষণা কৰিলে আৰু ই শীঘ্ৰেই অদৃশ্য হ’বলৈ উদ্যত হৈ আছে৷