Daniel 9:19 in Assamese 19 হে প্ৰভু, শুনক! হে প্ৰভু, ক্ষমা কৰক! হে প্ৰভু মনোযোগ দিয়ক, আৰু কাৰ্য কৰক! হে মোৰ ঈশ্বৰ, আপোনাৰ অভিপ্রায়ৰ বাবে পলম নকৰিব। আপোনাৰ নগৰ আৰু লোকসকলে আপোনাৰ নামেৰে মাতি আছে।”
Other Translations King James Version (KJV) O Lord, hear; O Lord, forgive; O Lord, hearken and do; defer not, for thine own sake, O my God: for thy city and thy people are called by thy name.
American Standard Version (ASV) O Lord, hear; O Lord, forgive; O Lord, hearken and do; defer not, for thine own sake, O my God, because thy city and thy people are called by thy name.
Bible in Basic English (BBE) O Lord, give ear; O Lord, have forgiveness; O Lord, take note and do; let there be no more waiting; for the honour of your name, O my God, because your town and your people are named by your name.
Darby English Bible (DBY) Lord, hear! Lord, forgive! Lord, hearken and do! defer not, for thine own sake, O my God! for thy city and thy people are called by thy name.
World English Bible (WEB) Lord, hear; Lord, forgive; Lord, listen and do; don't defer, for your own sake, my God, because your city and your people are called by your name.
Young's Literal Translation (YLT) O lord, hear, O Lord, forgive; O Lord, attend and do; do not delay, for Thine own sake, O my God, for Thy name is called on Thy city, and on Thy people.'
Cross Reference Numbers 14:19 in Assamese 19 বিনয় কৰোঁ, তুমি মিচৰ দেশৰ পৰা এতিয়ালৈকে এই লোকসকলক যেনেকৈ ক্ষমা কৰি আহিছা, তেনেকৈ তোমাৰ মহৎ কৃপাৰ দৰে তেওঁলোকৰ এই অপৰাধ ক্ষমা কৰা।”
1 Kings 8:30 in Assamese 30 সেয়েহে যেতিয়া আপোনাৰ দাস ও আপোনাৰ প্ৰজা ইস্ৰায়েলে এই ঠাইৰ ফাললৈ মুখ কৰি প্ৰাৰ্থনা কৰিব, তেতিয়া আপুনি তেওঁলোকৰ মিনতিলৈ কাণ দিব, এনে কি, আপুনি আপোনাৰ বাসস্থান স্বৰ্গত থাকি তাক শুনিব আৰু শুনি ক্ষমা কৰিব।
2 Chronicles 6:21 in Assamese 21 আৰু যেতিয়া আপোনাৰ দাস ও আপোনাৰ প্ৰজা ইস্ৰায়েলে এই ঠাইৰ ফাললৈ মুখ কৰি প্ৰাৰ্থনা কৰিব, তেতিয়া আপুনি তেওঁলোকৰ প্ৰার্থনা যেন শুনে; এনে কি, আপুনি আপোনাৰ বাসস্থান স্বৰ্গৰ পৰা তাক শুনক আৰু শুনি ক্ষমা কৰক।
2 Chronicles 6:25 in Assamese 25 তেনেহ’লে স্বৰ্গৰ পৰা তাক শুনি আপোনাৰ প্ৰজা ইস্ৰায়েলৰ পাপ ক্ষমা কৰিব আৰু আপুনি তেওঁলোকক ও তেওঁলোকৰ পূৰ্ব-পুৰুষসকলক দিয়া দেশলৈ তেওঁলোকক ওভটাই আনিব।
2 Chronicles 6:39 in Assamese 39 তেতিয়া আপুনি আপোনাৰ বাসস্থান স্বৰ্গৰ পৰা তেওঁলোকৰ প্ৰাৰ্থনা আৰু অনুৰোধ শুনি, তেওঁলোকৰ বিচাৰ নিষ্পত্তি কৰিব আৰু আপোনাৰ বিৰুদ্ধে পাপ কৰা আপোনাৰ প্ৰজাসকলক ক্ষমা কৰিব।
Psalm 44:23 in Assamese 23 হে যিহোৱা ,সাৰ পোৱা, তুমি কিয় টোপনিয়াই আছা? জাগি উঠা, চিৰকাললৈকে আমাক ত্যাগ নকৰিবা!
Psalm 74:9 in Assamese 9 আমি কোনো আলৌকিক চিহ্ন ঈশ্বৰৰ পৰা দেখা পোৱা নাই, তাত কোনো ভাৱবাদীও নাই; কিমান কাললৈকে আৰু এইদৰে হৈ থাকিব, তাক জানোতাও আমাৰ ইয়াত কোনো নাই।
Psalm 79:5 in Assamese 5 হে যিহোৱা, আৰু কিমান কাল? তুমি চিৰকাললৈ ক্ৰোধ কৰি থাকিবানে? তোমাৰ হিংসুক অন্তৰ্জ্বালা অগ্নিৰ দৰে কিমান কাললৈকে জ্বলি থাকিব?
Psalm 79:8 in Assamese 8 আমাৰ পূৰ্ব্বপুৰুষসকলৰ অপৰাধবোৰক তুমি আমাৰ অহিতে সোঁৱৰণ নকৰিবা; শীঘ্ৰে তোমাৰ দয়া আমাৰ ওচৰলৈ আহিবলৈ দিয়া, কিয়নো আমি অতিশয় হীন-অৱস্থাত পৰিছোঁ।
Psalm 85:5 in Assamese 5 তুমি চিৰকালেই আমাৰ ওপৰত ক্ৰোধ কৰি থাকিবা নেকি? সৰ্ব্ব পুৰুষলৈকে তুমি তোমাৰ ক্ৰোধ ধৰি ৰাখিবা নেকি?
Psalm 102:13 in Assamese 13 তুমি উঠিবা, চিয়োনলৈ কৃপা কৰিবা; এতিয়াই তাৰ প্রতি দয়া কৰাৰ সময় হৈছে, কাৰণ নিৰূপিত সময় উপস্থিত হ’ল।
Psalm 115:1 in Assamese 1 হে যিহোৱা, আমাক নহয়, আমাক নহয়, কিন্তু তোমাৰ নামকহে গৌৰৱাম্বিত কৰা; তোমাৰ অসীম প্রেম আৰু বিশ্বস্ততাৰ অর্থেই কৰা।
Isaiah 63:16 in Assamese 16 কাৰণ তুমি আমাৰ পিতৃ; কাৰণ অব্ৰাহামে আমাক নাজানে, আৰু ইস্ৰায়েলে আমাক স্বীকাৰ নকৰে; হে যিহোৱা, তুমিয়েই আমাৰ পিতৃ; আৰু পূৰ্ব্বকালৰে পৰা তুমি আমাৰ মুক্তিদাতা, এয়ে তোমাৰ নাম।
Isaiah 64:9 in Assamese 9 হে যিহোৱা, তুমি অত্যন্ত ক্ৰোধিত নহ’বা, বা আমাৰ অপৰাধবোৰ আমাৰ বিৰুদ্ধে সদায় সোঁৱৰণ কৰি নাথাকিবা; অনুগ্রহ কৰি তোমাৰ লোক, আমাক সকলোলৈ দৃষ্টি কৰ।
Jeremiah 14:7 in Assamese 7 হে যিহোৱা, যদিও আমাৰ অপৰাধবোৰে আমাৰ অহিতে সাক্ষ্য দিছে, তথাপি তুমি নিজ নামলৈ চাই কাৰ্য্য কৰা। কিয়নো আমাৰ বিপথগমন অনেক; আমি তোমাৰ বিৰুদ্ধে পাপ কৰিলোঁ।
Jeremiah 14:9 in Assamese 9 তুমি কিয় তধা লগা মানুহৰ দৰে, আৰু ত্ৰাণ কৰিবলৈ সমৰ্থ নথকা বীৰৰ নিচিনা? তথাপি হে যিহোৱা, তুমি আমাৰ মাজত আছা! আৰু আমি তোমাৰ নামেৰে প্ৰখ্যাত। আমাক ত্যাগ নকৰিবা।
Jeremiah 14:20 in Assamese 20 হে যিহোৱা, আমাৰ দুষ্টতা, আৰু আমাৰ পিতৃসকলৰ অপৰাধ আমি স্বীকাৰ কৰোঁ, কিয়নো আমি তোমাৰ বিৰুদ্ধে পাপ কৰিলোঁ।
Jeremiah 25:29 in Assamese 29 কাৰণ, চোৱা, মোৰ নামেৰে প্ৰখ্যাত হোৱা নগৰখনতেই অমঙ্গল আনিবলৈ ধৰিছোঁ, এনে স্থলত, তোমালোকে একেবাৰে দণ্ড নোপোৱাকৈ থাকিবা নে? তোমালোকে দণ্ড নোপোৱাকৈ নাথাকিবা; কিয়নো বাহিনীসকলৰ যিহোৱাই কৈছে, মই পৃথিৱী-নিবাসী সকলোৰে অহিতে তৰোৱাল মাতিম।
Ezekiel 20:9 in Assamese 9 কিন্তু মিচৰ দেশৰ পৰা তেওঁলোকক উলিয়াই অনাৰ দ্বাৰাই তেওঁলোক থকা যি জাতিবোৰৰ সাক্ষাতে মই তেওঁলোকক মোৰ পৰিচয় দিছিলোঁ, সেই জাতিবোৰৰ সাক্ষাতে মোৰ নাম অপবিত্ৰ কৰা নহ’বলৈ মোৰ নামৰ কাৰণে, এইদৰে মোৰ কাৰ্য্য কৰিলোঁ।
Ezekiel 20:14 in Assamese 14 কিন্তু যি জাতিবোৱৰ সাক্ষাতে মই তেওঁলোকক উলিয়াই আনিছিলোঁ, সেই জাতিবোৰৰ সাক্ষাতে মোৰ নাম অপবিত্ৰ কৰা নহ’বৰ বাবে মোৰ নামৰ উদ্দেশ্যে মই কাৰ্য্য কৰিলোঁ।
Ezekiel 20:22 in Assamese 22 তথাপি, যি জাতিবোৰৰ সাক্ষাতে মই তেওঁলোকক উলিয়াই আনিছিলোঁ, সেই জাতিবোৰৰ সাক্ষাতে মোৰ নাম অপবিত্ৰ কৰা নহ’বৰ বাবে মই মোৰ হাত কোঁচাই মোৰ নামৰ উদ্দেশ্যে কাৰ্য্য কৰিলোঁ।
Ezekiel 36:22 in Assamese 22 এই হেতুকে তুমি ইস্ৰায়েল বংশক কোৱা, ‘প্ৰভু যিহোৱাই এই কথা কৈছে: হে ইস্ৰায়েল বংশ, মই তোমালোকৰ কাৰণে কাৰ্য্য নকৰোঁ, কিন্তু তোমালোক যোৱা জাতিবোৰৰ মাজত তোমালোকে অপবিত্ৰ কৰা মোৰ পবিত্ৰ নামৰ কাৰণেহে কৰিম।
Ezekiel 39:25 in Assamese 25 কিন্তু প্ৰভু যিহোৱাই কৈছে, এতিয়া মই যাকোবৰ বন্দী অৱস্থা পৰিৱৰ্ত্তন কৰিম, আৰু গোটেই ইস্ৰায়েল বংশক দয়া কৰিম আৰু মোৰ পবিত্ৰ নামৰ অৰ্থে মই উৎসাহী হ’ম।
Daniel 9:18 in Assamese 18 হে মোৰ ঈশ্বৰ, কাণ পাতক; চকু মেলি আমাক চাওক; আমি উচ্ছন্ন হ’লো, আপোনাৰ নামেৰে প্ৰখ্যাত নগৰখনলৈ দৃষ্টি কৰক। আমাৰ ধাৰ্মিকতাৰ কাৰণে নহয়, কিন্তু আপোনাৰ অধিক অনুগ্ৰহৰ কাৰণেহে, আমি আপোনাৰ সহায় পাবলৈ বিনয় কৰিছোঁ।
Amos 7:2 in Assamese 2 সেই কাকতি ফৰিংবোৰে যেতিয়া দেশৰ সকলো সেউজীয়া শাক-পাচলি খাই শেষ কৰি পেলাইছিল, তেতিয়া মই মিনতি কৰিলোঁ, “হে প্ৰভু যিহোৱা, অনুগ্রহ কৰি ক্ষমা কৰক; যাকোব নো কেনেকৈ জীয়াই থাকিব? তেওঁ যে অতি সৰু।”
Luke 11:8 in Assamese 8 কিন্তু মই তোমালোকক কওঁ, বন্ধু হোৱা হেতুকে তেওঁ উঠি আহি নিদিলেও তুমি বাৰে বাৰে খুজি থকাত, এটা সময়ত তেওঁ উঠি আহি তোমাৰ যিমান প্ৰয়োজন সিমানেই পিঠা তোমাক দিব।
Ephesians 1:6 in Assamese 6 ঈশ্বৰে এই সকলো কৰিলে, যাতে তেওঁৰ প্ৰিয় যীচু খ্রীষ্টত আমাক যি অনুগ্ৰহ বিনামূল্যে দান কৰিলে, সেই গৌৰৱময় অনুগ্ৰহৰ প্ৰশংসা হয়।
Ephesians 1:12 in Assamese 12 আমি যি সকলে আগেয়ে খ্ৰীষ্টত আশা ৰাখিছো, সেই সকলৰ পৰাই যেন তেওঁৰ মহিমাৰ প্ৰশংসা হয়, সেই বাবেই তেওঁ আমাক মনোনীত কৰি ল’লে।
Ephesians 3:10 in Assamese 10 ঈশ্বৰৰ ইচ্ছা এই যে, মণ্ডলীৰ যোগেদি স্বর্গীয় স্থানবোৰত আধিপত্য আৰু ক্ষমতা প্রাপ্ত শাসনকৰ্তা সকলৰ ওচৰত ঈশ্বৰৰ নানাবিধ জ্ঞান জনোৱা হয়;