Daniel 7:4 in Assamese 4 প্ৰথমটো সিংহৰ দৰে, কিন্তু কুৰৰ পক্ষীৰ ডেউকাৰ দৰে তাৰ ডেউকা আছিল; মই চাই থাকোঁতে, তাৰ ডেউকা দুখন তাৰ পৰা বিচ্ছিন্ন কৰা হৈছিল; আৰু মানুহৰ দৰে সি দুখন ভৰিত থিয় হৈছিল, তাক মানুহৰ হৃদয় দিয়া হৈছিল।
Other Translations King James Version (KJV) The first was like a lion, and had eagle's wings: I beheld till the wings thereof were plucked, and it was lifted up from the earth, and made stand upon the feet as a man, and a man's heart was given to it.
American Standard Version (ASV) The first was like a lion, and had eagle's wings: I beheld till the wings thereof were plucked, and it was lifted up from the earth, and made to stand upon two feet as a man; and a man's heart was given to it.
Bible in Basic English (BBE) The first was like a lion and had eagle's wings; while I was watching its wings were pulled off, and it was lifted up from the earth and placed on two feet like a man, and a man's heart was given to it.
Darby English Bible (DBY) The first was like a lion, and had eagle's wings: I beheld till its wings were plucked; and it was lifted up from the earth, and made to stand upon two feet as a man, and a man's heart was given to it.
World English Bible (WEB) The first was like a lion, and had eagle's wings: I saw until the wings of it were plucked, and it was lifted up from the earth, and made to stand on two feet as a man; and a man's heart was given to it.
Young's Literal Translation (YLT) The first `is' like a lion, and it hath an eagle's wings. I was seeing till that its wings have been plucked, and it hath been lifted up from the earth, and on feet as a man it hath been caused to stand, and a heart of man is given to it.
Cross Reference Deuteronomy 28:49 in Assamese 49 যিহোৱাই দূৰৈৰ পৰা, পৃথিৱীৰ শেষ সীমানাৰ পৰা, এনে এক জাতিক আপোনালোকৰ বিৰুদ্ধে লৈ আহিব, যাৰ ভাষা অপোনালোকে বুজিব নোৱাৰিব। ঈগল চৰাইয়ে চিকাৰ ধৰাৰ দৰে সেই জাতি ছোঁ কৰি আপোনালোকৰ ওপৰলৈ নামি আহিব।
2 Samuel 1:23 in Assamese 23 চৌল আৰু যোনাথন, জীৱন কালত প্ৰিয় আৰু সন্তোষজনক আছিল, আৰু মৰণৰ কালতো তেওঁলোক পৃথক নহ’ল; তেওঁলোক ঈগল পক্ষীতকৈয়ো বেগী আছিল, তেওঁলোক সিংহতকৈয়ো বলৱান আছিল।
Job 25:6 in Assamese 6 তেনেহলে পোকৰূপ মনুষ্য কিমান কম পৰিমাণে শুচি হয়! আৰু কীট স্বৰূপ মনুষ্য-সন্তান কিমান কম পৰিমাণে পবিত্ৰ হয়!
Psalm 9:20 in Assamese 20 হে যিহোৱা, তেওঁলোকৰ মন আতঙ্কিত হওঁক; আন জাতিবোৰে জানক যে, তেওঁলোক কেৱলমাত্র মানুহ। (চেলা)।
Isaiah 5:28 in Assamese 28 তেওঁলোকৰ কাড়বোৰ চোকা, আৰু আটাই ধনু ভিৰোৱা; তেওঁলোকৰ ঘোঁৰাবোৰৰ খুৰা চকমকিয়া পাথৰৰ দৰে, আৰু তেওঁলোকৰ ৰথৰ চক্ৰবোৰ ধুমুহাৰ দৰে;
Isaiah 14:13 in Assamese 13 তুমি তোমাৰ মনতে কৈছিলা, ‘মই স্বৰ্গলৈ উঠিম, ঈশ্বৰৰ তৰাবোৰৰ ওপৰত মই মোৰ সিংহাসন উন্নত কৰিম; আৰু মই উত্তৰ দিশৰ অন্তভাগত সভা বহা পাহাৰত বহিম।
Jeremiah 4:7 in Assamese 7 এটা সিংহই নিজ গাঁতৰ পৰা ওলাই আন আন জন্তুবোৰক সংহাৰ কৰাৰ দৰে বহু জাতিক সংহাৰ কৰা সৈন্যই তোমালোকক আক্রমণ কৰিব। সৈন্যসকলে ইতিমধ্যে তোমালোকৰ দেশৰ অভিমুখে কুচকাৱাজ কৰি খোজ কাঢ়িবলৈ ধৰিছে। তেওঁলোকে তোমালোকৰ নগৰবোৰ ধ্বংশ কৰিব আৰু তাত থকা সকলোকে উচ্ছন্ন কৰি মানুহশূন্য কৰি এৰি থৈ যাব।
Jeremiah 4:13 in Assamese 13 চোৱা, আমাৰ শত্রুবোৰ আমালৈ বেগেৰে আহি আছে; সি মেঘবোৰৰ দৰে উঠি আহিব; তাৰ ৰথবোৰ বা-মাৰলী বতাহস্বৰূপ; তাৰ ঘোঁৰাবোৰ কুৰৰ পক্ষীতকৈয়ো বেগী। হায় হায়, আমাৰ সৰ্ব্বনাশ! কিয়নো আমি নষ্ট হলোঁ।
Jeremiah 25:9 in Assamese 9 চোৱা, মই মানুহ পঠাই উত্তৰ দিশত থকা আটাই গোষ্ঠীক আনিম, ইয়াক যিহোৱা কৈছে: মই মোৰ দাস বাবিলৰ ৰজা নবুখদনেচৰৰ ওচৰলৈ মানুহ পঠাই, এই দেশৰ, ইয়াৰ নিবাসীসকলৰ, আৰু চাৰিওফালে থকা এই আটাইবোৰ জাতিৰ বিৰুদ্ধে তেওঁলোকক আনিম; আৰু মই তেওঁলোকক নিঃশেষে বিনষ্ট কৰিম, আৰু মই এওঁলোকক আচৰিতৰ ও ইচ্ ইচ্ কৰাৰ বিষয় আৰু এওঁলোকৰ ঠাই চিৰকলীয়া ধ্বংসস্থান কৰিম।
Jeremiah 25:38 in Assamese 38 তেওঁ সিংহৰ নিচিনাকৈ নিজৰ গহবৰ এৰি আহিছে; কিয়নো অত্যাচাৰকাৰী তৰোৱালৰ ভয়ানকতা আৰু তেওঁৰ প্ৰচণ্ড ক্ৰোধৰ কাৰণে তেওঁলোকৰ দেশ আচৰিতৰ বিষয় হৈছে, কাৰণ তেওঁৰ খয়াল ক্রোধৰ বাবে।”
Jeremiah 48:40 in Assamese 40 কিয়নো যিহোৱাই এইদৰে কৈছে, “চোৱা, তেওঁ কোৰৰ পখীৰ দৰে উড়ি আহি, মোৱাবৰ বিৰুদ্ধে নিজ ডেউকা মেলিব।
Jeremiah 50:30 in Assamese 30 এই নিমিত্তে, যিহোৱাই কৈছে তাৰ ডেকাবিলাকক তাৰ চকবোৰত পতিত হ’ব, আৰু তাৰ আটাই যুদ্ধাৰুবিলাকক সেই দিনা নিস্তব্ধ কৰা হ’ব।
Lamentations 4:19 in Assamese 19 আমাৰ পাছে পাছে খেদি অহাবোৰ আকাশৰ কুৰ (ঈগল) পক্ষীতকৈও বেগী আছিল। সিহঁতে পৰ্ব্বতত আমাক ধৰোঁধৰোঁকৈ খেদিলে, সিহঁতে মৰুপ্রান্তত আমাৰ বাবে খাপ দিলে।
Ezekiel 17:3 in Assamese 3 তুমি কোৱা, ‘প্ৰভু যিহোৱাই এই কথা কৈছে: “ডাঙৰ ডেউকা থকা আৰু ডেউকাত দীঘল পাখি থকা এটা ডাঙৰ ঈগল পক্ষীয়ে, আৰু যি নানা বৰণৰ পাখিৰে ভৰা, সি লিবানোনলৈ আহি এৰচ গছজোপাৰ ওপৰত আহি বহিল।
Ezekiel 28:2 in Assamese 2 “হে মনুষ্য সন্তান, তুমি তূৰৰ শাসনকৰ্তাজনক কোৱা, ‘প্ৰভু যিহোৱাই এই কথা কৈছে: তোমাৰ হৃদয় গৰ্ব্বিত হ’ল! তুমি কৈছা, “মই এজন দেৱতা! মই সমুদ্ৰৰ মাজত দেৱতাসকলৰ আসনত বহি থাকিম!” যদিও তুমি নিজ মনক দেৱতাৰ মন বুলি মানিছা, তথাপি তুমি মাথোন মানুহ হে, কিন্তু ঈশ্বৰ নহয়;
Ezekiel 28:9 in Assamese 9 যি জন লোকে তোমাক বধ কৰিব, সেই জন লোকৰ আগত তুমি সচাকৈ তেতিয়াও, “মই এজন দেৱতা” বুলি ক’বা নে? তুমি মনুষ্য মাত্ৰ কিন্তু ঈশ্বৰ নহয়, আৰু যি জন লোকে তোমাক বধ কৰিব, সেই জনৰ হাতত তোমাক সোধাই দিয়া হ’ব!
Daniel 4:30 in Assamese 30 ৰজাই কৈছিল, “মই মোৰ ঐশ্বৰ্যৰ গৌৰৱৰ বাবে মোৰ ৰাজকীয় গৃহ নিৰ্মাণ কৰিছিলোঁ, এয়াই সেই বিশাল বাবিল নহয় নে?”
Daniel 4:36 in Assamese 36 সেই একে সময়তে মোৰ মানসিক সুস্থতা মোলৈ ঘূৰি আহিল, আৰু মোৰ ৰাজ্যৰ গৌৰৱৰ অৰ্থে মোৰ ৰাজপদ আৰু ঐশ্বৰ্য মোলৈ ঘূৰি আহিল। মোৰ উপদেষ্টা আৰু মূখ্য লোকসকলে মোৰ অনুগ্রহ বিচাৰিলে; মোৰ সিংহাসন মোক পুনৰায় দিয়া হ’ল, এনে কি, মোৰ মহত্বও মোক দিয়া হ’ল।
Daniel 5:18 in Assamese 18 হে মহাৰাজ, সৰ্ব্বোপৰি ঈশ্বৰে আপোনাৰ পিতৃ নবুখদনেচৰক ৰজ্য, মহিমা, মৰ্যদা, আৰু ঐশ্বৰ্য দিছিল।
Habakkuk 1:6 in Assamese 6 কাৰণ চোৱা! দেশৰ হিংস্র আৰু অবিবেচক কলদীয়া সকলক মই তুলি ধৰিবলৈ উদ্যত। তেওঁলোকে পৃথিবীৰ প্রস্থয়েদি যাত্রা কৰি, যিবোৰ তেওঁলোকৰ নহয়, সেইবোৰ ঘৰ অধিকাৰ কৰিব।
Habakkuk 2:5 in Assamese 5 কাৰণ সুৰাই গৰ্ব্বী যুৱকক বিশ্বাসঘাতক কৰে; সেয়ে তেওঁ সহ্য নকৰিব, কিন্তু তেওঁৰ বিস্তৃত আকাঙ্ক্ষা সমাধি আৰু মৃত্যুৰ দৰে সম্প্রসাৰিত কৰে, যি কেতিয়াও সন্তুষ্ট নহয়। তেওঁ নিজৰ বাবে সকলো দেশ আৰু লোকসকলক গোটাই,
Matthew 24:28 in Assamese 28 য’ত মৰা শৱ থাকে, সেই ঠাইত শগুনো গোট খায়।