Daniel 9:13 in Assamese 13 মোচিৰ বিধানত লিখাৰ দৰে, সকলো দুৰ্যোগ আমাৰ ওপৰত আহিল, তথাপি আমি নিজৰ অপৰাধৰ পৰা মন পালটন কৰি আপোনাৰ সত্যতালৈ মনোযোগ দি, আমাৰ ঈশ্বৰ যিহোৱাৰ পৰা অনুগ্ৰহ পাবলৈ প্ৰাৰ্থনা কৰা নাই।
Other Translations King James Version (KJV) As it is written in the law of Moses, all this evil is come upon us: yet made we not our prayer before the LORD our God, that we might turn from our iniquities, and understand thy truth.
American Standard Version (ASV) As it is written in the law of Moses, all this evil is come upon us: yet have we not entreated the favor of Jehovah our God, that we should turn from our iniquities, and have discernment in thy truth.
Bible in Basic English (BBE) As it was recorded in the law of Moses, all this evil has come on us: but we have made no prayer for grace from the Lord our God that we might be turned from our evil doings and come to true wisdom.
Darby English Bible (DBY) As it is written in the law of Moses, all this evil is come upon us; yet we besought not Jehovah our God, that we might turn from our iniquities, and understand thy truth.
World English Bible (WEB) As it is written in the law of Moses, all this evil is come on us: yet have we not entreated the favor of Yahweh our God, that we should turn from our iniquities, and have discernment in your truth.
Young's Literal Translation (YLT) as it is written in the law of Moses, all this evil hath come upon us, and we have not appeased the face of Jehovah our God to turn back from our iniquities, and to act wisely in Thy truth.
Cross Reference Leviticus 26:14 in Assamese 14 কিন্তু যদি তোমালোকে মোৰ বাক্যলৈ কাণ নিদিয়া, মোৰ এই সকলো আজ্ঞামতে কাৰ্য্য নকৰা,
Deuteronomy 28:15 in Assamese 15 কিন্তু মই আজি আপোনালোকক আপোনালোকৰ ঈশ্বৰ যিহোৱাৰ যি যি আজ্ঞা দিছোঁ, সেই সকলোকে পালন কৰি সেই মতে কাৰ্য্য কৰিবলৈ যদি আপোনালোকে তেওঁৰ বাক্যলৈ কাণ নিদিয়ে, তেন্তে এই সকলো শাও আপোনালোকৰ ওপৰত পৰিব, আৰু আপোনালোকত ফলিয়াব।
Deuteronomy 29:4 in Assamese 4 কিন্তু আপোনালোকক আজিলৈকে যিহোৱাই সেইবোৰ বুজিবলৈ মন, চাবলৈ চকু আৰু শুনিবলৈ কাণ দিয়া নাই।
Job 36:13 in Assamese 13 অধৰ্ম্মচিত্তীয়াবোৰে ক্ৰোধ সাঁচি থয়; ঈশ্বৰে সিহঁতক বান্ধিলেও সিহঁতে কাঁতৰোক্তি নকৰে।
Psalm 85:4 in Assamese 4 হে আমাৰ পৰিত্ৰাণৰ ঈশ্বৰ, তুমি আমাক পুনৰ উদ্ধাৰ কৰা; আমাৰ প্রতি থকা তোমাৰ ঘৃণামিশ্রিত ক্ৰোধ দূৰ কৰা।
Psalm 119:18 in Assamese 18 মোৰ চকু মুকলি কৰি দিয়া, যাতে মই তোমাৰ ব্যৱস্থাত আচৰিত আচৰিত বিষয়বোৰ দেখা পাওঁ।
Psalm 119:27 in Assamese 27 তোমাৰ আজ্ঞাৰ পথবোৰ মোক বুজাই দিয়া; তাতে মই তোমাৰ আচৰিত কাৰ্য্যবোৰ ধ্যান কৰিম।
Psalm 119:73 in Assamese 73 তোমাৰ হাতেই মোক স্ৰজিলে, মোক গঠন কৰিলে; তোমাৰ আজ্ঞাবোৰ শিকিবলৈ মোক জ্ঞান-বুদ্ধি দান কৰা।
Isaiah 9:13 in Assamese 13 তথাপিও তেওঁলোকক প্ৰহাৰ কৰা লোকসকল তেওঁলৈ নুঘুৰিব, নাইবা তেওঁলোকে বাহিনীসকলৰ যিহোৱাক নিবিচাৰিব।
Isaiah 42:9 in Assamese 9 চোৱা, আগৰ কথা ফলিয়ালে এতিয়া নতুন বিষয় মই প্ৰকাশ কৰোঁ; সেইবোৰ সিদ্ধ নহওঁতেই সেইবোৰৰ বিষয়ে মই তোমালোকক কওঁ।”
Isaiah 64:7 in Assamese 7 তোমাৰ নামেৰে প্ৰাৰ্থনা কৰা কোনো এজন নাই; কোনেও তোমাত আশ্ৰয় ল’বলৈ ইচ্ছা কৰা নাই; কিয়নো তুমি আমাৰ পৰা মুখ লুকুৱাই ৰাখিছা, আৰু আমাৰ অপৰাধৰ প্ৰতাপত আমাক গলি যাবলৈ দিছা।
Jeremiah 2:30 in Assamese 30 মই তোমালোকৰ সন্তানসকলক বৃথা প্ৰহাৰ কৰিলোঁ; তেওঁলোকে শাস্তি নুবুজিলে; বৰং তোমালোকৰ নিজৰ তৰোৱালেই বিনাশক সিংহৰ দৰেই তোমালোকৰ ভাবাদীসকলক গ্ৰাস কৰিলে।
Jeremiah 5:3 in Assamese 3 হে যিহোৱা, তোমাৰ দৃষ্টি সত্যলৈ নহয় নে? তুমি তেওঁলোকক প্ৰহাৰ কৰিলা; তথাপি তেওঁলোক দুখিত নহ’ল। তুমি তেওঁলোকলৈ বিনাশ আনিলা, তথাপি তেওলোক শাস্তি গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰিলে, তেওঁলোকে নিজ নিজ মুখ শিলতকৈয়ো টান কৰি উভটি আহিবলৈ অমান্তি হ’ল।
Jeremiah 31:18 in Assamese 18 “মই ইফ্ৰয়িমক বিলাপেৰে সঁচাকৈ কোৱা শুনিলোঁ। ‘তুমি মোক শাস্তি দিলা, আৰু মই শাস্তি ভোগ কৰিলোঁ। যুৱলিত অভ্যাস নোহোৱা দামুৰি পোৱালিৰ নিচিনাকৈ তুমি মোক ঘূৰুউৱা, তাতে মই ঘূৰিম, কিয়নো তুমিয়েই মোৰ ঈশ্বৰ যিহোৱা।
Jeremiah 44:27 in Assamese 27 চোৱা, তেওঁলোকৰ মঙ্গলৰ বাবে নহয়, কিন্তু অমঙ্গলৰ বাবেহে মই তেওঁলোকলৈ জাগি থাকিম; আৰু এই মিচৰ দেশত থকা সকলো যিহূদী লোকক তৰোৱাল আৰু আকালৰ দ্বাৰাই নিঃশেষে বিনষ্ট কৰা হ’ব।
Lamentations 2:15 in Assamese 15 আটাই বাটৰুৱাই তোমাক দেখি হাত-তালি দিছে। তেওঁলোকে যিৰূচালেম-জীয়াৰীক সুহুৰিয়াই মূৰ জোকাৰি কয় বোলে, “পৰম সুন্দৰী আৰু গোটেই পৃথিৱীৰ আনন্দদায়িনী বুলি মানুহে কোৱা নগৰী এইখনে নে?”
Lamentations 5:21 in Assamese 21 হে যিহোৱা, তোমালৈ আমাক উভতাই আনা, তেতিয়াহে আমি অনুতপ্ত হ’ম; আগৰ কালৰ নিচিনা আমাৰ দিন পুনৰায় কৰা,
Daniel 9:11 in Assamese 11 ইস্ৰায়েলী লোকসকলে আপোনাৰ বিধান লঙ্ঘন কৰিলে, আৰু বিপথগামী হৈ আপোনাৰ কথা মানি চলিবলৈ অমান্তি হ’ল। ঈশ্বৰৰ দাস মোচিৰ বিধানত লিখা শাও আৰু শপত আমাৰ ওপৰত অধিক পৰিমাণে ফলিয়ালে; কাৰণ আমি তেওঁৰ বিৰুদ্ধে পাপ কৰিলোঁ।
Hosea 7:7 in Assamese 7 তেওঁলোক সকলোৱেই এটা তন্দুৰৰ দৰেই তপত; তেওঁলোকৰ শাসনকৰ্ত্তাসকলক তেওঁলোকে গ্ৰাস কৰে; তেওঁলোকৰ সকলো ৰজা পতিত হ’ল; তেওঁলোকৰ কোনেও সহায়ৰ বাবে মোক নামাতে।
Hosea 7:10 in Assamese 10 ইস্ৰায়েলৰ অহঙ্কাৰেই তেওঁৰ বিৰুদ্ধে সাক্ষ্য দিছে; এই সকলোবোৰৰ উপৰিও, তেওঁলোকৰ ঈশ্বৰ যিহোৱাৰ ওচৰলৈ তেওঁলোক উলটি নাহিল বা তেওঁক নিবিচাৰিলেও।
Hosea 7:14 in Assamese 14 তেওঁলোকে নিজৰ বিচনাৰ ওপৰত বিলাপ কৰিলে, কিন্তু অন্তৰৰ পৰা মোৰ ওচৰত তেওঁলোকে কাতৰোক্তি নকৰিলে। শস্য আৰু নতুন দ্ৰাক্ষাৰস পাবৰ কাৰণে তেওঁলোক একগোট হয় আৰু মোৰ অহিতে বিদ্ৰোহ কৰে।
Luke 24:45 in Assamese 45 তেতিয়া তেওঁ ধৰ্মশাস্ত্ৰ বুজিবলৈ তেওঁলোকৰ হৃদয়ৰ চকু মুকলি কৰি দিলে;
John 6:45 in Assamese 45 ভাববাদী সকলৰ পুস্তকত এই বুলি লিখা আছে, “তেওঁলোক সকলোৱে ঈশ্বৰৰ পৰা শিক্ষা লাভ কৰিব।” যি জনে পিতৃৰ পৰা শুনি শিক্ষা পাইছে, তেৱেঁই মোৰ ওচৰলৈ আহে।
John 8:32 in Assamese 32 আৰু আপোনালোকে সত্যক জানিব আৰু সেই সত্যই আপোনালোকক মুক্ত কৰিব।”
John 10:35 in Assamese 35 যি সকল লোকলৈ ঈশ্বৰৰ বাক্য আহিছিল, সেই লোক সকলক তেওঁ যদি ঈশ্বৰ বুলি ক’লে (ধৰ্মশাস্ত্ৰৰ বচন অলৰ, এই বচন কেতিয়াও ভংগ নহয়৷),
Ephesians 1:17 in Assamese 17 মই এই প্রার্থনা কৰোঁ যে, আপোনালোকক আমাৰ প্ৰভু যীচু খ্ৰীষ্টৰ ঈশ্বৰ অর্থাৎ সেই গৌৰৱময় পিতৃয়ে আত্মিক জ্ঞান দিয়ক আৰু তেওঁক বুজিবলৈ নিজৰ তত্ব-জ্ঞান প্রকাশ কৰক।
Ephesians 4:21 in Assamese 21 আপোনালোকে তেওঁৰ বিষয়ে শুনিছে আৰু যীচুত থকা সত্যতাৰ বিষয়েও শিক্ষা পালে,
James 1:5 in Assamese 5 কিন্তু আপোনালোকৰ কাৰোবাৰ যদি জ্ঞানৰ অভাৱ হয় তেনেহলে যি জন দিওঁতা ঈশ্বৰ, যি জনে গৰিহণা নকৰাকৈ মুক্তহস্তে সকলোকে দান কৰে, তেওঁক যাচনা কৰক আৰু তাতে আপোনালোকক দিয়া হ’ব।