Deuteronomy 5:29 in Assamese 29 মোক ভয় কৰিবলৈ আৰু মোৰ আজ্ঞা পালন কৰাৰ এই মনোভাৱ যেন তেওঁলোকৰ সদায় থাকে; তাতে তেওঁলোক আৰু তেওঁলোকৰ সন্তানসকল চিৰকাল কুশলে থাকিব!
Other Translations King James Version (KJV) O that there were such an heart in them, that they would fear me, and keep all my commandments always, that it might be well with them, and with their children for ever!
American Standard Version (ASV) Oh that there were such a heart in them, that they would fear me, and keep all my commandments always, that it might be well with them, and with their children for ever!
Bible in Basic English (BBE) If only they had such a heart in them at all times, so that they might go in fear of me and keep my orders and that it might be well for them and for their children for ever!
Darby English Bible (DBY) Oh that there were such a heart in them, that they would fear me, and keep all my commandments continually, that it might be well with them and with their sons for ever!
Webster's Bible (WBT) O that there were such a heart in them, that they would fear me, and keep all my commandments always, that it might be well with them, and with their children for ever!
World English Bible (WEB) Oh that there were such a heart in them, that they would fear me, and keep all my commandments always, that it might be well with them, and with their children forever!
Young's Literal Translation (YLT) O that their heart had been thus to them, to fear Me, and to keep My commands all the days, that it may be well with them, and with their sons -- to the age!
Cross Reference Deuteronomy 4:40 in Assamese 40 সেয়ে আজি মই আপোনালোকক যি বিধি আৰু আজ্ঞাবোৰৰ আদেশ দিলো, সেইবোৰ আপোনালোকে অৱশ্যেই মানি চলিব। আপোনাৰ আৰু ভাৱী-সন্তানসকলৰ যেন মঙ্গল হয়, ঈশ্বৰ যিহোৱাই যি দেশ আপোনালোকক চিৰকালৰ কাৰণে দিছে, তাত যেন আপোনালোক দীর্ঘাযু হয়।
Deuteronomy 5:16 in Assamese 16 নিজ পিতৃ-মাতৃক সন্মান কৰিবা; ঈশ্বৰ যিহোৱাই তোমাক দিয়া আজ্ঞা অনুসাৰে, সেই আদেশ মানি চলিলে তোমালোকৰ আয়ুস দীঘল হ’ব আৰু তোমালোকৰ মঙ্গল হ’ব
Deuteronomy 6:3 in Assamese 3 সেয়ে, হে ইস্রায়েলীয়াসকল, মনোযোগেৰে শুনক আৰু সেইবোৰ মানি চলক। আপোনালোকৰ পূর্ব-পুৰুষসকলৰ ঈশ্বৰ যিহোৱাৰ শপত অনুসাৰে গাখীৰ-মধু বোৱা দেশত আপোনালোকৰ যেন মঙ্গল হয় আৰু আপোনালোক যেন বহুবংশ হয়।
Deuteronomy 6:18 in Assamese 18 ঈশ্বৰ যিহোৱাৰ দৃষ্টিত যি যি ন্যায় আৰু সজ কাম আপোনালোকে তাকে কৰিব, তেহে আপোনালোকৰ মঙ্গল হ’ব আৰু যিহোৱাই যি দেশ দিম বুলি আপোনালোকৰ পূর্ব-পুৰুষসকলক শপত কৰিছিল, আপোনালোকে সেই উত্তম দেশ অধিকাৰ কৰিব;
Deuteronomy 11:1 in Assamese 1 “আপোনালোকে নিজ ঈশ্বৰ যিহোৱাক প্ৰেম কৰিব আৰু তেওঁ যি বিচাৰিছে, তাক কৰিব আৰু তেওঁৰ নির্দেশ, নিয়ম, শাসন-প্ৰণালী আৰু আজ্ঞাবোৰ নিতৌ পালন কৰিব।
Deuteronomy 12:25 in Assamese 25 আপোনালোক আৰু আপোনালোকৰ ভাবী সন্তানসকলৰ মঙ্গল হ’বৰ কাৰণে আপোনালোকে তেজ পান নকৰিব; তেতিয়া যিহোৱাৰ দৃষ্টিত যি ভাল তাক কৰা হ’ব।
Deuteronomy 12:28 in Assamese 28 আপোনালোকৰ আৰু আপোনালোকৰ পাছত আপোনালোকৰ ভাবী সন্তানসকলৰ যেন চিৰকাল মঙ্গল হয়, সেয়ে মই দিয়া এই সকলো আজ্ঞা আপোনালোকে যত্নেৰে পালন কৰিব; কাৰণ তেনে কৰিলে আপোনালোকৰ ঈশ্বৰ যিহোৱাৰ দৃষ্টিত যি ন্যায় আৰু ভাল তাক কৰা হ’ব।
Deuteronomy 19:13 in Assamese 13 আপোনালোকে তেওঁলৈ কোনো দয়া নেদেখুৱাব। কিন্তু, তাৰ পৰিবর্তে আপোনালোকে ইস্রায়েলৰ মাজৰ পৰা নির্দোষী লোকৰ ৰক্তপাতৰ দোষ মছি পেলাব। তাতে আপোনালোকৰ মঙ্গল হ’ব।
Deuteronomy 22:7 in Assamese 7 আপোনালোকে পোৱালীবোৰক লৈ যাব পাৰে, কিন্তু মাকক অৱশ্যেই আপোনালোকে এৰি দিব লাগিব। তাতে আপোনালোকৰ উন্নতি হ’ব আৰু আপোনালোকৰ আয়ুস দীঘল হ’ব।
Deuteronomy 32:29 in Assamese 29 তেওঁলোক জ্ঞানী হোৱা হ’লে, এই কথা বুজিলেহেঁতেন; শেষ দশা কি হ’ব তেওঁলোকে বিবেচনা কৰিলেহেঁতেন।
Ruth 3:1 in Assamese 1 নয়মীয়ে তেওঁৰ বোৱাৰীয়েক ৰূথক ক’লে, “হে মোৰ আইটি, যাৰ দ্বাৰাই তোমাৰ মঙ্গল হয়, এনে সুৰক্ষিত ঠাই মই জানো তোমাৰ কাৰণে নিবিচাৰিম?
Psalm 19:11 in Assamese 11 তাৰোপৰি সেইবোৰে তোমাৰ দাসক সাৱধান কৰে; সেইবোৰ পালন কৰিলে পৰম লাভ হয়।
Psalm 81:13 in Assamese 13 হায়! মোৰ লোকসকলে যদি কেৱল মোৰ কথাই শুনিলে হয়, হায়! ইস্ৰায়েলে যদি মোৰ পথতে চলিলে হয়,
Psalm 106:3 in Assamese 3 ধন্য সেইসকল, যি সকলে ন্যায় কার্য কৰে আৰু সকলো সময়তে ধৰ্ম্মাচৰণ কৰে।
Psalm 119:1 in Assamese 1 ধন্য সেইসকল, যিসকলৰ আচাৰ-ব্যৱহাৰ সিদ্ধ; যিসকলে যিহোৱাৰ ব্যৱস্থা অনুসাৰে চলে।
Isaiah 3:10 in Assamese 10 তোমালোকে ধাৰ্মিক লোকৰ বিষয়ে কোৱা যে, তেওঁলোকৰ মঙ্গল হ’ব, কাৰণ তেওঁলোকে নিজৰ কাৰ্যৰ ফল ভোগ কৰিব।
Isaiah 48:18 in Assamese 18 যদি তোমালোকে কেৱল মোৰ আজ্ঞাবোৰ মানি চলিলা হ’য়! তোমালোকৰ শান্তি আৰু উন্নতি নদীৰ দৰে প্রবাহিত হ’ল হ’য়, আৰু তোমাৰ পৰিত্রান সমুদ্ৰৰ ঢৌৰ দৰে হ’লহ’য়।
Jeremiah 22:14 in Assamese 14 যিজনে নিজৰ বাবে এটা ডাঙৰ ঘৰ, আৰু বহল ওপৰ-কোঁঠালি সাজোঁ বুলি কয়, আৰু নিজৰ বাবে খিড়িকী দুৱাৰ কাটে, আৰু ভিতৰ ফালে ওপৰত এৰচ কাঠ লগায়, আৰু সিন্দুৰ বৰণীয়া ৰং দিয়ে, তাৰ সন্তাপ হব।”
Jeremiah 44:4 in Assamese 4 তথাপি মই প্ৰভাতে উঠি সকলো দাস ভাববাদীসকলক তোমালোকৰ ওচৰলৈ পঠিয়াই কোৱাইছিলোঁ যে, ‘তোমালোকে মোৰ ঘিণলগীয়া এই গৰ্হিত কাৰ্য্য নকৰিবা।’
Ezekiel 33:31 in Assamese 31 তেতিয়া মোৰ প্ৰজাসকলে তোমালোকৰ ওচৰলৈ প্রায়ে যিদৰে আহে, সেইদৰে আহিব আৰু তোমালোকৰ আগত বহিব, আৰু তেওঁলোকে তোমালোকৰ বাক্য শুনিব, কিন্তু সেইদৰে কাৰ্য নকৰিব; কিয়নো তেওঁলোকে মুখেৰে অধিক প্ৰেম দেখুৱায়, কিন্তু তেওঁলোকৰ অন্তৰ তেওঁলোকৰ লাভৰ পাছত চলে।
Matthew 23:37 in Assamese 37 “যিৰূচালেম, যিৰূচালেম, যি জনে ভাৱবাদী সকলক বধ কৰে আৰু তোমাৰ ওচৰলৈ পঠোৱা সকলক শিল দলিয়াই মাৰে, কিমান বাৰ মই তোমাৰ সন্তান সকলক একলগ কৰিবলৈ যত্ন কৰিলোঁ, কুকুৰাই যেনেকৈ নিজৰ পোৱালিবোৰক ডেউকাৰ তলত চপাই লয়, তেনেকৈ ময়ো তোমাৰ সন্তানবোৰক চপাই ল’বলৈ ইচ্ছা কৰিছিলোঁ, কিন্তু তুমি সন্মত নহলা।
Luke 11:28 in Assamese 28 কিন্তু তেওঁ ক’লে, “হয়, তথাপি যি সকলে ঈশ্বৰৰ বাক্য শুনি পালন কৰে, তেওঁলোকহে ধন্য।”
Luke 19:42 in Assamese 42 আৰু ক’লে, “হায়! হায়! তোমাৰ এই দিনত শান্তিজনক কি, সেই বিষয়ে তুমি জনা হ’লে! কিন্তু এতিয়া তোমাৰ চকুৰ পৰা সেইবোৰ লুকুৱাই থোৱা হৈছে।
John 15:14 in Assamese 14 তোমালোকক মই যি যি আজ্ঞা দিওঁ, সেইবোৰ যদি পালন কৰা, তেনেহলে তোমালোক মোৰ বন্ধু।
2 Corinthians 5:20 in Assamese 20 এতেকে ঈশ্বৰে আমাক ৰাজদূত পাতিলে, আৰু আমাৰ দ্বাৰাই মিনতি কৰোঁৱাৰ দৰে আমি খ্ৰীষ্টৰ কাৰণে ৰাজদূতৰ কৰ্ম কৰিছোঁ৷ খ্ৰীষ্টৰ হৈ এই বিনয় কৰোঁ: “আপোনালোকে ঈশ্বৰৰ সৈতে মিলন হওক!”
2 Corinthians 6:1 in Assamese 1 সেয়ে আমি খ্ৰীষ্টৰ সহকাৰী হৈ, এই মিনতিও কৰিছোঁ যে, আপোনালোকে ঈশ্বৰৰ অনুগ্ৰহ ব্যৰ্থৰূপে গ্ৰহণ কৰা নহ’ব৷
Ephesians 6:3 in Assamese 3 তেতিয়াহে তোমালোকৰ কল্যাণ হ’ব আৰু জগতত দীৰ্ঘ আয়ুসলৈ জীৱিত থাকিবা।”
Hebrews 12:25 in Assamese 25 সাৱধান, বাক্য কওঁতা জনক আপোনালোকে অগ্ৰাহ্য নকৰিব, কিয়নো যি জনে পৃথিৱীত আদেশ দিছিল, সেই জনক অগ্ৰাহ্য কৰা সকলেই যদি নাসাৰিল, তেনেহলে যি জনে স্বৰ্গৰ পৰাই আদেশ দিলে, তেওঁৰ কৰা বিমুখ হলে আমি যে নাসাৰিম; এই কথা কিমান অধিক গুণে নিশ্চয়!
James 1:25 in Assamese 25 যি কোনোৱে স্বাধীনতা স্বৰূপ সিদ্ধ বিধানৰ বাবে চাপৰি দৃষ্টি কৰে আৰু চাই থাকে আৰু শুনি পাহৰি যোৱা নহয় কিন্তু পালন কৰোঁতা হয়, তেওঁহে নিজ কাৰ্যত ধন্য হ’ব।
Revelation 22:14 in Assamese 14 যি সকল জীৱন-বৃক্ষৰ অধিকাৰী আৰু দুৱাৰেদি নগৰত সোমাবৰ কাৰণে নিজ নিজ বস্ত্ৰ ধোৱে, সেই লোক সকল ধন্য৷