Ephesians 5:6 in Assamese 6 অনৰ্থক বাক্যৰ দ্বাৰা আপোনালোকক ভুলাবলৈ কাকো নিদিব; কিয়নো এইবোৰৰ কাৰণে অবাধ্যতাৰ সন্তান সকলৰ ওপৰলৈ ঈশ্বৰৰ ক্ৰোধ নামি আহে।
Other Translations King James Version (KJV) Let no man deceive you with vain words: for because of these things cometh the wrath of God upon the children of disobedience.
American Standard Version (ASV) Let no man deceive you with empty words: for because of these things cometh the wrath of God upon the sons of disobedience.
Bible in Basic English (BBE) Do not be turned from the right way by foolish words; for because of these things the punishment of God comes on those who do not put themselves under him.
Darby English Bible (DBY) Let no one deceive you with vain words, for on account of these things the wrath of God comes upon the sons of disobedience.
World English Bible (WEB) Let no one deceive you with empty words. For because of these things, the wrath of God comes on the children of disobedience.
Young's Literal Translation (YLT) Let no one deceive you with vain words, for because of these things cometh the anger of God upon the sons of the disobedience,
Cross Reference Numbers 32:13 in Assamese 13 এইদৰে ইস্ৰায়েললৈ যিহোৱাৰ ক্ৰোধ জ্বলি উঠাত, যিহোৱাৰ দৃষ্টিত কু কৰ্ম্ম কৰা আটাই বংশৰ শেষ নোহোৱালৈকে, তেওঁ চল্লিশ বছৰ ধৰি তেওঁলোকক অৰণ্যত ভ্ৰমণ কৰালে।
Joshua 22:17 in Assamese 17 পিয়োৰত আমি কৰা অপৰাধ আমাৰ বাবে যথেষ্ট নহয় নে? আনকি এতিয়াও আমি নিজকে ইয়াৰ পৰা শুচি কৰিব পৰা নাই৷ সেই কাৰণে যিহোৱাৰ সমাজৰ ওপৰত অপৰাধৰ মহামাৰী আহিছে৷
2 Kings 18:20 in Assamese 20 আপুনি কেৱল এনে অর্থহীন কথাবোৰ কয় যে, আপোনাৰ যুদ্ধ কৰাৰ যথেষ্ট বুদ্ধি আৰু শক্তি আছে। এতিয়া আপুনি কাৰ ওপৰত ভাৰসা কৰি মোৰ অহিতে বিদ্ৰোহ কৰিছে আৰু কোনে আপোনাক সাহস দিছে?
Psalm 78:31 in Assamese 31 ঈশ্বৰৰ ক্রোধ তেওঁলোকৰ বিৰুদ্ধে জাগি উঠিল; তেওঁলোকৰ মাজৰ হৃষ্টপুষ্ট লোকসকলক তেওঁ সংহাৰ কৰিলে, ইস্ৰায়েলৰ ডেকাসকলক তেওঁ মাৰি পেলালে।
Jeremiah 23:14 in Assamese 14 মই যিৰূচালেমৰ ভাববাদীসকলৰ মাজতো নোম শিয়ৰি যোৱা এটা কাৰ্য্য দেখিলোঁ; তেওঁলোকে পৰস্ত্ৰীগমন কৰে, মিছাত চলে, আৰু তেওঁলোকে কু-কৰ্ম্মিসকলৰ হাত এনেকৈ সবল কৰে, যে, তেওঁলোকৰ কোনেও নিজ দুষ্টতাৰ পৰা উলটি নাহে; তেওঁলোক সকলোৱেই মোৰ আগত চদোমৰ দৰে আৰু তাৰ নিবাসীসকল ঘমোৰাৰ সদৃশ।”
Jeremiah 29:8 in Assamese 8 কাৰণ ইস্ৰায়েলৰ ঈশ্বৰ বাহিনীসকলৰ যিহোৱাই এইদৰে কৈছে: ‘তোমালোকৰ মাজত থকা তোমালোকৰ ভাববাদী আৰু মঙ্গলতীসকলে তোমালোকক নুভুলাওক, নাইবা তোমালোকৰ সপোনত তোমালোকক দেখুউৱা কথালৈ কাণ নিদিবা।
Jeremiah 29:31 in Assamese 31 তুমি দেশান্তৰিত হোৱা লোকসকলৰ আগলৈ এই কথা কৈ পঠিওৱা, যিহোৱাই নিহিলামীয়া বিষয়ে এই কথা কৈছে, মই চময়িয়াক নপঠোৱাকৈয়ে তেওঁ তোমালোকৰ আগত ভাববাণী প্ৰচাৰ কৰিলে, আৰু মিছা কথাত তোমালোকৰ বিশ্বাস জন্মালে।
Ezekiel 13:10 in Assamese 10 শান্তি নোহোৱাকৈয়ে তেওঁলোকে ‘শান্তি!’ বুলি কৈ মোৰ প্ৰজাসকলক ভুলায় আৰু যেতিয়া কোনোৱে দেৱাল সাজে, তেতিয়া তেওঁলোকে তাক চূণেৰে লিপে।
Micah 3:5 in Assamese 5 ভাববাদীসকলৰ বিষয়ে যিহোৱাই এইদৰে কৈছে, মোৰ লোকসকলক কোনে ভ্ৰান্ত কৰে: যিসকলে তেওঁলোকক আহাৰ খোৱাই, তেওঁলোকৰ বাবে তেওঁলোকে ঘোষণা কৰে, ‘তাত উন্নতি হ’ব।’ কিন্তু যিসকলে নিজৰ মুখত একো নলয়, তেওঁলোকৰ বাবে তেওঁলোকে তেওঁলোকৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰে।
Matthew 24:4 in Assamese 4 তেতিয়া যীচুৱে উত্তৰ দি তেওঁলোকক ক’লে, “কোনেও যেন তোমালোকক নুভুলায়, এই বিষয়ে সাৱধান হোৱা।
Matthew 24:24 in Assamese 24 কিয়নো ভুৱা খ্ৰীষ্ট আৰু ভুৱা ভাৱবাদীবোৰ ওলাই এনে মহৎ চিন আৰু অদ্ভুত লক্ষণ দেখুৱাব যে, সাধ্য হ’লে, মনোনীত লোক সকলকো ভুলাব।
Mark 13:5 in Assamese 5 তেতিয়া যীচুৱে তেওঁলোকক ক’বলৈ ধৰিলে, “কোনেও যেন তোমালোকক নুভুলায়, এই কাৰণে সাৱধান হোৱা।
Mark 13:22 in Assamese 22 কিয়নো ভুৱা খ্ৰীষ্ট আৰু ভুৱা ভাববাদী সকল আবিৰ্ভাৱ হ’ব আৰু চিনৰ সৈতে আশ্চর্যজনক কাম কৰিব; সম্ভৱ হ’লে তেওঁলোকে মনোনীত লোক সকলকো ভুলাবলৈ চেষ্টা কৰিব৷
Romans 1:18 in Assamese 18 যি সকলে অধাৰ্মিকতাৰ দ্বাৰাই সত্যক নিবাৰণ কৰে, ঈশ্ৱৰৰ ক্ৰোধ সেই অধর্মি আৰু ভক্তিহীন লোক সকললৈ স্ৱর্গৰ পৰা প্ৰকট হয়;
Galatians 6:7 in Assamese 7 আপোনালোক ভ্ৰান্ত নহ’ব, ঈশ্বৰক প্ৰতাৰণা নকৰিব৷ কিয়নো মানুহে যিহকে ৰুৱে তাকেহে দাব।
Ephesians 2:2 in Assamese 2 এইবোৰৰ সৈতে আপোনালোকে জীৱন-যাপন কৰি জগতৰ নিয়ম অনুসাৰে চলি আছিল। আপোনালোকে আকাশৰ মন্দ শক্তিৰ অধিকাৰীৰ অনুসৰণকাৰী হৈ, অবাধ্যতাৰ সন্তান সকলৰ জীৱনত কার্য কৰি থকা দুষ্ট আত্মাৰ দৰে চলি আছিল।
Colossians 2:4 in Assamese 4 কোনেও যেন আপোনালোকক প্ৰলোভন-বাক্যেৰে নুভুলায়, এই কাৰণে মই এইবোৰ কথা কৈছোঁ।
Colossians 2:8 in Assamese 8 কোনোৱে যেন আপোনালোকক দৰ্শন-বিদ্যা আৰু প্ৰবঞ্চনাৰ দ্বাৰাই বন্দী কৰি নিনিয়ে, এই কাৰণে সাৱধান হ’ব; সেইবোৰ মানুহ পুৰুষে পুৰুষে চলাই অহা বিধান আৰু জগতৰ প্ৰাথমিক বিধিৰ অনুৰূপ, খ্ৰীষ্টৰ অনুৰূপ নহয়।
Colossians 2:18 in Assamese 18 কোনো এজনকে প্ৰতাৰণাপূৰ্ণ নম্ৰতাৰ দ্বাৰা আৰু স্বৰ্গৰ দূত সকলক কৰা সেৱা-কাৰ্য্যৰ দ্বাৰা নিজকে বঁটাৰ পৰা অপহৃত হ’বলৈ নিদিব৷ এনে লোক সকলে নানা দৰ্শনৰ কথাত প্ৰভাবিত কৰি নিজৰ মাংসময় মনৰ গৰ্বত বৃথা গর্বিত হয়।
Colossians 3:6 in Assamese 6 এইবোৰৰ কাৰণে ঈশ্বৰৰ ক্ৰোধ অবাধ্যতাৰ সন্তান সকলৰ ওপৰলৈ আহে।
2 Thessalonians 2:3 in Assamese 3 আপোনালোকক কোনোৰূপে কাকো ভুলাবলৈ নিদিব; কিয়নো সেইদিন অহাৰ আগেয়ে ঈশ্বৰৰ বিৰুদ্ধে ধৰ্ম পৰিত্যাগ কৰা দেখা যাব। সেই অবাধ্যতাৰ পুৰুষ যি বিনাশৰ পুত্ৰ, সি প্ৰকাশিত হ’ব;
2 Thessalonians 2:10 in Assamese 10 বিনাশ পথৰ যাত্রী সকলক অধাৰ্মিকতাৰ ছলনাৰে সকলো ধৰণৰ প্রৱঞ্চনা কৰিব। কিয়নো, এই লোক সকলে পৰিত্রাণ পাবৰ কাৰণে সত্যতাৰ প্ৰেমৰ কার্যক গ্রহণ নকৰিলে।
Hebrews 3:19 in Assamese 19 ইয়াতে আমি দেখো যে, বিশ্বাস নকৰা বাবেই তেওঁলোক সোমাব নোৱাৰিলে।
1 Peter 2:8 in Assamese 8 আৰু, ‘উজুটি খুউৱা শিল, আৰু বিঘ্নজনক শিল হ’ল’। তেওঁলোক বিঘ্নজনক, তেওঁলোকে বাক্য অমান্য কৰাত উজুটি খায়, তাৰ কাৰণে তেওঁলোক নিযুক্তও হৈছিল।
1 John 4:1 in Assamese 1 হে প্ৰিয় সকল, অাপোনালোকে সকলো আত্মাত বিশ্বাস নকৰিব; কিন্তু সেই আত্মা ঈশ্বৰৰ হয় নে নহয়, সেই বিষয়ে জানিবৰ বাবে আত্মাবোৰ পৰীক্ষা কৰি চাব; কাৰণ জগতত বহুত ভুৱা ভাববাদী ওলাল।