Ezekiel 16:3 in Assamese 3 আৰু কোৱা, ‘প্ৰভু যিহোৱাই যিৰূচালেমক এই কথা কৈছে: “তোমাৰ উৎপত্তি আৰু জন্মৰ ঠাই কনানীয়াসকলৰ দেশ; তোমাৰ পিতৃ ইমোৰীয়া আৰু তোমাৰ মাতৃ হিত্তীয়া আছিল।
Other Translations King James Version (KJV) And say, Thus saith the Lord GOD unto Jerusalem; Thy birth and thy nativity is of the land of Canaan; thy father was an Amorite, and thy mother an Hittite.
American Standard Version (ASV) and say, Thus saith the Lord Jehovah unto Jerusalem: Thy birth and thy nativity is of the land of the Canaanite; the Amorite was thy father, and thy mother was a Hittite.
Bible in Basic English (BBE) And say, This is what the Lord has said to Jerusalem: Your start and your birth was from the land of the Canaanite; an Amorite was your father and your mother was a Hittite.
Darby English Bible (DBY) and say, Thus saith the Lord Jehovah unto Jerusalem: Thy birth and thy nativity is of the land of the Canaanite: thy father was an Amorite, and thy mother a Hittite.
World English Bible (WEB) and say, Thus says the Lord Yahweh to Jerusalem: Your birth and your birth is of the land of the Canaanite; the Amorite was your father, and your mother was a Hittite.
Young's Literal Translation (YLT) Thus said the Lord Jehovah to Jerusalem: Thy birth and thy nativity `Are' of the land of the Canaanite, Thy father the Amorite, and thy mother a Hittite.
Cross Reference Genesis 11:25 in Assamese 25 তেৰহৰ জন্মৰ পাছত নাহোৰ পুনৰ এশ উনৈশ বছৰ জীয়াই আছিল। সেই সময়ত তেওঁৰ আন আন পুত্র আৰু কন্যাসকল জন্মিল।
Genesis 11:29 in Assamese 29 অব্ৰাম আৰু নাহোৰ এই দুজনেই বিয়া কৰিছিল। অব্ৰামৰ ভার্য্যাৰ নাম আছিল চাৰী আৰু নাহোৰৰ ভার্য্যাৰ নাম আছিল মিলকা; তেওঁ হাৰণৰ জীয়েক আছিল। সেই হাৰণ মিলকা আৰু যিচকাৰ পিতৃ আছিল।
Genesis 15:16 in Assamese 16 তোমাৰ চতুৰ্থ প্রজন্মৰ লোকসকল ইয়ালৈ পুনৰ উলটি আহিব; কিয়নো এতিয়ালৈকে মোৰ ওচৰত ইমোৰীয়াসকলৰ অপৰাধ শাস্তি পোৱাৰ দৰে হোৱা নাই।”
Deuteronomy 7:1 in Assamese 1 আমাৰ ঈশ্বৰ যিহোৱাই আপোনালোকক যি দেশ অধিকাৰ কৰিবলৈ উলিয়াই আনিলে, সেই দেশত আপোনালোকৰ ঈশ্বৰ যিহোৱাই আপোনালোকক লৈ যাব আৰু অনেক জাতিক আপোনালোকৰ সন্মুখৰ পৰা দূৰ কৰিব। এই জাতিবোৰ হ’ল হিত্তীয়া, গিৰ্গাচীয়া, ইমোৰীয়া, কনানীয়া, পৰিজ্জীয়া, হিব্বীয়া, আৰু যিবুচীয়া। এই সাতটা জাতি আপোনালোকতকৈ বৃহৎ আৰু শক্তিশালী।
Deuteronomy 20:17 in Assamese 17 কিন্তু আপোনালোকৰ ঈশ্বৰ যিহোৱাৰ আজ্ঞা অনুসাৰে আপোনালোকে হিত্তীয়া, ইমোৰীয়া, কনানীয়া, পৰিজ্জীয়া, হিব্বীয়া আৰু যিবুচীয়া লোকসকলক সম্পূর্ণভাৱে ধ্বংস কৰি পেলাব।
Joshua 24:14 in Assamese 14 এই হেতুকে এতিয়া তোমালোকে যিহোৱাক ভয় কৰা আৰু সৰল মনেৰে ও সত্যেৰে তেওঁৰ আৰাধনা কৰা; তোমালোকৰ পূৰ্ব্ব পুৰুষসকলে নদীৰ সিপাৰে আৰু মিচৰত পূজা কৰা দেৱতাবোৰক দূৰ কৰা আৰু যিহোৱাৰ আৰাধনা কৰা।
1 Kings 21:26 in Assamese 26 আৰু যিহোৱাই যি ইমোৰীয়াসকলক ইস্ৰায়েলৰ সন্তানসকলৰ সন্মুখৰ পৰা দূৰ কৰিলে, তেওঁলোকৰ সকলো কৰ্ম্মৰ দৰে, তেওঁ প্ৰতিমাবোৰৰ পাছত চলোঁতা হৈ অতিশয় ঘিণলগীয়া কাৰ্য কৰিলে।
2 Kings 21:11 in Assamese 11 “যিহূদাৰ ৰজা মনচিয়ে এনেবোৰ ঘিণলগীয়া কৰ্ম্ম কৰিছে। তেওঁৰ পূৰ্ব্বে যি ইমোৰীয়া লোকসকল আছিল, তেওঁলোকতকৈও তেওঁ অধিক কু-কৰ্ম্ম কৰিছে আৰু নিজৰ মূর্তি বোৰৰ দ্বাৰাই যিহূদাক পাপৰ পথত পৰিচালিত কৰাইছে।”
Ezra 9:1 in Assamese 1 সেই সকলো কাৰ্য্য যেতিয়া সমাপ্ত হ’ল, তেতিয়া কৰ্ম্মচাৰীসকলে মোৰ ওচৰলৈ আহি ক’লে, “ইস্ৰায়েল লোকসকলে, পুৰোহিতসকলে, আৰু লেবীয়াসকলে আন দেশীয় ঘিণলগীয়া কাৰ্য ত্যাগ কৰা নাই; যেনে কনানীয়া, পৰিজ্জিয়া, যিবুচীয়া, অম্মোনীয়া, মোৱাবীয়া, মিচৰীয়া, আৰু ইমোৰীয়া লোকসকলৰ অতিশয় ঘিণলগা কাৰ্য্যৰ পৰা নিজকে পৃথকে ৰখা নাই।
Nehemiah 9:7 in Assamese 7 আপুনি সেই ঈশ্ৱৰ যিহোৱা, যি জনে অব্ৰামক মনোনীত কৰি কলদীয়া সকলৰ দেশ উৰৰ পৰা উলিয়াই আনি তেওঁৰ নাম অব্ৰাহাম ৰাখিছিল।
Isaiah 1:10 in Assamese 10 হে চদোমৰ শাসনকৰ্ত্তাসকল, যিহোৱাৰ বাক্য শুনা; হে ঘমোৰাৰ লোকসকল আমাৰ ঈশ্বৰৰ বিধানলৈ মনোযোগ দিয়া।
Isaiah 51:1 in Assamese 1 তোমালোক যি জনে ধাৰ্ম্মিকতাত চলা, যি জনে যিহোৱাক বিচাৰা, মোৰ কথা শুনা: তোমালোকক যি শিলৰ পৰা কটা আৰু যি গাঁতৰ পৰা খন্দা হৈছিল, তালৈ দৃষ্টি কৰা ।
Ezekiel 16:45 in Assamese 45 নিজ স্বামী আৰু নিজ সন্তানক ঘিণ কৰা তোমাৰ মাতৃৰ জীয়েক তুমি; নিজ স্বামী আৰু নিজ সন্তানক ঘিণ কৰা তোমাৰ ভায়েৰা-ভনীয়েৰাৰ তুমি ভনীয়েক; তোমালোকৰ মাতৃ হিত্তীয়া আৰু তোমালোকৰ পিতৃ ইমোৰীয়া আছিল।
Ezekiel 21:30 in Assamese 30 তুমি তাক ফাকত পুনৰ সুমুউৱা। তোমাক সৃষ্টি কৰা ঠাইত, তোমাৰ জন্মদেশত মই তোমাক দণ্ড দিম!
Matthew 3:7 in Assamese 7 যোহনে যেতিয়া দেখিলে যে অনেক ফৰীচী আৰু চদ্দূকী সকল বাপ্তিস্মৰ কাৰণে তেওঁৰ ওচৰলৈ আহিছে, তেতিয়া তেওঁ তেওঁলোকক ক’লে, “বিষক্ত সৰ্পৰ বংশধৰ সকল! আগলৈ যি ক্রোধ হ’ব লগা আছে, তাৰ পৰা পলাবৰ বাবে আপোনালোকক কোনে চেতনা দিলে?
Matthew 11:24 in Assamese 24 কিন্তু মই আপোনালোকক কওঁ, সোধ-বিচাৰৰ দিনা আপোনালোকতকৈ চদোম নগৰৰ দশা সহিবৰ বাবে অধিক সহজ হ’ব।
Luke 3:7 in Assamese 7 তাতে বাপ্তিস্ম ল’বৰ কাৰণে অনেক লোক যোহনৰ ওচৰলৈ আহিব ধৰিলে। তেওঁ তেওঁলোকক ক’লে, “হে দুষ্ট বিষক্ত সৰ্পৰ বংশধৰ! ঈশ্বৰৰ যি ক্ৰোধ আহি আছে তাৰ পৰা পলাবৰ বাবে কোনে আপোনালোকক সতর্ক কৰি দিলে?
John 8:44 in Assamese 44 চয়তান আপোনালোকৰ পিতৃ আৰু আপোনালোক তাৰ পৰা হৈছে। সেই কাৰণে আপোনালোকে আপোনালোকৰ সেই পিতৃৰ অভিলাষ পূর্ণ কৰিবলৈ ইচ্ছা কৰে। চয়তান আদিৰে পৰা নৰবধী; সি সত্যত নাথাকে, কিয়নো তাৰ ভিতৰত সত্য নাই। সি যেতিয়া মিছা কথা কয়, তেতিয়া সি নিজৰ স্বভাৱৰ পৰাই কয়। কাৰণ সি মিছলীয়া আৰু মিছলীয়াৰ বাপেক।
Ephesians 2:3 in Assamese 3 আমি সকলোৱেই এসময়ত মাংস আৰু মনৰ ইচ্ছাৰে কার্য কৰিছিলোঁ আৰু আমাৰ মাংসিক কু-অভিলাষবোৰৰ কামনা পূর্ণ কৰি সেই বিশ্বাসবিহীন লোক সকলৰ মাজত জীয়াই আছিলোঁ। আমিও আন সকলোৰে নিচিনা, স্বভাবতে ঈশ্বৰৰ ক্ৰোধৰ সন্তান আছিলোঁ।
1 John 3:10 in Assamese 10 ইয়াতে প্রকাশ পায় কোন ঈশ্বৰৰ সন্তান আৰু কোন চয়তানৰ সন্তান! যি কোনোৱে ধাৰ্মিকতাৰ আচৰণ নকৰে, তেওঁ ঈশ্বৰৰ সন্তান নহয়। যি জনে নিজ ভায়েকক প্ৰেম নকৰে, তেৱোঁ ঈশ্বৰৰ সন্তান নহয়।