Exodus 19:5 in Assamese 5 এতিয়া যদি তোমালোকে বাধ্যতাৰে মোৰ কথা শুনা, আৰু মোৰ নিয়মটি পালন কৰা, তেতিয়াহে তোমালোক সকলো লোকৰ মাজৰ পৰা লোৱা মোৰ বিশেষ অধিকাৰ প্রাপ্ত লোক হ’বা; কাৰণ সমূদায় পৃথিৱী মোৰেই।
Other Translations King James Version (KJV) Now therefore, if ye will obey my voice indeed, and keep my covenant, then ye shall be a peculiar treasure unto me above all people: for all the earth is mine:
American Standard Version (ASV) Now therefore, if ye will obey my voice indeed, and keep my covenant, then ye shall be mine own possession from among all peoples: for all the earth is mine:
Bible in Basic English (BBE) If now you will truly give ear to my voice and keep my agreement, you will be my special property out of all the peoples: for all the earth is mine:
Darby English Bible (DBY) And now, if ye will hearken to my voice indeed and keep my covenant, then shall ye be my own possession out of all the peoples -- for all the earth is mine --
Webster's Bible (WBT) Now therefore, if ye will obey my voice indeed, and keep my covenant, then ye shall be a peculiar treasure to me above all people: for all the earth is mine:
World English Bible (WEB) Now therefore, if you will indeed obey my voice, and keep my covenant, then you shall be my own possession from among all peoples; for all the earth is mine;
Young's Literal Translation (YLT) `And now, if ye really hearken to My voice, then ye have kept My covenant, and been to Me a peculiar treasure more than all the peoples, for all the earth `is' Mine;
Cross Reference Exodus 9:29 in Assamese 29 মোচিয়ে তেওঁক ক’লে, “নগৰৰ ত্যাগ কৰাৰ পাছতেই মই যিহোৱালৈ হাত মেলি প্রাৰ্থনা কৰিম। তেতিয়া পৃথিৱী যে যিহোৱাৰহে হয়, এই কথা আপুনি জানিবলৈ মেঘ-গৰ্জ্জন বন্ধ হ’ব, আৰু শিলাবৃষ্টিও নহ’ব।
Exodus 15:26 in Assamese 26 তেওঁ ক’লে, “মই, তোমালোকৰ ঈশ্বৰ যিহোৱা, যদি তোমালোকে সাৱধানে মোৰ বাক্য শুনা, আৰু মোৰ দৃষ্টিত যি উচিত সেই কাৰ্য কৰা, আৰু মোৰ আজ্ঞাবোৰলৈ মনোযোগ দিয়া আৰু মোৰ সকলো বিধি পালন কৰা তেনেহ’লে, মই মিচৰীয়া সকলক যি সকলো ৰোগ দিছিলোঁ, সেইবোৰৰ কোনো ৰোগ তোমালোকক নিদিম, কাৰণ মই তোমালোকৰ আৰোগ্যকাৰী যিহোৱা।
Exodus 23:22 in Assamese 22 তোমালোকে যদি নিশ্চয়ে তেওঁৰ কথা শুনা, আৰু মই যি কলোঁ সেই সকলোকে কৰা, তেনেহ’লে মই তোমালোকৰ শত্ৰুবোৰৰ শত্ৰু আৰু প্রতিদ্বন্দীৰ প্রতিদ্বন্দী হম।
Exodus 24:7 in Assamese 7 তেওঁ নিয়ম-পুস্তকখন ল’লে লোকসকলে শুনাকৈ পাঠ কৰিলে। তেওঁলোকে ক’লে, “যিহোৱাই যি যি সকলো কৈছে, সেই সকলোকে আমি পালন কৰিম, আৰু আমি তেওঁৰ আজ্ঞাধীন হম।”
Deuteronomy 4:20 in Assamese 20 যিহোৱাই লোহা গলোৱা অগ্নিশালৰ দৰে সেই মিচৰ দেশৰ পৰা আপোনালোকক তেওঁৰ নিজৰ উত্তৰাধিকাৰৰ লোক কৰি উলিয়াই আনিলে। যেনেকৈ আজি আপোনালোক আছে।
Deuteronomy 5:2 in Assamese 2 আমাৰ ঈশ্বৰ যিহোৱাই হোৰেবত আমাৰ লগত এটি নিয়ম কৰিলে।
Deuteronomy 7:6 in Assamese 6 কিয়নো আপোনালোক নিজ ঈশ্বৰ যিহোৱাৰ পবিত্ৰ লোক; পৃথিবীত থকা সকলো জাতিৰ মাজৰ পৰা, নিজৰ এক বিশেষ জাতি হ’বলৈ, আপোনালোকৰ ঈশ্বৰ যিহোৱাই আপোনালোককহে মনোনীত কৰি আনিলে।
Deuteronomy 10:14 in Assamese 14 শুনক, আকাশ আৰু তাৰ ওপৰৰ সকলোবোৰেই, পৃথিবী আৰু তাত থকা সকলোবোৰেই আপোনালোকৰ ঈশ্বৰ যিহোৱাৰ।
Deuteronomy 11:27 in Assamese 27 আজি মই আপোনালোকৰ ওচৰত আপোনালোকৰ ঈশ্বৰ যিহোৱাৰ যি আজ্ঞাবোৰ দিলো, সেইবোৰলৈ যদি আপোনালোকে মনোযোগ দিয়ে, তেন্তে আপোনালোকে আশীৰ্ব্বাদ পাব।
Deuteronomy 14:2 in Assamese 2 কিয়নো আপোনালোক আপোনালোকৰ ঈশ্বৰ যিহোৱাৰ উদ্দেশ্যে এক পবিত্ৰ জাতি; পৃথিবীত থকা সকলো জাতিৰ মাজৰ পৰা যিহোৱাই আপোনালোকক মনোনীত কৰিলে যাতে আপোনালোক তেওঁৰ নিজৰ বিশেষ সম্পত্তি হয়।
Deuteronomy 14:21 in Assamese 21 নিজে মৰি পৰি থকা কোনো পশু আপোনালোকে নাখাব। কিয়নো আপোনালোক আপোনালোকৰ ঈশ্বৰ যিহোৱাৰ উদ্দেশ্যে এক পবিত্ৰ জাতি। কিন্তু আপোনাৰ নগৰৰ দুৱাৰৰ ভিতৰত থকা কোনো বিদেশীক তাক দিব পাৰিব আৰু তেওঁলোকে তাক খাব পাৰিব নাইবা আপোনালোকে কোনো বিদেশীৰ ওচৰত তাক বিক্রী কৰিব পাৰিব। ছাগলী পোৱালিৰ মাংস তাৰ মাকৰ গাখীৰত নিসিজাব।
Deuteronomy 26:18 in Assamese 18 যিহোৱাইও আজি এই কথা স্বীকাৰ কৰিছে যে, তেওঁ যেনেকৈ প্রতিজ্ঞা কৰিছিল, সেইদৰে আপোনালোক তেওঁৰ নিজস্ব অধিকাৰত থকা তেওঁৰ প্রজা হৈছে আৰু আপোনালোকে তেওঁৰ সকলো আজ্ঞা পালন কৰা উচিত।
Deuteronomy 28:1 in Assamese 1 আপোনালোকে যদি আপোনালোকৰ ঈশ্বৰ যিহোৱাৰ আজ্ঞা পালনত মনোযোগ দিয়ে আৰু আজি দিয়া মোৰ এই সকলো আজ্ঞা যত্নেৰে পালন কৰে, তেন্তে আপোনালোকৰ ঈশ্বৰ যিহোৱাই পৃথিবীৰ আন সকলো জাতিতকৈ আপোনালোকৰ স্থান উচ্চ কৰিব।
Deuteronomy 32:8 in Assamese 8 সৰ্ব্বোপৰি জনাই যেতিয়া জাতিবোৰক নিজৰ আধিপত্য ভাগ কৰি দিলে, মনুষ্যক বিভিন্ন জাতিত ভাগ কৰিলে, তেতিয়া ইস্ৰায়েল জাতিৰ লোকসংখ্যা অনুসাৰে তেওঁ জাতিবোৰৰ সীমা স্থিৰ কৰিলে।
Joshua 24:24 in Assamese 24 লোকসকলে যিহোচূৱাক ক’লে, “আমি ঈশ্বৰ যিহোৱাৰেই আৰাধনা কৰিম আৰু তেওঁৰেই বাক্যলৈ কাণ দিম।”
1 Samuel 15:22 in Assamese 22 চমূৱেলে ক’লে, “যিহোৱাৰ বাক্য পালন কৰিলে যেনেকৈ তেওঁ সন্তুষ্ট হয়, তেনেকৈ হোম আৰু বলিদানত জানো তেওঁ সন্তুষ্ট হ’য়? বলিদানতকৈ আজ্ঞাপালন কৰা উত্তম, আৰু মেৰৰ তেলতকৈ বাক্য শুনা উত্তম।
1 Kings 8:53 in Assamese 53 কিয়নো, হে প্ৰভু যিহোৱা, আমাৰ ওপৰ-পিতৃসকলক মিচৰ দেশৰ পৰা অনা কালত আপোনাৰ দাস মোচিৰ দ্বাৰাই যেনেকৈ কৈছিল, তেনেকৈ আপোনাৰ আধিপত্য হ’বলৈ তেওঁলোকক পৃথিৱীৰ আটাই জাতিবোৰৰ পৰা আপুনিয়েই পৃথক কৰিলে।”
Job 41:11 in Assamese 11 আগেয়ে কোনে মোক কিবা দিছিল, যাৰবাবে মই যে কিবা উভাই দিম? আকাশ-মণ্ডলৰ তলত থকা সকলো মোৰেই।
Psalm 24:1 in Assamese 1 পৃথিবী আৰু তাৰ সকলোৱেই যিহোৱাৰ, জগত আৰু তাত বাস কৰাসকল তেওঁৰেই।
Psalm 25:10 in Assamese 10 যিসকলে যিহোৱাৰ ব্যৱস্থা আৰু বিধিবোৰ পালন কৰে, তেওঁলোকলৈ তেওঁৰ সকলো পথেই অসীম প্রেম আৰু বিশ্বস্ততাৰে পৰিপূর্ণ।
Psalm 50:11 in Assamese 11 এনেকি, পাহাৰৰ সকলো পক্ষীক মই জানো; পথাৰত চৰি ফুৰা সকলো প্ৰাণীও মোৰেই।
Psalm 103:17 in Assamese 17 কিন্তু যিহোৱাক ভয় কৰাসকলৰ ওপৰত তেওঁৰ দয়া অনাদিকালৰ পৰা অনন্তকাল পর্যন্ত থাকে, আৰু তেওঁৰ ধার্মিকতা বংশৰ পিছত বংশ ধৰি বর্তি থাকে।
Psalm 135:4 in Assamese 4 কাৰণ যিহোৱাই নিজৰ বাবে যাকোবক, নিজৰ অধিকাৰ স্বৰূপে ইস্রায়েলক মনোনীত কৰিলে।
Song of Solomon 8:12 in Assamese 12 মোৰ নিজৰ দ্ৰাক্ষাবাৰী আছে, হে মোৰ প্রিয় চলোমন, সেই এক হাজাৰ চেকল তোমাৰেই আৰু দুশ চেকল ৰূপ তেওঁলোকৰ কাৰণে, যিসকলে ফলবোৰৰ চোৱাচিতা কৰে।
Isaiah 1:19 in Assamese 19 তোমালোকে যদি ইচ্ছা কৰা আৰু বাধ্য হোৱা, তেনেহ’লে তোমালোকে দেশৰ উত্তম ফ’ল ভোগ কৰিবলৈ পাবা।
Isaiah 41:8 in Assamese 8 কিন্তু হে মোৰ দাস ইস্ৰায়েল, যাকোব যাক মই মনোনীত কৰিলো, মোৰ বন্ধু অব্ৰাহামৰ সন্তান,
Isaiah 43:1 in Assamese 1 কিন্তু হে যাকোব মই সৃষ্টিকৰ্ত্তা যিহোৱাই, আৰু হে ইস্ৰায়েল, তোমাৰ নিৰ্ম্মাণকৰ্ত্তা যিহোৱা এইদৰে কৈছে, “ভয় নকৰিবা, কিয়নো মই তোমাক মুক্ত কৰিলোঁ; মই তোমাৰ নাম ধৰি তোমাক মাতিলোঁ, তুমি মোৰেই।”
Isaiah 56:4 in Assamese 4 কাৰণ যিহোৱাই এই কথা কৈছে, যি সকল নপুংসক মোৰ বিশ্ৰাম বাৰ পালন কৰে, আৰু মই সন্তুষ্ট হোৱা বিষয় বাচি ল’য়, আৰু মোৰ নিয়মেৰে উপবাস ৰাখে-
Jeremiah 7:23 in Assamese 23 কিন্তু তেওঁলোকক এই আজ্ঞাহে দিছিলোঁ! যে, তোমালোকে মোৰ বাক্য শুনা, তেতিয়া মই তোমালোকৰ ঈশ্বৰ হ’ম, আৰু তোমালোক মোৰ প্ৰজা হ’বা; আৰু যি পথত চলিবলৈ মই তোমালোকক আজ্ঞা কৰোঁ, তোমালোকৰ ভালৰ অৰ্থে তোমালোকে সেই পথত চলা।
Jeremiah 10:16 in Assamese 16 যাকোবৰ অংশ সেইবোৰৰ দৰে নহয়; কাৰণ তেওঁ সকলোৰে নিৰ্মাণকৰ্ত্তা। আৰু ইস্ৰায়েল তেওঁৰ আধিপত্যৰ ফৈদ; বাহিনীসকলৰ যিহোৱা তেওঁৰ নাম।
Jeremiah 11:4 in Assamese 4 তোমালোকৰ পূৰ্ব্ব-পুৰুষসকলক আজ্ঞা কৰা এই নিয়মটিৰ বাক্য, যি দিনাখন অগ্নি-কুণ্ডস্বৰূপ মিচৰ দেশৰ পৰা তেওঁলোকক উলিয়াই আনিছিলো। মই ক’লো, “শুনা, মোৰ বাক্য পালন কৰা আৰু মই তোমালোকক দিয়া সকলো আজ্ঞা অনুসাৰে কাৰ্য্য কৰা, তেতিয়া তোমালোকে মোৰ প্ৰজা হ’বা আৰু মই তোমালোকৰ ঈশ্বৰ হ’ম।”
Jeremiah 31:31 in Assamese 31 যিহোৱাই কৈছে: “চোৱা, এনে কোনো দিন আহি আছে - “সেই দিনা মই ইস্ৰায়েল-বংশ আৰু যিহূদা বংশৰ সৈতে এক নতুন নিয়ম স্থাপন কৰিম।
Daniel 4:34 in Assamese 34 সেই দিনবোৰৰ শেষত মই নবুখদনেচৰে স্বৰ্গলৈ দৃষ্টি কৰিলোঁ, আৰু মোৰ মানসিক সুস্থতা মোক ঘূৰাই দিয়া হ’ল। “মই সৰ্ব্বোপৰি জনাৰ প্রশংসা কৰিলোঁ, আৰু অনন্ত কাললৈকে থকা জনাক সন্মান আৰু গৌৰৱ কৰিলোঁ; কাৰণ তেওঁৰ ৰাজ শাসন চিৰকলীয়া ৰাজ শাসন, আৰু তেওঁৰ ৰাজ্য পুৰুষানুক্ৰমে স্থিৰ হৈ থাকে।
Malachi 3:17 in Assamese 17 বাহিনীসকলৰ যিহোৱাই কৈছে, “তেওঁলোক মোৰেই হ’ব; মই কাৰ্য্য কৰাৰ দিনা তেওঁলোক মোৰ নিজৰ বিশেষ সম্পত্তি হ’ব; মানুহে যেনেকৈ নিজৰ সেৱাকাৰী পুতেকক মৰম কৰি শাস্তিৰ পৰা ৰেহাই দিয়ে, ময়ো তেওঁলোকক ৰেহাই দিম।
1 Corinthians 10:26 in Assamese 26 কিয়নো জগত আৰু তাৰ পৰিপূৰ্ণতা প্ৰভুৰেই।
1 Corinthians 10:28 in Assamese 28 কিন্তু কোনোৱে যদি আপোনালোকক, “এয়ে বলি দিয়া আহাৰ হয় বুলি কয়,” তেনেহলে সেই কথা জনোৱা জনৰ কাৰণে আৰু দোষাদোষ জ্ঞানৰ কাৰণে, সেই দ্ৰব্য ভোজন নকৰিব।
Titus 2:14 in Assamese 14 আমাক সকলো অধৰ্মৰ পৰা মুক্ত আৰু শুচি কৰিবলৈ যীচুৱে নিজকে উৎসর্গ কৰিলে, যাতে আমি মূল্যৱান ব্যক্তি সকলৰ দৰে সকলো সৎকর্মত উৎসাহী হওঁ।
Hebrews 11:8 in Assamese 8 অব্ৰাহামে বিশ্বাস গুণে যি দেশলৈ তেওঁক আহ্বান কৰিছিল, উত্তৰাধিকাৰ গ্ৰহন কৰিবৰ বাবে সেই দেশলৈ তেওঁ বাধ্য হৈ গ’ল; কিন্তু ক’লৈ যাব লাগে, সেই বিষয়ে নাজানিও ওলাই গৈছিল।