Ezekiel 14:6 in Assamese 6 এই হেতুকে তুমি ইস্ৰায়েল বংশক কোৱা, ‘প্ৰভু যিহোৱাই এই কথা কৈছে: তোমালোকে মন পালটোৱা আৰু তোমালোকৰ প্রতিমাবোৰৰ পৰা ঘূৰি আহাঁ! আৰু তোমালোকৰ আটাই ঘিণলগীয়া কাৰ্যবোৰলৈ পিঠি দিয়া!
Other Translations King James Version (KJV) Therefore say unto the house of Israel, Thus saith the Lord GOD; Repent, and turn yourselves from your idols; and turn away your faces from all your abominations.
American Standard Version (ASV) Therefore say unto the house of Israel, Thus saith the Lord Jehovah: Return ye, and turn yourselves from your idols; and turn away your faces from all your abominations.
Bible in Basic English (BBE) For this cause say to the children of Israel, These are the words of the Lord: Come back and give up your false gods and let your faces be turned from your disgusting things.
Darby English Bible (DBY) Therefore say unto the house of Israel, Thus saith the Lord Jehovah: Return ye, and turn yourselves from your idols; and turn away your faces from all your abominations.
World English Bible (WEB) Therefore tell the house of Israel, Thus says the Lord Yahweh: Return you, and turn yourselves from your idols; and turn away your faces from all your abominations.
Young's Literal Translation (YLT) `Therefore say unto the house of Israel: Thus said the Lord Jehovah: Turn ye back, yea, turn ye back from your idols, and from all your abominations turn back your faces,
Cross Reference 1 Samuel 7:3 in Assamese 3 চমূৱেলে ইস্ৰায়েলৰ আটাই বংশক ক’লে, “তোমালোকে যদি তোমালোকৰ সকলো চিত্তেৰে যিহোৱালৈ উভটি আহা, আৰু তোমালোকৰ মাজৰ পৰা ভিন্ন দেশীয় দেৱতাবোৰ আৰু অষ্টাৰেৎ দেৱীবোৰ দূৰ কৰা আৰু যিহোৱালৈ নিজৰ মন পৰিবৰ্তন কৰি যদি কেৱল তেওঁৰেই সেৱা কৰা; তেনেহলে তেওঁ ফিলিষ্টীয়াসকলৰ হাতৰ পৰা তোমালোকক উদ্ধাৰ কৰিব।”
1 Kings 8:47 in Assamese 47 তথাপি তেওঁলোকে যদি বন্দী কৰি নিয়া দেশত নিজে বিবেচনা কৰি মন ঘূৰাই, আৰু তেওঁলোকে বন্দী কৰি নিয়াসকলৰ দেশত থাকি আপোনাৰ আগত প্ৰাৰ্থনা কৰি, ‘আমি পাপ কৰিলোঁ, আমি অপথে গলোঁ, আমি কুকৰ্ম্ম কৰিলোঁ’,
2 Chronicles 29:6 in Assamese 6 কিয়নো আমাৰ পূর্ব-পুৰুষসকলে সত্যলঙ্ঘন কৰিলে আৰু আমাৰ ঈশ্বৰ যিহোৱাৰ দৃষ্টিত কু-আচৰণ কৰিলে, বিশেষকৈ তেওঁলোকে তেওঁক ত্যাগ কৰিলে আৰু যিহোৱাৰ নিবাসৰ ঠাইৰ পৰা বিমুখ হৈ তালৈ পিঠি দিলে।
Nehemiah 1:8 in Assamese 8 বিনয় কৰোঁ, আপুনি আপোনাৰ দাস মোচিক আজ্ঞা কৰা বাক্য সোঁৱৰণ কৰক। আপুনি মোচিক কৈছিল, “যদি তোমালোকে অবিশ্ৱাসীৰ দৰে কাৰ্য কৰা, মই তোমালোকক দেশৰ মাজত ছিন্ন-ভিন্ন কৰিম,
Isaiah 2:20 in Assamese 20 সেই দিনা লোকসকলে ৰূপ আৰু সোণৰ মুৰ্ত্তিবোৰ পেলাব, আৰাধনা কৰিবলৈ নিজৰ বাবে তেওঁলোকে সাজি লোৱা মুৰ্ত্তিবোৰ তেওঁলোকে এন্দুৰ আৰু বাদুলীৰ আগত পেলাই দিব।
Isaiah 30:22 in Assamese 22 তোমালোকে নিজৰ কটা-মূৰ্ত্তিত মৰা ৰূপৰ আৰু সোনৰ পতা অশুচি কৰিবা, তোমালোকে তাক অশুচি বস্তু দৰে পেলাই দি ক’বা,“ইয়াৰ পৰা দূৰ হোৱা। ”
Isaiah 55:6 in Assamese 6 যিহোৱাক পাব পৰা সময়ত তোমালোকে তেওঁক বিচাৰা; তেওঁ ওচৰত থাকোঁতে তেওঁক মাতা।
Jeremiah 8:5 in Assamese 5 তেন্তে কিয় যিৰূচালেমৰ এই জাতিয়ে বাট এৰি নিত্যে বিপথগামী হৈ থাকে? তেওঁলোকে প্ৰতাৰণাত লাগি থাকি উলটি আহিবলৈ অমান্তি হয়।
Jeremiah 13:27 in Assamese 27 চহৰৰ বাহিৰৰ পৰ্ব্বতত মই তোমাৰ ঘিণলগীয়া কাম, এনে কি, তোমাৰ ব্যভিচাৰকৰ্ম্ম, তোমাৰ ঢেকঢেকনি, আৰু বেশ্যাবৃত্তিৰ কু-কৰ্ম্ম দেখিলোঁ, হে যিৰূচালেম তুমি সন্তাপৰ পাত্ৰী! তুমি শুচি হবলৈ ইচ্ছা নকৰা। তুমি এনে অৱস্থাত আৰু কিমান কাল থাকিবা?
Jeremiah 31:18 in Assamese 18 “মই ইফ্ৰয়িমক বিলাপেৰে সঁচাকৈ কোৱা শুনিলোঁ। ‘তুমি মোক শাস্তি দিলা, আৰু মই শাস্তি ভোগ কৰিলোঁ। যুৱলিত অভ্যাস নোহোৱা দামুৰি পোৱালিৰ নিচিনাকৈ তুমি মোক ঘূৰুউৱা, তাতে মই ঘূৰিম, কিয়নো তুমিয়েই মোৰ ঈশ্বৰ যিহোৱা।
Jeremiah 50:4 in Assamese 4 যিহোৱাই কৈছে, সেই দিনত আৰু সেই কালত ইস্ৰায়েলৰ সন্তানবিলাক আৰু যিহূদাৰ সন্তানবিলাক একে লগ হৈ আহিব আৰু ক্ৰন্দন কৰি কৰি গমন কৰি তেওঁবিলাকৰ ঈশ্বৰ যিহোৱাৰ বিচাৰ কৰিব।
Lamentations 3:39 in Assamese 39 জীৱিত মানুহে কিয় আপত্তি কৰে? মানুহে নিজ পাপৰ দণ্ডৰ বাবে কিয় আপত্তি কৰে?
Ezekiel 8:16 in Assamese 16 আৰু তেওঁ মোক যিহোৱাৰ গৃহৰ ভিতৰ চোতাললৈ লৈ গ’ল, আৰু চোৱা! মই দেখিলোঁ, যিহোৱাৰ মন্দিৰৰ দুৱাৰমুখত, বাৰাণ্ডা আৰু যজ্ঞবেদীৰ মাজ ভাগত যিহোৱাৰ মন্দিৰৰ ফাললৈ পিঠি দি পূৱফালে মুখ কৰি প্রায় পঞ্চাশজনমান লোকে সূৰ্য্যৰ (ছামেছ - ভুৱা ঈশ্বৰ) আগত প্ৰণিপাত কৰি আছিল।
Ezekiel 14:4 in Assamese 4 সেইবাবে তুমি তেওঁলোকক এই কথা কৈ ঘোষণা কৰা, ‘প্ৰভু যিহোৱাই এই কথা কৈছে: ইস্ৰায়েল-বংশৰ যি কোনো লোকে নিজ প্রতিমাবোৰক হৃদয়ত ঠাই দিব বা নিজৰ সন্মুখত নিজৰ অপৰাধ জন্মাওঁতা বিঘিনি ৰাখিব আৰু কোনো এজন লোকে যেতিয়া ভাববাদী এজনৰ ওচৰলৈ আহিব - সেই অহা লোকজনৰ বাহুল্য প্রতিমাবোৰৰ অনুসাৰে, মই যিহোৱাই, নিজেই তেওঁক উত্তৰ দিম।
Ezekiel 16:63 in Assamese 63 তাতে, মই যে যিহোৱা, তাক তুমি জানিবা।”
Ezekiel 18:30 in Assamese 30 এই হেতুকে, প্ৰভু যিহোৱাই কৈছে, “হে ইস্ৰায়েল বংশ, প্ৰতিজনৰ আচাৰ-ব্যৱহাৰ অনুসাৰে, মই তোমালোকৰ বিচাৰ কৰিম!” “তোমালোক উলটি আহা আৰু তোমালোকৰ সকলো অধৰ্ম্মৰ পৰা ঘূৰা যেন অপৰাধ তোমালোকৰ বিৰুদ্ধে সৰ্ব্বনাশৰ কাৰণ নহ’ব।
Ezekiel 36:31 in Assamese 31 তেতিয়া তোমালোকে তোমালোকৰ কু-আচৰণ আৰু মন্দ কাৰ্য্যবোৰ সোঁৱৰণ কৰিবা; তোমালোকৰ অপৰাধ আৰু ঘিণলগীয়া কাৰ্য্যৰ কাৰণে তোমালোকে নিজৰ দৃষ্টিত নিজকে ঘিণাবা।
Hosea 14:1 in Assamese 1 হে ইস্ৰায়েল, তোমালোকৰ ঈশ্বৰ যিহোৱালৈ উলটি আঁহা, তোমালোকৰ অপৰাধৰ কাৰণে তোমালোক পতিত হ’লা ।
Hosea 14:8 in Assamese 8 ইফ্ৰয়িমে ক’ব, ‘মূর্তিবোৰৰ লগত মোৰ পুনৰ কি সম্পৰ্ক?’ ময়ে তোমাক উত্তৰ দিম আৰু তেওঁৰ যত্ন ল’ম। মই এক কেঁচাপতীয়া দেৱদাৰু গছৰ নিচিনা; তোমাৰ বিশ্বস্ততাৰ ফল মোৰ কাষৰ পৰাই আহে।”
Jonah 3:7 in Assamese 7 তাৰ পাছত তেওঁ নীনবিত তেওঁৰ আৰু তেওঁৰ মন্ত্ৰীসকলৰ যোগেদি এই আদেশ ঘোষণা কৰালে: “মানুহ বা পশু, গৰু বা ভেড়াৰ জাক কোনেও একো বস্তুৰ আস্বাদ নলওক; আহাৰ কি পানী নাখাওক।
Zephaniah 3:11 in Assamese 11 তুমি মোৰ আহিতে যি যি অপৰাধ কৰিলা, তাৰ বাবে তোমাক সেই দিনা লজ্জিত কৰা নহ’ব। কিয়নো সেই সময়ত অহংকাৰত উল্লাস কৰোতা সকলো লোকক মই তোমাৰ মাজৰ পৰা দূৰ কৰিম; তাতে মোৰ পবিত্ৰ পৰ্ব্বতৰ ওপৰত তুমি পুনৰ কেতিয়াও অহঙ্কাৰ নকৰিবা।
Matthew 3:8 in Assamese 8 মন-পালটনৰ উপযুক্ত ফল ধৰি ফলৱান হওক।
Acts 3:19 in Assamese 19 এই কাৰণে আপোনালোকে মন-পালটাই প্ৰভুলৈ ঘূৰি আহক যাতে, আপোনালোকৰ পাপ-মোচন হয় আৰু প্রভুৰ সন্মুখৰ পৰা শান্তিযুক্ত কাল যেন আহে;
Acts 17:30 in Assamese 30 এই কাৰণতে, মানুহৰ অজ্ঞানতাৰ এনে কালছোৱাক ঈশ্বৰে ক্ষমাৰ চকুৰে চাইছে, কিন্তু এতিয়া তেওঁ সকলো ঠাইতে আটাই মানুহক মন-পালটন কৰিবলৈ আজ্ঞা দিছে।
Acts 26:20 in Assamese 20 দম্মেচক আৰু যিৰূচালেমত থকা লোক সকলৰ আগত, পাছত যিহুদীয়া আৰু তাৰ সকলো অঞ্চলৰ লগতে অনা-ইহুদী সকলৰ আগতো মই প্ৰচাৰ কৰিলোঁ, যাতে তেখেত সকলে মন-পালটাই ঈশ্ৱৰলৈ ঘূৰে আৰু মন-পালটনৰ যোগ্য আচৰণ ঈশ্ৱৰৰ সাক্ষাতে কৰে৷
Romans 6:21 in Assamese 21 তেনেহলে যি যি বিষয়ত এতিয়া আপোনালোকে লাজ পাই আছে, তেতিয়া সেইবোৰত আপোনালোকৰ ফল কি আছিল? কিয়নো সেইবোৰৰ পৰিণাম আছিল মৃত্যু।
James 4:8 in Assamese 8 ঈশ্বৰৰ ওচৰলৈ চাপি আহক; তাতে তেৱোঁ আপোনালোকৰ ওচৰলৈ চাপিব। হে পাপ কৰ্ম কৰোঁতা সকল, আপোনালোকৰ হাত পৰিষ্কাৰ কৰক আৰু হে দুই মনৰ মানুহ, আপোনালোকৰ হৃদয় শুচি কৰক।