Exodus 15:7 in Assamese 7 আপুনি আপোনাৰ মহান মহিমাৰে আপোনাৰ বিৰুদ্ধে উঠা সকলক বিনষ্ট কৰিছে। আপুনি পঠোৱা আপোনাৰ ক্ৰোধাগ্নিয়ে; তেওঁলোকক নৰাৰ দৰে গ্রাস কৰিছে।
Other Translations King James Version (KJV) And in the greatness of thine excellency thou hast overthrown them that rose up against thee: thou sentest forth thy wrath, which consumed them as stubble.
American Standard Version (ASV) And in the greatness of thine excellency thou overthrowest them that rise up against thee: Thou sendest forth thy wrath, it consumeth them as stubble.
Bible in Basic English (BBE) When you are lifted up in power, all those who come against you are crushed: when you send out your wrath, they are burned up like dry grass.
Darby English Bible (DBY) And by the greatness of thine excellency thou hast overthrown thine adversaries: Thou sentest forth thy burning wrath, it consumed them as stubble.
Webster's Bible (WBT) And in the greatness of thy excellence thou hast overthrown them that rose up against thee: thou sentest forth thy wrath, which consumed them as stubble.
World English Bible (WEB) In the greatness of your excellency, you overthrow those who rise up against you: You send forth your wrath. It consumes them as stubble.
Young's Literal Translation (YLT) And in the abundance of Thine excellency Thou throwest down Thy withstanders, Thou sendest forth Thy wrath -- It consumeth them as stubble.
Cross Reference Exodus 9:16 in Assamese 16 অৱশ্যে তোমাক মোৰ শক্তি দেখুৱাবলৈ আৰু গোটেই পৃথিৱীত মোৰ নাম যেন খ্যাতিমন্ত হয়, সেই কাৰণে মই তোমাক জীয়াই থাকিব দিছোঁ।
Deuteronomy 33:26 in Assamese 26 মোচিয়ে ক’লে, “হে যিচুৰূণ, ঈশ্বৰৰ তুল্য কোনো নাই; তোমালোকৰ সহায়ৰ কাৰণে তেওঁ নিজ গৌৰৱেৰে মেঘৰথত উঠি আকাশ পথত অহা যোৱা কৰে।
Psalm 59:13 in Assamese 13 তুমি ক্ৰোধত তেঁওলোকক সংহাৰ কৰা যাতে তেওঁলোক আৰু নাথাকে; যাকোবৰ মাজত ঈশ্বৰে যে শাসন কৰে, পৃথিবীৰ সীমালৈকে যে শাসন কৰে, তাক তেওঁলোকে জানক। চেলা
Psalm 68:33 in Assamese 33 তোমালোকে অনাদি কালৰ পৰা অৱস্থান কৰা আকাশৰ মাজেদি ৰথত উঠি চলাচল কৰা জনাৰ উদ্দেশ্যে গান কৰা। শুনা, তেওঁৰ স্বৰ; তেওঁ উচ্চ স্বৰেৰে কথা কৈছে।
Psalm 78:49 in Assamese 49 তেওঁ তেওঁলোকৰ বিৰুদ্ধে তেওঁৰ জ্বলন্ত অগ্নিময় খং, ক্রোধ, উন্মত্ততা আৰু দুখ-কষ্ট পঠাই দিলে; সেইবোৰ হ’ল ধ্বংসৰ কার্যত নিযুক্ত দূতৰ দল।
Psalm 83:13 in Assamese 13 হে মোৰ ঈশ্বৰ, তুমি তেওঁলোকক বা’মাৰলী বতাহত ঘূৰি থকা ধুলিৰ নিচিনা কৰা, বতাহে উড়ুৱাই নিয়া তুঁহৰ নিচিনা কৰা।
Psalm 148:13 in Assamese 13 এই সকলোবোৰে যিহোৱাৰ প্ৰশংসা কৰক; কিয়নো কেৱল তেওঁৰেই নাম মহান; তেওঁৰ গৌৰৱ পৃথিৱী আৰু আকাশ-মণ্ডলৰ ওপৰলৈকে বিস্তাৰিত।
Isaiah 5:16 in Assamese 16 বাহিনীসকলৰ যিহোৱা ন্যায়বিচাৰত উন্নত হৈছে, আৰু পবিত্ৰ ঈশ্বৰ নিজৰ ধাৰ্মিকতাত পবিত্ৰীকৃত হৈছে।
Isaiah 5:24 in Assamese 24 এই হেতুকে জুইৰ জিভাই যেনেকৈ নৰা গ্ৰাস কৰে আৰু অগ্নিশিখাত যেনেকৈ শুকান ঘাঁহ ভষ্ম হৈ যায়, সেয়ে তেওঁলোকৰ ভিত্তিমূল পচিব, আৰু তেওঁলোকৰ ফুলবোৰ ধুলিৰ দ্বৰে উড়ি যাব; কাৰণ তেওঁলোকে বাহিনীসকলৰ যিহোৱাৰ ব্যৱস্থা অগ্ৰাহ্য কৰিলে, আৰু ইস্ৰায়েলৰ পবিত্ৰ জনাৰ বাক্য তুচ্ছজ্ঞান কৰিলে।
Isaiah 37:17 in Assamese 17 হে যিহোৱা কাণ পাতি শুনক; হে যিহোৱা আপোনাৰ চকু মেলি দৃষ্টি কৰক আৰু জীৱন্ত ঈশ্বৰক নিন্দা কৰিবলৈ চনহেৰীবে কৈ পঠোৱা সকলো কথা শুনক।
Isaiah 37:23 in Assamese 23 তুমি কাক উপেক্ষা আৰু অপমান কৰিলা? আৰু কাৰ বিৰুদ্ধে উচ্চ স্বৰেৰে কথা কৈছা, আৰু অহঙ্কাৰেৰে কাৰ ওপৰত দৃষ্টি কৰিলা? ইস্ৰায়েলৰ পবিত্ৰ জনাৰ বিৰুদ্ধেই কৰিলা।
Isaiah 37:29 in Assamese 29 তুমি মোৰ বিৰুদ্ধে কৰা ক্রোধৰ কাৰণে, আৰু তোমাৰ অহঙ্কাৰৰ কথা মোৰ কাণত পৰাৰ কাৰণে মই তোমাৰ নাকত মোৰ হাঁকোটা, আৰু তোমাৰ মুখত মোৰ লাগাম লগাম, আৰু যি বাটেদি তুমি আহিলা, সেই বাটেদিয়েই তোমাক উভটাই পঠাম।
Isaiah 37:36 in Assamese 36 তাৰ পাছত যিহোৱাৰ দূতসকলে ওলাই গৈ অচূৰীয়াসকলৰ চাউনিত আক্রমণ কৰিলে, আৰু এক লাখ পঞ্চাশী হাজাৰ লোকক মাৰিলে। তাতে লোকসকলে ৰাতিপুৱা উঠি তেওঁলোকৰ চাৰিওফালে মৰা শৱ পৰি থকা দেখিলে।
Isaiah 37:38 in Assamese 38 তাৰ পাছত তেওঁ নিজৰ নিষ্ৰোক নামেৰে দেৱতাৰ গৃহত প্ৰণিপাত কৰোঁতে, অদ্ৰমেলক আৰু চৰেচ নামৰ তেওঁৰ পুত্র দুজনে তেওঁক তৰোৱালেৰে বধ কৰিলে। তাৰ পাছত তেওঁলোক অৰাৰৰ দেশলৈ পলাই গ’ল। পাছত তেওঁৰ পুত্ৰ এচৰহদ্দোনে তেওঁৰ পাছত ৰাজত্ব কৰিলে।
Isaiah 47:14 in Assamese 14 চোৱা, তেওঁলোক খেৰৰ দৰে হ’ব; তেওঁলোকক জুইয়ে পুৰি পেলাব, তেওঁলোকে অগ্নিশিখাৰ পৰা নিজৰ প্ৰাণ উদ্ধাৰ কৰিব নোৱাৰিব; সেয়ে উম লবলৈ, বা আগত বহি জুই ফুঁৱাবলৈ তাত কোনো আঙঠা নাথাকিব।
Jeremiah 10:6 in Assamese 6 হে যিহোৱা, তোমাৰ তুল্য কোনো নাই। তুমি মহান, আৰু তোমাৰ নাম পৰাক্ৰমত মহৎ।
Micah 4:11 in Assamese 11 এতিয়া অনেক দেশ তোমালোকৰ বিৰুদ্ধে একত্রিত হ’ব; তেওঁলোকে কৈছে, তেওঁক কলুষিত হ’ব দিয়া, আমাৰ চকুক চিয়োনক আগ্রহেৰে চাব দিয়া।”
Nahum 1:9 in Assamese 9 তোমালোকে যিহোৱাৰ বিৰুদ্ধে কি চক্রান্ত কৰিছা? তেওঁ সম্পূৰ্ণকৈ অন্ত কৰিব; দ্বিতীয়বাৰ সঙ্কট নহ’ব।
Zechariah 2:8 in Assamese 8 কিয়নো বাহিনীসকলৰ যিহোৱাই মোক সন্মানিত কৰিলে, আৰু তোমালোকক লুণ্ঠণ কৰা জাতিবোৰৰ ওচৰলৈ তেওঁ মোক পঠিয়ালে; কাৰণ যিজনে তোমালোকক স্পৰ্শ কৰে, সেইজনে তেওঁৰ চকুৰ মণি স্পৰ্শ কৰে।
Zechariah 14:3 in Assamese 3 কিন্তু যিহোৱাই যুদ্ধ কৰিবলৈ ওলাই যাব আৰু সেই নগৰবোৰৰ বিৰুদ্ধে তেওঁ যুঁজ কৰাৰ দৰেই যুঁজ কৰিব।
Zechariah 14:8 in Assamese 8 আৰু সেইদিনা যিৰূচালেমৰ পৰা জীৱন্ত জল সমূহ ওলাব, তাৰ আধা পূৱ সমূদ্ৰৰ ফালে, আধা পশ্চিম সমূদ্ৰৰ ফালে যাব; সেয়ে গৰম বা জাৰকালতো থাকিব।
Malachi 4:1 in Assamese 1 বাহিনীসকলৰ যিহোৱাই এই কথা কৈছে, “কিয়নো চোৱা, সেই দিন আহিছে; সেয়ে অগ্নিশালৰ নিচিনাকৈ জ্বলিব। সেই দিনা সকলো গৰ্ব্বী ও দুষ্টাচাৰী লোক নৰাৰ নিচিনা হ’ব; যি দিন আহি আছে, সেই দিনে তেওঁলোকক পুৰি পেলাব; এডাল শিপা কি ডাল একোকে অৱশিষ্ট নথকাকৈ তেওঁলোকক পুৰি পেলাব।
Matthew 3:12 in Assamese 12 তেওঁৰ কুলা তেওঁৰ হাততে আছে; তেওঁ শস্যৰ মৰণা মৰা চোতাল ভালকৈ পৰিষ্কাৰ কৰিব আৰু তেওঁ নিজৰ শস্য ভঁৰালত চপাই থব; কিন্তু ঘুলা, সেই জুইত পুৰি পেলাব, যি জুই কেতিয়াও নুনুমায়।
Acts 9:4 in Assamese 4 তেতিয়া তেওঁ তৎক্ষণাৎ মাটিত পৰিল আৰু এক স্বৰ্গীয়-বাণী শুনিবলৈ পালে, বোলে, “হে চৌল, হে চৌল, মোক কিয় তাড়না কৰিছা?”