Daniel 9:6 in Assamese 6 আপোনাৰ দাস যি ভাববাদীসকলে আমাৰ ৰজা, মূখ্যলোক, পূৰ্ব্ব-পুৰুষ, আৰু দেশৰ সকলো লোকক আপোনাৰ নামেৰে কথা কৈছিল, আমি তেওঁলোকৰ কথা শুনা নাছিলোঁ।
Other Translations King James Version (KJV) Neither have we hearkened unto thy servants the prophets, which spake in thy name to our kings, our princes, and our fathers, and to all the people of the land.
American Standard Version (ASV) neither have we hearkened unto thy servants the prophets, that spake in thy name to our kings, our princes, and our fathers, and to all the people of the land.
Bible in Basic English (BBE) We have not given ear to your servants the prophets, who said words in your name to our kings and our rulers and our fathers and all the people of the land.
Darby English Bible (DBY) And we have not hearkened unto thy servants the prophets, who spoke in thy name to our kings, our princes, and our fathers, and to all the people of the land.
World English Bible (WEB) neither have we listened to your servants the prophets, who spoke in your name to our kings, our princes, and our fathers, and to all the people of the land.
Young's Literal Translation (YLT) and we have not hearkened unto Thy servants, the prophets, who have spoken in Thy name unto our kings, our heads, and our fathers, and to all the people of the land.
Cross Reference 2 Kings 17:13 in Assamese 13 যিহোৱাই তেওঁৰ সকলো ভাৱবাদী আৰু দৰ্শকসকলৰ মাধ্যমেদি ইস্ৰায়েল আৰু যিহূদা দেশক এই বুলি সাৱধান কৰি দিছিল, “তোমালোক সকলো কু-পথৰ পৰা ঘূৰা; মোৰ সকলো আজ্ঞা আৰু বিধি-বিধান অনুসাৰে চলা। মোৰ দাস ভাৱবাদীসকলক পঠাই তেওঁলোকৰ দ্বাৰাই মই যি সকলো বিধি-বিধান তোমালোকৰ পূর্বপুৰুষসকলক দিছিলো, সেই সকলো বিধান যত্নেৰে পালন কৰা।”
2 Chronicles 33:10 in Assamese 10 আৰু যিহোৱাই মনচিক আৰু তেওঁৰ লোকসকলক নানা কথা ক’লে; কিন্তু তেওঁলোকে কোনো মনোযোগ নিদিলে।
2 Chronicles 36:15 in Assamese 15 তথাপি তেওঁলোকৰ ওপৰ পিতৃসকলৰ ঈশ্বৰ যিহোৱাই নিজ প্ৰজাসকললৈ আৰু নিজৰ নিবাসৰ ঠাইলৈ মৰম লাগি, অতি যত্নেৰে নিজৰ দূতসকলক তেওঁলোকৰ গুৰিলৈ পঠিয়াই আছিল;
Ezra 9:7 in Assamese 7 আমাৰ পুৰ্ব্ব-পুৰুষৰ দিনৰে পৰা আজি পৰ্য্যন্ত আমি অতিদোষী হৈ আছোঁ। আমাৰ নানা অপৰাধৰ কাৰণে আমাক, আমাৰ ৰজাসকলক, আৰু আমাৰ পুৰোহিতসকলক এই পৃথিৱীৰ ৰজাসকলে তেওঁলোকৰ তৰোৱালেৰে বন্দীত্ৱ লৈ নি আমাক লুটদ্রব্যৰ দৰে কৰিলে আৰু আমাৰ মূখ বিৱৰ্ণ হ’বলৈ সোধাই দিলে।
Nehemiah 9:32 in Assamese 32 সেয়েহে এতিয়া, হে আমাৰ মহান, পৰাক্রমী, আৰু ঐশ্ৱৰ্য্যৱান ঈশ্বৰ, আপুনি নিয়ম ৰক্ষা কৰোঁতা ঈশ্ৱৰ আৰু আপোনাৰ প্রেম সদা কাললৈকে একে। ৰজা অচুৰীয়াৰ ৰাজত্ব কৰা দিনৰ পৰা আজিলৈকে আমাৰ, আমাৰ ৰজা, কোঁৱৰ, পুৰোহিত, ভাববাদী, আমাৰ পূৰ্ব-পুৰুষ, আৰু আপোনাৰ সকলো লোকৰ ওপৰলৈ অহা দুখ যাতনা আপোনাৰ দৃষ্টিত যেন নগণ্য নহওক।
Nehemiah 9:34 in Assamese 34 আমাৰ ৰজা, কোঁৱৰ, পুৰোহিত, আৰু আমাৰ পূৰ্ব-পুৰুষসকলে আপোনাৰ বিধান পালন নকৰিলে। আপোনাৰ বিধান আৰু আজ্ঞা অনুসাৰে সাৱধান কৰা কথালৈও তেওঁলোকে মনোযোগ নিদিলে।
Isaiah 30:10 in Assamese 10 তেওঁলোকে দৰ্শনকাৰী সকলক কয়, “দৰ্শন নাচাবা;” আৰু ভাববাদীসকলক কয়, “আমালৈ সত্যবাক্যৰ যথাৰ্থ ভাববাণী নকবা; আমাৰ আগত খোচামোদী বাক্য কোৱা মায়াযুক্ত ভাববাণী কোৱা।
Jeremiah 6:16 in Assamese 16 যিহোৱাই এই কথা কৈছে: যে, তোমালোকে চাৰিআলিৰ মূৰত থিয় হৈ চোৱা; আৰু প্ৰাচীন পথবোৰৰ বিষয়ে সোধা, ‘উত্তম পথ কোনটো? আৰু তাত চলা; তাতে তোমালোকৰ প্ৰাণত বিশ্ৰাম পাবলৈ এটি ঠাই বিচাৰি লোৱা; কিন্তু তেওঁলোকে ক’লে, আমি তাত নচলোঁ।
Jeremiah 7:13 in Assamese 13 আৰু যিহোৱাই কৈছে, তোমালোকে এইবোৰ কাৰ্য্য কৰিলা, আৰু মই অতি ৰাতিপোৱাতে উঠি তোমালোকক এই কথা কওঁতেও তোমালোকে নুশুনিলা আৰু মই মাতোতে তোমালোকে উত্তৰ নিদিলা।
Jeremiah 7:25 in Assamese 25 তোমালোকৰ পূৰ্ব্ব-পুৰুষসকল মিচৰ দেশৰ পৰা ওলাই অহা দিনৰে পৰা আজিলৈকে, মই প্ৰতি প্ৰভাতে উঠি, সদায় মোৰ সকলো দাস ভাববাদিসকলক তোমালোকৰ ওচৰলৈ পঠাই আছোঁ।
Jeremiah 25:3 in Assamese 3 তেওঁ ক’লে, “আমোনৰ পুত্ৰ যিহূদাৰ ৰজা যোচিয়াৰ ৰাজত্বৰ ত্ৰয়োদশ বছৰৰে পৰা আজিলৈকে এই তেইশ বছৰ যিহোৱাৰ বাক্য মোৰ ওচৰলৈ আহি আছে আৰু মই প্ৰতি প্ৰভাতে উঠি তোমালোকক তাক কৈ আছোঁ। মই তোমালোকক ক’বলৈ অতি ইচ্ছুক আছিলো, কিন্তু তোমালোকে কাণ দিয়া নাই।
Jeremiah 26:5 in Assamese 5 মোৰ দাস সেই ভাববাদীসকলৰ বাক্য শুনিবলৈ, তোমালোকৰ আগত মই স্থাপন কৰা মোৰ ব্যৱস্থামতে চলিবলৈ, যদি তোমালোকে মোলৈ কাণ নিদিয়া,
Jeremiah 29:19 in Assamese 19 কাৰণ যিহোৱাই কৈছে: ‘মই অতি প্ৰভাতে উঠি তেওঁলোকৰ ওচৰলৈ মোৰ দাস ভাববাদীসকলৰ দ্বাৰাই পঠোৱা মোৰ বাক্যলৈ তোমালোকে কাণ নিদিলা;’ যিহোৱাই কৈছে: ‘তোমালোকে মোৰ বাক্য শুনিবলৈ ইচ্ছা নকৰিলা।’
Jeremiah 32:32 in Assamese 32 কিয়নো ইস্ৰায়েল আৰু যিহূদাৰ সন্তানসকলে, মোক বেজাৰ দিবৰ অৰ্থে কৰা তেওঁলোকৰ সকলো দুষ্কৰ্ম্মৰ দ্ৱাৰাই মোক উত্তেজিত কৰিলে - তেওঁলোকৰ ৰজাসকল, প্ৰধান লোকসকল, পুৰোহিতসকল, ভাববাদীসকল আৰু যিহূদাৰ প্রত্যেক জন লোক আৰু যিৰূচালেম-নিবীসীসকল।
Jeremiah 44:4 in Assamese 4 তথাপি মই প্ৰভাতে উঠি সকলো দাস ভাববাদীসকলক তোমালোকৰ ওচৰলৈ পঠিয়াই কোৱাইছিলোঁ যে, ‘তোমালোকে মোৰ ঘিণলগীয়া এই গৰ্হিত কাৰ্য্য নকৰিবা।’
Jeremiah 44:16 in Assamese 16 তেওঁলোকে ক’লে, “তুমি যিহোৱাৰ নামেৰে আমাক কোৱা বাক্যৰ বিষয়ে হ’লে, আমি তোমালৈ কাণ নিদিওঁ।
Daniel 9:10 in Assamese 10 আমাৰ ঈশ্বৰ যিহোৱাৰ বাক্য আমি শুনা নাই, আৰু তেওঁৰ দাস ভাববাদীসকলৰ দ্বৰাই আমাক দিয়া বিধানবোৰো মানি চলা নাই।
Zechariah 1:4 in Assamese 4 তোমলোকৰ পূৰ্ব-পুৰুষসকলৰ নিচিনা তোমালোক নহ’বা; যিসকলৰ আগত আগৰ কালৰ ভাবাদীসকলে কৈছিল, “বাহিনীসকলৰ যিহোৱাই এই কথা কৈছে: তোমালোকে নিজ নিজ কু-পথৰ, আৰু নিজ নিজ কু-কাৰ্য্যৰ পৰা ঘূৰা!” কিন্তু তেওঁলোকে সেই কথা নুশুনিলে, বা মোলৈ কাণ নিদিলে।” এয়ে যিহোৱাৰ ঘোষণা।
Zechariah 7:8 in Assamese 8 পুনৰায় জখৰিয়াৰ ওচৰলৈ যিহোৱাৰ বাক্য আহিল,
Matthew 21:34 in Assamese 34 যেতিয়া দ্ৰাক্ষাগুটি চপোৱাৰ বতৰ ওচৰ হ’ল, তেওঁ নিজৰ গুটি পাবলৈ, খেতিয়ক সকলৰ ওচৰলৈ তেওঁৰ দাসবোৰক পঠাই দিলে।
Matthew 23:37 in Assamese 37 “যিৰূচালেম, যিৰূচালেম, যি জনে ভাৱবাদী সকলক বধ কৰে আৰু তোমাৰ ওচৰলৈ পঠোৱা সকলক শিল দলিয়াই মাৰে, কিমান বাৰ মই তোমাৰ সন্তান সকলক একলগ কৰিবলৈ যত্ন কৰিলোঁ, কুকুৰাই যেনেকৈ নিজৰ পোৱালিবোৰক ডেউকাৰ তলত চপাই লয়, তেনেকৈ ময়ো তোমাৰ সন্তানবোৰক চপাই ল’বলৈ ইচ্ছা কৰিছিলোঁ, কিন্তু তুমি সন্মত নহলা।
Luke 20:10 in Assamese 10 পাছত সেই খেতিয়ক সকলে দ্ৰাক্ষাবাৰীৰ গুটিৰ অংশ তেওঁক যেন দিয়ে, এই কাৰণে বতৰৰ দিনত, তেওঁ তেওঁলোকৰ ওচৰলৈ এজন দাসক পঠাই দিলে। কিন্তু খেতিয়ক সকলে তেওঁক কোবাই, শুদা-হাতে খেদি দিলে৷
Acts 7:51 in Assamese 51 হে ঠৰ-ডিঙীয়া লোক সকল, হৃদয় আৰু কাণৰ চুন্নৎ নোহোৱা লোক, আপোনালোকে সদায় পবিত্ৰ আত্মাৰ প্রতিৰোধ কৰে; পূৰ্ব-পুৰুষ সকলে যেনেদৰে কৰিছিল, আপোনালোকে সেইদৰেই কৰিছে।
Acts 13:27 in Assamese 27 কিয়নো যিৰূচালেম নিবাসী আৰু তেওঁলোকৰ শাসনকৰ্তা সকলে তেওঁক নাজানি আৰু প্ৰত্যেক বিশ্ৰামবাৰত পঢ়া ভাববাদী সকলৰ বাক্যকো নুবুজি, যীচুক দোষাৰোপ কৰি, সেই বাক্য পূৰ্ণ কৰিলে৷
1 Thessalonians 2:15 in Assamese 15 ইহুদী সকলে প্ৰভু যীচুক আৰু ভাববাদী সকলক হত্যা কৰিছিল আৰু এতিয়া আমাকো তাড়না কৰি আছে। তেওঁলোকে ঈশ্বৰক সন্তুষ্ট নকৰে, কিন্তু তেওঁলোক সকলোৰে বিপক্ষত থাকে।