Ecclesiastes 9:10 in Assamese 10 তোমাৰ হাতত যি কার্যই আহঁক, তোমাৰ সকলো শক্তিৰে সৈতে তাক কৰিবা; কিয়নো তুমি যি ঠাইলৈ গৈ আছা, সেই চিয়োলত কোনো কাৰ্য্য বা পৰিকল্পনা বা বুদ্ধি কি জ্ঞান একোৱেই নাই।
Other Translations King James Version (KJV) Whatsoever thy hand findeth to do, do it with thy might; for there is no work, nor device, nor knowledge, nor wisdom, in the grave, whither thou goest.
American Standard Version (ASV) Whatsoever thy hand findeth to do, do `it' with thy might; for there is no work, nor device, nor knowledge, nor wisdom, in Sheol, whither thou goest.
Bible in Basic English (BBE) Whatever comes to your hand to do with all your power, do it because there is no work, or thought, or knowledge, or wisdom in the place of the dead to which you are going.
Darby English Bible (DBY) Whatever thy hand findeth to do, do with thy might; for there is no work, nor device, nor knowledge, nor wisdom, in Sheol, whither thou goest.
World English Bible (WEB) Whatever your hand finds to do, do it with your might; for there is no work, nor device, nor knowledge, nor wisdom, in Sheol, where you are going.
Young's Literal Translation (YLT) All that thy hand findeth to do, with thy power do, for there is no work, and device, and knowledge, and wisdom in Sheol whither thou art going.
Cross Reference Numbers 13:30 in Assamese 30 পাছত কালেবে মোচিৰ আগত লোকসকলক শান্ত কৰিবৰ অৰ্থে ক’লে, “আহা, আমি একেবাৰে উঠি গৈ, তাক অধিকাৰ কৰোঁ; কিয়নো তাক জয় কৰিবলৈ অৱশ্যে আমাৰ অধিক শক্তি আছে।”
1 Chronicles 22:19 in Assamese 19 এতিয়া সম্পূৰ্ণ হৃদয়েৰে তোমালোকৰ ঈশ্বৰ যিহোৱাক বিচাৰা। উঠা, আৰু ঈশ্ৱৰ যিহোৱাৰ পবিত্র গৃহ নিৰ্ম্মাণ কৰা। তাৰ পাছত নিয়ম-চন্দুক আৰু ঈশ্বৰৰ পবিত্ৰ বস্তুবোৰ যিহোৱাৰ নামৰ উদ্দেশ্যে নিৰ্ম্মাণ কৰা গৃহলৈ আনিব পাৰিবা।
1 Chronicles 28:20 in Assamese 20 দায়ূদে তেওঁৰ পুত্ৰ চলোমনক ক’লে, “তুমি বলৱান আৰু সাহিয়াল হোৱা। এই কাৰ্য কৰা। ভয় নকৰিবা আৰু ব্যাকুল নহ’বা, কিয়নো ঈশ্বৰ যিহোৱা, মোৰ ঈশ্বৰেই তোমাৰ লগত আছে। যিহোৱাৰ গৃহৰ সকলো কাৰ্য সমাপ্ত নোহোৱালৈকে তেওঁ তোমাক পৰিত্যাগ নকৰিব।
1 Chronicles 29:2 in Assamese 2 মোৰ ঈশ্বৰৰ মন্দিৰৰ অৰ্থে যি উত্তম, সেয়ে মই কৰিলোঁ। সোণৰ বস্তু প্রস্তুত কৰিবলৈ সোণ, ৰূপৰ বস্তু প্রস্তুত কৰিবলৈ ৰূপ, পিতলৰ বস্তু প্রস্তুত কৰিবলৈ পিতল, লোহাৰ বস্তু প্রস্তুত কৰিবলৈ লোহা, কাঠৰ বস্তু প্রস্তুত কৰিবলৈ কাঠ মই দিছোঁ। ৰক্তৰাগ পাথৰ, লগাবৰ কাৰণে পাথৰ, মণি-মুকুতাৰ কামৰ বাবে নানা বৰণীয়া পাথৰ, সকলো বিধৰ বহুমূলীয়া পাথৰ আৰু মাৰ্বল পাথৰো মই প্রচুৰ পৰিমাণে দিছোঁ।
2 Chronicles 31:20 in Assamese 20 হিষ্কিয়াই যিহূদাৰ সকলোফালে এইদৰেই কৰিলে৷ আৰু নিজ যিহোৱাৰ দৃষ্টিত যি উত্তম, ন্যায় আৰু সত্য, সেই সকলো সম্পন্ন কৰিলে।
Ezra 6:14 in Assamese 14 সেয়েহে হগ্গয় আৰু জখৰিয়া ভাববাদীৰ ভাববাণীৰ নিৰ্দেশ অনুযায়ী যিহূদাৰ বৃদ্ধসকলে নিৰ্ম্মাণ কাৰ্য্য কৰিলে। তেওঁলোকে ইস্ৰায়েলৰ ঈশ্বৰ আৰু কোৰচ, দাৰিয়াবচ, আৰু পাৰস্যৰ ৰজা অতক্ষত্ৰৰ আজ্ঞা অনুসাৰে তেওঁলোকে গৃহ নিৰ্ম্মাণ কৰিলে।
Nehemiah 2:12 in Assamese 12 মই ৰাতিয়ে উঠিলো, তাতে মই আৰু কেইজন মান পুৰুষ মোৰ সৈতে আছিল। যিৰূচালেমৰ অৰ্থে যি কৰিবলৈ মোৰ ঈশ্ৱৰে মোৰ মনত উদগণি দিলে, সেই কথা মই কাৰো আগত নক’লোঁ। মই উঠি অহা জন্তুটোৰ বাহিৰে আন কোনো জন্তু মোৰ লগত নাছিল।
Nehemiah 4:2 in Assamese 2 চমৰীয়া সৈন্যৰ আৰু তেওঁৰ ভাইসকলৰ উপস্থিতিত তেওঁ ক’লে, “সেই দুৰ্ব্বল যিহুদীসকলে কি কৰি আছে? তেওঁলোকে নিজৰ বাবে পুনৰ নগৰ প্রতিষ্ঠা কৰিব নে? তেওঁলোকে বলিদান কৰিব নে? তেওঁলোকে একেদিনাই সেই কাম শেষ কৰিব নে? পোৰা ভগ্নস্তূপৰ তেওঁলোকে শিলবোৰক জীৱন্ত কৰিব নে?”
Nehemiah 4:6 in Assamese 6 সেয়ে আমি দেৱাল সাজিলোঁ, আৰু লোকসকলে আগ্রহৰে দেৱালবোৰ যোৰা লগাই দেৱালৰ উচ্ছতাৰ আধালৈকে মেৰামতি কৰিলে।
Nehemiah 4:9 in Assamese 9 কিন্তু আমি আমাৰ ঈশ্বৰৰ আগত প্ৰাৰ্থনা কৰিলোঁ আৰু তেওঁলোকৰ ভাবুকিৰ পৰা ৰক্ষা পাবলৈ তেওঁলোকৰ বিৰুদ্ধে দিনে ৰাতিয়ে প্রহৰী নিযুক্ত কৰিলোঁ।
Nehemiah 4:17 in Assamese 17 দেৱাল নিৰ্ম্মাণ কৰোঁতা, আৰু ভাৰ বওঁতাসকলে প্রতিজনে এখন হাতেৰে কাম কৰিছিল, আৰু আন খন হাতেৰে অস্ত্ৰ ধৰিছিল।
Nehemiah 13:8 in Assamese 8 মই অতিশয় ক্রোধিত হৈছিলোঁ, আৰু ভৰালৰ পৰা টোবিয়াৰ ঘৰৰ সকলো বস্তু দলিয়াই পেলালোঁ।
Job 14:7 in Assamese 7 কিয়নো গছৰ আশা আছে, তাক কাটিলেও সি আকৌ পোখা মেলে, আৰু তাৰ কোমল গজালিৰ অভাৱ নহয়।
Psalm 6:5 in Assamese 5 মৃত্যু হ’লে তোমাক সোঁৱৰণ কৰা নহয়; চিয়োলত (মৈদাম) কোনে তোমাৰ প্রশংসা কৰিব?
Psalm 71:15 in Assamese 15 মই মুখেৰে তোমাৰ ধাৰ্ম্মিকতাৰ কথা কম, ওৰে দিনটো তোমাৰ পৰিত্ৰাণৰ কথা প্ৰকাশ কৰিম; তথাপিও মই বুজি পোৱা নাই।
Psalm 88:10 in Assamese 10 মৃতজনৰ কাৰণে জানো তুমি আচৰিত কৰ্ম্ম কৰা? মৃতজনে উঠি জানো তোমাৰ স্তুতি কৰিব? (চেলা)
Ecclesiastes 9:5 in Assamese 5 কিয়নো জীৱিত লোকসকলে জানে যে তেওঁলোকৰ মৃত্যু হ’ব। কিন্তু মৃতলোকসকলে একোকেই নাজানে; মৃত লোকে পাবৰ কাৰণে একো পুৰস্কাৰ নাই, কাৰণ তেওঁলোকৰ কথা মানুহে পাহৰি যায়।
Ecclesiastes 11:3 in Assamese 3 যেতিয়া মেঘবোৰ বৃষ্টিৰে পূৰ্ণ হৈ থাকে, তেতিয়া তাৰ পৰা পৃথিবীত বৰষুণ পৰে; গছ উত্তৰ বা দক্ষিণ যি দিশতেই পৰক, কিন্তু যি ঠাইত পৰে, সেই ঠাইতেই পৰি থাকে।
Ecclesiastes 11:6 in Assamese 6 ৰাতিপুৱা তুমি তোমাৰ বীজ ৰোপন কৰিবা, আৰু গধূলি পৰত তোমাৰ হাতক কর্মহীন নকৰিবা; কিয়নো পুৱা বা গধূলি কৰা কোনটো কার্যত তুমি সফল হ’বা, তুমি নাজানা; এই কার্যত নে সেই কার্যত, অথবা দুয়োটাই একে সমানেই ভাল হ’ব, তাক নাজানা।
Isaiah 38:18 in Assamese 18 কাৰণ চিয়োলে আপোনাক ধন্যবাদ নিদিয়ে; মৃত্যুৱে আপোনাৰ প্রশংসা নকৰে; গাঁতলৈ নামি যোৱাসকলে আপোনাৰ বিশ্ৱাসযোগ্যতালৈ আশা কৰিব নোৱাৰে।
Jeremiah 29:13 in Assamese 13 আৰু তোমালোকে সমস্ত মনেৰে মোক বিচাৰিলে মোক বিচাৰি পাবা।
Matthew 6:33 in Assamese 33 কিন্তু তোমালোকে প্ৰথমে ঈশ্বৰৰ ৰাজ্য আৰু ধাৰ্মিকতা বিচাৰা; তাতে এই সকলোবোৰ তোমালোকক দিয়া হ’ব।
John 4:34 in Assamese 34 যীচুৱে তেওঁলোকক ক’লে, “মোক পঠোৱা জনৰ ইচ্ছা পালন কৰা, আৰু তেওঁৰ কাৰ্য সিদ্ধ কৰাই মোৰ আহাৰ।
John 9:4 in Assamese 4 আমি দিন থাকোতেই মোক পঠোৱা জনৰ কৰ্ম কৰিব লাগে। ৰাতি হৈ আহিছে, তেতিয়া কোনেও কৰ্ম কৰিব নোৱাৰিব।
Acts 20:25 in Assamese 25 এতিয়া চাওক, যি সকলৰ মাজত মই ঈশ্বৰৰ ৰাজ্যৰ বিষয়ে প্ৰচাৰ কৰি ফুৰিলোঁ, সেই সকলৰ মাজত, আপোনালোকে মোৰ মুখ ইয়াৰ পাছত যে দেখিবলৈ নাপাবা, ইয়াকো মই জানিছোঁ।
Romans 12:11 in Assamese 11 পৰিশ্ৰমত এলেহুৱা নহ’ব; আত্মাত উৎসাহী হওক; প্ৰভুৰ সেৱাকৰ্ম কৰক৷
Romans 15:18 in Assamese 18 কিয়নো মই যে কোনো কাম কৰিছোঁ, এনে কথা মই কোৱা নাই৷ মোৰ বাক্য আৰু কাৰ্যৰ দ্বাৰা অনা-ইহুদী সকলক ঈশ্বৰৰ বাধ্য কৰিবৰ বাবে খ্ৰীষ্টই মোৰ যোগেদি যি কৰিছে, ইয়াৰ বাহিৰে আন একো কথা ক’বলৈ সাহস নকৰোঁ৷
1 Corinthians 9:24 in Assamese 24 আপোনালোকে নাজানা নে, দৌৰ প্ৰতিযোগিতাত অনেকে দৌৰ মাৰে: কিন্তু এজনেহে বঁটা পায়? সেয়ে এনেকৈ দৌৰক, যাতে পুৰস্কাৰ পাব পাৰে৷
1 Corinthians 9:26 in Assamese 26 এতেকে মই এক লক্ষ্য কৰি দৌৰ মাৰোঁ, কিন্তু লক্ষ্য নকৰাকৈ নহয়; মুষ্টিযুদ্ধ কৰোঁ, কিন্তু বায়ুত ঘোচা মৰাৰ দৰে নামাৰোঁ;
1 Corinthians 15:10 in Assamese 10 তথাপি মই যি হৈছোঁ; ঈশ্বৰৰ অনুগ্ৰহেৰেহে হৈছোঁ; আৰু মোলৈ তেওঁৰ যি অনুগ্ৰহ, সেয়ে ব্যৰ্থ নহ’ল; কিন্তু মই তেওঁলোকতকৈ অধিক পৰিশ্ৰম কৰিলোঁ; অকল ময়েই যে কৰিলোঁ, এনে নহয়, ঈশ্বৰৰ অনুগ্ৰহে মোৰ লগত কৰিলে।
1 Corinthians 16:10 in Assamese 10 এতিয়া যদি আপোনালোকৰ ওচৰত তীমথিয় উপস্থিত হয়, তেনেহলে তেওঁ যাতে আপোনালোকৰ তাত নিৰ্ভয়ে থাকে, কিয়নো তেওঁ মোৰ দৰেই প্ৰভুৰ কাৰ্য কৰে, কোনেও যেন তেওঁক হেয়জ্ঞান নকৰে৷
Ephesians 5:16 in Assamese 16 সুসময়ক কিনি ল’ব; কিয়নো এই সময় মন্দ।
Colossians 3:23 in Assamese 23 আপোনালোকে যি কৰে, সেইবোৰ মানুহৰ উদ্দেশ্যে নহয়, কিন্তু প্ৰভুৰ উদ্দেশ্যেৰে মনে চিত্তে সৈতে কৰক;
2 Peter 1:12 in Assamese 12 এই হেতুকে, যদিও আপোনালোকে এই সকলোবোৰ জানে আৰু যি সত্য, তাত থিৰে আছে, তথাপি মই সকলো সময়তে আপোনালোকক এই বিষয়বোৰ মনত পেলাই দিবলৈ প্রস্তুত থাকিম;