Daniel 7:1 in Assamese 1 বাবিলৰ ৰজা বেলচচৰ ৰাজত্বৰ প্ৰথম বছৰত, দানিয়েলে শুই থকা সময়ত সপোন আৰু দৰ্শন পালে। তেতিয়া তেওঁ সপোনত দেখা বিষয়বোৰ আৰু অতি গুৰুত্বপূৰ্ণ ঘটনাবোৰ লিখিলে।
Other Translations King James Version (KJV) In the first year of Belshazzar king of Babylon Daniel had a dream and visions of his head upon his bed: then he wrote the dream, and told the sum of the matters.
American Standard Version (ASV) In the first year of Belshazzar king of Babylon Daniel had a dream and visions of his head upon his bed: then he wrote the dream and told the sum of the matters.
Bible in Basic English (BBE) In the first year of Belshazzar, king of Babylon, Daniel saw a dream, and visions came into his head on his bed: then he put the dream in writing.
Darby English Bible (DBY) In the first year of Belshazzar king of Babylon, Daniel saw a dream and visions of his head upon his bed: then he wrote the dream; he told the sum of the matters.
World English Bible (WEB) In the first year of Belshazzar king of Babylon Daniel had a dream and visions of his head on his bed: then he wrote the dream and told the sum of the matters.
Young's Literal Translation (YLT) In the first year of Belshazzar king of Babylon, Daniel hath seen a dream, and the visions of his head on his bed, then the dream he hath written, the chief of the things he hath said.
Cross Reference Genesis 15:1 in Assamese 1 এইবোৰ ঘটনাৰ পাছত, দৰ্শনযোগে অব্ৰামলৈ যিহোৱাৰ বাক্য আহিল, তেওঁ ক’লে, “হে অব্ৰাম, ভয় নকৰিবা; ময়েই তোমাৰ ঢাল আৰু মহা পুৰস্কাৰস্বৰূপ।”
Genesis 46:2 in Assamese 2 ঈশ্বৰে ৰাতি দৰ্শনত ইস্ৰায়েলৰ লগত কথা ক’লে; তেওঁ ক’লে, “যাকোব, হে যাকোব।” যাকোবে ক’লে, “এয়া মই আছোঁ।”
Numbers 12:6 in Assamese 6 যিহোৱাই ক’লে, “এতিয়া তোমালোকে মোৰ বাক্য শুনা। তোমালোকৰ মাজত যদি মোৰ কোনো ভাববাদী হয়, তেন্তে মই যিহোৱাই তেওঁৰ আগত কোনো দৰ্শনৰ দ্বাৰাই নিজকে চিনাকি দিম, নাইবা সপোনত তেওঁৰ লগত কথা হ’ম।
Job 4:13 in Assamese 13 ৰাতি সপোন দেখোতে যেতিয়া ভাবনা আহে, যেতিয়া সকলো মানুহ ঘোৰ নিদ্ৰা যায়,
Job 33:14 in Assamese 14 তথাপি ঈশ্বৰে এক প্ৰকাৰে কথা কয়, এনে কি, দুই প্ৰকাৰেও কথা কয়; কিন্তু মানুহে তালৈ মন নিদিয়ে।
Isaiah 8:1 in Assamese 1 যিহোৱাই মোক ক’লে, “তুমি এখন ডাঙৰ ফলি লোৱা আৰু তাত এইদৰে লিখা ‘মহেৰচালল-হচ-বজ’ (বেগাই লুট কৰ, চিকাৰলৈ লৰ ধৰ)
Isaiah 30:8 in Assamese 8 এতিয়া যোৱা, সেই কথা তেওঁলোকৰ সন্মুখত ফলিত লিখা, আৰু নুৰীয়া পুথিত তালিকাভুক্ত কৰা, ভৱিষ্যতলৈ যাতে সাক্ষ্য হ’ব পাৰে সেই বাবে এই সমূহ সংৰক্ষিত কৰি ৰাখা।
Jeremiah 23:28 in Assamese 28 সপোন দেখা ভাববাদীয়ে সপোনৰ কথা কওঁক, আৰু মোৰ বাক্য পোৱা জনে মোৰ বাক্য বিশ্বাসেৰে কওঁক; যিহোৱাই কৈছে, ধানৰ মাজত খেৰ কি?
Jeremiah 27:7 in Assamese 7 আৰু তেওঁৰ নিজ দেশৰ সময় শেষ নোহোৱালৈকে সকলো জাতিয়ে তেওঁৰ, তেওঁৰ পুতেকৰ আৰু তেওঁৰ নাতিয়েকৰ বন্দী-কাম কৰিব; সেই সময় হ’লে অনেক জাতি আৰু মহান ৰজাসকলে তেওঁক তেওঁলোকৰ বন্দী-কাম কৰোৱাব।
Jeremiah 36:4 in Assamese 4 তেতিয়া যিৰিমিয়াই নেৰিয়াৰ পুত্ৰ বাৰূকক মাতি আনিলত, যিৰিমিয়াক কোৱা যিহোৱাৰ সকলো বাক্য বাৰূকে তেওঁৰ মুখৰ পৰা সেই নুৰিওৱা পুথিখনত লিখিলে।
Ezekiel 1:1 in Assamese 1 ত্ৰিশ বছৰৰ, চতুৰ্থ মাহৰ পঞ্চম দিনা, মই কবাৰ নদীৰ পাৰত বন্দী অৱস্থাত থকা লোকসকলৰ মাজত থাকোঁতে, স্বৰ্গ মুকলি কৰি দিয়া হ’ল আৰু মই ঐশ্বৰিক দৰ্শন পালোঁ।
Daniel 1:17 in Assamese 17 ঈশ্বৰে সেই চাৰি জন যুৱকক সকলো আভ্যন্তৰীণ বিষয়ৰ শিক্ষা, জ্ঞান আৰু প্রজ্ঞা দিলে। তাতে দানিয়েলে সকলো প্রকাৰৰ দৰ্শন আৰু সপোনৰ কথা বুজিব পৰা হ’ল।
Daniel 2:1 in Assamese 1 ৰজা নবুখদনেচৰে তেওঁৰ ৰাজত্বৰ দ্বিতীয় বছৰত এটা সপোন দেখিলে; সেয়ে তেওঁ চিন্তিত হ’ল, আৰু তেওঁ টোপনি যাব নোৱাৰিলে।
Daniel 2:28 in Assamese 28 কিন্তু মহাৰাজ, স্বৰ্গত থকা এজন ঈশ্বৰ আছে; যিজনে গোপন কথা প্ৰকাশ কৰে, আৰু আহিব লগা দিনবোৰত কি ঘটিব, সেই সকলোকে তেওঁ আপোনাক জানিব দিব; আপুনি শয্যাত শুই থকা সময়ত দেখা সপোন আৰু দৰ্শন এইবোৰ:
Daniel 4:5 in Assamese 5 কিন্তু এটা সপোনে মোক আতঙ্কিত কৰিলে; আৰু মই শুই থকা সময়ত দেখা প্রতিবিম্ব আৰু মানসিক দৰ্শনে মোক ব্যাকুল কৰিলে।
Daniel 5:1 in Assamese 1 বেলচচৰ ৰজাই তেওঁৰ এক হাজাৰ প্ৰধান লোকৰ বাবে এটা বৰ ভোজ দিলে, আৰু সেই এক হাজাৰ লোকৰ সাক্ষাতে তেওঁ দ্ৰাক্ষাৰস পান কৰিলে।
Daniel 5:22 in Assamese 22 হে বেলচচৰ, আপুনি তেওঁৰেই পুত্ৰ, আপুনি এই সকলো জানিও, আপোনাৰ হৃদয় নম্ৰ কৰা নাই।
Daniel 5:30 in Assamese 30 সেই ৰাতিয়েই কলদীয়াৰ ৰজা বেলচচৰক হত্যা কৰা হৈছিল।
Daniel 7:7 in Assamese 7 তাৰ পাছত মই ৰাতি সপোনত চতুৰ্থ জন্তুটো দেখিলোঁ; সি আতঙ্কজনক, ভয়ঙ্কৰ, আৰু অতিশয় শক্তিমান আছিল। তাৰ ডাঙৰ ডাঙৰ লোহাৰ দাঁত আছিল; সি ডোখৰ ডোখৰকৈ ভাঙি খাইছিল, আৰু অৱশিষ্টবোৰ ভৰিৰে গচকিছিল। আন জন্তুবোৰতকৈ সি বেলেগ, আৰু তাৰ দহটা শিং আছিল।
Daniel 7:13 in Assamese 13 মই সেই দর্শনত, আকাশৰ ডাৱৰৰ সৈতে মানুহৰ পুত্রৰ দৰে এজনক অহা দেখিলোঁ; তেওঁ প্রাচীন জনৰ ওচৰলৈ আহিল আৰু তেওঁৰ সন্মুখত উপস্থিত হৈছিল।
Daniel 7:15 in Assamese 15 মই যি দানিয়েল, মোৰ ভিতৰত মোৰ আত্মাই কষ্ট পাইছিল, আৰু মোৰ মানসিক দৰ্শনে মোক ব্যাকুল কৰিছিল।
Daniel 8:1 in Assamese 1 বেলচচৰ ৰজাৰ ৰাজত্বৰ তৃতীয় বছৰত, প্ৰথমে পোৱা দৰ্শনৰ পাছত মই দানিয়েলে আন এটা দৰ্শন দেখিলোঁ।
Joel 2:28 in Assamese 28 তাৰ পাছতে মই গোটেই মনুষ্যজাতিৰ ওপত মোৰ আত্মা বাকি দিম, তাতে তোমালোকৰ পো-জীসকলে ভাববাণী প্ৰচাৰ কৰিব। তোমালোকৰ বৃদ্ধসকলে সপোন দেখিব, আৰু তোমালোকৰ যুৱক-যুবতীসকলে দৰ্শন পাব।
Amos 3:7 in Assamese 7 অৱশ্যে প্ৰভু যিহোৱাই তেওঁৰ দাস ভাৱবাদীসকলৰ ওচৰত নিজৰ পৰিকল্পনা প্রকাশ নকৰাকৈ একোকে নকৰে।
Habakkuk 2:2 in Assamese 2 যিহোৱাই মোক উত্তৰ দি ক’লে, “এই দৰ্শনৰ কথা লিখি থোৱা, আৰু এনে স্পষ্টকৈ ফলিত লিখা, যাতে যি কোনোৱে খৰকৈ পঢ়িব পাৰে।
Acts 2:17 in Assamese 17 ‘ঈশ্বৰে কৈছে, শেষৰ দিনা সকলো মানুহৰ ওপৰত মোৰ আত্মা (পবিত্ৰ আত্মা) বাকি দিম, তেতিয়া তোমালোকৰ সতি-সন্ততি সকলে ভবিষ্যত বাণী প্ৰচাৰ কৰিব, তোমালোকৰ যুৱক সকলে দৰ্শন পাব, তোমালোকৰ বৃদ্ধ লোক সকলে সপোন দেখিব।
Romans 15:4 in Assamese 4 কিয়নো আগেয়ে যিবোৰ কথা লিখা হৈছিল, সেইবোৰ আমি ধৈৰ্যৰে আৰু ধৰ্মশাস্ত্ৰৰ সান্ত্বনাৰে ভাৰসা পাবলৈ আমাৰ শিক্ষাৰ কাৰণেহে লিখা হৈছিল।
2 Corinthians 12:1 in Assamese 1 মই গৰ্ব কৰিব পাৰোঁ, যদিও ই হিতজনক নহয়; কিন্তু নানা দৰ্শন আৰু প্ৰভুৰ প্ৰকাশিত বিষয়ৰ কথা ক’ম।
Revelation 1:19 in Assamese 19 গতিকে তুমি কি দেখিলা, এতিয়া কি আছে আৰু ইয়াৰ পাছত এই ঠাইত কি ঘটিব, এই সকলোবোৰ লিখা।
Revelation 10:4 in Assamese 4 সেই সাতোটা মেঘ-গৰ্জ্জনে ৰিঙিয়াওঁতে, মই লিখিবলৈ উদ্যত হ’লোঁ; এনেতে এই আকাশী বাণী শুনিলোঁ, “মেঘ-গৰ্জ্জন সাতোটাই যি যি ক’লে, সেইবোৰ ছাব মাৰি ৰাখিবা৷ নিলিখিবা।”