Exodus 13:9 in Assamese 9 এয়ে উদ্ধাৰক সোঁৱৰণ বাবে আপোনালোকৰ হাতত আৰু আপোনালোকৰ কপালত থাকক।যিহোৱাৰ ব্যৱস্থা আপোনালোকৰ কথাত থাকক, কিয়নো আপোনালোকৰ হাতত, আৰু আপোনালোকৰ কপালত এই মুক্তি সোঁৱৰণীয় হৈ থাকিব। কিয়নো যিহোৱাই বাহুবলেৰে মিচৰৰ পৰা আপোনালোকক বাহিৰ কৰি আনিলে।
Other Translations King James Version (KJV) And it shall be for a sign unto thee upon thine hand, and for a memorial between thine eyes, that the LORD's law may be in thy mouth: for with a strong hand hath the LORD brought thee out of Egypt.
American Standard Version (ASV) And it shall be for a sign unto thee upon thy hand, and for a memorial between thine eyes, that the law of Jehovah may be in thy mouth: for with a strong hand hath Jehovah brought thee out of Egypt.
Bible in Basic English (BBE) And this will be for a sign to you on your hand and for a mark on your brow, so that the law of the Lord may be in your mouth: for with a strong hand the Lord took you out of Egypt.
Darby English Bible (DBY) And it shall be for a sign to thee on thy hand, and for a memorial between thine eyes, that the law of Jehovah may be in thy mouth; for with a powerful hand hath Jehovah brought thee out of Egypt.
Webster's Bible (WBT) And it shall be for a sign to thee upon thy hand, and for a memorial between thy eyes; that the LORD'S law may be in thy mouth: for with a strong hand hath the LORD brought thee out of Egypt.
World English Bible (WEB) It shall be for a sign to you on your hand, and for a memorial between your eyes, that the law of Yahweh may be in your mouth; for with a strong hand Yahweh has brought you out of Egypt.
Young's Literal Translation (YLT) and it hath been to thee for a sign on thy hand, and for a memorial between thine eyes, so that the law of Jehovah is in thy mouth, for by a strong hand hath Jehovah brought thee out from Egypt;
Cross Reference Exodus 6:1 in Assamese 1 তেতিয়া যিহোৱাই মোচিক ক’লে, “ফৌৰণলৈ মই কি কৰিম, এতিয়া তুমি দেখিবলৈ পাবা। তুমি দেখিবলৈ পাবা যে, মোৰ হাতৰ শক্তিৰ বাবেই ৰজাই লোক সকলক যাবলৈ দিব। মোৰ হাতৰ শক্তিৰ কাৰণেই ৰজা ফৰৌণে নিজই তেওঁলোকক দেশৰ পৰা খেদি পঠিয়াব।”
Exodus 12:14 in Assamese 14 এই দিন সোঁৱৰণীয় দিন হ’ব; আৰু তোমালোকে এই দিন যিহোৱাৰ বাবে উৎসৱৰ দিন বুলি নিশ্চয়কৈ পালন কৰিবা। এই দিন পালন কৰাটো তোমালোকৰ বাবে এটা বিধান হ’ব, পুৰুষানুক্ৰমে চিৰস্থায়ী বিধিমতে এই দিন তোমালোকে পালন কৰিব লাগিব।
Exodus 13:3 in Assamese 3 মোচিয়ে লোকসকলক ক’লে, “আপোনালোকে বন্দী-ঘৰস্বৰূপ মিচৰৰ পৰা ওলাই অহা এই দিন সোঁৱৰণ কৰিব; কাৰণ যিহোৱাই তেওঁৰ বাহু-বলেৰে আপোনালোকক সেই ঠাইৰ পৰা উলিয়াই আনিলে। খমীৰ দিয়া পিঠা আৰু ভোজন কৰা নহব।
Exodus 13:16 in Assamese 16 এয়ে আপোনালোকৰ হাতত, আৰু আপোনালোকৰ কপালত সোৱঁৰণী স্বৰূপে থাকিব। কিয়নো যিহোৱাই বাহুবলেৰে আমাক মিচৰৰ পৰা বাহিৰ কৰি আনিলে।”
Numbers 15:39 in Assamese 39 তোমালোকে যেন সেই থোপা দেখি, যিহোৱাৰ আজ্ঞাবোৰ সোঁৱৰণ কৰি পালন কৰা আৰু নিজৰ যি মন আৰু চকুৰ পাছত চলি তোমালোকে ব্যভিচাৰী হৈছিলা, সেই মন আৰু চকুৰ পাছত যেন আৰু নচলা।
Deuteronomy 6:6 in Assamese 6 আজি মই আপোনালোকক দিয়া আজ্ঞাৰ সকলো কথা আপোনালোকৰ হৃদয়ত ৰাখিব লাগে।
Deuteronomy 6:8 in Assamese 8 আপোনাৰ হাতত চিনস্বৰূপে সেইবোৰ বান্ধিব, আৰু সেইবোৰ আপোনাৰ দুই চকুৰ মাজত ভুষণস্বৰূপ হ’ব লাগে।
Deuteronomy 11:18 in Assamese 18 এতেকে আপোনালোকে মোৰ এই কথাবোৰ নিজ নিজ হৃদয়ত আৰু মনত গাঁথি ৰাখিব; চিনস্বৰূপে সেইবোৰ হাতত বান্ধিব আৰু আপোনালোকৰ চকুৰ মাজত প্রতীকৰূপে ভূষিত কৰিব।
Deuteronomy 30:14 in Assamese 14 কিন্তু বাক্য আপোনালোকৰ নিচেই ওচৰতে আছে; আপোনালোকৰ মুখত আৰু হৃদয়তে আছে যাতে আপোনালোকে তাক পালন কৰিব পাৰে।
Joshua 1:8 in Assamese 8 এই বিধান-পুস্তকখনৰ কথা তোমাৰ মুখৰ পৰা কেতিয়াও আঁতৰি নাযাওঁক; কিন্তু ইয়াতে থকা আটাইখিনি কথাকে পালন কৰি সেই মতে কাৰ্য্য কৰিবলৈ তুমি দিনে-ৰাতিয়ে ইয়াক ধ্যান কৰা; কিয়নো ইয়াকে কৰিলে তোমাৰ শুভগতি হ’ব আৰু তুমি কৃতকাৰ্য্য হ’বা।
Nehemiah 1:10 in Assamese 10 তেওঁলোকেই আপোনাৰ দাস আৰু প্ৰজা, যাক আপুনি আপোনাৰ মহা পৰাক্ৰম আৰু বলৱান হাতেৰে মুক্ত কৰিলে।
Psalm 89:13 in Assamese 13 তোমাৰ বাহু পৰাক্ৰমেৰে ভৰা; তোমাৰ হাত শক্তিশালী, তোমাৰ সোঁ হাত প্রবল।
Proverbs 1:9 in Assamese 9 তেওঁলোক তোমাৰ মুৰৰ বাবে কৰুণাময় মালাৰ দৰে হ’ব, আৰু তোমাৰ ডিঙিত ওলমি থকা মালাৰ লকেটৰ দৰে হ’ব।
Proverbs 3:21 in Assamese 21 হে মোৰ পুত্র, তুমি সেই সকলোকে তোমাৰ দৃষ্টিৰ পৰা আতৰ হ’বলৈ নিদিবা; তুমি ন্যায়বিচাৰ আৰু বিচক্ষনতা ধৰি ৰাখিবা।
Proverbs 6:20 in Assamese 20 হে মোৰ পুত্র, তুমি তোমাৰ পিতৃৰ আজ্ঞা পালন কৰা, আৰু তোমাৰ মাতৃৰ শিক্ষা হেয়জ্ঞান নকৰিবা।
Proverbs 7:23 in Assamese 23 যেতিয়ালৈকে কলিজাৰ মাজেৰে কাঢ়ে নিবিন্ধে বা চৰাই জালৰ ফান্দত পৰিবলৈ যিদৰে শীঘ্ৰে উড়ি যোৱাৰ দৰে, ইয়াৰ মূল্য যে তেওঁৰ জীৱন হ’ব পাৰে, সেই কথা তেওঁ নজনাকৈ তাইৰ পাছে পাছে গৈ থাকিল।
Song of Solomon 8:6 in Assamese 6 মোহৰ মাৰাৰ দৰে তুমি মোক তোমাৰ হৃদয়ত, আৰু তোমাৰ বাহুত ৰাখা; কিয়নো ভালপোৱা মৃত্যুৰ দৰেই শক্তিশালী, কামনাৰ আবেগ চিয়োলৰ দৰে কঠোৰ; এক জ্বলি থকা অগ্নি-শিখাৰ দৰে ই বিস্ফোৰিত হয়, ই আন সকলো জ্বলন্ত অগ্নিশিখাতকৈও উত্তপ্ত।
Isaiah 27:1 in Assamese 1 সেই দিনা যিহোৱাই তেওঁৰ চোকা, ডাঙৰ, আৰু শকত তৰোৱালৰ সৈতে, দ্ৰুতগামী লিবিয়াথন নাগক, আৰু বেকাঁবেঁকিকৈ যোৱা লিবিয়াথন নাগক দণ্ড দিব, আৰু সমুদ্ৰত থকা বৃহৎ জন্তুটোক বধ কৰিব।
Isaiah 40:10 in Assamese 10 চোৱা, প্ৰভু যিহোৱা জয়যুক্ত বীৰস্বৰূপে আহিছে, আৰু তেওঁ নিজ বাহুবলেৰে শাসন কৰিব। চোৱা তেওঁৰ পুৰস্কাৰ তেওঁৰ লগত আছে, তেওঁৰ প্রতিদান তেওঁৰ আগে আগে যায়।
Isaiah 49:16 in Assamese 16 চোৱা, মই মোৰ হাতৰ তলুৱাত তোমাৰ নাম খোদিত কৰিলোঁ; আৰু তোমাৰ গড়বোৰ অবিৰাম ভাবে মোৰ দৃষ্টিত থাকিব।
Isaiah 51:9 in Assamese 9 সজাগ হোৱা,সজাগ হোৱা, যিহোৱাৰ বাহু-বল আৰু শক্তিৰে তোমালোকে নিজকে আবৃত কৰা। প্ৰাচীন কালৰ প্রজননসকল, পুৰনি দিনৰ দৰে সজাগ হোৱা। সাগৰৰ ৰাক্ষসক গুৰি কৰা আৰু সর্পসিংহক খোঁচা জন আপুনিয়ে নে ?
Isaiah 59:21 in Assamese 21 “মোৰ বাবে তেওঁলোকে সৈতে নিয়ম এই” যিহোৱাই কৈছে, “তোমাৰ ওপৰত থকা মোৰ আত্মা, আৰু মই তোমাৰ মুখত থোৱা মোৰ বাক্যবোৰ, তোমাৰ মুখৰ পৰা, বা তোমাৰ বংশৰ মুখৰ পৰা, নাইবা তোমাৰ বংশত উৎপন্ন হোৱা বংশৰ মুখৰ পৰাও, আজিৰে পৰা সৰ্ব্বকাললৈকে কেতিয়াও নুগুচিব, এয়ে যিহোৱাৰ বচন।”
Jeremiah 22:24 in Assamese 24 যিহোৱাই কৈছে, “মোৰ জীৱনৰ শপত”, “যিহূদাৰ ৰজা যিহোয়াকিমৰ পুত্ৰ কনিয়া মোৰ সোঁ হাতত থকা মোহৰৰ দৰে হলেও, মই তোমাক তাৰ পৰা খহাই পেলাম।
Joel 2:11 in Assamese 11 যিহোৱাই নিজ সৈন্যসামন্তৰ আগত নিজ কন্ঠধ্বনি শুনাইছে, কিয়নো তেওঁৰ বাহিনী অতিশয় অধিক; কাৰণ তেওঁৰ আজ্ঞা পালন কৰোতাসকল বলৱান। কিয়নো যিহোৱাৰ দিন মহৎ আৰু অতি ভয়ানক। কোনে তাক সহন কৰিব পাৰে?
Matthew 23:5 in Assamese 5 তেওঁলোকে মানুহক দেখুৱাবলৈ নিজৰ সকলো কৰ্ম কৰে; কিয়নো তেওঁলোকে নিজৰ নিজৰ তাবিজ ডাঙৰকৈ লয়, আৰু কাপোৰৰ দহি দীঘলকৈ ৰাখে৷
Romans 10:8 in Assamese 8 কিন্তু ই কি কয়? “সেই বাক্য তোমাৰ ওচৰত, তোমাৰ মুখত আৰু তোমাৰ হৃদয়তে আছে৷” সেয়ে আমি ঘোষণা কৰা বিশ্বাসৰ বাক্য৷
Revelation 18:8 in Assamese 8 সেই বাবে তাইৰ সকলো উৎপাত: মৃত্যু শোক আৰু আকাল; একেদিনাই উপস্থিত হ’ব৷ তাইক জুইত পুৰি পেলোৱা যাব, কিয়নো তাইৰ বিচাৰকৰ্তা প্ৰভু পৰমেশ্বৰ বলৱান।