Ezekiel 11:12 in Assamese 12 তেতিয়া তোমালোকে জানিবা যে, মইয়ে যিহোৱা। মোৰ আজ্ঞা তোমালোকে লঙ্ঘন কৰিছিলা। তোমালোকে মোৰ পথ অনুসৰণ কৰা নাই। বৰং তোমালোকৰ চাৰিওফালে থকা জাতিবোৰৰ শাসন প্ৰণালী অনুসাৰেহে তোমালোকে কাৰ্য কৰি আছা।”
Other Translations King James Version (KJV) And ye shall know that I am the LORD: for ye have not walked in my statutes, neither executed my judgments, but have done after the manners of the heathen that are round about you.
American Standard Version (ASV) and ye shall know that I am Jehovah: for ye have not walked in my statutes, neither have ye executed mine ordinances, but have done after the ordinances of the nations that are round about you.
Bible in Basic English (BBE) And you will be certain that I am the Lord: for you have not been guided by my rules or given effect to my orders, but you have been living by the orders of the nations round about you.
Darby English Bible (DBY) and ye shall know that I [am] Jehovah, in whose statutes ye have not walked, neither have done mine ordinances, but have done after the ordinances of the nations that are round about you.
World English Bible (WEB) and you shall know that I am Yahweh: for you have not walked in my statutes, neither have you executed my ordinances, but have done after the ordinances of the nations that are round about you.
Young's Literal Translation (YLT) And ye have known that I `am' Jehovah, For in My statutes ye have not walked, And My Judgments ye have not done, And according to the judgments of the nations Who are round about you -- ye have done!'
Cross Reference Leviticus 18:3 in Assamese 3 তোমালোকে যেতিয়া মিচৰ দেশত বাস কৰিছিলা, সেই দেশৰ ৰীতি-নীতিৰ দৰে আচৰণ নকৰিবা। মই তোমালোকক যি কনান দেশলৈ লৈ আহিম, সেই দেশৰ ৰীতি-নীতিৰ দৰে আচৰণ নকৰিবা আৰু তেওঁলোকৰ বিধি অনুসাৰেও নচলিবা।
Leviticus 18:24 in Assamese 24 তোমালোকে এই কার্যবোৰৰ ভিতৰৰ কোনো কাৰ্যৰ দ্বাৰাই নিজকে অশুচি নকৰিবা; কিয়নো যি যি জাতিক মই তোমালোকৰ সন্মুখৰ পৰা খেদিম, তেওঁলোক এই সকলো কৰ্ম্মৰ দ্বাৰাই অশুচি হ’ল।
Leviticus 26:40 in Assamese 40 কিন্তু যদি তেওঁলোকে আৰু তেওঁলোকৰ পিতৃয়ে কৰা পাপ বা মোৰ সত্য লঙ্ঘন কৰাৰ কাৰণে নিজ নিজ অপৰাধ স্ৱীকাৰ কৰে, আৰু তেওঁলোকে মোৰ বিপৰীত আচৰণ কৰাত,
Deuteronomy 12:30 in Assamese 30 তেতিয়া সাৱধান হ’ব যাতে আপোনালোকৰ আগৰ পৰা তেওঁলোক বিনষ্ট হৈ যোৱাৰ পাছত তেওঁলোকৰ দেৱ-দেৱীৰ বিষয়ে বিচাৰ নিবলৈ গৈ আপোনালোকে এইবুলি সুধি ফান্দত নপৰিব “এই জাতিবোৰে কেনেদৰে নিজৰ দেৱতাবোৰৰ আৰাধনা কৰে? শেষত ক’ব ‘ময়ো তেনেকৈ কৰিম’।”
1 Kings 11:33 in Assamese 33 কাৰণ তেওঁলোকে মোক ত্যাগ কৰিলে আৰু চিদোনীয়াসকলৰ অষ্টাৰেৎ দেৱীক, মোৱাবৰ কমোচ দেৱতাক আৰু অম্মোনৰ সন্তানসকলৰ মিলকম দেৱতাক সেৱা-পূজা কৰিলে৷ তেওঁলোকে নিজ পিতৃ দায়ূদৰ নিচিনাকৈ, মোৰ দৃষ্টিত যি ভাল তাক কৰিবলৈ আৰু মোৰ বিধি আৰু শাসন-প্ৰণালীবোৰ পালন কৰিবলৈ তেওঁলোকে মোৰ পথত চলা নাই।
2 Kings 16:3 in Assamese 3 কিন্তু তাৰ পৰিবর্তে তেওঁ ইস্ৰায়েলৰ ৰজাসকলৰ পথত চলিছিল; এনেকি যিহোৱাই যি সকলোক জাতিক ইস্ৰায়েলীয়াসকলৰ পৰা দূৰ কৰিছিল, তেওঁলোকৰ ঘিণলগীয়া ৰীতিবোৰৰ দৰে তেৱোঁ নিজৰ পুত্ৰক হোমবলি উৎসর্গ কৰিছিল।
2 Kings 16:10 in Assamese 10 পাছত ৰজা আহজে অচূৰৰ ৰজা তিগ্লৎ-পেলেচক সাক্ষাৎ কৰিবলৈ দম্মেচকলৈ গ’ল; তেওঁ দম্মেচকত এটা যজ্ঞবেদী দেখি তাৰ নক্সা, নমুনাৰ লগতে সেইটো তৈয়াৰ কৰাৰ সম্পূর্ণ পৰিকল্পনা ঊৰিয়া পুৰোহিতৰ ওচৰলৈ পঠাই দিলে।
2 Kings 17:11 in Assamese 11 যি জাতি সমূহক যিহোৱাই তেওঁলোকৰ সন্মুখৰ পৰা দূৰ কৰিছিল, সেই জাতিৰ লোকসকলৰ দৰে ইস্রায়েলীয়াসকলেও এই ওখ মঠবোৰত ধূপ জ্বলাইছিল। তেওঁলোকে দুষ্ট কর্মবোৰ কৰি যিহোৱাক ক্রোধিত কৰিছিল;
2 Kings 18:12 in Assamese 12 এইসকলো ঘটিছিল, কাৰণ ইস্রায়েলীসকলে তেওঁলোকৰ ঈশ্বৰ যিহোৱাৰ বাক্য পালন কৰা নাছিল, বৰং যিহোৱাৰ বিধান, অৰ্থাৎ যিহোৱাৰ দাস মোচিৰ সকলো আজ্ঞা তেওঁলোকে অমান্য কৰিছিল। তেওঁলোকে তাক শুনিবলৈ বা পালন কৰিবলৈও ইচ্ছা কৰা নাছিল।
2 Kings 21:2 in Assamese 2 যিহোৱাই ইস্ৰায়েলীয়াসকলৰ সন্মুখৰ পৰা যি সকলো জাতিক দূৰ কৰিছিল, তেওঁলোকৰ দৰেই ঘিণলগীয়া কাৰ্য্য কৰি মনচিয়ে যিহোৱাৰ দৃষ্টিত যি বেয়া তাকে কৰিছিল।
2 Kings 21:22 in Assamese 22 তেওঁৰ পূর্বপুৰুষসকলৰ ঈশ্বৰ যিহোৱাক তেওঁ ত্যাগ কৰিলে আৰু যিহোৱাৰ পথত নচলিলে।
2 Chronicles 13:9 in Assamese 9 তোমালোকে যিহোৱাৰ পুৰোহিত হাৰোণৰ সন্তানসকলক আৰু লেবীয়াসকলক খেদি দিয়া নাই জানো? অন্য দেশীয় জাতিবোৰৰ দৰে নিজৰ বাবে পুৰোহিত পাতি লোৱা নাই জানো? ইয়াতে যিজনে এটা দমৰা আৰু সাতোটা মেৰ লৈ নিজকে পুৰোহিত কৰাবলৈ আহে, তেওঁ সেই ঈশ্বৰ নোহোৱাবোৰৰ পুৰোহিত হ’ব পাৰে।
2 Chronicles 28:3 in Assamese 3 তাৰ ওপৰি যিহোৱাই ইস্ৰায়েলৰ সন্তানসকলৰ আগৰ পৰা দূৰ কৰা জাতিসকলৰ ঘিণলগা ৰীতিৰ দৰে, তেওঁ হিন্নোমৰ উপত্যকাত ধূপ জ্বলাইছিল আৰু তেওঁৰ নিজৰ সন্তানসকলক জুইত দগ্ধ কৰিছিল।
2 Chronicles 33:2 in Assamese 2 আৰু যিহোৱাই ইস্ৰায়েলৰ সন্তানসকলৰ আগৰ পৰা যি জাতিসকলক দূৰ কৰিছিল, তেওঁলোকৰ সকলো ঘিণলগা কাৰ্যৰ দৰে তেওঁ যিহোৱাৰ সাক্ষাতে কু-আচৰণ কৰিলে।
2 Chronicles 36:14 in Assamese 14 বিশেষকৈ পুৰোহিতসকলৰ মাজৰ প্ৰধান লোকসকলে আৰু প্ৰজাসকলে জাতিবোৰৰ আটাই ঘিণলগা কাৰ্যৰ দৰে অনেক সত্য-লঙ্ঘন কৰিলে৷ আৰু যিহোৱাই যিৰূচালেমত যি গৃহ পবিত্ৰ কৰিছিল, তাক তেওঁলোকে অশুচি কৰিলে।
Ezra 9:7 in Assamese 7 আমাৰ পুৰ্ব্ব-পুৰুষৰ দিনৰে পৰা আজি পৰ্য্যন্ত আমি অতিদোষী হৈ আছোঁ। আমাৰ নানা অপৰাধৰ কাৰণে আমাক, আমাৰ ৰজাসকলক, আৰু আমাৰ পুৰোহিতসকলক এই পৃথিৱীৰ ৰজাসকলে তেওঁলোকৰ তৰোৱালেৰে বন্দীত্ৱ লৈ নি আমাক লুটদ্রব্যৰ দৰে কৰিলে আৰু আমাৰ মূখ বিৱৰ্ণ হ’বলৈ সোধাই দিলে।
Nehemiah 9:34 in Assamese 34 আমাৰ ৰজা, কোঁৱৰ, পুৰোহিত, আৰু আমাৰ পূৰ্ব-পুৰুষসকলে আপোনাৰ বিধান পালন নকৰিলে। আপোনাৰ বিধান আৰু আজ্ঞা অনুসাৰে সাৱধান কৰা কথালৈও তেওঁলোকে মনোযোগ নিদিলে।
Psalm 78:10 in Assamese 10 তেওঁলোকে ঈশ্বৰৰ নিয়মটি পালন নকৰিলে, তেওঁৰ ব্যৱস্থাত চলিবলৈ অস্বীকাৰ কৰিলে।
Psalm 106:35 in Assamese 35 বৰং সেই সকলো জাতিৰ লগত তেওঁলোকে নিজক মিশ্রিত কৰিলে, আৰু তেওঁলোকৰ আচাৰ-ব্যৱহাৰ শিকিলে।
Jeremiah 6:16 in Assamese 16 যিহোৱাই এই কথা কৈছে: যে, তোমালোকে চাৰিআলিৰ মূৰত থিয় হৈ চোৱা; আৰু প্ৰাচীন পথবোৰৰ বিষয়ে সোধা, ‘উত্তম পথ কোনটো? আৰু তাত চলা; তাতে তোমালোকৰ প্ৰাণত বিশ্ৰাম পাবলৈ এটি ঠাই বিচাৰি লোৱা; কিন্তু তেওঁলোকে ক’লে, আমি তাত নচলোঁ।
Jeremiah 10:2 in Assamese 2 যিহোৱাই এইদৰে কৈছে: তোমালোকে বিভিন্ন জাতিৰ ব্যৱহাৰ নিশিকিবা, আৰু আকাশ-মণ্ডলৰ নানা অদ্ভত লক্ষণ দেখি ব্যাকুল নহবা; কাৰণ বিভিন্ন জাতিয়েহে সেইবোৰ দেখি ব্যাকুল হয়।
Ezekiel 8:10 in Assamese 10 তেতিয়া মই ভিতৰলৈ গৈ চাই দেখিলোঁ যে, সকলোবিধ উৰগ জন্তুৰ আৰু ঘিণলগীয়া পশুৰ প্ৰতিমূৰ্ত্তি আৰু ইস্ৰায়েল বংশৰ প্ৰতিমাবোৰ চাৰিওফালে দেৱালত খোদাই কৰি থোৱা আছিল।
Ezekiel 8:14 in Assamese 14 তাৰ পিছত তেওঁ যিহোৱাৰ গৃহৰ উত্তৰফালৰ বাট-চৰাৰ দুৱাৰমুখলৈ মোক লৈ যাওঁতে মই দেখিলোঁ, আৰু চোৱা! সেই ঠাইত মহিলাসকলে বহি তম্মুজৰ বাবে কান্দি আছিল।
Ezekiel 8:16 in Assamese 16 আৰু তেওঁ মোক যিহোৱাৰ গৃহৰ ভিতৰ চোতাললৈ লৈ গ’ল, আৰু চোৱা! মই দেখিলোঁ, যিহোৱাৰ মন্দিৰৰ দুৱাৰমুখত, বাৰাণ্ডা আৰু যজ্ঞবেদীৰ মাজ ভাগত যিহোৱাৰ মন্দিৰৰ ফাললৈ পিঠি দি পূৱফালে মুখ কৰি প্রায় পঞ্চাশজনমান লোকে সূৰ্য্যৰ (ছামেছ - ভুৱা ঈশ্বৰ) আগত প্ৰণিপাত কৰি আছিল।
Ezekiel 11:21 in Assamese 21 কিন্তু তেওঁলোকৰ যিসকলে গৰ্হিত আৰু ঘিণলগীয়া বস্তুবোৰৰ পাছত চ’লে, মই তেওঁলোকৰ নিজ নিজ মূৰত তেওঁলোকৰ সেই কাৰ্য্যৰ প্রতিফল আনিম। এয়ে প্রভু যিহোৱাৰ ঘোষণা।”
Ezekiel 16:44 in Assamese 44 চোৱা! যোজনা দিয়া প্ৰতিজনে, ‘মাক যেনে জীয়েক তেনে’, এই বুলি তোমাৰ বিৰুদ্ধে যোজনা দিব।
Ezekiel 18:9 in Assamese 9 আৰু যথাৰ্থ কাৰ্য কৰি মোৰ শাসন-প্ৰণালীবোৰ পালন কৰে, তেন্তে তেওঁহে ধাৰ্ম্মিক; তেওঁহে অৱশ্যে জীব!” এয়ে প্রভু যিহোৱাৰ ঘোষণা।
Ezekiel 20:16 in Assamese 16 কাৰণ তেওঁলোকে মোৰ শাসন-প্ৰণালীবোৰ অগ্ৰাহ্য কৰিলে, মোৰ বিধিমতে নচলিলে আৰু মোৰ বিশ্ৰাম-দিনবোৰ অপবিত্ৰ কৰিলে; কিয়নো তেওঁলোকৰ মন তেওঁলোকৰ প্রতিমাবোৰৰ পাছত চলি আছিল।
Ezekiel 20:21 in Assamese 21 কিন্তু সেই সন্তানসকলে মোৰ অহিতে বিদ্ৰোহ কৰিলে। তেওঁলোকে মোৰ বিধিমতে নচলিলে, বা যি শাসন-প্ৰণালী অনুসাৰে মানুহে কাৰ্য্য কৰিলে জীয়াই থাকিব পাৰে, মোৰ সেই শাসন প্ৰণালীবোৰ তেওঁলোকে পালন নকৰিলে। তেওঁলোকে মোৰ বিশ্ৰাম-দিনবোৰ অপবিত্ৰ কৰিলে। সেয়েহে মই অৰণ্যত তেওঁলোকৰ অহিতে মোৰ ক্ৰোধ সিদ্ধ কৰিবলৈ, তেওঁলোকৰ ওপৰত মোৰ কোপ বৰষাবলৈ মন কৰিছিলোঁ।
Ezekiel 20:24 in Assamese 24 কাৰণ তেওঁলোকে মোৰ শাসন-প্ৰণালী অনুসাৰে কাৰ্য্য নকৰিলে, কিন্তু মোৰ বিধিবোৰ অগ্ৰাহ্য কৰিলে, মোৰ বিশ্ৰাম-দিনবোৰ অপবিত্ৰ কৰিলে। তেওঁলোকৰ চকু তেওঁবিলাকৰ পূৰ্ব্ব-পুৰুষবিলাকৰ প্রতিমাবোৰত আসক্ত থাকিল।
Daniel 9:10 in Assamese 10 আমাৰ ঈশ্বৰ যিহোৱাৰ বাক্য আমি শুনা নাই, আৰু তেওঁৰ দাস ভাববাদীসকলৰ দ্বৰাই আমাক দিয়া বিধানবোৰো মানি চলা নাই।