Ecclesiastes 4:1 in Assamese 1 পুনৰ মই সূৰ্য্যৰ তলত যি সকলো উপদ্রৱ হয়, সেইবোৰলৈ এবাৰ চালো। চোৱা, উপদ্রৱ পোৱা লোকসকলে কান্দিছে, কিন্তু তেওঁলোকক শান্তনা দিওঁতা কোনো নাই; যিসকলে উপদ্রৱ কৰে, তেওঁলোকৰ হাতত ক্ষমতা আছে; কিন্তু উপদ্রৱ পোৱাসকলক শান্তনা দিওঁতা কোনো নাই।
Other Translations King James Version (KJV) So I returned, and considered all the oppressions that are done under the sun: and behold the tears of such as were oppressed, and they had no comforter; and on the side of their oppressors there was power; but they had no comforter.
American Standard Version (ASV) Then I returned and saw all the oppressions that are done under the sun: and, behold, the tears of such as were oppressed, and they had no comforter; and on the side of their oppressors there was power; but they had no comforter.
Bible in Basic English (BBE) And again I saw all the cruel things which are done under the sun; there was the weeping of those who have evil done to them, and they had no comforter: and from the hands of the evil-doers there went out power, but they had no comforter.
Darby English Bible (DBY) And I returned and saw all the oppressions that are done under the sun: and behold, the tears of the oppressed, and they had no comforter; and on the side of their oppressors was power, and they had no comforter.
World English Bible (WEB) Then I returned and saw all the oppressions that are done under the sun: and, behold, the tears of those who were oppressed, and they had no comforter; and on the side of their oppressors there was power; but they had no comforter.
Young's Literal Translation (YLT) And I have turned, and I see all the oppressions that are done under the sun, and lo, the tear of the oppressed, and they have no comforter; and at the hand of their oppressors `is' power, and they have no comforter.
Cross Reference Exodus 1:13 in Assamese 13 মিচৰীয়া সকলে ইস্ৰায়েলী লোক সকলক অব্যাহতি নিদিয়াকৈ কাম কৰাইছিল।
Exodus 1:16 in Assamese 16 ৰজাই ক’লে, “যি সময়ত আপোনালোকে ইব্ৰীয়া মহিলা সকলক প্রসৱ আসনত সন্তান প্ৰসৱ কৰাত সহায় কৰিব, সেই সময়ত তেওঁলোকে জন্ম দিয়া সন্তানক লক্ষ্য কৰিব; যদি সেই সন্তান ল’ৰা হয় তেনেহ’লে তাক অৱশ্যে বধ কৰিব, আৰু যদি ছোৱালী হয়, তেনেহ’লে তাইক জীয়াই থাকিবলৈ দিব।”
Exodus 1:22 in Assamese 22 পাছত ফৰৌণে নিজৰ সকলো প্ৰজাকে এই আজ্ঞা দিলে, “আপোনালোক নতুন কৈ জন্ম হোৱা প্ৰত্যেক ল’ৰা শিশুক নদীত পেলাই দিব লাগিব, কিন্তু প্ৰতিজনী ছোৱালীক হ’লে জীয়াই ৰাখিব পাৰিব।”
Exodus 2:23 in Assamese 23 বহুত দিনৰ পাছত, মিচৰৰ ৰজাৰ মৃত্যু হ’ল। ইস্ৰায়েলী লোকসকলে বন্দীকামৰ বাবে আৰ্তনাদ কৰিলে। তেওঁলোকে সহায়ৰ বাবে কাতৰোক্তি কৰিলে আৰু তেওঁলোকৰ দাসত্ব জীৱনৰ কাৰণে তেওঁলোকৰ অনুৰোধ ঈশ্বৰে শুনিলে।
Exodus 5:16 in Assamese 16 আপোনাৰ দাস সকলক এতিয়া নৰা দিয়া হোৱা নাই, তথাপিও তেওঁলোকে আমাক কৈ আছে ‘ইটা তৈয়াৰ কৰা!’ এনেকি আমিও আপোনাৰ দাস তেওঁলোকৰ দ্বাৰাই প্ৰহাৰিত হৈছোঁ। কিন্তু এয়া আপোনাৰ নিজৰ লোক সকলৰহে ভূল।”
Deuteronomy 28:33 in Assamese 33 আপোনালোকে নজনা এটা জাতিয়ে আপোনালোকৰ ভূমিৰ শস্য আৰু আপোনালোকৰ পৰিশ্ৰমৰ সকলো ফল ভোগ কৰিব; আপোনালোকে সদায় কেৱল উপদ্ৰৱ আৰু লাঞ্চনা ভোগ কৰিব;
Deuteronomy 28:48 in Assamese 48 এই কাৰণে, যি শত্ৰুবোৰক যিহোৱাই আপোনালোকৰ বিৰুদ্ধে পঠাব, আপোনালোকে ভোক, পিয়াহ, বস্ত্র আৰু দৰিদ্রতা এই সকলো বস্তুৰ অভাৱত সেই শত্ৰুবোৰৰ বন্দী কাম কৰিব আৰু তেওঁ আপোনালোকক বিনষ্ট নকৰালৈকে আপোনালোকৰ ডিঙিত লোহাৰ যুঁৱলি থৈ দিব।
Judges 4:3 in Assamese 3 সেই সেনাপতিৰ নশ লোহাৰ ৰথ আছিল আৰু তেওঁ বিশ বছৰলৈকে ইস্ৰায়েলীয়া লোকসমূহৰ ওপৰত অতিশয় উৎপীড়ন চলাইছিল। সেয়ে, ইস্রায়েলবাসীয়ে যিহোৱাৰ ওচৰত সহায় বিচাৰি কাতৰোক্তি কৰিবলৈ ধৰিলে।
Judges 10:7 in Assamese 7 সেয়ে তেওঁলোকৰ বিৰুদ্ধে তেওঁ খঙত জ্বলি উঠিল আৰু ফিলিষ্টীয়া আৰু অম্মোনীয়াসকলৰ হাতত তেওঁলোকক তুলি দিলে।
Nehemiah 5:1 in Assamese 1 তাৰ পাছত লোকসকলে আৰু তেওঁলোকৰ ভাৰ্য্যাসকলে তেওঁলোকৰ যিহুদী ভাই সকলৰ কাৰণে উচ্ছ স্ৱৰে কান্দিলে।
Job 6:29 in Assamese 29 মই মিনতি কৰোঁ, তোমালোকে পুনৰায় আৰম্ভ কৰা, কোনো অন্যায় নহওঁক; আকৌ কওঁ, পুনৰায় আৰম্ভ কৰা, মোৰ ধাৰ্মিকতা এতিয়াও থিৰে আছে।
Job 16:4 in Assamese 4 ময়ো তোমালোকৰ দৰে উত্তৰ দিব পাৰোঁ; মোৰ প্ৰাণৰ সলনি যদি তোমালোকৰ প্ৰাণ হলেহেঁতেন, তেনেহলে মইও তোমালোকৰ অহিতে কথা সাজিব পাৰিলোহেঁতেন, আৰু তোমালোকক বিদ্রূপ কৰি মূৰ জোকাৰিব পাৰিলোহেঁতেন।
Job 19:21 in Assamese 21 হে মোৰ বন্ধু সকল, তোমালোকেই মোক কৃপা কৰা, মোক কৃপা কৰা; কিয়নো ঈশ্বৰৰ হাতে মোক স্পৰ্শ কৰিলে।
Job 24:7 in Assamese 7 সিহঁতে বস্ত্ৰৰ অভাৱত উদং গাৰে ৰাতি কটায়, আৰু জাৰত গাত লবলৈ সিহঁতৰ একো নাই।
Job 35:9 in Assamese 9 অধিক উপদ্ৰৱ পোৱাত লোকবিলাকে কাঁতৰোক্তি কৰে, আৰু বলৱান বিলাকৰ বাহুৰ কাৰণে উপকাৰ পাবলৈ চিঞঁৰে।
Psalm 10:9 in Assamese 9 তেওঁলোকে গুপুত ঠাইত খাপ পাতি সিংহৰ দৰে প্রতীক্ষাত থাকে; তেওঁলোকে প্রতীক্ষা কৰি থাকে যাতে অসহায় দৰিদ্রজনক ধৰিব পাৰে; তাৰপাছত তেওঁলোকে দৰিদ্রজনক ধৰি চোঁচোৰাই লৈ নিজৰ জালত পেলায়।
Psalm 12:5 in Assamese 5 যিহোৱাই কৈছে, “দুখীসকলৰ উপদ্ৰৱ আৰু অভাৱীসকলৰ কেঁকনিৰ কাৰণে মই এতিয়া জাগি উঠিম। নিৰাপত্তা কামনা কৰা সকলক মই নিৰাপদে ৰাখিম।”
Psalm 42:3 in Assamese 3 মোৰ চকুলো দিনে-ৰাতিয়ে মোৰ আহাৰ হ’ল, কিয়নো লোকসকলে ওৰে দিনটো মোক কয়, “তোমাৰ ঈশ্বৰ ক’ত আছে?”
Psalm 42:9 in Assamese 9 মই মোৰ শিলা ঈশ্বৰক কম, “কিয় তুমি মোক পাহৰিলা? মই কিয় শত্রুৰ উপদ্রৱৰ কাৰণে বিষন্ন মনেৰে ফুৰিছো?”
Psalm 69:20 in Assamese 20 তীব্র তিৰস্কাৰত মোৰ মন ভগ্ন হৈ দুখেৰে ভৰি পৰিল; কোনোবাই মোক কৃপা কৰিব বুলি মই বাট চালোঁ, কিন্তু কোনো নাছিল; শান্ত্বনা কৰাসকললৈ অপেক্ষা কৰিলোঁ, কিন্তু এজনো নাপালোঁ।
Psalm 80:5 in Assamese 5 তুমি তেওঁলোকক চকুলোৰ আহাৰ খাবলৈ দিলা, আৰু প্রচুৰ পৰিমাণে চকুৰ পানী পান কৰিবলৈ দিলা।
Psalm 102:8 in Assamese 8 মোৰ শত্ৰুবোৰে দিনে-ৰাতিয়ে মোক বিদ্রূপ কৰে; মোৰ বিৰুদ্ধে খঙত উন্মত্ত লোকসকলে মোৰ নাম শাও ৰূপে ব্যৱহাৰ কৰে।
Psalm 142:4 in Assamese 4 মোৰ সোঁ ফালে দৃষ্টি কৰি চোৱা, মোৰ খবৰ লওঁতা কোনো নাই; মোৰ বাবে আশ্রয়স্থান নাই, মোৰ বাবে কোনেও চিন্তা নকৰে।
Proverbs 19:7 in Assamese 7 যদি দৰিদ্ৰ লোকৰ ভায়েক সকলে তেওঁক ঘিণ কৰে; তেনেহলে তাতকৈ কিমান অধিক পৰিমাণে তেওঁৰ বন্ধুসকল তেওঁৰ পৰা আঁতৰি যাব! তেওঁ তেওঁলোকক আহ্বান কৰে, কিন্তু তেওঁলোক আতৰি যায়।
Proverbs 28:3 in Assamese 3 যিজন দৰিদ্ৰ লোকে দৰিদ্রক উপদ্ৰৱ কৰে, তেওঁ খাদ্য নষ্ট কৰা বৰষুণৰ দৰে।
Proverbs 28:15 in Assamese 15 গৰ্জ্জনকাৰী সিংহ আৰু আক্রমণকাৰী ভালুক যেনে, দৰিদ্র লোকৰ ওপৰত দুষ্ট শাসনকৰ্ত্তাও তেনে।
Ecclesiastes 3:16 in Assamese 16 মই সূৰ্য্যৰ তলত আৰু এক বিষয় দেখিলোঁ যে, ন্যায়বিচাৰ আৰু ধার্মিকর্তাৰ ঠাইত দুষ্টতা আছে।
Ecclesiastes 5:8 in Assamese 8 তোমাৰ এলেকাত যদি কোনো দৰিদ্ৰক অত্যাচাৰ কৰা দেখা নাইবা কোনোবাই ন্যায়বিচাৰ আৰু নায্য অধিকাৰ নোপোৱা যেন দেখা, তেন্তে সেই কথাত আচৰিত নামানিবা; কিয়নো উচ্চ পদত থাকোঁতা ক্ষমতাশালী লোকসকলে তেওঁলোকৰ অধীনত থকাসকলৰ ওপৰত দৃষ্টি ৰাখে আৰু তেওঁলোকৰ ওপৰতো আন উচ্চতম পদত লোক আছে।
Ecclesiastes 7:7 in Assamese 7 অন্যায়ভাৱে দাবী কৰা জ্ঞানী লোক স্বৰূপেই মুর্খ হৈ যায়; ভেঁটিয়ে বিবেচনা-শক্তি নষ্ট কৰে।
Isaiah 5:7 in Assamese 7 কিয়নো ইস্ৰায়েল বংশৰ বাহিনীসকলৰ যিহোৱাৰ দ্ৰাক্ষাবাৰী, আৰু যিহূদাৰ লোকসকল তেওঁৰ আনন্দদায়ক গছ ৰোৱা লোক; তেওঁ ন্যায়ৰ বাবে অপেক্ষা কৰিছিল, কিন্তু তাৰপৰিৱৰ্তে তাত হত্যা কৰা হৈছিল; ধাৰ্মিকতালৈ অপেক্ষা কৰিছিল, কিন্তু তাৰপৰিৱৰ্তে সহায়ৰ বাবে ক্রন্দন হৈছিল।
Isaiah 51:23 in Assamese 23 মই তোমালোকৰ উৎপীড়ক জনৰ হাতত তাক দিম; যিসকলে তোমালোকক কৈছিল, ‘উবুৰি হৈ পৰা,যাতে আমি তোমালোকৰ ওপৰেৰে যাব পাৰো,’ আৰু তেওঁলোকে খোজ কাঢ়িব পৰাকৈ তোমালোকৰ পিঠি মাটিৰ দৰে আৰু বাটৰ দৰে কৰা।” আলি স্বৰূপে তোমাৰ পিঠি পাতি দিলা ।
Isaiah 59:7 in Assamese 7 তেওঁলোকৰ ভৰি কুকৰ্ম্মৰ ফাললৈ বেগাই চলে, আৰু তেওঁলোকে নিৰ্দ্দোষীৰ ৰক্তপাত কৰিবলৈ বেগাবেগি কৰে; তেওঁলোকৰ কল্পনাবোৰ অধৰ্ম্মৰ কল্পনাহে; ধ্বংস আৰু উচ্ছন্নতা তেওঁলোকৰ পথত আছে।
Isaiah 59:13 in Assamese 13 এইবোৰেই অপৰাধ কৰি যিহোৱাক অস্বীকাৰ কৰা, নিজৰ ঈশ্বৰৰ পাছত চলাৰ পৰা বিমুখ হোৱা, আমি অন্যায় দাবীৰ কথা কৈছিলো আৰু পৃথকে ঘূৰিছিলো, আৰু অন্তৰত মিছা কথা গৰ্ভধাৰণ কৰি তাক প্ৰসৱ কৰা।
Lamentations 1:2 in Assamese 2 তাই ৰাতি উচুপি বিলাপ কৰে আৰু তাইৰ চকুৰ পানী গালেৰে বৈ যায়। তাইৰ প্ৰেমিক সকলৰ মাজত তাইক শান্ত্বনা দিবলৈ কোনো নাই। তাইৰ সকলো বন্ধুৱে তাইক বিশ্বাস-ঘাতকতা কৰিলে। তেওঁলোক তাইৰ শত্ৰু হ’ল।
Lamentations 1:9 in Assamese 9 তাইৰ চুৱা, তাইৰ কাপোৰৰ আঁচলত লাগি আছে। তাই নিজৰ শেষ গতিলৈ মন নকৰিলে। এই কাৰণে আচৰিতৰূপে তাইৰ অধোগতি হ’ল। তাইক শান্ত্বনা দিওঁতা কোনো নাই। হে যিহোৱা, মোৰ ক্লেশলৈ দৃষ্টি কৰক, কাৰণ শত্ৰু অতি মহান হ’ল!
Malachi 2:13 in Assamese 13 তোমালোকৰ আন এটা অপকর্ম এই; তোমালোকে চকু-লো, ক্ৰন্দন আৰু বিলাপেৰে যিহোৱাৰ যজ্ঞবেদী সম্পূর্ণকৈ তিয়াঁই পেলাইছা; সেই কাৰণে তোমালোকে যি উৎসর্গ কৰে, তাৰ প্রতি তেওঁ দৃষ্টিপাত নকৰে আৰু প্ৰসন্ন হৈ তোমালোকৰ হাতৰ পৰা তাক গ্ৰহণো নকৰে।
Malachi 3:5 in Assamese 5 বাহিনীগণৰ যিহোৱাই কৈছে, “তেতিয়া মই বিচাৰ কৰিবৰ কাৰণে তোমালোকৰ ওচৰলৈ আহিম; সেই সময়ত মায়াবী, ব্যভিচাৰী, মিছা সাক্ষী আৰু যিসকলে বনুৱাৰ পাৰিশ্রমিকত অত্যাচাৰ কৰে, বিধৱা আৰু পিতৃহীনক অত্যাচাৰ কৰে, বিদেশীৰ প্রতি অবিচাৰ কৰে আৰু যিসকলে মোক ভয় নকৰে, তেওঁলোক সকলোৰে বিৰুদ্ধে মই এক দ্রুত সাক্ষী হৈ আহিম।”
Malachi 3:18 in Assamese 18 তেতিয়া পুনৰায় তোমালোক ঘূৰি আহিবা; ধাৰ্ম্মিক আৰু দুষ্টৰ মাজত, অর্থাৎ ঈশ্বৰৰ আৰাধনা কৰা লোকৰ আৰু তেওঁৰ আৰাধনা নকৰা লোকৰ মাজত প্ৰভেদ দেখিবলৈ পাবা।”
Matthew 26:56 in Assamese 56 কিন্তু ভাববাদী সকলৰ শাস্ত্ৰীয় বচন সিদ্ধ হ’বলৈ এই সকলো ঘটিল।” তেতিয়া সকলো শিষ্যই তেওঁক এৰি পলাই গ’ল।
2 Timothy 4:16 in Assamese 16 মই প্ৰথম বাৰ নিজৰ পক্ষে উত্তৰ দিয়াৰ সময়ত, কোনেও মোৰ ফলীয়া হৈ উপস্থিত নহ’ল; সকলোৱে মোক ত্যাগ কৰিলে; এয়ে তেওঁলোকলৈ গনিত নহওক।
James 5:4 in Assamese 4 চাওক, আপোনালোকৰ পথাৰৰ শস্য দোৱা বনুৱাবোৰৰ যি বেচ আপোনালোকে প্ৰবঞ্চনা কৰি ৰাখি নিদিলে, সেই বেচেই আটাহ পাৰিছে; আৰু সেই দাওনী সকলৰ আৰ্ত্তস্বৰ বাহিনীগণৰ প্ৰভুৰ কাণত পৰিছে।