Deuteronomy 31:6 in Assamese 6 আপোনালোক শক্তিশালী হওঁক আৰু অতিশয় সাহিয়াল হওঁক; তেওঁলোকক দেখি ভয় নকৰিব বা কঁপিও নুঠিব; কিয়নো আপোনালোকৰ ঈশ্বৰ যিহোৱা নিজেই আপোনালোকৰ লগত যাওঁতা; তেওঁ আপোনালোকক কেতিয়াও নেৰিব বা ত্যাগ নকৰিব।
Other Translations King James Version (KJV) Be strong and of a good courage, fear not, nor be afraid of them: for the LORD thy God, he it is that doth go with thee; he will not fail thee, nor forsake thee.
American Standard Version (ASV) Be strong and of good courage, fear not, nor be affrighted at them: for Jehovah thy God, he it is that doth go with thee; he will not fail thee, nor forsake thee.
Bible in Basic English (BBE) Be strong and take heart, and have no fear of them: for it is the Lord your God who is going with you; he will not take away his help from you.
Darby English Bible (DBY) Be strong and courageous, fear them not, neither be afraid of them; for Jehovah thy God, he it is that goeth with thee; he will not leave thee, nor forsake thee.
Webster's Bible (WBT) Be strong and of a good courage, fear not, nor be afraid of them: for the LORD thy God, he it is that doth go with thee, he will not fail thee, nor forsake thee.
World English Bible (WEB) Be strong and of good courage, don't be afraid, nor be scared of them: for Yahweh your God, he it is who does go with you; he will not fail you, nor forsake you.
Young's Literal Translation (YLT) be strong and courageous, fear not, nor be terrified because of them, for Jehovah thy God `is' He who is going with thee; He doth not fail thee nor forsake thee.'
Cross Reference Numbers 14:9 in Assamese 9 কেৱল তোমালোকে কোনো ধৰণৰ যিহোৱাৰ বিৰুদ্ধে বিদ্ৰোহ আচৰণ নকৰিবা, সেই দেশৰ লোকসকললৈ ভয়ো নকৰিবা। কিয়নো তেওঁলোক আমাৰ ভক্ষ্যনস্বৰূপ। সিহঁতৰ আশ্ৰয় সিহঁতৰ পৰা গুচিল, কাৰণ যিহোৱা আমাৰ সঙ্গত আছে; তেওঁলোকলৈ ভয় নকৰিবা।”
Deuteronomy 1:29 in Assamese 29 তেতিয়া মই আপোনালোকক কৈছিলোঁ, “আপোনালোকে ভয় নকৰিব, সেই লোকসকললৈ ভয় নকৰিব।
Deuteronomy 4:31 in Assamese 31 কিয়নো আপোনালোকৰ ঈশ্বৰ যিহোৱা দয়ালু ঈশ্বৰ; তেওঁ আপোনাক হতাশ নকৰে আৰু ধ্বংসওঁ নকৰে, আৰু আপোনালোকৰ পিতৃসকলৰ লগত যি অঙ্গীকাৰ কৰি শপত খাইছিল তাক তেওঁ নাপাহৰে।
Deuteronomy 7:18 in Assamese 18 কিন্তু আপোনালোকে তেওঁলোকলৈ ভয় নকৰিব; আপোনালোকৰ ঈশ্বৰ যিহোৱাই ফৰৌণ আৰু গোটেই মিচৰ দেশলৈ যি যি কৰিছিল, তাক সোঁৱৰণ কৰিব।
Deuteronomy 20:1 in Assamese 1 যুদ্ধ কৰিবলৈ যাওঁতে শত্রু পক্ষত আপোনালোকতকৈ অধিক সংখ্যাৰ ঘোঁৰা, ৰথ আৰু সেনাদল দেখি আপোনালোকে ভয় নকৰিব; কিয়নো, আপোনালোকৰ ঈশ্বৰ যিহোৱা, যি জনে মিচৰ দেশৰ পৰা আপোনালোকক বাহিৰ কৰি আনিছে, তেওঁ আপোনালোকৰ লগত আছে।
Deuteronomy 20:3 in Assamese 3 “হে ইস্ৰায়েলীয়াসকল, শুনা, আজি তোমালোকৰ শত্রুবোৰৰ লগত যুদ্ধ কৰিবলৈ তোমালোক ওচৰ চাপিছা; তোমালোকৰ হৃদয়ত সাহস নেহেৰুৱাবা; ভয় নকৰিবা বা কম্পিত নহ’বা আৰু শত্রুপক্ষক দেখি ভয়ত ত্ৰাসিত নহ’বা।
Deuteronomy 31:7 in Assamese 7 তাৰ পাছত মোচিয়ে যিহোচূৱাক মাতিলে আৰু সকলো ইস্ৰায়েলীয়া লোকৰ সন্মুখত তেওঁক ক’লে, “তুমি বলৱান আৰু সাহিয়াল হোৱা; কিয়নো তুমিয়েই এই লোকসকলৰ লগত সেই দেশলৈ যাব লাগিব, যি দেশ দিবলৈ যিহোৱাই তেওঁলোকৰ পূর্বপুৰুষসকলৰ আগত প্রতিজ্ঞা কৰিছিল; সেই দেশত এই লোকসকলৰে সৈতে তুমিহে সোমাবা আৰু এওঁলোকক তুমিহে সেই দেশত অধিকাৰ কৰাবা।
Deuteronomy 31:23 in Assamese 23 তাৰ পাছত যিহোৱাই নূনৰ পুত্ৰ যিহোচূৱাক আজ্ঞা দি ক’লে, “তুমি বলৱান হোৱা, আৰু অতিশয় সাহিয়াল হোৱা; কিয়নো, মই ইস্ৰায়েলৰ সন্তানসকলক যি দেশ দিম বুলি প্রতিজ্ঞা কৰিছিলো, সেই দেশলৈ তুমিহে তেওঁলোকক লৈ যাবা আৰু মই তোমাৰ সঙ্গী হম।”
Joshua 1:5 in Assamese 5 তোমাৰ জীৱনৰ গোটেই কালত কোনো লোক তোমাৰ আগত থিয় হ’ব নোৱাৰিব; মই মোচিৰ লগত থকাৰ দৰে তোমাক ত্যাগ নকৰিম বা এৰি নাযাওঁ।
Joshua 1:9 in Assamese 9 মই তোমাক আজ্ঞা দিয়া নাই নে? বলৱান আৰু সাহিয়াল হোৱা! ত্ৰাসিত বা ব্যাকুল নহ’বা; কিয়নো তুমি যি যি ঠাইলৈ যাবা, সেই সকলো ঠাইতে তোমাৰ ঈশ্বৰ যিহোৱা তোমাৰ লগত থাকিব।”
Joshua 10:25 in Assamese 25 তেতিয়া যিহোচূৱাই তেওঁলোকক ক’লে, “তোমালোকে ভয় নকৰিবা আৰু ব্যাকুল নহ’বা। তোমালোক বলৱান আৰু সাহসীয়াল হোৱা। কিয়নো তোমালোকে যি যি শত্ৰু সকলৰ সৈতে যুদ্ধ কৰিবা, সেই সকলো শত্ৰুকে যিহোৱাই এইদৰে কৰিব।”
1 Chronicles 22:13 in Assamese 13 যিহোৱাই ইস্ৰায়েলৰ বাবে মোচিক দিয়া বিধি আৰু শাসন-প্ৰণালীবোৰ পালন কৰিবলৈ, আৰু সেই দৰে কাৰ্য্য কৰিবলৈ সাৱধানে থাকিলে, তুমি কৃতকাৰ্য্য হ’ব; তুমি বলৱান আৰু সাহিয়াল হোৱা, ভয়াতুৰ কি নিৰাশ নহ’বা।
1 Chronicles 28:10 in Assamese 10 পবিত্র-স্থানৰ অৰ্থে মন্দিৰ নিৰ্ম্মাণ কৰিবলৈ যিহোৱাই যে, তোমাক মনোনীত কৰিলে তাক তুমি অনুভৱ কৰা; সাহিয়াল হোৱা আৰু এই কাৰ্য কৰা।
1 Chronicles 28:20 in Assamese 20 দায়ূদে তেওঁৰ পুত্ৰ চলোমনক ক’লে, “তুমি বলৱান আৰু সাহিয়াল হোৱা। এই কাৰ্য কৰা। ভয় নকৰিবা আৰু ব্যাকুল নহ’বা, কিয়নো ঈশ্বৰ যিহোৱা, মোৰ ঈশ্বৰেই তোমাৰ লগত আছে। যিহোৱাৰ গৃহৰ সকলো কাৰ্য সমাপ্ত নোহোৱালৈকে তেওঁ তোমাক পৰিত্যাগ নকৰিব।
2 Chronicles 32:7 in Assamese 7 “তোমালোকে বলৱন্ত আৰু সাহসীয়াল হোৱা৷ অচুৰৰ ৰজালৈ আৰু তেওঁ লগৰ সেই সৈন্যসমূহলৈ ভয় নকৰিবা আৰু ব্যাকুল নহ’বা, কাৰণ তেওঁৰ লগত থকা সকলোতকৈ আমাৰ লগত থকা জন মহান।
Psalm 27:1 in Assamese 1 যিহোৱা মোৰ দীপ্তি, মোৰ পৰিত্ৰাণ; মই কাক ভয় কৰিম? যিহোৱা মোৰ জীৱন ৰক্ষক কোঁঠ, মই কাৰ বাবে ত্ৰাসযুক্ত হম?
Psalm 27:14 in Assamese 14 তুমি যিহোৱালৈ অপেক্ষা কৰা; সবল হোৱা; তোমাৰ অন্তঃকৰণ সাহিয়ল হওঁক; পুনৰায় কওঁ, যিহোৱালৈ অপেক্ষা কৰা।
Isaiah 41:10 in Assamese 10 ভয় নকৰিবা, কাৰণ মই তোমাৰ লগত আছোঁ; ব্যাকুল নহ’বা, কাৰণ মই তোমাৰ ঈশ্বৰ; মই তোমাক শক্তি দিম, মই তোমাক সহায় কৰিম, আৰু মোৰ বিজয় যুক্ত সোঁ হাতেৰে তোমাক ধৰি ৰাখিম।
Isaiah 41:13 in Assamese 13 কিয়নো তোমাৰ ঈশ্বৰ যিহোৱা যি মই, ময়েই তোমাৰ সোঁ হাতত ধৰো, আৰু কওঁ, ‘ভয় নকৰিবা; ময়েই তোমাক সহায় কৰিম।’
Isaiah 43:1 in Assamese 1 কিন্তু হে যাকোব মই সৃষ্টিকৰ্ত্তা যিহোৱাই, আৰু হে ইস্ৰায়েল, তোমাৰ নিৰ্ম্মাণকৰ্ত্তা যিহোৱা এইদৰে কৈছে, “ভয় নকৰিবা, কিয়নো মই তোমাক মুক্ত কৰিলোঁ; মই তোমাৰ নাম ধৰি তোমাক মাতিলোঁ, তুমি মোৰেই।”
Isaiah 51:12 in Assamese 12 মই, ময়েই যিজনে তোমালোকক শান্ত্বনা দিওঁ; তোমালোকে কিয় মানুহলৈ ভয় কৰা, কাৰ মৃত্যু হ’ব, মানুহৰ পুত্রৰ,কোনে তোমালোকক তৃণৰ দৰে সৃষ্টি কৰিলে?
Haggai 2:4 in Assamese 4 ‘হে জৰুব্বাবিল বলৱান হোৱা!’ যিহোৱাই এই কথা ঘোষণা কৰিছে, যিহোচাদকৰ পুত্ৰ হে প্ৰধান পুৰোহিত যিহোচুৱা, তুমিও বলৱান হোৱা; আৰু যিহোৱাই কৈছে, দেশৰ সকলো লোক তোমালোক বলৱান হোৱা, আৰু কাৰ্য কৰা; কাৰণ বাহিনীসকলৰ যিহোৱাই কৈছে, ‘মই তোমালোকৰ লগত আছোঁ!’
Zechariah 8:13 in Assamese 13 জাতিবোৰৰ মাজত তোমালোক যেনেকৈ শাওৰ উদাহৰণস্বৰূপ হৈছিলা, হে যিহূদা বংশ আৰু হে ইস্ৰায়েল বংশ, তেনেকৈ এতিয়া মই তোমালোকক উদ্ধাৰ কৰিম আৰু তোমালোক আশীৰ্ব্বাদৰ বিষয় হ’বা। ভয় নকৰিবা, তোমালোকৰ হাত সবল হওঁক!”
Luke 12:32 in Assamese 32 হে তাকৰ জাকটি, ভয় নকৰিবা, কিয়নো তোমালোকক ৰাজ্য দিবলৈ, তোমালোকৰ পিতৃ প্ৰসন্ন হৈছে।
1 Corinthians 16:13 in Assamese 13 আপোনালোক সজাগ হৈ থাকক; বিশ্বাসত সুস্থিৰ হোৱা, পুৰুষসকলৰ দৰে শক্তিমন্ত হওক।
Ephesians 6:10 in Assamese 10 অৱশেষত, প্ৰভুত আৰু তেওঁৰ শক্তিৰ পৰাক্ৰমত বলৱন্ত হওক।
2 Timothy 2:1 in Assamese 1 এতেকে হে মোৰ পুত্ৰ, খ্ৰীষ্ট যীচুত থকা যি অনুগ্ৰহ, তাৰ দ্ৱাৰাই তুমি বলৱান হোৱা।
Hebrews 13:5 in Assamese 5 আপোনালোকৰ আচাৰ-ব্যৱহাৰ নিৰ্ল্লোভী হওক, অৰ্থাৎ ধন সম্পত্তিক প্ৰেম কৰা নহওক; আপোনালোকৰ যি আছে, তাতে আপোনালোক সন্তুষ্ট হৈ থাকক; কিয়নো তেৱেঁ কৈছে, ‘মই তোমাক কেতিয়াও নেৰিম, কেতিয়াও ত্যাগ নকৰিম’।
Revelation 21:8 in Assamese 8 কিন্তু যি সকল ভয়াতুৰ, অবিশ্বাসী, ঘিণলগীয়া, নৰবধী, ব্যভিচাৰী, মায়াবী, মূৰ্তিপূজক আৰু সকলো মিছলীয়া সকলে, জ্বলি থকা গন্ধক আৰু জুইৰ সৰোবৰত নিজ নিজ ভাগ পাব৷ সেয়াই দ্বিতীয় মৃত্যু।”