Daniel 4:27 in Assamese 27 এই কাৰণে, হে মহাৰাজ, মোৰ পৰামৰ্শ আপোনাৰ আগত গ্ৰাহ্য হওক; পাপ নকৰিব, আৰু সৎ কাৰ্য কৰক। নিপীড়িত সকলক দয়া কৰক আৰু আপুনি অপৰাধৰ পৰা দূৰ হওক; তাৰ দ্বাৰাই আপোনাৰ উন্নতি দীৰ্ঘকালীন হ’ব পাৰে।
Other Translations King James Version (KJV) Wherefore, O king, let my counsel be acceptable unto thee, and break off thy sins by righteousness, and thine iniquities by shewing mercy to the poor; if it may be a lengthening of thy tranquillity.
American Standard Version (ASV) Wherefore, O king, let my counsel be acceptable unto thee, and break off thy sins by righteousness, and thine iniquities by showing mercy to the poor; if there may be a lengthening of thy tranquillity.
Bible in Basic English (BBE) For this cause, O King, let my suggestion be pleasing to you, and let your sins be covered by righteousness and your evil-doing by mercy to the poor, so that the time of your well-being may be longer.
Darby English Bible (DBY) Therefore, O king, let my counsel be acceptable unto thee, and break off thy sins by righteousness, and thine iniquities by shewing mercy to the poor; if it may be a lengthening of thy tranquillity.
World English Bible (WEB) Therefore, O king, let my counsel be acceptable to you, and break off your sins by righteousness, and your iniquities by showing mercy to the poor; if there may be a lengthening of your tranquillity.
Young's Literal Translation (YLT) `Therefore, O king, let my counsel be acceptable unto thee, and thy sins by righteousness break off, and thy perversity by pitying the poor, lo, it is a lengthening of thine ease.
Cross Reference Genesis 41:33 in Assamese 33 এই হেতুকে এতিয়া ফৰৌণ ৰজাই এনে এজন বুদ্ধিমান জ্ঞানী মানুহ বিচাৰি আনক, তেওঁক আনি আপুনি মিচৰ দেশৰ ওপৰত নিযুক্ত কৰক।
1 Kings 21:29 in Assamese 29 “আহাবে মোৰ দৃষ্টিত কেনেকৈ নিজকে নম্ৰ কৰিছে, সেই বিষয়ে তুমি দেখিছা নে? কিয়নো তেওঁ মোৰ আগত নিজকে নম্ৰ কৰিলে, এই হেতুকে মই তেওঁৰ আয়ুসৰ কালত সেই অমঙ্গল নঘটাম, কিন্তু তেওঁৰ পুত্রৰ দিনত তেওঁৰ বংশলৈ সেই অমঙ্গল ঘটাম।”
Job 34:31 in Assamese 31 “মই শাস্তি ভোগ কৰিলোঁ, মই আৰু অধৰ্ম্ম আচৰণ নকৰোঁ;”
Psalm 41:1 in Assamese 1 ধন্য সেই লোক, যি জনে দুখী-দৰিদ্ৰলৈ চিন্তা কৰে; যিহোৱাই তেওঁলোকক সঙ্কটৰ কালত উদ্ধাৰ কৰে।
Psalm 119:46 in Assamese 46 তুমি কোৱা সকলো আজ্ঞাৰ বিষয়ে মই ৰজাসকলৰ আগতো ক’ম; মই লজ্জিত নহ’ম।
Proverbs 16:6 in Assamese 6 বিশ্বাসযোগ্য আৰু নিৰ্ভৰযোগ্য চুক্তিৰ দ্বাৰাই অপৰাধৰ প্ৰায়শ্চিত্ত হয়, আৰু যিহোৱালৈ ৰখা ভয়ৰ দ্বাৰাই মানুহ বেয়াৰ পৰা আঁতৰি আহে।
Proverbs 28:13 in Assamese 13 যিজনে নিজৰ পাপ ঢাকি ৰাখে, তেওঁৰ উন্নতি নহব; কিন্তু যিজনে নিজৰ পাপ স্বীকাৰ কৰি সেইবোৰ ত্যাগ কৰে, সেই জনে দয়া পাব।
Isaiah 55:6 in Assamese 6 যিহোৱাক পাব পৰা সময়ত তোমালোকে তেওঁক বিচাৰা; তেওঁ ওচৰত থাকোঁতে তেওঁক মাতা।
Isaiah 58:5 in Assamese 5 মই বিচৰা লঘোণ সঁচাই এইয়ে নে? প্রতিজনে নিজকে নম্র কৰিবলৈ এদিন, নলখাগড়াৰ দৰে তেওঁৰ মূৰ দোঁওৱা, আৰু চটকাপোৰ বিস্তাৰ কৰা আৰু ছাঁইত বহা, তুমি সঁচাই ইয়াকে লঘোন বোলা নে আৰু যিহোৱাৰ গ্রহণীয় দিন বোলা নে?
Isaiah 58:10 in Assamese 10 যদি তুমি তোমাৰ আহাৰ ক্ষুধাতুৰ লোকক দিয়া, আৰু দুখিত প্ৰাণীক সন্তুষ্ট কৰা, তেনেহ’লে আন্ধাৰৰ মাজত তোমাৰ দীপ্তি উদয় হ’ব, আৰু তোমাৰ অন্ধকাৰ দূপৰ বেলাৰ দৰে হ’ব;
Ezekiel 18:7 in Assamese 7 আৰু কাকো অন্যায় কৰা নাই কিন্তু তাৰ সলনি তেওঁৰ ধৰুৱাক তেওঁৰ বন্ধক ঘূৰোৱাই দিছে - কাৰো বস্তু বলেৰে কাঢ়ি লোৱা নাই, কিন্তু তাৰ সলনি ক্ষুধাতুৰক নিজৰ আহাৰ দিয়ে আৰু নাঙঠাক কাপোৰেৰে ঢাকে;
Ezekiel 18:21 in Assamese 21 কিন্তু যদি দুষ্টজনে নিজে কৰা আটাই পাপৰ পৰা ঘূৰি মোৰ সকলো বিধি পালন কৰে আৰু উচিত আৰু ন্যায় সকলো কাৰ্যবোৰ কৰে, তেন্তে তেওঁ নমৰি অৱশ্যে জীয়াই থাকিব, ।
Ezekiel 18:27 in Assamese 27 কিন্তু যেতিয়া দুষ্ট লোকজনে যদি তেওঁ কৰা দুষ্কৰ্ম্মৰ পৰা ঘূৰি উচিত আৰু ন্যায় কাৰ্য কৰে, তেন্তে তেওঁ নিজ প্ৰাণ জীয়াই ৰাখিব!
Joel 2:14 in Assamese 14 কোনে জানে? তেওঁ ঘূৰি মন পালটাব পাৰে, আৰু নিজৰ পাছত আশীৰ্ব্বাদ দি যাব পাৰে, তোমালোকৰ ঈশ্বৰ যিহোৱাৰ উদ্দেশে দিবলৈ ভক্ষ্য নৈবেদ্য থৈ যাব পাৰে।
Jonah 3:9 in Assamese 9 কোনে জানে? হয়তো ঈশ্বৰে তেওঁৰ প্ৰচণ্ড ক্ৰোধৰ পৰা মন ঘূৰাই কোমল হ’ব, আৰু তেতিয়া আমিও ধ্বংস হৈ নাযাম।”
Zephaniah 2:2 in Assamese 2 কিয়নো দণ্ডাজ্ঞাৰ আদেশ জাৰি হোৱাৰ আগেয়ে, সেই দিন তুঁহৰ দৰে উৰি অহাৰ আগেয়ে; যিহোৱাৰ জ্বলন্ত ক্রোধ আপোনালোকৰ ওপৰলৈ অহাৰ আগেয়ে, যিহোৱাৰ ক্রোধৰ দিন আপোনালোকৰ ওপৰলৈ অহাৰ আগেয়ে, আপোনালোক একত্রিত হওঁক!
Matthew 3:8 in Assamese 8 মন-পালটনৰ উপযুক্ত ফল ধৰি ফলৱান হওক।
Luke 11:41 in Assamese 41 ভিতৰত যি আছে, সেইখিনিকে দান কৰা; তেতিয়া সকলো বস্তু আপোনালোকলৈ শুচি হ’ব।
Acts 8:22 in Assamese 22 তুমি এই দুষ্টতাৰ পৰা মন-পালটন কৰা আৰু প্রভুৰ ওচৰত প্রার্থনা কৰা; হয়তো তোমাৰ মনৰ এই মন্দ চিন্তা তেওঁ ক্ষমাও কৰিব পাৰে।
Acts 10:2 in Assamese 2 তেওঁ এজন ভক্ত লোক আছিল, তেওঁৰ ঘৰৰ সকলোৱে ঈশ্বৰলৈ ভয় ৰাখিছিল৷ তেওঁ আন লোক লোকক দান কৰিছিল আৰু সদায় ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাইছিল৷
Acts 24:25 in Assamese 25 তেওঁ ধাৰ্মিকতা, ইন্দ্ৰিয়-দমন, আৰু ভবিষ্যত সোধ-বিচাৰৰ বিষয়ে যুক্তি দেখুৱাওঁতে, ফীলিক্সে ত্ৰাসযুক্ত হৈ উত্তৰ দিলে; “এতিয়া সম্প্ৰতি যোৱা; মই আজৰি পালে পাছত তোমাক মতাই আনিম৷”
Acts 26:20 in Assamese 20 দম্মেচক আৰু যিৰূচালেমত থকা লোক সকলৰ আগত, পাছত যিহুদীয়া আৰু তাৰ সকলো অঞ্চলৰ লগতে অনা-ইহুদী সকলৰ আগতো মই প্ৰচাৰ কৰিলোঁ, যাতে তেখেত সকলে মন-পালটাই ঈশ্ৱৰলৈ ঘূৰে আৰু মন-পালটনৰ যোগ্য আচৰণ ঈশ্ৱৰৰ সাক্ষাতে কৰে৷
2 Corinthians 5:11 in Assamese 11 এই কাৰণে প্ৰভুৰ ভয় কি, ইয়াক জানিবলৈ পোৱাত আমি লোক সকলক প্ৰবৃ্ত্তি কৰাইছোঁ; কিন্তু ঈশ্বৰৰ আগত আমি প্ৰকাশিত হৈ আছোঁ আৰু মই আশা কৰোঁ যে, আপোনালোকৰ বিবেকতো আমি প্ৰকাশিত হৈ আছোঁ৷
Galatians 5:6 in Assamese 6 কিয়নো খ্ৰীষ্ট যীচুত চুন্নৎ আৰু অচুন্নতৰ একো সাৰ্থকতা নাই, কিন্তু ইয়াৰ পৰিৱৰ্তে প্ৰেমৰ যোগেদি একমাত্ৰ বিশ্বাসে কাৰ্য সাধন কৰে।
Galatians 5:13 in Assamese 13 হে ভাই সকল, আপোনালোক স্বাধীনতাৰ বাবেহে আমন্ত্ৰিত হ’ল৷ আপোনালোকৰ এই স্বাধীনতা কেৱল মাংসৰ অভিলাষ পুৰ কৰিবৰ কাৰণে নহওক; কিন্তু প্ৰেমৰ যোগেদি এজনে আন জনৰ সেৱাকৰ্ম কৰক।
Galatians 5:22 in Assamese 22 কিন্তু আত্মাৰ ফল হ’ল, প্ৰেম, আনন্দ, শান্তি, চিৰসহিষ্ণুতা, দয়া, মঙ্গলভাৱ, বিশ্বাস,
Ephesians 4:28 in Assamese 28 যি জনে চুৰ কৰে, তেওঁ পুনৰ চুৰ নকৰক; কিন্তু অভাৱত পৰা লোকক দান কৰিবলৈ সমৰ্থ হ’ বৰ কাৰণে, নিজ হাতেৰে সৎ ব্যৱসায়ত পৰিশ্ৰম কৰক।
James 4:8 in Assamese 8 ঈশ্বৰৰ ওচৰলৈ চাপি আহক; তাতে তেৱোঁ আপোনালোকৰ ওচৰলৈ চাপিব। হে পাপ কৰ্ম কৰোঁতা সকল, আপোনালোকৰ হাত পৰিষ্কাৰ কৰক আৰু হে দুই মনৰ মানুহ, আপোনালোকৰ হৃদয় শুচি কৰক।
1 Peter 4:8 in Assamese 8 বিশেষকৈ আপোনালোকৰ মাজত পৰস্পৰে আগ্ৰহযুক্ত প্ৰেম ৰাখক; কিয়নো প্ৰেমে পাপ সমূহ ঢাকে।