Deuteronomy 17:20 in Assamese 20 এই কাৰণে নিজ ঈশ্বৰ যিহোৱাক ভয় কৰিবলৈ শিকি, এই ব্যৱস্থাৰ সকলো বাক্য, আৰু বিধিবোৰ পালন কৰি সেই মতে কাৰ্য্য কৰিবৰ অৰ্থে, সেই পুস্তকখনি তেওঁৰ ওচৰত থাকিব, আৰু তেওঁ জীৱনৰ সকলো সময়ত তাক পাঠ কৰিব।
Other Translations King James Version (KJV) That his heart be not lifted up above his brethren, and that he turn not aside from the commandment, to the right hand, or to the left: to the end that he may prolong his days in his kingdom, he, and his children, in the midst of Israel.
American Standard Version (ASV) that his heart be not lifted up above his brethren, and that he turn not aside from the commandment, to the right hand, or to the left: to the end that he may prolong his days in his kingdom, he and his children, in the midst of Israel.
Bible in Basic English (BBE) So that his heart may not be lifted up over his countrymen, and he may not be turned away from the orders, to one side or the other: but that his life and the lives of his children may be long in his kingdom in Israel.
Darby English Bible (DBY) that his heart be not lifted up above his brethren, and that he turn not aside from the commandment, to the right hand, or to the left; that he may prolong his days in his kingdom, he, and his sons, in the midst of Israel.
Webster's Bible (WBT) That his heart may not be lifted above his brethren, and that he may not turn aside from the commandment to the right hand or to the left: to the end that he may prolong his days in his kingdom, he, and his children, in the midst of Israel.
World English Bible (WEB) that his heart not be lifted up above his brothers, and that he not turn aside from the commandment, to the right hand, or to the left: to the end that he may prolong his days in his kingdom, he and his children, in the midst of Israel.
Young's Literal Translation (YLT) so that his heart is not high above his brethren, and so as not to turn aside from the command, right or left, so that he prolongeth days over his kingdom, he and his sons, in the midst of Israel.
Cross Reference Deuteronomy 4:2 in Assamese 2 মই আপোনালোকক যি আজ্ঞা দিছো তাৰ লগত একো যোগ নিদিব আৰু তাৰ পৰা একো বাদ নিদিব। আপোনালোকৰ ঈশ্বৰ যিহোৱাৰ যি সকলো আজ্ঞা মই আপোনালোকক দিছো, সেইবোৰ আপোনালোকে মানি চলিব।
Deuteronomy 5:32 in Assamese 32 এতেকে, আপোনালোকৰ ঈশ্বৰ যিহোৱাই আপোনালোকক যি যি আজ্ঞা দিলে, আপোনালোকে যত্নেৰে সেইবোৰ পালন কৰক; তাৰ পৰা সোঁ কি বাওঁফালে নুঘূৰিব।
Deuteronomy 8:2 in Assamese 2 আপোনালোকে অৱশ্যেই মনত ৰখা উচিত, যে ঈশ্বৰ যিহোৱাই চল্লিশ বছৰলৈকে মৰুপ্রান্তৰত আপোনালোকক নেতৃত্ব দি পৰিচালিত কৰিছিল। তেওঁ আপোনালোকক নম্র কৰিবলৈ আৰু আপোনালোকে যিহোৱাৰ আজ্ঞা মানি চলিব নে নাই তাক পৰীক্ষা কৰি জানিবলৈ তেওঁ এই কার্য কৰিছিল।
Deuteronomy 8:13 in Assamese 13 যেতিয়া আপোনালোকৰ গৰু-ছাগলী, ভেড়া জাকৰ বৃদ্ধি পাব, আপোনালোকৰ অধিক সোণ ৰূপ হব আৰু আপোনালোকৰ সকলো সম্পত্তি বৃদ্ধি পাব,
Deuteronomy 12:25 in Assamese 25 আপোনালোক আৰু আপোনালোকৰ ভাবী সন্তানসকলৰ মঙ্গল হ’বৰ কাৰণে আপোনালোকে তেজ পান নকৰিব; তেতিয়া যিহোৱাৰ দৃষ্টিত যি ভাল তাক কৰা হ’ব।
Deuteronomy 12:28 in Assamese 28 আপোনালোকৰ আৰু আপোনালোকৰ পাছত আপোনালোকৰ ভাবী সন্তানসকলৰ যেন চিৰকাল মঙ্গল হয়, সেয়ে মই দিয়া এই সকলো আজ্ঞা আপোনালোকে যত্নেৰে পালন কৰিব; কাৰণ তেনে কৰিলে আপোনালোকৰ ঈশ্বৰ যিহোৱাৰ দৃষ্টিত যি ন্যায় আৰু ভাল তাক কৰা হ’ব।
Deuteronomy 12:32 in Assamese 32 মই আপোনালোকক যি যি আজ্ঞা দিছোঁ, আপোনালোকে সেই সকলোকে পালন কৰিব; ইয়াৰ লগত আপোনালোকে একো কথা যোগ নিদিব আৰু ইয়াৰ পৰা একো কথা বাদ নিদিব।
Deuteronomy 17:11 in Assamese 11 আপোনালোকক তেওঁলোকে যি ব্যৱস্থাৰ শিক্ষা দিব, আৰু যি শাসন-প্ৰণালী ক’ব, সেই ব্যৱস্থা আৰু শাসন-প্ৰণালী অনুসাৰে আপুনি কাৰ্য্য কৰিব। তেওঁলোকে দিয়া ৰায়ৰ সোঁ কি বাওঁফালে নুঘুৰিব।
1 Samuel 13:13 in Assamese 13 সেয়েহে চমূৱেলে চৌলক ক’লে, “তুমি অজ্ঞানৰ কৰ্ম কৰিলা। তোমাৰ ঈশ্বৰ যিহোৱাই তোমাক যি আজ্ঞা দিছিল, তাক পালন নকৰিলা। কৰা হ’লে যিহোৱাই ইস্ৰায়লৰ ওপৰত তোমাৰ ৰাজত্ব চিৰস্থায়ী কৰিলহেঁতেন।
1 Samuel 15:23 in Assamese 23 কিয়নো বিদ্ৰোহ আচৰণ কৰা, মঙ্গলচোৱা পাপৰ তুল্য; আৰু আঁকোৰগোঁজ হোৱা, পাপিষ্ঠ আৰু অসাধু কাৰ্যৰ দৰে, - কাৰণ তুমি যিহোৱাৰ বাক্য অগ্ৰাহ্য কৰিলা, সেয়েহে তেৱোঁ তোমাক ৰজা পদৰ পৰা অগ্ৰাহ্য কৰিলে।”
1 Kings 11:12 in Assamese 12 কিন্তু তোমাৰ পিতৃ দায়ূদৰ কাৰণে মই তোমাৰ জীৱন কালত এনে ধৰণে নকৰিম, কিন্তু তোমাৰ পুত্ৰৰ হাতৰ পৰা তাক কাঢ়ি ল’ম।
1 Kings 11:34 in Assamese 34 তথাপি মই চলোমনৰ হাতৰ পৰা সমুদায় ৰাজ্যখন নল’ম, কিন্তু মোৰ আজ্ঞা আৰু বিধিবোৰ পালন কৰাৰ কাৰণে মই মনোনীত কৰা মোৰ দাস দায়ূদৰ বাবে মই চলোমনৰ জীৱনকালত তেওঁক শাসনকর্তা কৰি ৰাখিছো।
1 Kings 11:36 in Assamese 36 আৰু মোৰ নাম স্থাপন কৰিবৰ কাৰণে মই মনোনীত কৰা যিৰূচালেম নগৰৰ মাজত যেন মোৰ দাস দায়ূদৰ প্ৰদীপ মোৰ সন্মুখত সদায় জ্বলে, এই কাৰণে তেওঁৰ পুত্ৰক এক জনগোষ্ঠী দিম।
1 Kings 15:5 in Assamese 5 কিয়নো, যিহোৱাৰ দৃষ্টিত যি ন্যায়, দায়ূদে তাকেই কৰিছিল; হিত্তীয়া ঊৰিয়াৰ কথাৰ বাহিৰে, তেওঁৰ নিজ আয়ুসৰ গোটেই কালত, যিহোৱাই তেওঁক দিয়া কোনো আজ্ঞাৰ পৰা তেওঁ বিমুখ হোৱা নাছিল।
2 Kings 10:30 in Assamese 30 যিহোৱাই যেহূক ক’লে, মোৰ দৃষ্টিত যি ন্যায়, তাক কৰি তুমি ভাল কৰ্ম্ম কৰিলা, আৰু মোৰ মনত যি যি আছিল, সেই সকলোকে তুমি আহাবৰ বংশলৈ কৰিলা; এই কাৰণে চতুৰ্থ পুৰুষলৈকে তোমাৰ বংশ ইস্ৰায়েলৰ সিংহাসনত বহিব।
2 Kings 14:10 in Assamese 10 ইদোমক পৰাজয় কৰি নিশ্চয় আপোনাৰ মনত অহংকাৰ হৈছে। গতিকে জয়ৰ অহংকাৰ কৰক; তথাপিও ঘৰতে থাকক। কিয় নিজলৈ বিপদ মাতি আনিছে আৰু তাৰ লগতে নিজৰ আৰু যিহূদাৰো ধংস মাতি আনিছে?”
2 Chronicles 25:19 in Assamese 19 তুমি কৈছিলা, ‘চোৱা, মই ইদোমক পৰাজয় কৰিলোঁ,’ আৰু তাতে তোমাৰ হৃদয়ে দৰ্প কৰিবলৈ তোমাৰ সফলতাত গৰ্ব্বী হৈছে; তুমি এতিয়া নিজ ঘৰতে থাকা; কিয় নিজ অমঙ্গলৰ অৰ্থে যুদ্ধ কৰি তুমি আৰু তোমাৰে সৈতে যিহূদাক পতিত কৰিবলৈ বিচাৰিছা?”
2 Chronicles 26:16 in Assamese 16 কিন্তু শক্তিমান হোৱাৰ পাছত তেওঁৰ মন এনেকৈ গর্বিত হ’ল যে, তেওঁ দুষ্কৰ্ম কৰিবলৈ ধৰিলে; তেওঁ নিজ ঈশ্বৰ যিহোৱাৰ বিৰুদ্ধে সত্যলঙ্ঘন কৰিলে। তেওঁ ধূপবেদীৰ ওপৰত ধূপ জ্বলাবলৈ যিহোৱাৰ মন্দিৰত সোমাল।
2 Chronicles 32:25 in Assamese 25 কিন্তু হিষ্কিয়াই পোৱা উপকাৰ অনুসাৰে যিহোৱাক প্ৰতিদান নিদিলে, কিয়নো তেওঁৰ মন গৰ্ব্বী হ’ল৷ এই হেতুকে তেওঁৰ, যিহূদাৰ আৰু যিৰূচালেমৰ ওপৰত যিহোৱাৰ ক্ৰোধ হ’ল।
2 Chronicles 33:12 in Assamese 12 তেতিয়া সঙ্কতত পৰি তেওঁ নিজ ঈশ্বৰ যিহোৱাৰ আগত মিনতি কৰিলে আৰু নিজ ওপৰ পিতৃসকলৰ ঈশ্বৰৰ আগত নিজকে অতিশয় নম্ৰ কৰিলে।
2 Chronicles 33:19 in Assamese 19 আৰু তেওঁ কৰা প্ৰাৰ্থনা, সেই প্ৰাৰ্থনা গ্ৰহণ হোৱা আৰু তেওঁ কৰা সকলো পাপ আৰু সত্যলঙ্ঘন বিষয় আৰু নম্ৰ হোৱাৰ আগেয়ে তেওঁৰ যি যি ঠাইত ওখ ঠাই সাজিছিল আৰু আচেৰা মুৰ্ত্তি ও কটা প্ৰতিমা স্থাপন কৰিছিল, সেই সকলোৰে বিৱৰণ হোজেয়াৰ পুস্তকখনত লিখা আছে।
2 Chronicles 33:23 in Assamese 23 আৰু তেওঁৰ পিতৃ মনচিয়ে যেনেকৈ নিজকে নম্ৰ কৰিছিল, তেনেকৈ তেওঁ যিহোৱাৰ সাক্ষাতে নিজকে নম্ৰ নকৰিলে৷ কিন্তু এই আমোনে দোষৰ ওপৰি দোষ কৰিলে।
2 Chronicles 34:27 in Assamese 27 এই ঠাই আৰু ইয়াৰ নিবাসীসকলৰ বিৰুদ্ধে তেওঁৰ যি বাক্য, তাক তুমি শুনা মাত্ৰকে ঈশ্বৰৰ আগত তোমাৰ মন কোমল কৰিলা, ঈশ্বৰৰ সাক্ষাতে নিজকে নম্ৰ কৰিলা আৰু নিজ কাপোৰ ফালি মোৰ আগত ক্ৰন্দন কৰিলা আৰু মইয়ো তোমাৰ কথা শুনিলো’ - এয়াই হৈছে যিহোৱাৰ ঘোষণা।
Psalm 19:11 in Assamese 11 তাৰোপৰি সেইবোৰে তোমাৰ দাসক সাৱধান কৰে; সেইবোৰ পালন কৰিলে পৰম লাভ হয়।
Psalm 131:1 in Assamese 1 হে যিহোৱা, মোৰ মন গর্বিত নহয়, মোৰ দৃষ্টিও উচ্চ নহয়, নিজৰ কাৰণে মোৰ কোনো মহান আশা নাই, নাইবা মোৰ পক্ষে অসম্ভৱ আশ্চর্য বিষয়বোৰ লৈয়ো মই চিন্তিত নহয়।
Psalm 132:12 in Assamese 12 তোমাৰ সন্তানসকলে যদি মোৰ নিয়মটি পালন কৰে, আৰু মই দিয়া আদেশবোৰ মানি চলে, যিবোৰ মই তেওঁলোকক শিকাম, তেন্তে তেওঁলোকৰ সন্তানসকলেও চিৰকাললৈকে তোমাৰ সিংহাসনত বহিব।”
Proverbs 10:27 in Assamese 27 যিহোৱালৈ থকা ভয়ে আয়ুস বৃদ্ধি কৰে; কিন্তু দুষ্টবোৰৰ বছৰবোৰ কমি যাব।
Proverbs 27:24 in Assamese 24 কিয়নো ধন-সম্পত্তি চিৰস্থায়ী নহয়। আৰু কিৰীটিও জানো পুৰুষানুক্ৰমে থাকে?
Ecclesiastes 8:13 in Assamese 13 কিন্তু দুষ্ট লোকৰ হ’লে মঙ্গল নহব; তেওঁলোকৰ আয়ুস বৃদ্ধি নাপাব; তেওঁলোকৰ জীৱনকাল দ্রুতগামী ছাঁ স্বৰূপ; কাৰণ তেওঁলোকে ঈশ্বৰৰ সাক্ষাতে ভয়েৰে থিয় নহয়।
Isaiah 2:12 in Assamese 12 কিয়নো গৰ্ব্বী, অহঙ্কাৰী, আৰু উন্নত হোৱা সকলোৰে বিৰুদ্ধে বাহিনীসকলৰ যিহোৱা এদিন আহিব, আৰু সকলোকে নত কৰিব;
Daniel 5:20 in Assamese 20 যেতিয়া তেওঁৰ হৃদয় অহঙ্কাৰী আৰু তেওঁৰ মন কঠিন হৈছিল, আৰু তেওঁ গৰ্ব্ব আচৰণ কৰিছিল, তেতিয়া তেওঁক ৰাজ সিংহাসনৰ পৰা নমোৱা হৈছিল, আৰু তেওঁলোকে তেওঁৰ পৰা তেওঁৰ ঐশ্বৰ্য কাঢ়ি লৈছিল।
Habakkuk 2:4 in Assamese 4 চোৱা! মানুহৰ আত্মা অহঙ্কাৰী হয়, আৰু নিজেই নিজৰ বাবে ন্যায়পৰায়ণ নহয়, কিন্তু ধাৰ্মিক লোক নিজৰ বিশ্বাসৰ দ্বাৰাই জীয়াই থাকিব।
2 Corinthians 12:7 in Assamese 7 আৰু সেই প্ৰকাশিত বিষয়ৰ অনুপমতাত মই যেন অতিশয় গৰ্ব নকৰোঁ৷ সেই কাৰণে মোৰ শৰীৰত এটা কাঁইট আছে, মোক ভূকূৱাবলৈ চয়তানৰ এক দূত দিয়া হ’ল; যাতে মই অধিক গর্বিত হৈ নপৰো৷
1 Peter 5:5 in Assamese 5 সেইদৰে হে ডেকা লোক সকল, আপোনালোক পৰিচাৰক সকলৰ বশীভূত হওক; আপোনালোক সকলোৱে নম্ৰতাৰে নিজকে ভালদৰে মেৰিয়াই বান্ধি লওঁক আৰু ইজনে সিজনক সেৱা কৰক; যিহেতু, ঈশ্বৰে অহংকাৰী সকলক প্ৰতিৰোধ কৰে, কিন্তু নম্ৰ সকলক অনুগ্ৰহ দান কৰে।