Exodus 27:21 in Assamese 21 সাক্ষাৎ কৰা তম্বুৰ ভিতৰত সাক্ষ্য-ফলিৰ নিয়ম চন্দুকৰ আগত থকা পৰ্দাৰ বাহিৰত যিহোৱাৰ আগত গধূলিৰ পৰা ৰাতিপুৱালৈকে প্রদীপ জ্বলি থাকিবৰ বাবে হাৰোণ আৰু তেওঁৰ পুত্ৰসকলে তত্বাৱধান ল’ব লাগিব। এয়ে ইস্ৰায়েলী লোকসকলে পুৰুষানুক্ৰমে পালন কৰিব লগীয়া চিৰস্থায়ী বিধি।
Other Translations King James Version (KJV) In the tabernacle of the congregation without the vail, which is before the testimony, Aaron and his sons shall order it from evening to morning before the LORD: it shall be a statute for ever unto their generations on the behalf of the children of Israel.
American Standard Version (ASV) In the tent of meeting, without the veil which is before the testimony, Aaron and his sons shall keep it in order from evening to morning before Jehovah: it shall be a statue for ever throughout their generations on the behalf of the children of Israel.
Bible in Basic English (BBE) Let Aaron and his sons put this in order, evening and morning, before the Lord, inside the Tent of meeting, outside the veil which is before the ark; this is to be an order for ever, from generation to generation, to be kept by the children of Israel.
Darby English Bible (DBY) In the tent of meeting outside the veil, which is before the testimony, Aaron and his sons shall dress them from evening to morning before Jehovah: [it is] an everlasting statute, for their generations, on the part of the children of Israel.
Webster's Bible (WBT) In the tabernacle of the congregation without the vail, which is before the testimony, Aaron and his sons shall order it from evening to morning before the LORD: It shall be a statute for ever to their generations on the behalf of the children of Israel.
World English Bible (WEB) In the tent of meeting, outside the veil which is before the testimony, Aaron and his sons shall keep it in order from evening to morning before Yahweh: it shall be a statute forever throughout their generations on the behalf of the children of Israel.
Young's Literal Translation (YLT) in the tent of meeting, at the outside of the vail, which `is' over the testimony, doth Aaron -- his sons also -- arrange it from evening till morning before Jehovah -- a statute age-during to their generations, from the sons of Israel.
Cross Reference Genesis 1:5 in Assamese 5 পাছত ঈশ্বৰে পোহৰৰ নাম “দিন” আৰু আন্ধাৰৰ নাম “ৰাতি” থ’লে। এইদৰে গধুলি হ’ল আৰু পুৱা হোৱাত এক দিন হ’ল। পাছে ঈশ্বৰে পোহৰৰ নাম দিন, আৰু আন্ধাৰৰ নাম ৰাতি থলে। গধুলি আৰু পুৱা হোৱাত প্রথম দিন হ’ল।
Genesis 1:8 in Assamese 8 ঈশ্বৰে সেই বিস্তৃত খালী অংশৰ নাম “আকাশ” ৰাখিলে। গধুলি আৰু পুৱা হ’লত, দ্বিতীয় দিন হ’ল।
Exodus 16:34 in Assamese 34 যিহোৱাই মোচিক দিয়া আজ্ঞা অনুসাৰে, হাৰোণে সেই পাত্রত এক ওমৰ মান্না ভৰাই নিয়ম চন্দুকৰ ভিতৰত বিধান পুস্তকৰ কাষত সংৰক্ষিত কৰি ৰাখিলে।
Exodus 25:16 in Assamese 16 মই তোমাক যি সাক্ষ্য ফলি দিম, সেই সাক্ষ্য ফলি নিয়ম চন্দুকৰ ভিতৰত ৰাখিবা।
Exodus 25:21 in Assamese 21 তুমি সেই পাপাবৰণ, সেই নিয়ম চন্দুকৰ ওপৰত ৰাখিবা; আৰু মই তোমাক যি সাক্ষ্য-ফলি দিম, সেই ফলি নিয়ম চন্দুকৰ ভিতৰত থবা।
Exodus 26:31 in Assamese 31 তুমি নীলা, বেঙুনীয়া, আৰু ৰঙা বৰণীয়া সূতা আৰু পকোৱা মিহি শণ সূতাৰে এখন পৰ্দা যুগুত কৰিবা। সেই পৰ্দা নিপুণ শিল্পকাৰে কৰূবৰ নক্সাৰে তৈয়াৰ কৰিব লাগিব।
Exodus 28:43 in Assamese 43 যেতিয়া হাৰোণ আৰু তেওঁৰ পুত্ৰসকল সাক্ষাৎ কৰা তম্বুৰ ভিতৰলৈ সোমাব, বা পবিত্ৰ-স্থানত পৰিচৰ্যা কৰিবলৈ বেদীৰ ওচৰ চাপিব, তেতিয়া তেওঁলোকে যেন সেইবস্ত্র পৰিধান কৰে। তেওঁলোকে নিশ্চয়কৈ এইদৰে কৰিব লাগিব যাতে তেওঁলোকে পাপৰ ভাৰ বব লগা নহয় আৰু তেওঁলোকৰ মৃত্যু নহয়। এয়ে হাৰোণ আৰু তেওঁৰ ভাবি বংশৰ পালন কৰিবলগীয়া চিৰস্থায়ী বিধি।
Exodus 29:9 in Assamese 9 হাৰোণ আৰু তেওঁৰ পুত্ৰসকলৰ কঁকালত টঙালী বান্ধিবা, আৰু তেওঁলোকৰ মুৰত পাগুৰি মাৰি দিবা। পুৰোহিত পদৰ কার্য এক চিৰস্থায়ী বিধিৰ দ্বাৰাই তেওঁলোকৰ অধিকাৰত থাকিব। এইদৰেই তুমি হাৰোণ আৰু তেওঁৰ পুত্ৰসকলক মোৰ পৰিচৰ্যাৰ বাবে পবিত্রকৃত কৰিবা।
Exodus 29:28 in Assamese 28 ইস্রায়েলী সকলৰ পৰা পোৱা হাৰোণ আৰু তেওঁৰ বংশৰ লোকসকলৰ এয়ে চিৰস্থায়ী বিধি হ’ব। কিয়নো সেয়ে উত্তোলনীয় উপহাৰ। ইস্ৰায়েলী লোকসকলৰ মঙ্গলাৰ্থক বলিৰ পৰা দিবলগীয়া এয়ে যিহোৱাৰ উদ্দেশ্যে তেওঁলোকৰ উত্তোলনীয় উপহাৰ।
Exodus 29:42 in Assamese 42 তোমাৰ সৈতে কথা পাতিবলৈ য’ত মই তোমাক সাক্ষাৎ কৰিম, সেই সাক্ষাৎ কৰা তম্বুৰ দুৱাৰ মুখত যিহোৱাৰ সন্মুখত এয়ে তোমালোকৰ পুৰুষানুক্ৰমে সদায় কৰিবলগীয়া হোম বলি হ’ব।
Exodus 29:44 in Assamese 44 মই সেই সাক্ষাৎ কৰা তম্বু আৰু যজ্ঞবেদী পবিত্ৰ কৰিম, আৰু মোৰ অৰ্থে পুৰোহিত কাৰ্য কৰিবলৈ হাৰোণক আৰু তেওঁৰ পুত্ৰসকলকো পবিত্ৰ কৰিম।
Exodus 30:8 in Assamese 8 গধূলীও প্ৰদীপ জ্বলোৱাৰ সময়ত তেওঁ ধূপ জ্বলাব। সেয়ে তোমালোকৰ পুৰুষানুক্ৰমে যিহোৱাৰ সন্মুখত নিত্য ধূপদাহ হ’ব।
Exodus 30:36 in Assamese 36 সেই ধূপ গুড়ি কৰি মিহি কৰিবা, যি সাক্ষাৎ কৰা তম্বুত মই তোমাৰে সৈতে সাক্ষাৎ কৰিম, সেই সাক্ষ্য ফলিৰ নিয়ম চন্দুকৰ সন্মুখত তাক থবা। সেয়ে তোমালোকলৈ অতি পবিত্ৰ হ’ব।
Exodus 40:3 in Assamese 3 তুমি তাৰ ভিতৰত সাক্ষ্য-ফলিৰ নিয়ম চন্দুক ৰাখি পৰ্দাৰে সেই চন্দুক আঁৰ কৰি ৰাখিবা।
Leviticus 3:8 in Assamese 8 তেওঁ নিজ উপহাৰৰ মূৰত হাত দিব আৰু সাক্ষাৎ কৰা তম্বুৰ সন্মুখত তাক কাটিব; তেতিয়া হাৰোণৰ পুত্ৰসকলে বেদীৰ কাষৰ চাৰিওফালে তাৰ তেজ ছটিয়াই দিব।
Leviticus 3:17 in Assamese 17 তোমালোকে তেল আৰু তেজ যে খাব নালাগে, এয়ে তোমালোকৰ পুৰুষানুক্ৰমে, তোমালোকে বাস কৰা সকলো ঠাইতে পালন কৰিবলগীয়া চিৰস্থায়ী বিধি’।”
Leviticus 16:34 in Assamese 34 ইস্ৰায়েলৰ সন্তানসকল, তেওঁলোকৰ সকলো পাপৰ কাৰণে বছৰৰ ভিতৰত এবাৰ প্ৰায়শ্চিত্ত কৰাটোৱেই তোমালোকৰ বাবে চিৰস্থায়ী বিধি হ’ব।” তেতিয়া হাৰোণে মোচিক দিয়া যিহোৱাৰ আজ্ঞা অনুসাৰেই কাৰ্য্য কৰিলে।
Leviticus 24:3 in Assamese 3 সাক্ষাৎ কৰা তম্বুৰ ভিতৰত সাক্ষ্য-ফলিৰ চন্দুকৰ আগত থকা প্ৰভেদক বস্ত্ৰৰ বাহিৰে, হাৰোণে যিহোৱাৰ আগত গধূলি আৰু ৰাতিপুৱা নিত্যে নিত্যে তাক যুগুত কৰি থ’ব লাগিব। এইয়ে তোমালোকৰ পুৰুষানুক্ৰমে পালন কৰিবলগীয়া চিৰস্থায়ী বিধি।
Leviticus 24:9 in Assamese 9 আৰু সেয়ে হাৰোণ আৰু তেওঁৰ পুত্ৰসকলৰ উপহাৰ হ’ব। কোনো পবিত্ৰ ঠাইত তেওঁলোকে তাক ভোজন কৰিব; কিয়নো যিহোৱাৰ উদ্দেশ্যে দিয়া অগ্নিকৃত উপহাৰ বোৰৰ মাজত সেয়ে অতি পবিত্ৰ; সেয়ে তেওঁৰ চিৰস্থায়ী অধিকাৰ।
Numbers 8:9 in Assamese 9 তুমি লেবীয়াসকলক সাক্ষাৎ কৰা তন্বুৰ আগত উপস্থিত কৰাবা, আৰু ইস্ৰায়েলৰ সন্তানসকলৰ গোটেই মণ্ডলীক একত্রিত কৰাবা।
Numbers 18:23 in Assamese 23 কিন্তু লেবীয়াসকলেই সাক্ষাৎ কৰা তম্বুৰ দাস্যকৰ্ম্ম কৰিব, আৰু তেওঁলোকে সেই বিষয়ে কোনো পাপৰ ভাৰ বব; এয়ে তোমালোকৰ পুৰুষানুক্ৰমে পালন কৰিব লগীয়া চিৰস্থায়ী বিধি; আৰু ইস্ৰায়েলৰ সন্তানসকলৰ মাজত তেওঁলোকে কোনো অধিকাৰ নাপাব।
Numbers 19:21 in Assamese 21 এয়ে তেওঁলোকে পালন কৰিব লগীয়া চিৰস্থায়ী বিধি হ’ব। আৰু যি জনে অশুচিতা-নাশক জল ছটিয়াব, তেওঁ নিজৰ কাপোৰ ধুব; আৰু যি জনে সেই অশুচিতা-নাশক জল চুব তেৱোঁ সন্ধ্যালৈকে অশুচি হৈ থাকিব।
1 Samuel 3:3 in Assamese 3 ঈশ্বৰৰ নিয়ম-চন্দুক থকা যিহোৱাৰ মন্দিৰত ঈশ্বৰীয় প্ৰদীপ নুমুউৱাৰ পূৰ্ব্বে চমূৱেলে শুব লৈছিল৷
1 Samuel 30:25 in Assamese 25 সেই দিনৰে পৰা এই কথা ইস্ৰায়েলৰ কাৰণে বিধি আৰু শাসন-প্ৰণালী হ’ল; এয়ে আজিলৈকে চলি আছে।
2 Chronicles 13:11 in Assamese 11 তেওঁলোকে যিহোৱাৰ উদ্দেশ্যে প্ৰতি দিনে ৰাতিপুৱা আৰু সন্ধ্যা বেলা হোম-বলি উৎসৰ্গ কৰে আৰু সুগন্ধী ধূপ জ্বলায়৷ আৰু পবিত্ৰ মেজৰ ওপৰত যিহোৱাৰ আগত দিয়া পিঠা সজায় ৰাখে আৰু সন্ধ্যা বেলা জ্বলাবৰ বাবে প্ৰদীপবোৰৰ সৈতে সোণৰ দীপাধাৰ যুগুতাই থয়৷ কিয়নো আমি আমাৰ ঈশ্বৰ যিহোৱাৰ আজ্ঞা পালন কৰোঁ, কিন্তু তোমালোকে তেওঁক ত্যাগ কৰিলা।
Psalm 134:1 in Assamese 1 হে যিহোৱাৰ দাসসকল, তোমালোক, যিসকলে যিহোৱাৰ গৃহত ৰাতি থিয় হৈ তেওঁৰ পৰিচর্যা কৰি থাকা, তোমালোকে যিহোৱাৰ ধন্যবাদ কৰা;
Malachi 2:7 in Assamese 7 এজন পুৰোহিতৰ ওঁঠে জ্ঞান ৰক্ষা কৰিব লাগে আৰু মানুহে তেওঁৰ মুখৰ পৰা আদেশ বিচাৰিব লাগে; কাৰণ তেঁৱেই মোৰ অর্থাৎ বাহিনীসকলৰ যিহোৱাৰ বার্তাবাহক।
Matthew 4:16 in Assamese 16 যিসকল লোকে অন্ধকাৰত বাস কৰি আছিল, তেওঁলোকে মহা-জ্যোতি দেখিবলৈ পালে। যিসকল লোকে মৃত্যুছাঁয়াৰ দেশত বাস কৰিছিল, তেওঁলোকৰ ওপৰত দিপ্তী প্রকাশিত হ’ল।”
Luke 12:35 in Assamese 35 তোমালোকে কঁকাল বান্ধা আৰু তোমালোকৰ চাকি জ্বলি থাকক,
John 5:35 in Assamese 35 সেই যোহন আছিল এটি প্রদীপ স্বৰূপ, তেওঁ নিজে জ্বলি পোহৰ বিলাই আছিল। আপোনালোকে অলপ কালৰ বাবে তেওঁৰ পোহৰত আনন্দ উপভোগ কৰিবলৈ ইচ্ছুক হৈছিল।
2 Corinthians 4:6 in Assamese 6 যীচু খ্ৰীষ্টৰ মুখত ঈশ্বৰৰ মহিমা প্ৰকাশক জ্ঞানৰূপে দীপ্তি প্ৰকাশ কৰিবলৈ, যিজনা ঈশ্বৰে ক’লে, “কিয়নো আন্ধাৰৰ মাজৰ পৰা পোহৰ প্ৰকাশিত হ’ব”, সেইজনা ঈশ্বৰে আমাৰ হৃদয়ত পোহৰ প্ৰকাশ কৰিলে।
2 Peter 1:19 in Assamese 19 ভাববাদী সকলৰ এই বাক্য আমাৰ ওচৰত অধিকৰূপে নিশ্চিত হৈছে আৰু সেই বিষয়ত মনোযোগ দিয়া আপোনালোকৰ পক্ষে ভাল। সেই বাক্য এক অন্ধকাৰ ঠাইত জ্বলি থকা চাকিৰ নিচিনা। যেতিয়ালৈকে ৰাতিপুৱা নহয় আৰু আপোনালোকৰ হৃদয়ত প্রভাতী তৰাৰ উদয় নহয়, তেতিয়ালৈকে অন্ধকাৰৰ মাজতো সেয়ে পোহৰ দিব।
Revelation 2:1 in Assamese 1 ইফিচত থকা মণ্ডলীৰ দূতলৈ তুমি এই কথা লিখাঃ ‘এই সকলো কথা সেই জনৰ, যি জনে নিজৰ সোঁ হাতত সাতোটা তৰা ধাৰণ কৰে; আৰু যি জনে সাতোটা সোণৰ দীপাধাৰৰ মাজত অহা-যোৱা কৰে, তেওঁ এই কথা কয়,