Daniel 6:20 in Assamese 20 তেওঁ গাঁতৰ ওচৰ পাই দুখেৰে দানিয়েলক মাতিলে। ৰজাই দানিয়েলক ক’লে, “হে জীৱন্ত ঈশ্বৰৰ দাস দানিয়েল, তুমি সদায় যি জনাক সেৱা কৰা, তোমাৰ সেই ঈশ্বৰে সিংহবোৰৰ পৰা তোমাক ৰক্ষা কৰিব পাৰিলে নে?”
Other Translations King James Version (KJV) And when he came to the den, he cried with a lamentable voice unto Daniel: and the king spake and said to Daniel, O Daniel, servant of the living God, is thy God, whom thou servest continually, able to deliver thee from the lions?
American Standard Version (ASV) And when he came near unto the den to Daniel, he cried with a lamentable voice; the king spake and said to Daniel, O Daniel, servant of the living God, is thy God, whom thou servest continually, able to deliver thee from the lions?
Bible in Basic English (BBE) Then very early in the morning the king got up and went quickly to the lions' hole.
Darby English Bible (DBY) And when he came near unto the den, he cried with a mournful voice unto Daniel: the king spoke and said unto Daniel, O Daniel, servant of the living God, hath thy God whom thou servest continually been able to save thee from the lions?
World English Bible (WEB) When he came near to the den to Daniel, he cried with a lamentable voice; the king spoke and said to Daniel, Daniel, servant of the living God, is your God, whom you serve continually, able to deliver you from the lions?
Young's Literal Translation (YLT) and at his coming near to the den, to Daniel, with a grieved voice, he crieth. The king hath answered and said to Daniel, O Daniel, servant of the living God, thy God, whom thou art serving continually, is He able to deliver thee from the lions?'
Cross Reference Genesis 18:14 in Assamese 14 যিহোৱাৰ ওচৰত দুঃসাধ্য বুলি জানো কিবা আছে? বসন্তকালত, মই নিৰূপণ কৰা সময়ত মই তোমাৰ ওচৰলৈ আকৌ আহিম। অহা বছৰ প্রায় এই সময়তে চাৰাৰ এটি পুত্ৰ হ’ব।”
Numbers 11:23 in Assamese 23 তেতিয়া যিহোৱাই মোচিক ক’লে, “যিহোৱাৰ হাত জানো চুটি হ’ল? তোমাৰ আগত মোৰ বাক্য সিদ্ধ হ’ব নে নহ’ব, তাক তুমি এতিয়া দেখিবলৈ পাবা।”
Numbers 14:15 in Assamese 15 এতিয়া যদি তুমি এই লোকসকলক এজনক মৰাৰ দৰে মাৰা, তেন্তে এই যি আন জাতিসকলে তোমাৰ যশস্যাৰ কথা শুনিছে, সিহঁতে ক’ব,
1 Chronicles 16:11 in Assamese 11 যিহোৱাক বিচৰা আৰু তেওঁৰ শক্তিক বিচৰা; সদায় তেওঁৰ উপস্থিতি বিচাৰা।
Psalm 71:14 in Assamese 14 কিন্তু মই হলে, সদায় তোমাক আশা কৰি থাকিম, তোমাৰ প্ৰশংসা আৰু অধিক অধিককৈ কৰিম।
Psalm 73:23 in Assamese 23 তথাপি মই সদায় তোমাৰ লগতে আছোঁ; তুমি মোৰ সোঁ হাতখনত ধৰি ৰাখিলা।
Psalm 119:112 in Assamese 112 চিৰকাললৈকে শেষ পর্যন্ত তোমাৰ বিধিবোৰ পালন কৰিবৰ কাৰণে মই মোৰ হৃদয়ক থিৰ কৰিলোঁ।
Psalm 146:2 in Assamese 2 মোৰ আয়ুস থাকেমানে মই যিহোৱাৰ প্ৰশংসা কৰিম, জীয়াই থাকোঁমানে মোৰ ঈশ্বৰৰ উদ্দেশ্যে প্ৰশংসাৰ গান কৰিম।
Proverbs 23:17 in Assamese 17 তোমাৰ হৃদয়ে পাপীক ঈৰ্ষা নকৰক; কিন্তু তুমি ওৰে দিনটো যিহোৱাৰ ভয়ত থাকা;
Jeremiah 32:17 in Assamese 17 “হে প্ৰভু যিহোৱা, চোৱা, তুমিয়েই তোমাৰ মহা শক্তিৰে আৰু মেলা বহুৰে আকাশ-মণ্ডল আৰু পৃথিৱী নিৰ্মাণ কৰিলা। তোমাৰ অসাধ্য একোৱেই নাই;
Daniel 3:15 in Assamese 15 এতিয়াও যদি আপোনালোকে শিঙা, বাঁহী, বীণা, সুৰবাহাৰ, পেপা, আৰু সকলো ধৰণৰ বাদ্যযন্ত্ৰৰ ধ্বনি শুনাৰ সময়ত মই সজা সোণৰ মূৰ্তিত উবুৰি হৈ সাষ্টাঙ্গে প্রণিপাত কৰিবলৈ যুগুত হয়, তেনেহ’লে সকলো ভালে হ’ব; কিন্তু যদি আপোনালোকে সেৱা নকৰে, তেনেহ’লে সেই মুহূৰ্ত্ততেই আপোনালোকক প্ৰজ্বলিত অগ্নিকুণ্ডত পেলোৱা হ’ব। মোৰ হাতৰ পৰা আপোনালোকক উদ্ধাৰ কৰিব পৰা দেৱতা কোন আছে?”
Daniel 3:17 in Assamese 17 ইয়াৰ উত্তৰ যদি আছে, তেনেহ’লে মহাৰাজ, আমি যি জনাৰ সেৱা কৰোঁ, আমাৰ সেই ঈশ্বৰে প্ৰজ্বলিত অগ্নিকুণ্ডৰ পৰা আমাক ৰক্ষা কৰিবলৈ সমৰ্থ, আৰু তেওঁ আমাক আপোনাৰ হাতৰ পৰা উদ্ধাৰ কৰিব পাৰে।
Daniel 3:28 in Assamese 28 তেতিয়া নবুখদনেচৰে ক’লে, “চৈদ্ৰক, মৈচক আৰু অবেদ-নগোক নিজৰ দূত পঠিয়াই ৰক্ষা কৰা ঈশ্বৰক আহাঁ আমি প্রশংসা কৰোহঁক! তেওঁলোকে মোৰ আজ্ঞা লঙ্ঘন কৰা সময়ত তেওঁলোকে তেওঁতেই ভৰসা কৰিছিল, আৰু নিজৰ ঈশ্বৰৰ বাহিৰে আন দেৱতাক যেন সেৱা বা সাষ্টাঙ্গে প্রণিপাত কৰিবলগীয়া নহয়, সেই বাবে তেওঁলোকৰ শৰীৰ সমৰ্পণ কৰিলে।
Daniel 6:16 in Assamese 16 তেতিয়া ৰজাই আজ্ঞা দিয়াৰ দৰে দানিয়েলক সিংহৰ গাতত পেলোৱা হ’ল। ৰজাই দানিয়েলক ক’লে, “তুমি সদায় যি জনাৰ সেৱা কৰা, তোমাৰ সেই ঈশ্বৰে তোমাক ৰক্ষা কৰিব।”
Daniel 6:27 in Assamese 27 তেওঁ আমাক সুৰক্ষিত কৰে, আৰু উদ্ধাৰ কৰে; স্বৰ্গ আৰু পৃথিৱীত, তেওঁ আচৰিত কাৰ্য কৰে; তেওঁ সিংহৰ শক্তিৰ পৰা দানিয়েলক ৰক্ষা কৰে।”
Hosea 12:6 in Assamese 6 এতিয়া হে যাকোবৰ বংশ, তোমালোক তোমালোকৰ ঈশ্বৰৰ ওচৰলৈ ঘূৰি আহাঁ। প্রেম আৰু ন্যায়বিচাৰ ধৰি ৰাখা আৰু সদায় তোমালোকৰ ঈশ্বৰৰ অপেক্ষাত থাকা।
Luke 1:37 in Assamese 37 কিয়নো ঈশ্বৰৰ বাবে কোনো বিষয় অসাধ্য নহয়।”
Luke 18:1 in Assamese 1 নিৰাশ নোহোৱাকৈ তেওঁলোকে যে সকলো সময়তে প্ৰাৰ্থনা কৰা উচিত, এই বিষয়ে বুজি পাবৰ কাৰণে যীচুৱে তেওঁলোকক এই দৃষ্টান্ত দি ক’লে,
Acts 6:4 in Assamese 4 ইয়াৰ পাছত আমি প্ৰাৰ্থনা আৰু ঈশ্বৰৰ বাক্যৰ পৰিচর্যাত সদায় লাগি থাকিব পাৰিম।”
Romans 2:7 in Assamese 7 যি সকলে সৎকৰ্ম্মত ধৈৰ্য ধৰি মহিমা, সন্মান আৰু অক্ষয়তা বিচাৰে, তেওঁলোকক অনন্ত জীৱন দিব৷
2 Corinthians 1:10 in Assamese 10 তেৱেঁই ইমান ভয়ঙ্কৰ মৃত্যুৰ পৰা আমাক উদ্ধাৰ কৰিলে আৰু কৰি আছে আৰু আগলৈকো উদ্ধাৰ কৰি থাকিব বুলি আমি তেওঁতেই আশা ৰাখিছোঁ;
Colossians 4:2 in Assamese 2 আপোনালোকে প্ৰাৰ্থনাত লাগি থাকক আৰু ধন্যবাদেৰে সচেতন থাকিব৷
1 Thessalonians 5:17 in Assamese 17 নিৰন্তৰে প্ৰার্থনা কৰি থাকক।
2 Timothy 1:12 in Assamese 12 এই কাৰণে মই এইবোৰ দুখ ভোগ কৰিলেও লজ্জিত নহওঁ; কিয়নো মই যি জনক বিশ্বাস কৰিলোঁ, তেওঁক জানো আৰু তেওঁৰ হাতত মই নিজকে অৰ্পণ কৰি দিলোঁ, তাতে তেওঁ যে সেই দিনৰ (ন্যায় বিচাৰৰ দিনৰ) কাৰণে মোক পহৰা দি ৰাখিবলৈ সমর্থ, ইয়াকে দৃঢ় প্ৰত্যয় কৰিছোঁ।
2 Timothy 4:16 in Assamese 16 মই প্ৰথম বাৰ নিজৰ পক্ষে উত্তৰ দিয়াৰ সময়ত, কোনেও মোৰ ফলীয়া হৈ উপস্থিত নহ’ল; সকলোৱে মোক ত্যাগ কৰিলে; এয়ে তেওঁলোকলৈ গনিত নহওক।
Hebrews 7:25 in Assamese 25 সেয়েহে যি সকলে যীচুৰ মাধ্যমেদি ঈশ্বৰৰ কাষ চাপে, তেওঁলোকক যীচুৱে সম্পূর্ণকৈ ৰক্ষা কৰিব পাৰে; কাৰণ তেওঁলোকৰ বাবে ঈশ্বৰৰ ওচৰত নিবেদন কৰিবলৈ যীচু সদায় জীয়াই আছে।
James 1:25 in Assamese 25 যি কোনোৱে স্বাধীনতা স্বৰূপ সিদ্ধ বিধানৰ বাবে চাপৰি দৃষ্টি কৰে আৰু চাই থাকে আৰু শুনি পাহৰি যোৱা নহয় কিন্তু পালন কৰোঁতা হয়, তেওঁহে নিজ কাৰ্যত ধন্য হ’ব।
Jude 1:24 in Assamese 24 এতিয়া যি জনে আপোনালোকক বাধাৰ পৰা ধৰি ৰাখিবলৈ সমর্থ আৰু তেওঁৰ প্ৰতাপৰ আগত নিৰ্দোষীৰূপে অসীম আনন্দৰ সৈতে উপস্থিত কৰিবলৈও সমৰ্থ,