Daniel 4:34 in Assamese 34 সেই দিনবোৰৰ শেষত মই নবুখদনেচৰে স্বৰ্গলৈ দৃষ্টি কৰিলোঁ, আৰু মোৰ মানসিক সুস্থতা মোক ঘূৰাই দিয়া হ’ল। “মই সৰ্ব্বোপৰি জনাৰ প্রশংসা কৰিলোঁ, আৰু অনন্ত কাললৈকে থকা জনাক সন্মান আৰু গৌৰৱ কৰিলোঁ; কাৰণ তেওঁৰ ৰাজ শাসন চিৰকলীয়া ৰাজ শাসন, আৰু তেওঁৰ ৰাজ্য পুৰুষানুক্ৰমে স্থিৰ হৈ থাকে।
Other Translations King James Version (KJV) And at the end of the days I Nebuchadnezzar lifted up mine eyes unto heaven, and mine understanding returned unto me, and I blessed the most High, and I praised and honoured him that liveth for ever, whose dominion is an everlasting dominion, and his kingdom is from generation to generation:
American Standard Version (ASV) And at the end of the days I, Nebuchadnezzar, lifted up mine eyes unto heaven, and mine understanding returned unto me, and I blessed the Most High, and I praised and honored him that liveth for ever; for his dominion is an everlasting dominion, and his kingdom from generation to generation.
Bible in Basic English (BBE) And at the end of the days, I, Nebuchadnezzar, lifting up my eyes to heaven, got back my reason, and, blessing the Most High, I gave praise and honour to him who is living for ever, whose rule is an eternal rule and whose kingdom goes on from generation to generation.
Darby English Bible (DBY) And at the end of the days I Nebuchadnezzar lifted up mine eyes unto the heavens, and mine understanding returned unto me, and I blessed the Most High, and I praised and honoured him that liveth for ever, whose dominion is an everlasting dominion, and his kingdom is from generation to generation.
World English Bible (WEB) At the end of the days I, Nebuchadnezzar, lifted up my eyes to heaven, and my understanding returned to me, and I blessed the Most High, and I praised and honored him who lives forever; for his dominion is an everlasting dominion, and his kingdom from generation to generation.
Young's Literal Translation (YLT) `And at the end of the days I, Nebuchadnezzar, mine eyes to the heavens have lifted up, and mine understanding unto me returneth, and the Most High I have blessed, and the Age-during Living One I have praised and honoured, whose dominion `is' a dominion age-during, and His kingdom with generation and generation;
Cross Reference Job 1:21 in Assamese 21 “মই মাতৃৰ গৰ্ভৰ পৰা উদঙে আহিলোঁ, আৰু উদঙে তালৈ উলটি যাম। যিহোৱাই দিছিল, আৰু যিহোৱাই লৈ গ’ল। যিহোৱাৰ নাম ধন্য হওক।”
Psalm 7:17 in Assamese 17 সেয়ে মই যিহোৱাৰ ধার্মিকতাৰ ধন্যবাদ কৰিম, তেওঁ ন্যায়বিচাৰ কৰে; মই সৰ্ব্বোপৰি যিহোৱাৰ প্ৰশংসাৰ গান কৰিম।
Psalm 9:2 in Assamese 2 মই তোমাক লৈ আনন্দিত হৈ উল্লাস কৰিম; হে সৰ্ব্বোপৰি জনা, মই তোমাৰ নামত প্ৰশংসাৰ গান কৰিম!
Psalm 10:16 in Assamese 16 যিহোৱা চিৰকালৰ ৰজা; তেওঁৰ দেশৰ পৰা জাতিবোৰ ধ্বংস হৈ যাব।
Psalm 50:14 in Assamese 14 ঈশ্বৰৰ উদ্দেশে ধন্যবাদৰ বলি উৎসৰ্গ কৰা; সৰ্ব্বোপৰি জনাৰ উদ্দেশ্যে তোমাৰ সঙ্কল্পবোৰ পূৰণ কৰা।
Psalm 90:1 in Assamese 1 হে প্ৰভু, পুৰুষে পুৰুষে তুমিয়েই আমাৰ বাসস্থান হৈ আহিছা।
Psalm 92:1 in Assamese 1 যিহোৱাৰ উদ্দেশ্যে ধন্যবাদ কৰা উত্তম; হে সৰ্ব্বোপৰিজনা, তোমাৰ নামৰ উদ্দেশ্যে স্তুতিগান কৰা উত্তম;
Psalm 102:24 in Assamese 24 সেয়ে মই কৈছো, “হে মোৰ ঈশ্বৰ, জীৱনৰ মাজভাগতে তুমি মোক তুলি নিনিবা; তোমাৰ বছৰবোৰতো সর্বপুৰুষলৈকে স্থায়ী।”
Psalm 103:1 in Assamese 1 হে মোৰ মন, যিহোৱাৰ ধন্যবাদ কৰা; হে মোৰ ভিতৰত থকা সকলো অংশ, তেওঁৰ পবিত্ৰ নামৰ ধন্যবাদ কৰা।
Psalm 107:8 in Assamese 8 মানুহৰ প্রতি যিহোৱাৰ আচৰিত কার্যৰ কাৰণে আৰু তেওঁৰ গভীৰ প্রেমৰ কাৰণে তেওঁলোকে তেওঁৰ প্রশংসা কৰক।
Psalm 107:15 in Assamese 15 মানুহৰ প্রতি যিহোৱাৰ আচৰিত কার্যৰ কাৰণে আৰু তেওঁৰ গভীৰ প্রেমৰ কাৰণে লোকসকলে তেওঁৰ প্ৰশংসা কৰক।
Psalm 107:22 in Assamese 22 তেওঁলোকে ধন্যবাদাৰ্থক বলি উৎসৰ্গ কৰক; আনন্দ গীতেৰে তেওঁৰ কৰ্মৰাজিৰ বৰ্ণনা কৰক।
Psalm 107:31 in Assamese 31 মানুহৰ প্রতি যিহোৱাৰ আচৰিত কার্যৰ কাৰণে আৰু তেওঁৰ গভীৰ প্রেমৰ কাৰণে তেওঁলোকে তেওঁৰ প্রশংসা কৰক।
Psalm 121:1 in Assamese 1 মই পৰ্ব্বতবোৰৰ ফালে মোৰ চকু তুলি কওঁ, ক’ৰ পৰা মোৰ সহায় আহিব?
Psalm 123:1 in Assamese 1 হে স্বৰ্গৰ সিংহাসনত থাকোঁতা জনা, মই তোমাৰ ফালেই মোৰ চকু তুলি চাই থাকোঁ।
Psalm 130:1 in Assamese 1 হে যিহোৱা, মই গভীৰ কষ্টৰ মাজত থাকি তোমাক মাতিছো।
Psalm 145:13 in Assamese 13 তোমাৰ ৰাজ্য অনন্তকলীয়া ৰাজ্য; তোমাৰ ৰাজশাসন সৰ্ব্বপুৰুষলৈকে স্থায়ী।
Psalm 146:10 in Assamese 10 যিহোৱাই অনন্ত কাল ৰাজত্ব কৰিব; হে চিয়োন, পুৰুষানুক্ৰমে তোমাৰ ঈশ্বৰে ৰাজত্ব কৰিব। তোমালোকে যিহোৱাৰ প্ৰশংসা কৰা।
Isaiah 9:6 in Assamese 6 কাৰণ আমালৈ এটি লৰা জন্মিল, আমালৈ এটি পুত্ৰ দান কৰা হ’ল; আৰু তেওঁৰ কান্ধত শাসন ভাৰ অৰ্পিত হ’ব, আৰু তেওঁ আশ্চৰ্য পৰামৰ্শদাতা, পৰাক্ৰমী ঈশ্বৰ, অন্তকালস্থায়ী পিতৃ, আৰু শান্তিৰাজ নামে প্ৰখ্যাত হ’ব।
Isaiah 24:15 in Assamese 15 এই হেতুকে পূব দিশত যিহোৱা গৌৰন্বিত হৈছে, আৰু সমূদ্ৰৰ দ্বীপবোৰত ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাৰ নাম গৌৰৱাম্বিত হৈছে।
Jeremiah 10:10 in Assamese 10 কিন্তু যিহোৱা সত্য ঈশ্বৰ। তেওঁ জীৱন্ত ঈশ্বৰ, আৰু অনন্তকাল স্থায়ী ৰজা। তেওঁৰ ক্ৰোধত পৃথিৱী কঁপে, আৰু জাতিবোৰে তেওঁৰ কোপ সহিব নোৱাৰে।
Lamentations 3:19 in Assamese 19 মোৰ দুখ আৰু তাড়না সোঁৱৰণ কৰোতে, মই নাগদানা আৰু বিহ সোঁৱৰণ কৰো।
Lamentations 3:38 in Assamese 38 সৰ্ব্বোপৰিজনাৰ মুখৰ পৰা মঙ্গল আৰু অমঙ্গল নোলায়?
Daniel 2:44 in Assamese 44 আৰু সেই ৰজাসকলৰ সময়ত স্বৰ্গৰ ঈশ্বৰে এক ৰাজ্য স্থাপন কৰিব; সেয়ে কেতিয়াও বিনষ্ট নহ’ব, নাইবা আন লোকৰ দ্বাৰাই এই ৰাজ্য পৰাজিত নহ’ব, আৰু সকলো ৰাজ্যক ভাঙি ডোখৰ ডোখৰ কৰি সকলোকে সংহাৰ কৰিব; আৰু এই ৰাজ্য চিৰকাললৈকে থাকিব।
Daniel 4:3 in Assamese 3 তেওঁৰ অদ্ভুত লক্ষণবোৰ কেনে মহৎ! আৰু তেওঁৰ আচৰিত কাৰ্যবোৰ কেনে পৰাক্রমী! তেওঁৰ ৰাজ্য চিৰকলীয়া ৰাজ্য, আৰু তেওঁৰ ৰাজত্ব পুৰুষানুক্ৰমে থাকে।”
Daniel 4:16 in Assamese 16 সাত বছৰলৈকে তেওঁৰ হৃদয় মনুষ্য হৃদয়ৰ পৰা সলনি কৰি তেওঁক জন্তুৰ হৃদয় দিয়া হওক।
Daniel 4:26 in Assamese 26 কিন্তু গছৰ মুঢ়াটো যে ৰাখিবলৈ আজ্ঞা দিয়া হৈছিল, তাৰ অৰ্থ এই, স্বৰ্গৰ বিধিসমূহৰ শিক্ষা পোৱাৰ পাছতহে, আপোনাৰ হাতলৈ আপোনাৰ ৰাজ্য পুনৰ ঘূৰি আহিব।
Daniel 4:32 in Assamese 32 মানুহৰ মাজৰ পৰা তোমাক দূৰ কৰা হ’ব; পথাৰত বনৰীয়া জন্তুৰ সৈতে তোমাৰ ঘৰ হ’ব; আৰু গৰুৰ দৰে তুমি ঘাঁহ খাব লাগিব। সৰ্ব্বোপৰি জনাই শাসন কৰে, আৰু তেওঁ যিজনক দিবলৈ ইচ্ছা কৰে, সেই জনকে সেই ৰাজ্য দিয়ে, এই কথা আপুনি নজনালৈকে, সাত বছৰ অতিবাহিত হ’ব।”
Daniel 5:21 in Assamese 21 তেওঁক মানুহৰ মাজৰ পৰা দূৰ কৰা হৈছিল, তেওঁৰ হৃদয় জন্তুৰ সদৃশ হৈছিল, আৰু তেওঁ বনৰীয়া গাধৰ লগত বাস কৰিছিল, তেওঁ গৰুৰ দৰে ঘাঁহ খাইছিল, আৰু তেওঁৰ শৰীৰ আকাশৰ নিয়ৰত তিতিছিল; মানুহৰ ৰাজ্যত যে, সৰ্ব্বোপৰি ঈশ্বৰে শাসন কৰে, আৰু যিজনক তেওঁ ইচ্ছা কৰে, সেই জনকে তাৰ ওপৰত নিযুক্ত কৰে, এই বিষয়ে তেওঁ নজনালৈকে সেই অৱস্থাত আছিল।
Daniel 6:26 in Assamese 26 মই এই আজ্ঞা কৰিছোঁ যে, মোৰ ৰাজ্যৰ সকলো ঠাইৰ লোকসকলে দানিয়েলৰ ঈশ্বৰৰ সাক্ষাতে কম্পমান হওক; আৰু তেওঁক ভয় কৰক; কাৰণ তেওঁ জীৱন্ত ঈশ্বৰ, আৰু চিৰকাললৈকে থাকে; আৰু তেওঁৰ ৰাজ্য উচ্ছন্ন নহ’ব, তেওঁৰ ৰাজত্ব শেষলৈকে থাকিব।
Daniel 7:14 in Assamese 14 তেওঁক শাসন ক্ষমতা, মহিমা, আৰু ৰাজকীয় পৰাক্রম দিয়া হ’ল; সেয়ে সকলো দেশৰ লোক, আৰু সকলো ভাষাৰ লোকে তেওঁৰ পৰিচৰ্যা কৰা উচিত। তেওঁৰ শাসন ক্ষমতা চিৰকাললৈকে থকা ক্ষমতা, সেয়ে কেতিয়াও লুপ্ত নহব; আৰু তেওঁৰ ৰাজ্য এনেকুৱা যে, সেই ৰাজ্য কেতিয়াও ধ্বংস নহ’ব।
Daniel 12:7 in Assamese 7 নদীৰ কাষত শণ সূতাৰ বস্ত্ৰ পিন্ধি থিয় হৈ থকা পুৰুষ জনে নিজৰ সোঁ আৰু বাওঁ হাত আকাশৰ ফাললৈ দাঙিলে, আৰু অনন্তকাললৈকে জীয়াই থকা জনৰ নামেৰে শপত খালে, সেয়ে সময়, সময়, আৰু অৰ্দ্ধ সময় অৰ্থাৎ তিনিবছৰ আধা হ’ব। যেতিয়া পবিত্ৰ লোকসকলৰ শক্তি চূৰ্ণবিচূৰ্ণ কৰা শেষ হ’ব, তেতিয়া এইসকলো সিদ্ধ হ’ব।
Jonah 2:2 in Assamese 2 তেওঁ ক’লে, “মই যিহোৱাক মোৰ কষ্টৰ বিষয়ে প্ৰাৰ্থনাত ক’লো; তাতে তেওঁ মোক উত্তৰ দিলে। চিয়োলৰ ভিতৰৰ পৰা মই সহায়ৰ কাৰণে কাতৰোক্তি কৰিলোঁ আৰু আপুনি মোৰ স্বৰ শুনিলে।
Micah 4:7 in Assamese 7 মই পঙ্গুক অৱশিষ্ট কৰি ৰাখিম, আৰু যিজনক দূৰ কৰা হৈছিল, তেওঁক এক বলৱান জাতি কৰিম; আৰু মই, যিহোৱাই এতিয়াৰ পৰা চিৰকাললৈকে চিয়োন পৰ্ব্বতত তেওঁলোকৰ ওপৰত ৰাজত্ব কৰিম।
Luke 1:33 in Assamese 33 যাকোবৰ বংশৰ ওপৰত তেওঁ চিৰকাল ৰাজত্ব কৰিব, আৰু তেওঁৰ ৰাজ্যৰ কেতিয়াও অন্ত নহব।”
Luke 18:13 in Assamese 13 কিন্তু কৰ সংগ্রহকাৰী জনে আতৰত থিয় হৈ, স্বৰ্গৰ ফালে চকু তুলিবলৈ সাহস নকৰিলে, কিন্তু নিজৰ হিয়া ভুকুৱাই ভুকুৱাই ক’লে, ‘হে দয়ালু ঈশ্বৰ, মই এজন পাপী; মোলৈ প্ৰায়শ্চিত্তৰ দ্বাৰাই প্ৰসন্ন হওক’।
John 5:26 in Assamese 26 কিয়নো পিতৃ নিজে যেনেকৈ জীৱনৰ আধিকাৰী, তেনেকৈ তেওঁ পুত্রকো নিজে জীৱনৰ অধিকাৰী হ’বলৈ দিলে।
1 Timothy 1:17 in Assamese 17 এতিয়া অনন্ত কালৰ ৰজালৈ, অাৰু চিৰস্থায়ী, অদৃশ্য একমাত্ৰ ঈশ্বৰলৈ মৰ্যদা আৰু গৌৰৱ চিৰকাল হওক। আমেন।
1 Timothy 6:16 in Assamese 16 তেৱেঁই একমাত্ৰ মৃত্যু নোহোৱা আৰু অগম্য দীপ্তি-নিবাসী৷ কোনো মানুহে কেতিয়াও তেওঁক দেখা নাই আৰু দেখা পাবও নোৱাৰে৷ তেওঁৰেই সমাদৰ আৰু অনন্ত পৰাক্ৰম হওক। আমেন।
Revelation 4:10 in Assamese 10 তেতিয়া সেই চৌবিশ জন পৰিচাৰকে সিংহাসনত বহা জনৰ আগত দণ্ডৱৎ হৈ চিৰকাল জীৱিত জনৰ আগত প্ৰণিপাত কৰি, সেই সিংহাসনৰ আগত তেওঁলোকৰ কিৰীটিবোৰ পেলাই ক’য়,
Revelation 10:6 in Assamese 6 আকাশমণ্ডল আৰু তাত যি যি আছে, এই জগত আৰু তাত যি যি আছে, সাগৰ আৰু তাতো যি যি আছে, সেই সকলোৰে সৃষ্টিকৰ্ত্তা চিৰকাল জীয়াই থকা যি জনা, সেই জীৱন্ত জনাৰ নাম লৈ তেওঁ শপত খালে যে, “আৰু পলম নহ’ব৷
Revelation 11:15 in Assamese 15 পাছত সপ্তম দূতে তুৰী বজাওঁতে, স্বৰ্গত এইদৰে মহা-বাণীবোৰ হ’ল, বোলে, “এই জগতৰ ৰাজ্য, আমাৰ প্ৰভুৰ আৰু তেওঁৰ খ্ৰীষ্টৰ হ’ল৷ আৰু তেওঁ চিৰকাল ৰাজশাসন কৰিব।”