Ecclesiastes 12:1 in Assamese 1 বৃদ্ধকালৰ দুখ-কষ্টৰ দিন আৰু বছৰবোৰ অহাৰ আগেয়েই তুমি যৌৱন কালতেই তোমাৰ সৃষ্টিকর্তাক সোৱঁৰণ কৰা; সেই দিনবোৰত তুমি ক’বা, “জীয়াই থকাত মই আৰু সন্তোষ নাপাওঁ।”
Other Translations King James Version (KJV) Remember now thy Creator in the days of thy youth, while the evil days come not, nor the years draw nigh, when thou shalt say, I have no pleasure in them;
American Standard Version (ASV) Remember also thy Creator in the days of thy youth, before the evil days come, and the years draw nigh, when thou shalt say, I have no pleasure in them;
Bible in Basic English (BBE) Let your mind be turned to your Maker in the days of your strength, while the evil days come not, and the years are far away when you will say, I have no pleasure in them;
Darby English Bible (DBY) And remember thy Creator in the days of thy youth, before the evil days come, and the years draw nigh, of which thou shalt say, I have no pleasure in them;
World English Bible (WEB) Remember also your Creator in the days of your youth, Before the evil days come, and the years draw near, When you will say, "I have no pleasure in them;"
Young's Literal Translation (YLT) Remember also thy Creators in days of thy youth, While that the evil days come not, Nor the years have arrived, that thou sayest, `I have no pleasure in them.'
Cross Reference Genesis 39:2 in Assamese 2 যিহোৱা যোচেফৰ সংগে সংগে থকাত তেওঁ এজন সফল ব্যক্তি হৈছিল। তেওঁ তেওঁৰ মিচৰীয় প্রভুৰ ঘৰত আছিল।
Genesis 39:8 in Assamese 8 কিন্তু তেওঁ সেই কথাত ৰাজী নহ’ল। তেওঁ নিজ প্ৰভুৰ ভার্য্যাক ক’লে, “চাওঁক, এই ঘৰত মই যি কৰোঁ, মোৰ প্ৰভুৱে তাৰ একোৰে বিচাৰ নলয়; তেওঁ মোৰ হাতত তেওঁৰ সৰ্ব্বস্ব শোধাই দিলে।
Genesis 39:23 in Assamese 23 যোচেফৰ তত্বাৱধানত থকা কোনো বিষয়ক লৈ কাৰাগাৰৰ অধ্যক্ষ চিন্তিত নাছিল; কাৰণ যিহোৱা তেওঁৰ সংগত আছিল আৰু সেয়ে যোচেফে কৰা সকলো কার্যকে যিহোৱাই সফল কৰিছিল।
1 Samuel 1:28 in Assamese 28 সেয়ে মই যিহোৱালৈ সন্তানটিক উৎসৰ্গ কৰিলোঁ। জীৱনৰ শেষলৈকে তাক যিহোৱাৰ উদ্দেশ্যে দিয়া হ’ল।” ইলকানা আৰু তেওঁৰ পৰিয়ালে সেই ঠাইত যিহোৱাৰ প্ৰশংসা কৰিলে।
1 Samuel 2:18 in Assamese 18 সেই সময়ত চমূৱেলে শণ সূতাৰ এফোদ বস্ত্ৰ পিন্ধি যিহোৱাৰ পৰিচৰ্যা কৰি আছিল;
1 Samuel 2:26 in Assamese 26 কিন্তু চমূৱেল ক্ৰমে ক্ৰমে বাঢ়ি গ’ল; যিহোৱাৰ আৰু মানুহৰ দৃষ্টিত তেওঁ অনুগ্ৰহ প্ৰাপ্ত হ’ল।
1 Samuel 3:19 in Assamese 19 চমূৱেল ডাঙৰ হৈ অহাৰ পাছত, যিহোৱা তেওঁৰ সঙ্গী হ’ল, আৰু তেওঁৰ ভৱিষ্যত বাণী এটাও বিফলে যাব নিদিলে।
1 Samuel 16:7 in Assamese 7 কিন্তু যিহোৱাই চমূৱেলক ক’লে, “তুমি তেওঁৰ বাহ্যিকতালৈ বা উচ্ছতালৈ দৃষ্টি নকৰিবা; কাৰণ মই তেওঁক অগ্ৰাহ্য কৰিলোঁ। কাৰণ মানুহে যেনেকৈ চাই যিহোৱাই তেনেকৈ নাচায়; কাৰণ মানুহে, যি দেখা পায়, তালৈ চায়, কিন্তু যিহোৱাই মানুহৰ অন্তৰলৈ চায়।”
1 Samuel 16:12 in Assamese 12 যিচয়ে মানুহ পঠিয়াই তেওঁক মাতি অনালে। তেওঁ স্ৱাস্থ্যৱান, সুনয়ন, আৰু দেখিবলৈ সুদৰ্শন আছিল। যিহোৱাই ক’লে, “উঠা, তেওঁক অভিষেক কৰা; কাৰণ এওঁৱেই সেই জন।
1 Samuel 17:36 in Assamese 36 আপোনাৰ দাসে সিংহ আৰু ভালুক দুয়োকো মাৰিলে; এই অচুন্নৎ ফিলিষ্টীয়াজন সেই দুটাৰ মাজৰ এটাৰ নিচিনা হ’ব, কাৰণ সি জীৱন্ত ঈশ্বৰৰ সৈন্যসকলক ইতিকিং কৰিছে।”
2 Samuel 19:35 in Assamese 35 এতিয়া মোৰ আশী বছৰ বয়স৷ মই জানো ভাল-বেয়া ভেদ কৰিব পাৰোঁ? বা যি ভোজন কৰোঁ আৰু যি পান কৰোঁ, আপোনাৰ দাসে মই জানো তাৰ কিবা সোৱাদ বুজিব পাৰোঁ? বা এতিয়াও গায়ক আৰু গায়িকাসকলৰ গীতৰ সুৰ জানো শুনি পাওঁ? এনে স্থলত আপোনাৰ দাস, মোৰ প্ৰভু মহাৰাজৰ ভাৰ মই কিয় নো হম, কওঁকচোন?
1 Kings 3:6 in Assamese 6 তেতিয়া চলোমনে ক’লে, “আপোনাৰ দাস মোৰ পিতৃ দায়ূদে সত্যতা, ধাৰ্মিকতা আৰু সৰল চিত্তেৰে যি আচৰণ কৰিলে, সেইদৰৈ আপুনি তেওঁক অতিশয় দয়া কৰিলে৷ বিশেষকৈ তেওঁক এনে মহা-অনুগ্ৰহ কৰিলে যে, আজিৰ দৰে তেওঁৰ সিংহাসনত বহিবলৈ তেওঁক এজন পুত্ৰও দিলে।
1 Kings 14:13 in Assamese 13 তেতিয়া তাৰ কাৰণে সমুদায় ইস্ৰায়েলে বিলাপ কৰি তাক মৈদাম দিব৷ কিয়নো যাৰবিয়ামৰ সমন্ধীয়া কেৱল এওঁহে মৈদাম পাব, কিয়নো যাৰবিয়ামৰ বংশৰ মাজৰ পৰা এওঁতহে কিছু সদ্স্বভাৱ ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাৰ পক্ষত পোৱা গ’ল।
1 Kings 18:12 in Assamese 12 কিয়নো মই আপোনাৰ ওচৰৰ পৰা যোৱা মাত্ৰকে মই নজনা কোনো এক ঠাইলৈ যিহোৱাৰ আত্মাই আপোনাক লৈ যাব; তাতে মই গৈ আহাবক সংবাদ দিলে, যদি তেওঁ আপোনাক বিচৰি নাপায়, তেতিয়া তেওঁ মোক বধ কৰিব; কিন্তু আপোনাৰ দাস মই হ’লে, ল’ৰাকালৰে পৰা যিহোৱাৰ ভয়কাৰী লোক হৈ আছোঁ।
2 Chronicles 34:2 in Assamese 2 যিহোৱাৰ দৃষ্টিত যি ন্যায়, তেওঁ তাকে কৰিলে; তেওঁ নিজ ওপৰ পিতৃ দায়ুদৰ পথত চলিলে, তাৰ পৰা সোঁ কি বাওঁফালে নুঘুৰিলে।
Job 30:2 in Assamese 2 যিবিলাকৰ শক্তি নষ্ট হল, এনে লোকৰ হাতৰ বলত নো মোৰ কি উপকাৰ হব?
Psalm 22:9 in Assamese 9 কিন্তু যি জনাই মোক মাতৃ গৰ্ভৰ পৰা উলিয়াই আনিলে, সেই জনা তুমিয়েই; মই যেতিয়া মোৰ মাতৃৰ পিয়াহ খাইছিলো, তুমিয়েই মোক সুৰক্ষিত ৰাখি তোমাৰ ওপৰত নির্ভৰশীল কৰিলা।
Psalm 34:11 in Assamese 11 হে সন্তানসকল আহাঁ, তোমালোকে মোৰ বাক্য শুনা; মই তোমালোকক যিহোৱাৰ ভয় শিকাম।
Psalm 71:17 in Assamese 17 হে ঈশ্বৰ, তুমি মোক লৰালি কালৰে পৰা শিক্ষা দি আহিছা; আৰু এতিয়ালৈকে মই তোমাৰ আছৰিত কাৰ্য্যবোৰ প্ৰকাশ কৰি আহিছোঁ।
Psalm 90:10 in Assamese 10 আমাৰ আয়ুস মাত্র সত্তৰ বছৰ, হয়তো শক্তি থাকিলে, আশী বছৰও হ’ব পাৰে; তথাপিতো আমি গর্ব কৰিব পৰা বছৰবোৰত মাথোন দুখ আৰু ক্লেশ থাকে; বছৰবোৰ বেগাই ঢুকাই যায় আৰু আমিও পলকতে উড়ি যাওঁ।
Proverbs 8:17 in Assamese 17 যিসকলে মোক প্ৰেম কৰে, ময়ো তেওঁলোকক প্ৰেম কৰোঁ, আৰু যিসকলে মোক আগ্রহেৰে বিচাৰে, তেওঁলোকে মোক বিচাৰি পায়।
Proverbs 22:6 in Assamese 6 সন্তানক তাৰ চলিবলগীয়া পথ অনুসাৰে শিক্ষা দিয়া, তাতে তেওঁ প্রাপ্ত বয়স্ক হ’লেও তেওঁ তাৰ পৰা ঘূৰি নাহিব।
Ecclesiastes 11:8 in Assamese 8 কোনো মানুহ যদি অনেক বছৰ জীয়াই থাকে, তেন্তে তেওঁ যেন নিজৰ সেই দিনবোৰত আনন্দ উপভোগ কৰে; কিন্তু অন্ধকাৰৰ আগন্তুক দিনবোৰৰ কথাও যেন তেওঁ মনত ৰাখে; কিয়নো সেই দিনবোৰ হ’ব অনেক। যি যি ঘটিব সেই সকলোৱেই অস্থায়ী, অসাৰ।
Ecclesiastes 11:10 in Assamese 10 এই হেতুকে তোমাৰ হৃদয়ৰ পৰা ক্রোধ দূৰ কৰা; তোমাৰ শৰীৰৰ কষ্টলৈ মনোযোগ নিদিবা; কিয়নো যৌৱন আৰু যুবা কালৰ শক্তি ভাপ-স্বৰূপ।
Isaiah 26:8 in Assamese 8 হে যিহোৱা, আপোনাৰ বিচাৰৰ পথত আমি আপোনালৈ অপেক্ষা কৰি আছোঁ; আপোনাৰ নাম আৰু আপোনাৰ স্মৃতিবোৰ আমাৰ আত্মাই হেপাহ কৰিছে।
Lamentations 3:27 in Assamese 27 যৌৱন-কালত যুৱলি বোৱাই মানুহৰ পক্ষে মঙ্গলময়।
Daniel 1:8 in Assamese 8 কিন্তু দানিয়েলে ৰজাৰ উওম খাদ্য আৰু পান কৰা দ্ৰাক্ষাৰসেৰে সৈতে নিজকে অশুচি নকৰিবলৈ তেওঁ চিন্তিত আছিল; সেই বাবে দানিয়েলে নপুংসকসকলৰ অধ্যক্ষৰ অনুমতি বিচাৰিছিলে, যাতে তেওঁ এইবোৰ খাদ্য গ্রহণ কৰি অশুচি নহয়।
Daniel 1:17 in Assamese 17 ঈশ্বৰে সেই চাৰি জন যুৱকক সকলো আভ্যন্তৰীণ বিষয়ৰ শিক্ষা, জ্ঞান আৰু প্রজ্ঞা দিলে। তাতে দানিয়েলে সকলো প্রকাৰৰ দৰ্শন আৰু সপোনৰ কথা বুজিব পৰা হ’ল।
Hosea 7:9 in Assamese 9 বিদেশীসকলে তেওঁৰ শক্তি দুর্বল কৰিলে, কিন্তু তেওঁ তাক বুজি পোৱা নাই; তেওঁৰ মূৰৰ চুলিবোৰ ঠায়ে ঠায়ে পকিছে, কিন্তু তেওঁ তাক লক্ষ্য কৰা নাই।
Luke 1:15 in Assamese 15 কিয়নো প্ৰভুৰ দৃষ্টিত তেওঁ মহান হ’ব; তেওঁ দ্ৰাক্ষাৰস বা সুৰা পান নকৰিব; আৰু ওপজাৰে পৰা পবিত্ৰ আত্মাৰে পূর্ণ হ’ব।
Luke 2:40 in Assamese 40 পাছত শিশুটি ক্রমে ক্রমে বৃদ্ধি পাই শক্তিমান হ’ব ধৰিলে আৰু জ্ঞানেৰেও পূর্ণ হ’ব ধৰিলে; ঈশ্বৰৰ অনুগ্ৰহ তেওঁৰ ওপৰত আছিল।
Luke 18:16 in Assamese 16 তেতিয়া যীচুৱে তেওঁলোকক ওচৰলৈ মাতি ক’লে, “শিশুবোৰক মোৰ ওচৰলৈ আহিবলৈ দিয়া, নিষেধ নকৰিবা; কিয়নো ঈশ্বৰৰ ৰাজ্য এনেকুৱা লোকৰ বাবে।”
Ephesians 6:4 in Assamese 4 হে পিতৃ সকল, আপোনালোকে নিজ নিজ সন্তান সকলৰ খং নোতোলোব; কিন্তু প্ৰভুৰ শিক্ষা আৰু অনুশাসনত তেওঁলোকক প্ৰতিপালন কৰক।
2 Timothy 3:15 in Assamese 15 আৰু যি পবিত্ৰ ধৰ্মশাস্ত্ৰই খ্ৰীষ্ট যীচুৰ সম্বন্ধীয় বিশ্বাসৰ যোগেদি তোমাক পৰিত্ৰাণৰ অর্থে জ্ঞানী কৰিব পাৰে, তাকো তুমি শিশু কালৰে পৰা জানা।