Exodus 31 in Assamese

1 তাৰ পাছত যিহোৱাই মোচিক ক’লে,

2 “চোৱা, মই যিহূদা ফৈদৰ পৰা হূৰ, হূৰৰ পুত্র ঊৰী, ঊৰীৰ পুত্ৰ বচলেলক নাম কাঢ়ি মাতিলোঁ।

3 মই বচলেলক মোৰ আত্মাৰে পৰিপূৰ্ণ কৰিম, তেওঁলৈ সকলো প্রকাৰ শিল্পকৰ্মৰ বাবে প্রজ্ঞা, বুদ্ধি, আৰু জ্ঞান দিম।

4 সোণ, ৰূপ, আৰু পিতলত শিল্পিসুলভ নক্সাৰে কাম কৰিব।

5 তেওঁ পাথৰ কটা, পাথৰ খটোৱা আৰু কাঠৰ কাম, এই সকলো প্রকাৰৰ শিল্পকৰ্ম কৰে।

6 চোৱা, মই দান ফৈদৰ অহীচামকৰ পুত্ৰ অবলীয়াবক তেওঁৰ সহকাৰী নিযুক্ত কৰিলোঁ। সকলো জ্ঞানী লোকৰ হৃদয়ত দক্ষতাৰে পৰিপূৰ্ণ কৰিলোঁ; সেয়েহে মই তোমাক যিবোৰ নিৰ্মাণ কৰিবলৈ আজ্ঞা দিলোঁ, সেই সকলোবোৰ তেওঁলোকে নিৰ্মাণ কৰিব।

7 সাক্ষাৎ কৰা তম্বু, সাক্ষ্য-ফলিৰ নিয়ম চন্দুক, আৰু নিয়ম চন্দুকৰ ওপৰত থকা পাপাবৰণ, আৰু তম্বুৰ সকলো আচবাবপত্র।

8 মেজ আৰু তাৰ সামগ্রী, শুদ্ধ সোণৰ দীপাধাৰাৰ সৈতে তাৰ সকলোঁ সামগ্রী, ধূপবেদী,

9 হোমবেদীৰ সৈতে সকলো সামগ্রী, প্ৰক্ষালন-পাত্ৰৰ সৈতে তাৰ খুৰা;

10 এই সকলো বোৱা বস্ত্রৰ লগত সংযুক্ত কৰা হৈছিল। পুৰোহিতৰ পৰিচৰ্যাৰ বাবে পুৰোহিত হাৰোণ আৰু তেওঁৰ পুত্ৰসকল বাবে এই সকলো পবিত্র বস্ত্ৰ।

11 অভিষেক তেল, আৰু পবিত্ৰস্থানৰ বাবে মধুৰ সুগন্ধি ধূপ। মই যিদৰে তোমাক আজ্ঞা কৰিলোঁ, সেইদৰেই শিল্পকাৰ সকলে সকলো বস্তু তৈয়াৰ কৰিব।”

12 যিহোৱাই মোচিক ক’লে,

13 “তুমি ইস্ৰায়েলী লোকসকলক কোৱা, ‘তোমালোকে নিশ্চয় মোৰ বিশ্ৰাম-দিন পালন কৰিব লাগিব। ময়েই যে তোমালোকৰ যিহোৱা, ইয়াক যেন তোমালোকে বুজি পোৱা, সেই বাবে তোমালোকৰ পুৰুষানুক্ৰমে মোৰ আৰু তোমালোকৰ মাজত এয়ে এক চিন হ’ব।

14 সেয়েহে তোমালোকে বিশ্ৰাম-দিন পালন কৰিব লাগিব; কিয়নো তোমালোকৰ বাবে সেয়ে পবিত্ৰ দিন। যিজনে সেই দিন অপবিত্ৰ কৰিব, অৱশ্যেই তেওঁৰ প্ৰাণ দণ্ড হ’ব; কিয়নো যিকোনোৱে সেই দিনা কাম কৰিব, তেওঁক নিজৰ লোকসকলৰ মাজৰ পৰা উচ্ছন্ন কৰা হ’ব।

15 ছয়দিন কাম কৰিব লাগিব, কিন্তু সপ্তম দিন সম্পুৰ্ণ বিশ্ৰামৰ বাবে বিশ্ৰাম-দিন হ’ব। সেয়ে যিহোৱাৰ উদ্দেশ্যে পবিত্ৰ দিন; সেই বিশ্ৰাম দিনত যি কোনোৱে কাম কৰিব, তাৰ অৱশ্যেই প্ৰাণদণ্ড হ’ব।

16 এই হেতুকে ইস্ৰায়েলী লোকসকলে চিৰস্থায়ী বিধিৰূপে পুৰুষানুক্ৰমে মানি চলিবলৈ এই বিশ্ৰাম দিন পালন কৰিবা।

17 মোৰ আৰু ইস্ৰায়েলী লোকসকলৰ মাজত এয়ে চিৰস্থায়ী চিন হ’ব; কাৰণ যিহোৱাই ছয়দিনতে আকাশ-মণ্ডল আৰু পৃথিৱী সৃষ্টি কৰি সপ্তম দিনা বিশ্ৰাম কৰিবৰ বাবে বিশ্রাম লৈছিল’।’’

18 যিহোৱাই যেতিয়া চীনয় পৰ্ব্বতত মোচিৰ সৈতে কথা পাতি শেষ কৰিলে, তেতিয়া ঈশ্বৰে নিজৰ হাতেৰে লিখা সাক্ষ্য-ফলি দুখন মোচিক দিলে।