Exodus 29:13 in Assamese 13 তাৰ প্রতিটো অংশত থকা তেল, কলিজাৰ ওপৰত থকা তেলীয়া ভাগ, ঘিলা দুটা, আৰু সেই দুটাৰ ওপৰত থকা তেল লৈ, বেদীত জ্বলাবা।
Other Translations King James Version (KJV) And thou shalt take all the fat that covereth the inwards, and the caul that is above the liver, and the two kidneys, and the fat that is upon them, and burn them upon the altar.
American Standard Version (ASV) And thou shalt take all the fat that covereth the inwards, and the caul upon the liver, and the two kidneys, and the fat that is upon them, and burn them upon the altar.
Bible in Basic English (BBE) And take all the fat covering the inside of the ox, and the fat joining the liver and the two kidneys with the fat round them, and let them be burned on the altar;
Darby English Bible (DBY) And thou shalt take all the fat that covereth the inwards, and the net of the liver, and the two kidneys, and the fat that is upon them, and burn them upon the altar.
Webster's Bible (WBT) And thou shalt take all the fat that covereth the inwards, and the caul that is above the liver, and the two kidneys, and the fat that is upon them, and burn them upon the altar.
World English Bible (WEB) You shall take all the fat that covers the innards, the cover of the liver, the two kidneys, and the fat that is on them, and burn them on the altar.
Young's Literal Translation (YLT) and thou hast taken all the fat which is covering the inwards, and the redundance on the liver, and the two kidneys, and the fat which `is' on them, and hast made perfume on the altar;
Cross Reference Exodus 29:18 in Assamese 18 তাৰ পাছত সম্পূৰ্ণ ভেড়াটো বেদীত জ্বলাই দিবা; সেয়ে মোৰ অৰ্থাৎ যিহোৱাৰ উদ্দেশ্যে হোম-বলি হ’ব। এয়ে মোৰ বাবে সুমধুৰ সুগন্ধ উৎপন্ন কৰিব; এয়ে যিহোৱাৰ উদ্দেশ্যে অগ্নিকৃত উপহাৰ হ’ব।
Exodus 29:22 in Assamese 22 তুমি ভেড়াটোৰ চৰ্বি, নেগুৰৰ চৰ্বি, ভিতৰৰ অংশত থকা চৰ্বি, কলিজাৰ ওপৰত থকা চৰ্বি, ঘিলা দুটা আৰু তাৰ ওপৰত থকা চৰ্বি, আৰু পাছফালৰ সোঁ কৰঙন ল’বা; কাৰণ সেয়ে মোৰ বাবে পুৰোহিতক পবিত্রকৃত কৰিবৰ বাবে লোৱা ভেড়া।
Exodus 29:25 in Assamese 25 তুমি তেওঁলোকৰ হাতত পৰা আহাৰ লৈ, সেইবোৰ হোম বলিৰ সৈতে সুঘ্রাণৰ অৰ্থে বেদীত জ্বলাই দিবা। ই যিহোৱাৰ উদ্দেশ্যে অগ্নিকৃত উপহাৰ হ’ব।
Leviticus 1:9 in Assamese 9 কিন্তু তেওঁ তাৰ নাড়ী-ভুৰু আৰু ঠেং পানীত ধুব লাগিব। তেতিয়া পুৰোহিতে বেদীৰ ওপৰত সেই সকলোকে দগ্ধ কৰিব। সেয়ে হোম-বলি, যিহোৱাৰ উদ্দেশ্যে সুঘ্ৰাণ দিয়া অগ্নিকৃত উপহাৰ হ’ব।
Leviticus 1:15 in Assamese 15 পাছত পুৰোহিতে তাক বেদীৰ ওপৰলৈ আনি, মূৰটো মুচৰি চিঙি, তাক বেদীত দগ্ধ কৰিব; আৰু তাৰ তেজ বেদীৰ কাষত টুপিওয়াই টুপিওয়াই ওলিয়াই দিব লাগিব।
Leviticus 3:3 in Assamese 3 সেই লোক জনে তেওঁৰ সেই মঙ্গলাৰ্থক বলিৰ পৰা যিহোৱাৰ উদ্দেশ্যে অগ্নিকৃত উপহাৰ স্বৰূপে তাৰ নাড়ি-ভুৰু ঢকা তেল,
Leviticus 3:9 in Assamese 9 পাছত তেওঁ সেই মঙ্গলাৰ্থক বলিৰ পৰা যিহোৱাৰ উদ্দেশ্যে অগ্নিকৃত উপহাৰ স্বৰূপে তাৰ তেল, গোটেইডাল নেগুৰ, (সেই নেগুৰ ৰাজহাড়ৰ ওচৰৰ পৰা এৰুৱা হ’ব) নাড়ী-ভুৰু ঢকা তেল আৰু নাড়ীত লাগি থকা আটাই তেল,
Leviticus 3:14 in Assamese 14 পাছত তেওঁ তাৰ পৰা নিজৰ নৈবেদ্য, অৰ্থাৎ যিহোৱাৰ উদ্দেশ্যে অগ্নিকৃত উপহাৰ স্বৰূপে নাড়ী-ভুৰু ঢকা তেল, নাড়ীত লাগি থকা আটাই তেল এৰুৱাব।
Leviticus 4:8 in Assamese 8 আৰু পাপাৰ্থক বলি স্বৰূপে উৎসৰ্গ কৰা ষাড়-গৰুটোৰ আটাইবোৰ তেল এৰুৱাই ল’ব; তাৰ নাড়ী-ভুৰু ঢকা তেল, নাড়ীত লাগি থকা আটাই তেল,
Leviticus 4:26 in Assamese 26 তেওঁ মঙ্গলাৰ্থক বলিৰ তেলৰ দৰে তাৰ আটাই তেল বেদীত দগ্ধ কৰিব। এইদৰে পুৰোহিতে শাসনকৰ্তা জনৰ পাপ-মোচনৰ অৰ্থে প্ৰায়চিত্ত কৰিব আৰু তেতিয়া তেওঁৰ পাপৰ ক্ষমা হ’ব।
Leviticus 4:31 in Assamese 31 আৰু মঙ্গলাৰ্থক বলিৰ পৰা তেল এৰোৱাই লোৱাৰ দৰে তাৰো আটাইবোৰ তেল এৰুৱাই ল’ব; তাৰ পাছত পুৰোহিতে যিহোৱাৰ উদ্দেশ্যে সুঘ্ৰাণৰ অৰ্থে বেদীৰ ওপৰত তাক দগ্ধ কৰিব; এইদৰে পুৰোহিতে সেই লোক জনৰ পাপৰ অৰ্থে প্ৰায়চিত্ত কৰিব আৰু তেওঁৰ পাপ ক্ষমা হ’ব।
Leviticus 4:35 in Assamese 35 তেওঁ মঙ্গলাৰ্থক বলিৰ ভেড়া পোৱালিটোৰ তেল এৰুৱাই লোৱাৰ দৰে ইয়াৰো আটাইবোৰ তেল এৰুৱাই ল’ব আৰু যিহোৱাৰ উদ্দেশ্যে দিয়া অগ্নিকৃত উপহাৰৰ বিধি মতে পুৰোহিতে বেদীত তাক দগ্ধ কৰিব; এইদৰে পুৰোহিতে লোক জনে কৰা পাপৰ অৰ্থে প্ৰায়চিত্ত কৰিব আৰু তেওঁৰ পাপৰ ক্ষমা হ’ব।
Leviticus 6:12 in Assamese 12 আৰু বেদীৰ ওপৰত জুই তাত সদায় জ্বলি থাকিব, নুনুমাব; পুৰোহিতে প্ৰতি ৰাতিপুৱা তাৰ ওপৰত কাঠ দি জুই জ্বলাব, আৰু তাৰ ওপৰত হোম-বলি সজাই দিব, আৰু মঙ্গলাৰ্থক বলিৰ তেলখিনি তাৰ ওপৰত দগ্ধ কৰিব।
Leviticus 7:3 in Assamese 3 তেওঁ তাৰ সকলো তেল (চৰ্বি) উৎসৰ্গ কৰিব: চৰ্বিযুক্ত নেজ, ভিতৰভাগৰ নাড়ী-ভুৰুৰ তেল (চৰ্বি),
Leviticus 7:31 in Assamese 31 আৰু পুৰোহিতে সেই তেল বেদীৰ ওপৰত দগ্ধ কৰিব; কিন্তু আমঠুটো হাৰোণৰ আৰু তেওঁ পুত্ৰসকলৰ হ’ব।
Leviticus 8:16 in Assamese 16 পাছত নাড়ী-ভুৰু লাগি থকা আটাই তেল আৰু কলিজাৰ ওচৰত থকা, তেলীয়া ভাগ, ঘিলা দুটা আৰু তাৰ তেল আতৰোৱাৰ পাছত, মোচিয়ে সেইবোৰ বেদীত দগ্ধ কৰিলে।
Leviticus 8:25 in Assamese 25 পাছত তেওঁ তেল (চর্বি) খিনি, নেজডাল, নাড়ী-ভুৰুত লাগি থকা আটাই তেল, কলিজা আৰু কলিজাৰ ওচৰত থকা তেলীয়া ভাগ, ঘিলা দুটাৰ সৈতে তাৰ তেল (চৰ্বি) আৰু পাছফালৰ সোঁ কৰঙনটো ল’লে।
Leviticus 9:10 in Assamese 10 কিন্তু পাপাৰ্থক বলিৰ তেল, ঘিলা দুটা আৰু কলিজাৰ ওচৰত থকা তেলীয়া ভাগ বেদীত দগ্ধ কৰিলে। যিহোৱাই দিয়া আজ্ঞাৰ দৰেই মোচিয়ে এই সকলোকে কৰিলে।
Leviticus 9:19 in Assamese 19 পাছত তেওঁলোকে ষাড় আৰু মতা মেৰটোৰ তেল (চৰ্বি), নাড়ী-ভুৰুত লাগি থকা তেল (চৰ্বি), ঘিলা দুটা আৰু কলিজাৰ ওচৰত থকা তেলীয়া ভাগ আৰু মেৰটোৰ নেজডাল ল’লে,
Leviticus 16:25 in Assamese 25 আৰু পাপাৰ্থক বলিটোৰ তেলখিনি বেদীত দগ্ধ কৰিব।
Leviticus 17:6 in Assamese 6 পুৰোহিতে সেই মঙ্গলাৰ্থক বলিৰ তেজ সাক্ষাৎ কৰা তম্বুৰ দুৱাৰ-মুখত যিহোৱাৰ বেদীৰ ওপৰত ছটিয়াব আৰু তাৰ তেলখিনি সুঘ্ৰাণৰ অৰ্থে যিহোৱাৰ উদ্দেশ্যে দগ্ধ কৰিব।
Numbers 18:17 in Assamese 17 কিন্তু গৰুৰ বা ভেড়াৰ বা ছাগলীৰ প্ৰথমে জন্মাক তুমি মুকলাই নিদিবা। সেইবোৰ পবিত্ৰ আৰু মোৰ উদ্দেশ্যে পৃথকে ৰখা হ’ল। তুমি যজ্ঞবেদীৰ ওপৰত সেইবোৰৰ তেজ ছটিয়াবা আৰু যিহোৱাৰ উদ্দেশ্যে সুঘ্ৰাণৰ অৰ্থে অগ্নিকৃত উপহাৰৰ কাৰণে সেইবোৰৰ তেল দগ্ধ কৰিবা।
1 Samuel 2:16 in Assamese 16 কিন্তু মানুহজনে যদি তেওঁক কয়, “প্ৰথমে তেলখিনি পোৰা হওক, তাৰ পাছত আপোনাৰ যিমান ইচ্ছা সিমানখিনিয়ে ল’ব”, তেতিয়া তেওঁ কয়, “নহয় এতিয়াই মোক দে, নিদিলে, বলেৰে লম।”
Psalm 22:14 in Assamese 14 মোক পানীৰ দৰে ঢালি পেলোৱা হ’ল, মোৰ গোটেই হাড়ৰ জোৰা লৰিল; মোৰ অন্তৰ মমৰ নিচিনা হৈ মোৰ বুকুতে গলি গলি গৈছে;
Isaiah 1:11 in Assamese 11 যিহোৱাই কৈছে, “মোলৈ তোমালোকৰ বহু সংখ্যক বলিদান কি?” ভেড়া পোৱালী আৰু হৃষ্ট পুষ্ট পশুৰ তেলেৰে দিয়া হোম বলি মোৰ যথেষ্ট আছে; ষাঁড়গৰু, ভেড়া, বা ছাগলীবোৰৰ তেজত মই সন্তুষ্ট নহওঁ।
Isaiah 34:6 in Assamese 6 যিহোৱাৰ তৰোৱাল তেজেৰে টোপাটোপে পৰা, আৰু চর্বিৰে আবৃত, ভেৰা আৰু ছাগলীবোৰৰ তেজেৰে টোপাটোপে পৰা, মতা ভেৰা ছাগলীৰ মুত্রাশয়ৰ চর্বিৰে আবৃত। কাৰণ যিহোৱাই বস্ৰাত বলিদান কৰিছে আৰু ইদোম দেশত মহাহত্যা হৈছে।
Isaiah 43:24 in Assamese 24 তুমি ধন দি মোৰ বাবে উত্তম সুগন্ধি কিনা নাই, নাইবা তুমি তোমাৰ বলিৰ তেলেৰে মোক তৃপ্ত কৰা নাই; কিন্তু তোমাৰ পাপ বোৰৰ দ্বাৰাই মোক ভাৰগ্ৰস্ত কৰিলা, আৰু তোমাৰ অপৰাধবোৰেৰে মোক চিন্তিত কৰিলা।