Exodus 8 in Assamese

1 তাৰ পাছত যিহোৱাই মোচিক ক’লে, “তুমি ফৰৌণৰ ওচৰলৈ গৈ তেওঁক কোৱা যে, ‘যিহোৱাই এইদৰে কৈছে: “মোৰ আৰাধনা কৰিবৰ অৰ্থে মোৰ লোকসকলক যাবলৈ দিয়া।

2 তুমি যদি তেওঁলোকক যাবলৈ দিয়াত অমান্তি হোৱা, তেনেহ’লে মই তোমাৰ দেশৰ সকলো ঠাইত ভেকুলীৰে উপদ্ৰৱ কৰিম।

3 নদী ভেকুলীৰে পৰিপূৰ্ণ হ’ব; সেইবোৰ উঠি তোমাৰ ঘৰত, শোৱা কোঁঠালিত, বিচনাত, আৰু তোমাৰ দাস সকলৰ ঘৰতো সোমাব। এনেকি তোমাৰ লোক সকলৰ গাৰ ওপৰত উঠিব, তোমাৰ তন্দুৰ আৰু তোমাৰ আটা খচা পাত্ৰতো সোমাব।

4 ভেকুলীয়ে তোমাক, তোমাৰ লোক সকল, আৰু তোমাৰ দাস সকলক আক্রমণ কৰিব’।”

5 যিহোৱাই মোচিক ক’লে, “তুমি হাৰোণক কোৱা, ‘নদী, নিজৰা আৰু বিলৰ ওপৰলৈ তুমি তোমাৰ হাত দাঙি লাখুটিৰে প্রহাৰ কৰি মিচৰ দেশৰ ওপৰলৈ ভেকুলীবোৰ তুলি আনা’।”

6 তেতিয়া হাৰোণে মিচৰ দেশৰ পানীবোৰত নিজৰ হাত মেলিলে, আৰু ভেকুলীবোৰ উঠি আহি, গোটেই মিচৰ দেশখনক চানি ধৰিলে।

7 কিন্তু শাস্ত্ৰজ্ঞ সকলেও নিজৰ নিজৰ মায়াকৰ্মেৰে সেইদৰেই কৰিলে, আৰু মিচৰ দেশৰ ওপৰলৈ ভেকুলীবোৰ তুলি আনিলে।

8 তেতিয়া ফৰৌণে মোচি আৰু হাৰোণক মাতি ক’লে, “যিহোৱাই যেন মোৰ আৰু মোৰ লোক সকলৰ পৰা ভেকুলীবোৰ আঁতৰাই নিয়ে, তাৰ বাবে তেওঁৰ আগত প্ৰাৰ্থনা কৰক। তাৰ পাছত মই যিহোৱাৰ উদ্দেশ্যে বলিদান কৰিবলৈ ইস্রায়েলী লোকসকলক যাবলৈ দিম।”

9 তেতিয়া মোচিয়ে ফৰৌণক ক’লে, “ভেকুলীবোৰ আপোনাৰ দাস আৰু আপোনাৰ ঘৰবোৰৰ পৰা নাইকিয়া হৈ কেৱল নদীতহে থাকে, সেইবাবে আপোনাৰ লোকসকলৰ অৰ্থে প্রাৰ্থনা কৰিবলৈ ক’বৰ বাবে আপুনি নিৰূপিত সময়ৰ সুযোগ পাইছে।

10 তেতিয়া ফৰৌণে তেওঁক ক’লে, “কাইলৈ।” মোচিয়ে তেওঁৰ কথা শুনি ক’লে, “আমাৰ ঈশ্বৰ যিহোৱাৰ তুল্য কোনো নাই, ইয়াক যেন আপুনি জানিব পাৰে, সেই বাবে আপুনি কোৱাৰ দৰেই হওক।

11 ভেকুলীবোৰ আপোনাৰ, আপোনাৰ ঘৰ, দাস, আৰু লোকসকলৰ পৰাও গুচি যাব। সেইবোৰ কেৱল নদীতহে থাকিব।”

12 মোচি আৰু হাৰোণ ৰজা ফৰৌণৰ সন্মুখৰ পৰা আঁতৰি গ’ল। পাছত ফৰৌণৰ বিৰুদ্ধে যিহোৱাই অনা ভেকুলীবোৰৰ কাৰণে মোচিয়ে যিহোৱাৰ আগত কাতৰোক্তি কৰিলে।

13 যিহোৱাই মোচিৰ নিবেদন শুনিলে; আৰু ঘৰ, চোতাল, আৰু পথাৰবোৰত ভেকুলীবোৰ মৰিল।

14 তেতিয়া লোকসকলে সেইবোৰ গোটাই দ’ম দ’ম কৰিলে; আৰু গোটেই দেশ দুৰ্গন্ধময় হ’ল।

15 কিন্তু ফৰৌণে ভেকুলীৰ উপদ্রৱৰ পৰা সকাহ পোৱা দেখি, যিহোৱাই কোৱাৰ দৰে, ফৰৌণে পুনৰ নিজৰ মন কঠিন কৰি মোচি আৰু হাৰোণৰ কথা নুশুনিলে।

16 যিহোৱাই মোচিক ক’লে, “হাৰোণক কোৱা যে, ‘গোটেই মিচৰ দেশত পৃথিৱীৰ ধূলি ওকণী হবৰ বাবে তুমি নিজৰ লাখুটি দাঙি ধুলিত প্ৰহাৰ কৰা’।’”

17 তেতিয়া তেওঁলোকে সেইদৰে কৰিলে; হাৰোণে নিজৰ লাখুটি লৈ, হাত দাঙি দেশৰ ধুলিত প্ৰহাৰ কৰিলে, আৰু মানুহ আৰু পশুবোৰতো ওকণী হ’ল। গোটেই মিচৰ দেশৰ ধুলিবোৰ ওকণী হ’ল।

18 শাস্ত্ৰজ্ঞ সকলেও নিজৰ নিজৰ মায়াকৰ্মেৰে সেইদৰেই ওকণী উৎপন্ন কৰিবলৈ চেষ্টা কৰিছিল, কিন্তু তেওঁলোকে কৰিব নোৱাৰিলে। দেশত মানুহ আৰু পশুবোৰতো ওকণী হ’ল।

19 তেতিয়া শাস্ত্ৰজ্ঞ সকলে ফৰৌণক ক’লে, “এই কৰ্ম, ঈশ্বৰৰ আঙুলিৰ দ্বাৰাই কৰা কৰ্ম।” কিন্তু যিহোৱাই কোৱাৰ দৰে, ফৰৌণৰ মন পুনৰ কঠিন হ’ল, সেয়ে তেওঁ তেওঁলোকৰ কথা শুনিবলৈ অমান্তি হ’ল।

20 যিহোৱাই মোচিক ক’লে, “তুমি ৰাতিপুৱাতে উঠি গৈ ফৰৌণে পানীৰ ওচৰলৈ যোৱাৰ সময়ত তুমি তেওঁৰ সন্মুখত থিয় হৈ ক’বা, ‘যিহোৱাই এইদৰে কৈছে: “মোৰ আৰাধনা কৰিবৰ অৰ্থে মোৰ লোকসকলক যাব দিয়া।

21 কিন্তু যদি মোৰ লোকসকলক যাব নিদিয়া, তেনেহ’লে মই আপোনালৈ, আপোনাৰ দাস সকল, লোকসকল আৰু ঘৰবোৰৰ ভিতৰলৈকে জাকে জাকে ডাঁহ পঠাম; তেতিয়া মিচৰীয়া সকলৰ ঘৰ, এনেকি তেওঁলোকৰ বাস কৰা ভূমিও ডাঁহৰ জাকেৰে পৰিপূৰ্ণ হ’ব।

22 কিন্তু সেই দিনা গোচন দেশত বাস কৰা মোৰ লোক সকলৰ বাবে মই বেলেগ ব্যৱস্থা কৰিম। সেয়ে গোচন দেশত কোনো ডাঁহৰ জাক নহ’ব। পৃথিৱীৰ মাজত ময়েই যে যিহোৱা, এই কথা জানিবৰ বাবে এই সকলো ঘটিব।

23 এইদৰে মোৰ লোকসকলৰ, আৰু তোমাৰ লোকসকলৰ মাজত মই প্ৰভেদ জন্মাম। মোৰ পৰাক্রমৰ কাৰ্য কাইলৈ সম্পন্ন হ’ব”।”

24 যিহোৱাই সেই দৰেই কৰিলে। ফৰৌণ আৰু তেওঁৰ দাস সকলৰ ঘৰত জাকে জাকে ডাঁহবোৰ সোমাল। গোটেই মিচৰ দেশতে সেই ডাঁহৰ জাকৰ উৎপাতত ভূমি নষ্ট হ’ল।

25 তেতিয়া ফৰৌণে মোচি আৰু হাৰোণক মাতি আনি ক’লে, “আপোনালোকে আমাৰ দেশতে আপোনালোকৰ ঈশ্বৰৰ উদ্দেশ্যে বলিদান কৰক।”

26 মোচিয়ে ক’লে, “সেইদৰে কৰাটো আমাৰ বাবে উচিত নহয়; কাৰণ আমি আমাৰ ঈশ্বৰ যিহোৱাৰ উদ্দেশ্যে কৰা বলিদান মিচৰীয়া সকলৰ বাবে ঘৃণনীয়। সেয়ে মিচৰীয়া সকলৰ সাক্ষাতে তেওঁলোকৰ ঘৃণনীয় বলিদান কৰিলে তেওঁলোকে আমাক শিল দলিয়াই নামাৰিব নে?

27 নহয়! আমাৰ ঈশ্বৰ যিহোৱাই আমাক আজ্ঞা দিয়াৰ দৰে, তেওঁৰ উদ্দেশ্যে বলিদান কৰিবৰ অৰ্থে, আমাক তিনিদিনৰ বাট মৰুভূমিৰ মাজেৰে যাবলৈ দিয়ক।”

28 তাৰ পাছত ফৰৌণে ক’লে, “মৰুভূমিত আপোনালোকৰ ঈশ্বৰ যিহোৱাৰ উদ্দেশ্যে বলিদান কৰিবৰ অৰ্থে, মই আপোনালোকক যাবলৈ অনুমতি দিছোঁ। কিন্তু আপোনালোকে বহুত দূৰলৈ নাযাবা। আপোনালোকে মোৰ বাবে প্ৰাৰ্থনা কৰক।”

29 তেতিয়া মোচিয়ে ক’লে, “মই আপোনাৰ ওচৰৰ পৰা যোৱাৰ পাছতে যিহোৱাৰ আগত প্ৰাৰ্থনা কৰিম; যাতে ফৰৌণ, আৰু আপোনাৰ দাস সকল, আৰু লোক সকলক কাইলৈ ডাঁহৰ জাকবোৰে যেন এৰি গুচি যায়। কেৱল যিহোৱাৰ উদ্দেশ্যে বলিদান কৰিবৰ অৰ্থে ইস্রায়েলী লোক সকলক যাবলৈ দিয়াত আপুনি যেন পুনৰ প্ৰবঞ্চনা নকৰে।”

30 তাৰ পাছত মোচিয়ে ফৰৌণৰ ওচৰৰ পৰা ওলাই গৈ, যিহোৱাৰ আগত প্ৰাৰ্থনা কৰিলে।

31 তেতিয়া যিহোৱাই মোচিয়ে কোৱাৰ দৰে কৰিলে: তেওঁ ফৰৌণ, তেওঁৰ দাস সকল, আৰু লোক সকলৰ পৰা ডাঁহৰ জাকবোৰ গুচালে। এটিও অবশিষ্ট নাথাকিল।

32 তথাপিও ফৰৌণে সেইবাৰো মন কঠিন কৰিলে, আৰু তেওঁ লোকসকলক যাবলৈ এৰি নিদিলে।