Daniel 8:11 in Assamese 11 সি ডাঙৰ হ’ল এনে কি, সি বাহিনীসকলৰ স্বৰ্গীয় অধিপতিৰ দৰে ডাঙৰ হ’ল। সি তেওঁৰ পৰা নিত্য বলিদান কাঢ়ি লৈছিল, আৰু তেওঁৰ পবিত্র স্থান দূষিত কৰিছিল।
Other Translations King James Version (KJV) Yea, he magnified himself even to the prince of the host, and by him the daily sacrifice was taken away, and the place of the sanctuary was cast down.
American Standard Version (ASV) Yea, it magnified itself, even to the prince of the host; and it took away from him the continual `burnt-offering', and the place of his sanctuary was cast down.
Bible in Basic English (BBE) It made itself great, even as great as the lord of the army; and by it the regular burned offering was taken away, and the place overturned and the holy place made waste.
Darby English Bible (DBY) (And he magnified [himself] even to the prince of the host, and from him the continual [sacrifice] was taken away, and the place of his sanctuary was cast down.
World English Bible (WEB) Yes, it magnified itself, even to the prince of the host; and it took away from him the continual [burnt offering], and the place of his sanctuary was cast down.
Young's Literal Translation (YLT) And unto the prince of the host it exerteth itself, and by it taken away hath been the continual `sacrifice', and thrown down the base of his sanctuary.
Cross Reference Exodus 29:38 in Assamese 38 সেই যজ্ঞবেদীৰ ওপৰত তুমি প্রতিদিনে সদায় এবছৰীয়া দুটা ভেড়া পোৱালী বলি উৎসৰ্গ কৰিবা।
Numbers 28:3 in Assamese 3 এই হেতুকে তুমি ইয়াকো তেওঁলোকক কোৱা যে, “তোমালোকে যিহোৱাৰ উদ্দেশ্যে উৎসৰ্গ কৰিব লগা অগ্নিকৃত উপহাৰ এই, প্ৰতিদিনে নিত্য হোমৰ অৰ্থে দুটা এবছৰীয়া নিৰ্ঘূণী মতা মেৰ পোৱালি ল’বা।
Joshua 5:14 in Assamese 14 তেতিয়া তেওঁ ক’লে, “মই কোনো পক্ষৰে নহও; মই যিহোৱাৰ সৈন্য-বাহিনীৰ সেনাপতি৷ এতিয়া মই আহিলোঁ।” তেতিয়া যিহোচূৱাই মাটিলৈ মূৰ দোৱাই প্ৰণিপাত কৰি তেওঁক ক’লে, “মোৰ প্ৰভুৱে তেওঁৰ দাসক কি আজ্ঞা দিয়ে?”
2 Kings 19:22 in Assamese 22 তুমি কাক অপমান কৰিলা? কাক নিন্দা কৰিলা? তুমি কাৰ বিৰুদ্ধে চিঞঁৰি কথা ক’লা আৰু দর্পেৰে সৈতে চকুতুলি চাইছা? ইস্ৰায়েলৰ পবিত্ৰজনাৰ বিৰুদ্ধেই তুমি এইবোৰ কৰিলা।
2 Chronicles 32:15 in Assamese 15 এই হেতুকে হিষ্কিয়াই তোমালোকক নুভুলাওঁক আৰু সেই দৰে তোমালোকৰ প্ৰবৃত্তি নজন্মাওঁক৷ আৰু তোমালোকে তাত প্ৰত্যয় নকৰিবা, কিয়নো মোৰ হাতৰ পৰা আৰু মোৰ ওপৰ পিতৃসকলৰ হাতৰ পৰা নিজ প্ৰজাসকলক উদ্ধাৰ কৰিবলৈ, কোনো জাতি কি ৰাজ্যৰ কোনো দেৱতাৰে সাধ্য নাছিল৷ তেন্তে তোমালোকৰ ঈশ্বৰে যে মোৰ হাতৰ পৰা তোমালোকক উদ্ধাৰ কৰিব, ই তাতকৈ কিমান কম পৰিমাণে অসম্ভব।
Isaiah 37:23 in Assamese 23 তুমি কাক উপেক্ষা আৰু অপমান কৰিলা? আৰু কাৰ বিৰুদ্ধে উচ্চ স্বৰেৰে কথা কৈছা, আৰু অহঙ্কাৰেৰে কাৰ ওপৰত দৃষ্টি কৰিলা? ইস্ৰায়েলৰ পবিত্ৰ জনাৰ বিৰুদ্ধেই কৰিলা।
Isaiah 37:29 in Assamese 29 তুমি মোৰ বিৰুদ্ধে কৰা ক্রোধৰ কাৰণে, আৰু তোমাৰ অহঙ্কাৰৰ কথা মোৰ কাণত পৰাৰ কাৰণে মই তোমাৰ নাকত মোৰ হাঁকোটা, আৰু তোমাৰ মুখত মোৰ লাগাম লগাম, আৰু যি বাটেদি তুমি আহিলা, সেই বাটেদিয়েই তোমাক উভটাই পঠাম।
Jeremiah 48:26 in Assamese 26 তোমালোকে তাক মতোৱাল কৰা, কাৰণ তেওঁলোকে যিহোৱাৰ বিৰুদ্ধে গৰ্ব্ব কৰিলে আৰু মোৱাবে নিজ বঁতিওৱা ঠাইত বাগৰিব আৰু বিদ্ৰূপৰ বিষয়ো হ’ব।
Jeremiah 48:42 in Assamese 42 মোৱাবে যিহোৱাৰ বিৰুদ্ধে অভিমান কৰাৰ বাবে, সি এটি জাতি হোৱাৰ পৰা উচ্ছন্ন হ’ব।
Ezekiel 46:14 in Assamese 14 আৰু তুমি ঐফাৰ ছয় ভাগৰ এভাগ আৰু মিহি আটাগুড়ি ভেজাবলৈ হীনৰ তিনিভাগৰ এভাগ তেল দি প্ৰতি ৰাতিপুৱা তাৰ লগত এক এক ভক্ষ্য নৈবেদ্য উৎসৰ্গ কৰিবা; সেয়ে চিৰস্থায়ী নিয়ম অনুসাৰে নিত্যে নিত্যে যিহোৱাৰ উদ্দেশ্যে দিব লগীয়া ভক্ষ্য নৈবেদ্য।
Daniel 5:23 in Assamese 23 স্বৰ্গৰ প্ৰভুৰ বিৰুদ্ধে আপুনি নিজকে উচ্চ কৰিলে, আৰু তেওঁৰ গৃহৰ পৰা পাত্রবোৰ তেওঁলোকে আপোনাৰ আগত আনিলে, আৰু আপুনি আৰু আপোনাৰ প্ৰধান লোকসকল, আপোনাৰ পত্নী আৰু উপপত্নীসকলে সেইবোৰত দ্ৰাক্ষাৰস পান কৰিলে। যিবোৰে নেদেখে, নুশুনে, আৰু একোকে নাজানে, তেনে ৰূপ, সোণ, পিতল, লোহা, কাঠ, আৰু শিলৰ দেৱতাবোৰক আপুনি প্ৰশংসা কৰিলে। আপোনাৰ নিশ্বাস যি জনাৰ হাতত আছে, আৰু আপোনাৰ সকলো পথ যি জনে জানে, সেই ঈশ্বৰক আপুনি সমাদৰ নকৰিলে।
Daniel 7:25 in Assamese 25 তেওঁ সৰ্ব্বোপৰিজনাৰ বিৰুদ্ধে কথা ক’ব, আৰু সৰ্ব্বোপৰিজনা প্রভুৰ পবিত্ৰ জনক তাড়না কৰিব, তেওঁ পর্ব আৰু বিধান সলনি কৰিবলৈ চেষ্টা কৰিব। আৰু এবছৰ, দুবছৰ, আৰু আধা বছৰৰ বাবে এই সকলো তেওঁৰ হাতত শোধাই দিয়া হ’ব।
Daniel 8:12 in Assamese 12 দুষ্টতাৰ কাৰণে বাহিনীসকলক তাৰ ওপৰত দিয়া হ’ল, আৰু হোম বলি বন্ধ কৰা হ’ল। এইদৰে সকলো সত্যতাক ভূ-লুণ্ঠিত কৰিলে; আৰু যি কৰিলে তাত কৃতকাৰ্য হ’ল।
Daniel 8:25 in Assamese 25 তেওঁৰ শিল্পকৰ্মৰ দ্বাৰাই তেওঁ নিজৰ হাতেৰে মিছা উন্নতি সিদ্ধ কৰিব, এনে কি, তেওঁ নিজৰ ৰজাৰো ৰজাৰ বিৰুদ্ধে উঠিব, আৰু তেওঁক ভঙা হ’ব; কিন্তু মানুহৰ শক্তিৰে নহয়।
Daniel 9:26 in Assamese 26 বাষষ্টি সপ্তাহৰ পাছত, অভিষিক্ত লোকসকলক উচ্ছন্ন কৰা হ’ব, আৰু কোনো নাথাকিব। আহিব লগা শাসনকৰ্ত্তাৰ সৈন্যই নগৰখন আৰু ধৰ্মধাম ধ্বংস কৰিব। জলপ্লাৱনৰ দ্বাৰাই সেইজন শেষ হ’ব, আৰু শেষলৈকে সেই ঠাইত যুদ্ধ হ’ব; আজ্ঞাৰ দ্বাৰাই জনশূন্যতা নিৰূপিত কৰা হৈছে।
Daniel 11:31 in Assamese 31 তেওঁৰ সৈন্যদল উঠিব আৰু পবিত্রস্থান আৰু দুৰ্গ অশুচি কৰিব। তেওঁলোকে প্রতিদিনৰ হোম-বলি বন্ধ কৰিব, আৰু তেওঁলোকে ঘৃণনীয় বস্তু স্থাপন কৰিব যিয়ে ধ্বংসাত্মকৰূপে অপবিত্র কৰিব।
Daniel 11:36 in Assamese 36 ৰজাই যি কৰিবলৈ ইচ্ছা কৰে, সেয়াই কৰিব। তেওঁ সকলো দেৱতাতকৈ নিজকে উন্নত আৰু অতিৰঞ্জিত কৰিব, আৰু দেৱতাসকলৰ ঈশ্বৰৰ বিৰুদ্ধে আশ্বৰ্যজনক কথা ক’ব। ক্রোধ সিদ্ধ নোহোৱালৈকে তেওঁ কৃতকাৰ্য হ’ব; কাৰণ বিধানত যি আছে, সেয়াই সিদ্ধ কৰা হ’ব।
Daniel 12:11 in Assamese 11 যেতিয়াৰ পৰা হোম বলিদান বন্ধ কৰা হৈছিল, আৰু ধ্বংসকাৰী ঘিণলগীয়া বস্তু স্থাপন কৰা হৈছিল, তেতিয়াৰ পৰা এক হাজাৰ দুশ নব্বই দিন হ’ব।
Luke 21:5 in Assamese 5 পাছত কোনো কোনোৱে ‘উত্তম শিল আৰু উৎসর্গ কৰা দ্রব্যেৰে যিৰূচালেম মন্দিৰ কেনে বিভূষিত’ বুলি কোৱাত, তেওঁ ক’লে,
Luke 21:24 in Assamese 24 তেওঁলোক তৰোৱালৰ আঘাতত পৰিব আৰু সকলো দেশলৈ বন্দী কৰি নিয়া হ’ব; আৰু অনা-ইহুদী মানুহৰ কাল সম্পূৰ্ণ নোহোৱালৈকে যিৰূচালেম অনা-ইহুদী মানুহৰ ভৰিৰে গচকা হ’ব।
2 Thessalonians 2:4 in Assamese 4 ঈশ্বৰ নামেৰে খ্যাত আৰু উপাসনাৰ যোগ্য যি সকলো আছে, সেই অবাধ্যতাৰ পুৰুষে সকলোৰে বিৰুদ্ধে থিয় হৈ নিজকে ওখত প্রতিস্থিত কৰিব। এনে কি, ঈশ্বৰৰ মন্দিৰত বহি নিজকে নিজে ঈশ্বৰ বুলি প্ৰচাৰ কৰি দেখুৱাব।
Hebrews 2:10 in Assamese 10 সকলো ঈশ্বৰৰ কাৰণে আৰু সকলো তেওঁৰ যোগেদি হ’ল। সেই বাবে অনেক সন্তানক ঈশ্বৰে গৌৰৱৰ ভাগী কৰাৰ উদ্দেশ্যেৰে দুখভোগৰ মাজেদি পৰিত্ৰাণৰ আদিকৰ্তাই সঠিক কাৰ্যটো সিদ্ধ কৰিলে, এইটোৱে আছিল ঈশ্বৰৰ বাবে উপযুক্ত কার্য।
Revelation 13:5 in Assamese 5 সেই পশুক বৰ বৰ কথা ক’বলৈ আৰু ঈশ্বৰক নিন্দা কৰা বাক্য কোৱা মুখ দিয়া হ’ল৷ বিয়াল্লিশ মাহলৈকে কাৰ্য কৰিবলৈ তাক অধিকাৰ দিয়া হ’ল।
Revelation 17:14 in Assamese 14 তেওঁলোকে মেষ পোৱালিৰ সৈতে যুদ্ধ কৰিব; কিন্তু মেষ পোৱালিয়ে তেওঁলোকৰ ওপৰত জয় কৰিব; কিয়নো তেওঁ প্ৰভুৰো প্ৰভু, ৰজাৰো ৰজা আৰু তেওঁৰ সৈতে থকা সকলো আমন্ত্ৰিত, মনোনীত আৰু বিশ্বাসযোগ্য।”
Revelation 19:13 in Assamese 13 তেওঁ পিন্ধা বস্ত্ৰ তেজত জুবুৰিওৱা; তেওঁৰ নাম হ’ল, ‘ঈশ্বৰৰ বাক্য’৷