Ecclesiastes 8:1 in Assamese 1 জ্ঞানৱানৰ তুল্য কোন আছে? যি ঘটে, কোনে তাৰ অৰ্থ বুজাব পাৰে? প্রজ্ঞাই মানুহৰ মুখ উজ্জ্বল কৰে, আৰু তেওঁৰ মুখৰ কঠিনতা পৰিৱৰ্ত্তন কৰিব পাৰে।
Other Translations King James Version (KJV) Who is as the wise man? and who knoweth the interpretation of a thing? a man's wisdom maketh his face to shine, and the boldness of his face shall be changed.
American Standard Version (ASV) Who is as the wise man? and who knoweth the interpretation of a thing? A man's wisdom maketh his face to shine, and the hardness of his face is changed.
Bible in Basic English (BBE) Who is like the wise man? and to whom is the sense of anything clear? A man's wisdom makes his face shining, and his hard face will be changed.
Darby English Bible (DBY) Who is as the wise? and who knoweth the explanation of things? A man's wisdom maketh his face to shine, and the boldness of his face is changed.
World English Bible (WEB) Who is like the wise man? And who knows the interpretation of a thing? A man's wisdom makes his face shine, and the hardness of his face is changed.
Young's Literal Translation (YLT) Who `is' as the wise? and who knoweth the interpretation of a thing? The wisdom of man causeth his face to shine, and the hardness of his face is changed.
Cross Reference Genesis 40:8 in Assamese 8 তেওঁলোকে ক’লে, “আমি দুয়োজনেই এটাকৈ সপোন দেখিলোঁ; কিন্তু তাৰ অর্থ বুজাবলৈ কোনো নাই।” তেতিয়া যোচেফে তেওঁলোকক ক’লে, “সপোনৰ অর্থ কোৱাৰ ক্ষমতা জানো ঈশ্বৰৰ পৰা নহয়? আপোনালোকে অনুগ্রহ কৰি মোক কওঁকচোন।”
Genesis 41:15 in Assamese 15 তাতে ফৰৌণে যোচেফক ক’লে, “মই এটা সপোন দেখিলোঁ, তাৰ অর্থ বুজাই দিব পৰা কোনো নাই; কিন্তু তুমি শুনামাত্ৰে সপোনৰ ফলিতা দিব পাৰা বুলি মই তোমাৰ বিষয়ে শুনিছোঁ।
Genesis 41:38 in Assamese 38 তেতিয়া ফৰৌণে তেওঁৰ পাত্ৰমন্ত্ৰীসকলক ক’লে, “এই যি জন মানুহত ঈশ্বৰৰ আত্মা আছে, এওঁৰ নিচিনা আমি কাক পাম?”
Exodus 34:29 in Assamese 29 মোচি যেতিয়া সেই দুখন ফলি লৈ চীনয় পৰ্ব্বতৰ পৰা নামি আহিল, তেতিয়া যিহোৱাৰ লগত কথা পতাৰ পাছত তেওঁৰ চেহেৰা যে উজ্জ্বল হৈ আছিল, সেই কথা মোচিয়ে নিজে জনা নাছিল।
Deuteronomy 28:50 in Assamese 50 সেইসকল এক নিষ্ঠুৰ জাতি হ’ব। তেওঁলোকে বয়োজ্যেষ্ঠ লোকক সন্মান নকৰিব আৰু ল’ৰা-ছোৱালীবোৰক দয়া-মায়া নকৰিব।
Job 33:23 in Assamese 23 মানুহক যথাৰ্থ পথ দেখুৱাবৰ নিমিত্তে, তাৰ পক্ষে যদি হাজাৰৰ ভিতৰত এজন দুত মধ্যস্থ থাকে,
Proverbs 1:6 in Assamese 6 যাতে নীতিবচন আৰু বাণী, জ্ঞানীলোকৰ বাক্য আৰু তেওঁলোকৰ নিগূঢ়তত্ব বুজিব পাৰে।
Proverbs 4:8 in Assamese 8 প্রজ্ঞাক সস্নেহে প্রতিপালন কৰা, তেওঁ তোমাক উচ্চ স্হানত স্হাপন কৰিব; তুমি তেওঁক আঁকোৱালি ধৰিলে, তেওঁ তোমাক আদৰ কৰিব।
Proverbs 17:24 in Assamese 24 যিজনৰ সুবিবেচনা থাকে, তেওঁ প্ৰজ্ঞাৰ সন্মুখত থাকে; কিন্তু অজ্ঞানী লোকৰ চকু পৃথিবীৰ অন্তত থাকে।
Proverbs 24:5 in Assamese 5 সাহসী লোক বলৱান হয়, কিন্তু বলৱান লোকতকৈ জ্ঞানী লোক ভাল।
Ecclesiastes 2:13 in Assamese 13 মই দেখিলো, অন্ধকাৰতকৈ পোহৰ যেনেকৈ উত্তম, তেনেকৈ অজ্ঞানতকৈ প্ৰজ্ঞা উত্তম।
Daniel 2:28 in Assamese 28 কিন্তু মহাৰাজ, স্বৰ্গত থকা এজন ঈশ্বৰ আছে; যিজনে গোপন কথা প্ৰকাশ কৰে, আৰু আহিব লগা দিনবোৰত কি ঘটিব, সেই সকলোকে তেওঁ আপোনাক জানিব দিব; আপুনি শয্যাত শুই থকা সময়ত দেখা সপোন আৰু দৰ্শন এইবোৰ:
Daniel 2:47 in Assamese 47 ৰজাই দানিয়েলক ক’লে, “তোমাৰ ঈশ্বৰ সচাঁ, ঈশ্বৰৰো ঈশ্বৰ, ৰজাৰো ৰজা, আৰু নিগূঢ় বিষয় প্রকাশ কৰিব পৰা এজনা, সেয়ে তুমি এই নিগূঢ় কথা বুজিব পাৰিছা।”
Daniel 4:18 in Assamese 18 মই ৰজা নবুখদনেচৰে এই সপোন দেখিলোঁ। এতিয়া হে বেলটচচৰ, আপুনি ইয়াৰ ফলিতা কওক; কিয়নো মোৰ ৰাজ্যত থকা কোনো জ্ঞানসম্পন্ন লোকে মোক ইয়াৰ ফলিতা ক’ব পৰা নাই। আপুনি ক’ব পাৰিব, কাৰণ আপোনাৰ অন্তৰত পবিত্ৰ দেৱতাসকলৰ আত্মা আছে।”
Matthew 17:2 in Assamese 2 যীচুৱে তেওঁলোকৰ সন্মুখত অন্যৰূপ ধাৰণ কৰিলে; তেওঁৰ মুখ সূৰ্যৰ দৰে দীপ্তিমান আৰু বস্ত্ৰ পোহৰৰ নিচিনা শুক্ল হৈ গ’ল।
Acts 4:13 in Assamese 13 পিতৰ আৰু যোহনৰ সাহস দেখি আৰু তেওঁলোক লিখা-পঢ়া নজনা লোক বুলি জানিবলৈ পোৱাত, তেওঁলোকে বিস্ময় মানিলে৷ তেওঁলোকে জানিলে যে, পিতৰ আৰু যোহন যীচুৰ লগত আছিল।
Acts 4:29 in Assamese 29 হে প্ৰভু, এতিয়া তেওঁলোকৰ এই ভীতি প্ৰদৰ্শন শুনা! তোমাৰ দাস সকলক তোমাৰ বাক্য অতি সাহসেৰে ক’বলৈ অনুগ্রহ দান কৰা।
Acts 6:15 in Assamese 15 তেতিয়া সভাত বহা সকলোৱে তেওঁলৈ একেথৰে চাই থাকিল আৰু স্তিফানৰ মুখ স্বৰ্গৰ দূতৰ মুখৰ নিচিনা দেখিলে।
1 Corinthians 2:13 in Assamese 13 আমি সেই দানবোৰৰ বিষয়ে কওঁতে, মনুষ্যৰ জ্ঞানৰ পৰা শিক্ষা পাই নকওঁ, কিন্তু আত্মাৰ পৰা শিক্ষা পাইহে কওঁ। আত্মিক বিষয় বুজাবলৈ আত্মিক জ্ঞানেৰে কওঁ।
Ephesians 6:19 in Assamese 19 মোৰ কাৰণেও প্ৰার্থনা কৰিব, যাতে শুভবার্তাৰ নিগূঢ়-তত্ত্ব সাহসেৰে প্ৰচাৰ কৰিবলৈ মই মুখ মেলিবৰ সময়ত উপযুক্ত কথা মোক দিয়া হয়৷
2 Timothy 4:17 in Assamese 17 কিন্তু মোৰ দ্বাৰাই যেন ঘোষণা কার্য সিদ্ধ হয় আৰু সকলো অনা-ইহুদী লোকে যেন শুনিবলৈ পায়, এই কাৰণে প্ৰভুৱে মোৰ ওচৰত থিয় হৈ মোক বলৱান কৰিলে; তাতে মই সিংহৰ মুখৰ পৰা ৰক্ষা পালোঁ।
2 Peter 1:20 in Assamese 20 সকলোৰে ওপৰত প্ৰথমে ইয়াকে জানি থওঁক যে, ধৰ্মশাস্ত্ৰৰ কোনো ভাৱবাণী (বচন), ভাৱবাদীজনৰ নিজৰ যুক্তি-ব্যাখ্যাৰ পৰা নাহে;