Ecclesiastes 5:1 in Assamese 1 ঈশ্বৰৰ গৃহলৈ যোৱা কালত তোমাৰ ভৰি সাৱধানে ৰাখিবা। যিসকলে নিজে কৰা অন্যায় কামবোৰ বুজি নাপায়, তেনে অজ্ঞানী লোকৰ দৰে বলিদান কৰাতকৈ বৰং তাত শুনিবলৈ ওচৰ চপাই ভাল।
Other Translations King James Version (KJV) Keep thy foot when thou goest to the house of God, and be more ready to hear, than to give the sacrifice of fools: for they consider not that they do evil.
American Standard Version (ASV) Keep thy foot when thou goest to the house of God; for to draw nigh to hear is better than to give the sacrifice of fools: for they know not that they do evil.
Bible in Basic English (BBE) Be not unwise with your mouth, and let not your heart be quick to say anything before God, because God is in heaven and you are on the earth--so let not the number of your words be great.
Darby English Bible (DBY) Keep thy foot when thou goest to the house of God, and draw near to hear, rather than to give the sacrifice of fools: for they know not that they do evil.
World English Bible (WEB) Guard your steps when you go to God's house; for to draw near to listen is better than to give the sacrifice of fools, for they don't know that they do evil.
Young's Literal Translation (YLT) Keep thy feet when thou goest unto a house of God, and draw near to hear rather than to give of fools the sacrifice, for they do not know they do evil.
Cross Reference Genesis 4:3 in Assamese 3 পাছত এটা সময়ত কয়িনে যিহোৱাৰ উদ্দেশ্যে তেওঁৰ ভূমিত উৎপন্ন হোৱা কিছু ফল উৎসৰ্গ কৰিলে;
Genesis 28:16 in Assamese 16 যাকোবে টোপনিৰ পৰা সাৰ পাই ক’লে, “তেন্তে যিহোৱা নিশ্চয়কৈ এই ঠাইত আছে, অথচ মই তাক জনা নাছিলোঁ।”
Exodus 3:5 in Assamese 5 যিহোৱাই ক’লে, “তুমি ওচৰ চাপি নাহিবা; তোমাৰ ভৰিৰ পৰা জোতা সোলোকোৱা, কিয়নো তুমি যি ঠাইত থিয় হৈ আছাঁ, সেয়া পবিত্ৰ ভূমি।”
Leviticus 10:3 in Assamese 3 তেতিয়া মোচিয়ে হাৰোণক ক’লে, “যিহোৱাই ইয়াকে কৈছিল, বোলে, ‘যি সকলে মোৰ কাষ চাপিব, তেওঁলোকৰ মাজত মোৰ পবিত্ৰতা প্রকাশ কৰিম। আৰু সকলো লোকৰ সাক্ষাতে মই গৌৰৱান্বিত হ’ম’।” হাৰোণ হতভম্ব হৈ নিজমে থাকিল।
Joshua 5:15 in Assamese 15 যিহোৱাৰ সৈন্য-বাহিনীৰ সেনাপতিয়ে যিহোচূৱাক ক’লে, “তোমাৰ ভৰিৰ পৰা তোমাৰ জোতা সোলোকোৱা; কিয়নো তুমি যি ঠাইত থিয় হৈ আছা, সেই ঠাই পবিত্ৰ।” তেতিয়া যিহোচূৱাই সেইদৰেই কৰিলে৷
1 Samuel 13:12 in Assamese 12 তেতিয়া মই কলোঁ, ফিলিষ্টীয়াসকল এতিয়া মোৰ বিৰুদ্ধে গিলগললৈ নামি আহিছে, আৰু মই যিহোৱাৰ দয়া নিবিছাৰিলোঁ। সেই কাৰণে মই সাহস কৰি হোম-বলি উৎসৰ্গ কৰিলোঁ।”
1 Samuel 15:21 in Assamese 21 কিন্তু লোকসকলে গিলগলত আপোনাৰ ঈশ্বৰ যিহোৱাৰ উদ্দেশ্যে বলিদান কৰিবৰ অৰ্থে সম্পূৰ্ণভাৱে ধ্ৱংস কৰিবলগীয়া বস্তুৰ মাজৰ পৰা উত্তম যি ভাগ, যেনে মেৰ, ছাগলী, আৰু গৰু আনিলে।”
2 Chronicles 26:16 in Assamese 16 কিন্তু শক্তিমান হোৱাৰ পাছত তেওঁৰ মন এনেকৈ গর্বিত হ’ল যে, তেওঁ দুষ্কৰ্ম কৰিবলৈ ধৰিলে; তেওঁ নিজ ঈশ্বৰ যিহোৱাৰ বিৰুদ্ধে সত্যলঙ্ঘন কৰিলে। তেওঁ ধূপবেদীৰ ওপৰত ধূপ জ্বলাবলৈ যিহোৱাৰ মন্দিৰত সোমাল।
Psalm 50:8 in Assamese 8 তোমাৰ উৎসর্গৰ বাবে মই তোমাক দোষী কৰা নাই; তোমাৰ হোমবলিবোৰ সদায় মোৰ সন্মুখত আছে।
Psalm 89:7 in Assamese 7 পবিত্ৰ দূতসকলৰ সভাত সকলোৱে ঈশ্বৰক ভয় কৰে; তেওঁৰ চৰিওফালে থকা সকলতকৈ তেৱেঁই অতিশয় ভীতিজনক।
Proverbs 15:8 in Assamese 8 দুষ্ট সকলৰ বলিদান যিহোৱাই ঘিণ কৰে; কিন্তু ন্যায়পৰায়ণ লোকৰ প্ৰাৰ্থনাত তেওঁ আনন্দিত হয়।
Proverbs 21:27 in Assamese 27 দুষ্ট লোকৰ বলিদান ঘৃণনীয়; তাতে বেয়া মনোভাবেৰে অনাৰ বাবে তাতকৈ কিমান বেছি ঘৃণনীয় হ’ব।
Isaiah 1:12 in Assamese 12 যেতিয়া তোমালোকে মোৰ আগত উপস্থিত হ’বলৈ আহাঁ, আৰু মোৰ চোতালখন গচকা, তেতিয়া তোমালোকৰ পৰা এইবোৰ কোনে খুজিছিল?
Isaiah 66:3 in Assamese 3 যি জনে গৰু বধ কৰে, তেওঁ মানুহ বধ কৰাৰ দৰে; আৰু যি জনে ভেড়া পোৱালি বলিদান কৰে, তেওঁ কুকুৰৰ ডিঙি ভঙাৰ দৰে; যি জনে শস্য উৎসৰ্গ কৰে, তেওঁ গাহৰি পোৱালিৰ তেজ উৎসৰ্গ কৰাৰ দৰে আৰু যি জনে স্মৃতিচিহ্ন ধূপ জ্বলায়, তেওঁ দুষ্টতাক আশীৰ্বাদ কৰাৰ দৰে; তেওঁলোকে নিজৰ পথ বাচি ল’লে, আৰু তেওঁলোকে নিজৰ ঘিণলগীয়া কৰ্ম্মত সন্তোষ পায়।
Jeremiah 7:21 in Assamese 21 ইস্ৰায়েলৰ ঈশ্বৰ বাহিনীসকলৰ যিহোৱাই এই কথা কৈছে: তোমালোকে তোমালোকৰ মঙ্গলাৰ্থক বলিৰ লগত হোম-বলি যোগ কৰা, আৰু মাংস খোৱা।
Hosea 6:6 in Assamese 6 কিয়নো মই বলিদান নিবিচাৰো, বিশ্বাসপূর্ণ প্রেমহে বিচাৰো; মই বিচাৰো মানুহে যেন হোম-বলিতকৈ ঈশ্বৰ-বিষয়ক জ্ঞান অধিককৈ লাভ কৰে।
Malachi 1:10 in Assamese 10 “ওহ! তোমালোকৰ মাজৰ এজনেও যদি মন্দিৰৰ দুৱাৰবোৰ বন্ধ কৰিলেহেঁতেন, তেনেহলে তোমালোকে মোৰ যজ্ঞবেদীৰ ওপৰত বৃথাই জুই নজ্বলালেহেতেঁন! তোমালোকত মই অলপো সন্তুষ্ট নহয়।” ইয়াক বাহিনীগণৰ যিহোৱাই কৈছে। “তোমালোকৰ হাতৰ পৰা মই কোনো উৎসর্গ গ্ৰহণ নকৰিম।
Acts 10:33 in Assamese 33 এই হেতুকে মই তেতিয়াই আপোনাৰ তালৈ মানুহ পঠালোঁ৷ আপুনি যে এতিয়া আহি পালে, ভাল কৰিলে৷ এতেকে প্ৰভুৱে যি আজ্ঞা আপোনাক দিলে, সেই সকলো বিষয় শুনিবলৈ আমি সকলোৱে এতিয়া ঈশ্বৰৰ সাক্ষাতে উপস্থিত আছোঁ৷”
1 Corinthians 11:22 in Assamese 22 তেনেহলে ভোজন-পান কৰিবলৈ, আপোনালোকৰ নিজ নিজ ঘৰ সঁচাকৈ নাই নে? নাইবা ঈশ্বৰৰ মণ্ডলীক হেয়জ্ঞান কৰি, দীনহীন সকলক লাজ দিয়ে নে? মই আপোনালোকক কি ক’ম? এই কথাত আপোনালোকক প্ৰশংসা কৰিম নে? আপোনালোকক প্ৰশংসা নকৰোঁ।
Hebrews 10:26 in Assamese 26 যদি সত্যৰ তত্ত্ব-জ্ঞান পোৱাৰ পাছত আমি জানি শুনি পাপ-আচৰণ কৰোঁ, তেনেহলে পাপৰ কাৰণে বলিদান কৰা পুনৰ বাকী নাথাকে;
Hebrews 12:28 in Assamese 28 যিহেতু আমি অলৰ ৰাজ্যৰ অধিকাৰী হ’লো; সেয়েহে আহক, প্ৰশংসা আৰু ভক্তিপূৰ্ণ ভয়েৰে সৈতে গ্ৰহণযোগ্যভাবে ঈশ্বৰৰ কৃতজ্ঞতা স্বীকাৰ আৰু আৰাধনা কৰোঁহক;
James 1:19 in Assamese 19 হে মোৰ প্ৰিয় ভাই সকল, অাপোনালোকে এই কথা জানে যে প্ৰত্যেক ব্যক্তি শুনিবলৈ খৰ, ক’বলৈ ধীৰ আৰু ক্ৰোধলৈয়ো ধীৰ হওক।
1 Peter 2:1 in Assamese 1 এতেকে সকলো মন্দ, প্ৰৱঞ্চনা, কপটতা, হিংসা আৰু পৰচৰ্চা, দূৰ কৰক৷