Deuteronomy 10:12 in Assamese 12 ইস্ৰায়েলীয়াসকল, আপোনালোকৰ ঈশ্বৰ যিহোৱাই এতিয়া আপোনালোকৰ পৰা কি বিচাৰিছে? তেওঁ কেৱল বিচাৰিছে যেন আপোনালোকে আপোনালোকৰ ঈশ্বৰ যিহোৱাক ভয় কৰে, তেওঁৰ সকলো পথত চলে, তেওঁক প্ৰেম কৰে, আপোনালোকৰ সকলো মন আৰু প্ৰাণেৰে সৈতে ঈশ্বৰ যিহোৱাৰ আৰাধনা কৰে;
Other Translations King James Version (KJV) And now, Israel, what doth the LORD thy God require of thee, but to fear the LORD thy God, to walk in all his ways, and to love him, and to serve the LORD thy God with all thy heart and with all thy soul,
American Standard Version (ASV) And now, Israel, what doth Jehovah thy God require of thee, but to fear Jehovah thy God, to walk in all his ways, and to love him, and to serve Jehovah thy God with all thy heart and with all thy soul,
Bible in Basic English (BBE) And now, Israel, what would the Lord your God have you do, but to go in the fear of the Lord your God, walking in all his ways and loving him and doing his pleasure with all your heart and all your soul,
Darby English Bible (DBY) And now, Israel, what doth Jehovah thy God require of thee, but to fear Jehovah thy God, to walk in all his ways, and to love him, and to serve Jehovah thy God with all thy heart and with all thy soul,
Webster's Bible (WBT) And now, Israel, what doth the LORD thy God require of thee, but to fear the LORD thy God, to walk in all his ways, and to love him, and to serve the LORD thy God with all thy heart and with all thy soul,
World English Bible (WEB) Now, Israel, what does Yahweh your God require of you, but to fear Yahweh your God, to walk in all his ways, and to love him, and to serve Yahweh your God with all your heart and with all your soul,
Young's Literal Translation (YLT) `And now, Israel, what is Jehovah thy God asking from thee, except to fear Jehovah thy God, to walk in all His ways, and to love Him, and to serve Jehovah thy God with all thy heart, and with all thy soul,
Cross Reference Deuteronomy 4:29 in Assamese 29 কিন্তু সেই ঠাইত থাকি যদি আপোনালোকে নিজ ঈশ্বৰ যিহোৱাক বিচাৰে, তেন্তে, আপোনালোকে তেওঁক পাব। আপোনালোকে যদি নিজৰ সমস্ত হৃদয়ৰে আৰু আত্মাৰে বিচাৰে তেহে তেওঁক পাব।
Deuteronomy 5:33 in Assamese 33 আপোনালোক যেন জীয়াই থাকিব পাৰে, আপোনালোকৰ যেন মঙ্গল হয়, আৰু যি দেশ আপোনালোকে অধিকাৰ কৰিব, তাত যেন অনেক কাল জীয়াই থাকিব পাৰে, সেইবাবে আপোনালোকৰ ঈশ্বৰ যিহোৱাই যি যি পথত আপোনালোকক চলিবলৈ আজ্ঞা দিলে, সেই পথতে আপোনালোক চলিব।”
Deuteronomy 6:5 in Assamese 5 আপোনালোক সকলোৱেই আপোনাৰ সকলো মন, সকলো প্ৰাণ, আৰু সকলো শক্তিৰে সৈতে নিজ ঈশ্বৰ যিহোৱাক প্ৰেম কৰক।
Deuteronomy 6:13 in Assamese 13 আপোনালোকে নিজ ঈশ্বৰ যিহোৱাক ভয় কৰিব, কেৱল তেওঁৰেই আৰাধনা কৰিব, আৰু তেওঁৰ নামেৰেই শপত খাব।
Deuteronomy 11:13 in Assamese 13 গতিকে আপোনালোকৰ ঈশ্বৰ যিহোৱাক প্রেম কৰিবলৈ আৰু সমস্ত মন আৰু প্রাণেৰে তেওঁৰ সেৱা-আৰধনা কৰিবলৈ যি আজ্ঞা আজি মই আপোনালোকক দিলো তাক আপোনালোকে বিশ্বস্ততাৰে পালন কৰিব।
Deuteronomy 30:16 in Assamese 16 আজি আপোনালোকৰ ওচৰত মোৰ আজ্ঞা এই যে, আপোনালোকে আপোনালোকৰ ঈশ্বৰ যিহোৱাক প্ৰেম কৰিব, তেওঁৰ পথত চলিব, আৰু তেওঁৰ আজ্ঞা, বিধি আৰু শাসন-প্ৰণালীবোৰ পালন কৰিব। তেনে কৰিলে আপোনালোক জীয়াই থাকিব আৰু সংখ্যাত বৃদ্ধি পাব; যি দেশ আপোনালোকে অধিকাৰ কৰিবলৈ গৈ আছে, সেই দেশত আপোনালোকৰ ঈশ্বৰ যিহোৱাই আপোনালোকক আশীৰ্ব্বাদ কৰিব।
Deuteronomy 30:20 in Assamese 20 আপোনালোকৰ ঈশ্বৰ যিহোৱাক প্রেম কৰক, তেওঁৰ বাক্যলৈ কাণ দিয়ক আৰু তেওঁতেই আসক্ত হৈ থাকক। কাৰণ প্রভুৱেই আপোনালোকৰ জীৱন আৰু তেঁৱেই আপোনালোকক দীর্ঘজীৱি কৰিব। আপোনালোকৰ পূর্বপুৰুষ অব্ৰাহাম, ইচহাক, আৰু যাকোবক যি দেশ দিম বুলি তেওঁলোকৰ আগত যিহোৱাই প্রতিজ্ঞা কৰিছিল, সেই দেশত বাস কৰিবৰ অৰ্থে আপোনালোকে জীৱনক মনোনীত কৰক।
Joshua 22:5 in Assamese 5 কিন্তু যিহোৱাৰ দাস মোচিয়ে তোমালোকক আদেশ কৰা আজ্ঞা আৰু বিধানৰ দৰে কাৰ্য্য কৰিবলৈ, ঈশ্বৰ যিহোৱাক প্ৰেম কৰিবলৈ, তেওঁৰ সকলো পথত চলিবলৈ, তেওঁৰ আজ্ঞাবোৰ পালন কৰিবলৈ, তেওঁত আসক্ত হ’বলৈ আৰু সকলো মন ও সকলো প্ৰাণেৰে তেওঁৰ আৰাধনা কৰিবলৈ যত্নবান হ’বা।”
Job 36:11 in Assamese 11 যদি তেওঁবিলাকে তেওঁৰ কথা শুনে, আৰু তেওঁৰ সেৱা কৰে, তেন্তে তেওঁবিলাকে তেওঁবিলাকৰ দিন সুখে সম্পদে নিয়ায়, আৰু তেওঁবিলাকৰ বছৰ কেইটা সন্তোষেৰে কটায়।
Psalm 18:1 in Assamese 1 হে যিহোৱা, তুমিয়েই মোৰ বল; মই তোমাক অতি প্ৰীতি কৰোঁ।
Psalm 34:9 in Assamese 9 হে যিহোৱাৰ পবিত্র লোকসকল, তোমালোকে তেওঁলৈ ভয় ৰাখা; কিয়নো যিসকলে তেওঁলৈ ভয় ৰাখে, তেওঁলোকৰ একোৰে অভাৱ নহয়।
Psalm 81:13 in Assamese 13 হায়! মোৰ লোকসকলে যদি কেৱল মোৰ কথাই শুনিলে হয়, হায়! ইস্ৰায়েলে যদি মোৰ পথতে চলিলে হয়,
Psalm 128:1 in Assamese 1 ধন্য সেইজন, যি জনে যিহোৱালৈ ভয় ৰাখে, আৰু তেওঁৰ পথত চলে;
Psalm 145:20 in Assamese 20 যিসকলে যিহোৱাক প্ৰেম কৰে, তেওঁ তেওঁলোক সকলোকে ৰক্ষা কৰে, কিন্তু সকলো দুষ্ট লোকক হ’লে তেওঁ বিনষ্ট কৰিব।
Jeremiah 7:22 in Assamese 22 কিয়নো যি দিনা মই তোমালোকৰ পূৰ্ব্ব-পুৰুষসকলক মিচৰ দেশৰ পৰা উলিয়াই আনিছিলোঁ, সেই দিনা মই হোম-বলি কি মঙ্গলাৰ্থক বলিৰ বিষয়ে কোৱা বা আজ্ঞা দিয়া নাছিলোঁ।
Jeremiah 32:39 in Assamese 39 মই তেওঁলোকক এক চিত্ত আৰু এক পথ দিম যাতে তেওঁলোকে মোক প্রতিদিনে সন্মান কৰিবৰ কাৰণে তেওঁলোক আৰু তেওঁলোকৰ পাছৰ সন্তানসকলৰ মঙ্গল হয়।
Ezekiel 11:20 in Assamese 20 তেওঁলোকে মোৰ বিধিত চলিব আৰু মোৰ শাসন-প্ৰণালীবোৰ পালন কৰি সেই অনুসাৰে কাৰ্য কৰিব। তেতিয়া তেওঁলোক মোৰ প্ৰজা হ’ব আৰু মই তেওঁলোকৰ ঈশ্বৰ হ’ম।
Micah 6:8 in Assamese 8 হে মনুষ্য, যিহোৱাই যি ভাল, সেই বিষয়ে তোমালোকক কৈছিল; আৰু যিহোৱাই তোমালোকৰ পৰা এইবোৰ বিচাৰে: ন্যায়ৰূপ কাৰ্য কৰা, দয়াশীলতাক ভাল পোৱা, আৰু তোমালোকে ঈশ্বৰৰ সৈতে নম্রভাৱে চলা।
Zephaniah 3:9 in Assamese 9 তাৰ পাছত মই জাতিবোৰক পবিত্র ওঁঠ দিম যাতে তেওঁলোকে সকলোৱে কান্ধত কান্ধ মিলাই একে মনেৰে মোৰ প্রার্থনা কৰিব পাৰে।
Matthew 11:29 in Assamese 29 মই নম্ৰ আৰু কোমল চিত্তৰ মানুহ; এই হেতুকে, আপোনালোকৰ ওপৰত মোৰ যুৱঁলি লওক আৰু মোৰ শিক্ষা লওক; তাতে আপোনালোকে নিজৰ নিজৰ মনত জিৰণি পাব।
Matthew 22:37 in Assamese 37 যীচুৱে তেওঁক ক’লে, “‘তুমি সকলো হৃদয়, সকলো প্ৰাণ, আৰু সকলো চিত্তেৰে তোমাৰ প্ৰভু পৰমেশ্বৰক প্ৰেম কৰা’৷
Mark 12:29 in Assamese 29 যীচুৱে উত্তৰ দিলে, “প্ৰথমটো এই, ‘হে ইস্ৰায়েল, শুনা; প্ৰভুৱেই আমাৰ ঈশ্বৰ আৰু তেওঁ এজন,
Luke 10:27 in Assamese 27 তেওঁ উত্তৰ দি ক’লে, “তুমি সকলো হৃদয়, সকলো প্ৰাণ, সকলো শক্তি আৰু সকলো চিত্তেৰে তোমাৰ প্ৰভু পৰমেশ্বৰক প্ৰেম কৰা, আৰু তোমাৰ চুবুৰীয়াক নিজৰ নিচিনাকৈ প্ৰেম কৰা।”
Luke 11:42 in Assamese 42 কিন্তু হায় হায় ফৰীচী সকল! আপোনালোক সন্তাপৰ পাত্ৰ৷ আপোনালোকে পদিনা, আৰুদ আৰু বাগিছাত হোৱা শাক-পাচলিৰ দশম ভাগ দান কৰে, কিন্তু ন্যায়-বিচাৰ আৰু ঈশ্বৰৰ প্ৰেম আপোনালোকে ত্যাগ কৰে৷ আচলতে অন্যান্য বিষয় সমূহৰ লগতে ন্যায়-বিচাৰ আৰু ঈশ্ৱৰৰ প্ৰেমকো পালন কৰা আপোনালোকৰ প্ৰয়োজন আছিল৷
Acts 9:31 in Assamese 31 সেই সময়ত গোটেই যিহুদীয়া, গালীল, আৰু চমৰীয়া প্ৰদেশৰ মণ্ডলী সমূহ শান্তিত আছিল; বিশ্বাসী সকল সংখ্যাত বৃদ্ধি হৈ প্ৰভুৰ ভক্তিত আৰু পবিত্ৰ আত্মাই দিয়া উদগণিত থাকি, প্ৰভুৰ ভয়ত জীৱন-যাপন কৰিছিল ৷
Romans 1:9 in Assamese 9 কিয়নো ঈশ্ৱৰ মোৰ সাক্ষ্য, যি জনক মই নিজ আত্মাৰে সৈতে তেওঁৰ পুত্ৰৰ শুভবার্তাৰ সেৱা কৰোঁ আৰু সেই জনৰ ওচৰত মই নিৰন্তৰে আপোনালোকৰ নাম উল্লেখ কৰি,
Romans 8:28 in Assamese 28 আমি জানো যে, যি সকলে ঈশ্বৰক প্ৰেম কৰে, সেই সকল তেওঁৰ অভিপ্ৰায় অনুসাৰে আমন্ত্ৰিত, তেওঁলোকৰ বাবে তেওঁ মঙ্গলৰ অৰ্থে সকলো উত্তম কাৰ্য একেলগে কৰিছে।
Titus 2:11 in Assamese 11 কিয়নো সকলো মানুহলৈ পৰিত্ৰাণ অনা ঈশ্বৰৰ অনুগ্ৰহ প্ৰকাশিত হ’ল;
Hebrews 12:28 in Assamese 28 যিহেতু আমি অলৰ ৰাজ্যৰ অধিকাৰী হ’লো; সেয়েহে আহক, প্ৰশংসা আৰু ভক্তিপূৰ্ণ ভয়েৰে সৈতে গ্ৰহণযোগ্যভাবে ঈশ্বৰৰ কৃতজ্ঞতা স্বীকাৰ আৰু আৰাধনা কৰোঁহক;
1 Peter 1:15 in Assamese 15 আপোনালোকক আমন্ত্ৰণ কৰা জন যেনে পবিত্ৰ, আপোনালোকো সকলো আচাৰ-ব্যৱহাৰত তেনে পবিত্ৰ হওক৷
1 John 2:15 in Assamese 15 আপোনালোকে জগতক বা জগতত থকা বিষয়বোৰক প্ৰেম নকৰিব; কোনোৱে যদি জগতক প্ৰেম কৰে, তেনেহলে পিতৃৰ প্ৰেম তেওঁৰ অন্তৰত নাই।
1 John 4:19 in Assamese 19 আমি প্ৰেম কৰোঁ, কাৰণ তেৱেঁই প্ৰথমে আমাক প্ৰেম কৰিলে৷
1 John 5:2 in Assamese 2 আমি যেতিয়া ঈশ্বৰক প্ৰেম কৰোঁ আৰু তেওঁৰ আজ্ঞা পালন কৰোঁ, তেতিয়া ঈশ্বৰৰ সন্তান সকলকো যে প্ৰেম কৰোঁ, ইয়াকে জানো।
1 John 5:5 in Assamese 5 যীচু যে ঈশ্বৰৰ পুত্ৰ হয়, ইয়াক যি জনে বিশ্বাস কৰে, তেওঁৰ বাহিৰে জগতক জয় কৰোঁতা কোন?