Daniel 3:1 in Assamese 1 ৰজা নবূখদনেচৰে ষাঠি হাত ওখ আৰু ছহাত বহল এনে এক সোণৰ মূৰ্তি সাজি বাবিল প্ৰদেশৰ দূৰা নামৰ সমথলত স্থাপন কৰিলে।
Other Translations King James Version (KJV) Nebuchadnezzar the king made an image of gold, whose height was threescore cubits, and the breadth thereof six cubits: he set it up in the plain of Dura, in the province of Babylon.
American Standard Version (ASV) Nebuchadnezzar the king made an image of gold, whose height was threescore cubits, and the breadth thereof six cubits: he set it up in the plain of Dura, in the province of Babylon.
Bible in Basic English (BBE) Nebuchadnezzar the king made an image of gold, sixty cubits high and six cubits wide: he put it up in the valley of Dura, in the land of Babylon.
Darby English Bible (DBY) Nebuchadnezzar the king made an image of gold, whose height was sixty cubits, [and] its breadth six cubits; he set it up in the plain of Dura, in the province of Babylon.
World English Bible (WEB) Nebuchadnezzar the king made an image of gold, whose height was sixty cubits, and the breadth of it six cubits: he set it up in the plain of Dura, in the province of Babylon.
Young's Literal Translation (YLT) Nebuchadnezzar the king hath made an image of gold, its height sixty cubits, its breadth six cubits; he hath raised it up in the valley of Dura, in the province of Babylon;
Cross Reference Exodus 20:23 in Assamese 23 তোমালোকে মোৰ কাষত তোমালোকৰ বাবে আন কোনো ৰূপৰ বা সোণৰ দেৱমূৰ্তি নাসাজিবা।
Exodus 32:2 in Assamese 2 তেতিয়া হাৰোণে তেওঁলোকক ক’লে, “আপোনালোকে আপোনালোকৰ ভাৰ্যা, পুত্র আৰু জীয়েক সকলৰ কাণৰ সোণৰ ফুলিবোৰ সোলোকাই মোৰ ওচৰলৈ আনক।”
Exodus 32:31 in Assamese 31 মোচিয়ে যিহোৱাৰ ওচৰলৈ উভটি গৈ ক’লে, “হায় হায়, এই লোকসকলে মহা পাপ কৰিলে; আৰু নিজৰ বাবে এটা সোণৰ দেৱতা নিৰ্মাণ কৰিলে।
Deuteronomy 7:25 in Assamese 25 আপোনালোকে তেওঁলোকৰ দেৱতাবোৰৰ খোদিত মুৰ্ত্তিবোৰ জুইত পুৰি ভষ্ম কৰিব; আপোনালোক যেন ফান্দত নপৰে, এই কাৰণে সেইবোৰত থকা ৰূপ বা সোণলৈ লোভ নকৰিব আৰু তাক নিজৰ কাৰণে নল’ব; কিয়নো সেইবোৰ আপোনালোকৰ ঈশ্বৰ যিহোৱাৰ অতিশয় ঘিণলগীয়া বস্তু।
Judges 8:26 in Assamese 26 তাতে তেওঁ অনুৰোধ কৰি পোৱা সেই সোনৰ কাণফুলিবোৰৰ ওজন এক হাজাৰ সাত শ চেকল হ’ল; তাৰ বাহিৰেও চন্দ্ৰহাৰ, ‘লকেট’, মিদিয়নীয়া ৰজাসকলে পিন্ধা বেঙেনা বৰণীয়া বস্ত্ৰ আৰু তেওঁলোকৰ উটবোৰে পিন্ধা ডিঙিৰ হাৰ আছিল।
1 Kings 12:28 in Assamese 28 এই কাৰণে ৰজাই পৰামর্শ লৈ সোণৰ দুটা দামুৰি নিৰ্মাণ কৰিলে; তেওঁ লোকসকলক ক’লে, “তোমালোক যিৰূচালেমলৈ অহা-যোৱা কৰা বৰ বহুল্য; এতেকে হে ইস্ৰায়েল, চোৱা, যি জনে মিচৰ দেশৰ পৰা তোমালোকক উলিয়াই আনিলে, তোমালোকৰ সেই ঈশ্বৰ এৱেঁই।”
2 Kings 19:17 in Assamese 17 হে যিহোৱা, এই কথা সত্য যে, অচূৰৰ ৰজাসকলে জাতিবোৰক আৰু তেওঁলোকৰ দেশবোৰ বিনষ্ট কৰিলে।
Esther 1:1 in Assamese 1 ৰজা অহচবেৰোচৰ দিনত (ৰজা অহচবেৰোচে ভাৰতবৰ্ষৰ পৰা কুচ(ইথপিয়া) দেশলৈকে এশ সাতাইশ খন প্ৰদেশৰ ওপৰত ৰাজত্ব কৰিছিল);
Psalm 115:4 in Assamese 4 তেওঁলোকৰ প্রতিমাবোৰ হ’লে ৰূপ আৰু সোণৰ, মনুষ্যৰ হাতৰ কাৰ্য্য।
Psalm 135:15 in Assamese 15 জাতিসমূহৰৰ প্রতিমাবোৰ ৰূপৰ আৰু সোণৰ; সেইবোৰ মনুষ্যৰ হাতৰ কাৰ্য্য।
Isaiah 2:20 in Assamese 20 সেই দিনা লোকসকলে ৰূপ আৰু সোণৰ মুৰ্ত্তিবোৰ পেলাব, আৰাধনা কৰিবলৈ নিজৰ বাবে তেওঁলোকে সাজি লোৱা মুৰ্ত্তিবোৰ তেওঁলোকে এন্দুৰ আৰু বাদুলীৰ আগত পেলাই দিব।
Isaiah 30:22 in Assamese 22 তোমালোকে নিজৰ কটা-মূৰ্ত্তিত মৰা ৰূপৰ আৰু সোনৰ পতা অশুচি কৰিবা, তোমালোকে তাক অশুচি বস্তু দৰে পেলাই দি ক’বা,“ইয়াৰ পৰা দূৰ হোৱা। ”
Isaiah 40:19 in Assamese 19 এটা কটা মুৰ্ত্তি ! এজন কৰ্মকাৰে নিজে তৈয়াৰ কৰে; সোণাৰিয়ে তাৰ ওপৰত সোণৰ পতা মাৰে, আৰু তাৰ বাবে ৰূপৰ শিকলি যুগুত কৰে।
Isaiah 46:6 in Assamese 6 লোকসকলে মোনাৰ পৰা সোণ ঢালি দিয়ে আৰু তৰ্জুত ৰূপ জোখে। তেওঁলোকে তাৰ দ্বাৰাই এক দেৱতা নিৰ্মাণ কৰিবলৈ সোণাৰিক বেচ দিয়ে; তেওঁলোকে সেই দেৱতাক প্ৰণিপাত কৰে, আৰু পূজাও কৰে।
Jeremiah 10:9 in Assamese 9 তৰ্চীচৰ পৰা শিল্পকাৰৰ আৰু সুণাৰিৰ হাতে কৰা পতা-ৰূপ আৰু উফজৰ পৰা সোণ তেওঁলোকে আনে, সেইবোৰৰ পৰিধান-বস্ত্ৰ নীল আৰু বেঙেনা বৰনীয়া সুতাৰে কৰা; সেই আটাইবোৰ নিপুণ মানুহৰ কাৰ্য্য।
Jeremiah 16:20 in Assamese 20 যি ঈশ্বৰ নহয়, মানুহে নিজলৈ জানো এনে দেৱতাবোৰ সাজিব?
Daniel 2:31 in Assamese 31 হে মহাৰাজ আপুনি ওপৰলৈ চাই, এটা বৃহৎ মূৰ্তি দেখিছিল। আপোনাৰ আগত থিয় হোৱা সেই মূৰ্তি অতিশয় ডাঙৰ আৰু উজ্জ্বল আছিল; আৰু তাৰ উজ্জলতা ভয়ানক আছিল।
Daniel 2:48 in Assamese 48 তেতিয়া ৰজাই দানিয়েলক অধিক সন্মান কৰিলে, আৰু অনেক আচৰিতজনক উপহাৰবোৰ দিলে। তেওঁ গোটেই বাবিল দেশৰ ওপৰত দানিয়েলক শাসনকৰ্ত্তা নিযুক্ত কৰিলে। দানিয়েল বাবিলত থকা সকলো জ্ঞানী লোকৰ ওপৰত প্ৰধান অধ্যক্ষ হ’ল।
Daniel 3:30 in Assamese 30 তেতিয়া ৰজাই চৈদ্ৰক, মৈচক আৰু অবেদ-নগোক বাবিল প্ৰদেশত উচ্চ পদত নিযুক্ত কৰিলে।
Daniel 5:23 in Assamese 23 স্বৰ্গৰ প্ৰভুৰ বিৰুদ্ধে আপুনি নিজকে উচ্চ কৰিলে, আৰু তেওঁৰ গৃহৰ পৰা পাত্রবোৰ তেওঁলোকে আপোনাৰ আগত আনিলে, আৰু আপুনি আৰু আপোনাৰ প্ৰধান লোকসকল, আপোনাৰ পত্নী আৰু উপপত্নীসকলে সেইবোৰত দ্ৰাক্ষাৰস পান কৰিলে। যিবোৰে নেদেখে, নুশুনে, আৰু একোকে নাজানে, তেনে ৰূপ, সোণ, পিতল, লোহা, কাঠ, আৰু শিলৰ দেৱতাবোৰক আপুনি প্ৰশংসা কৰিলে। আপোনাৰ নিশ্বাস যি জনাৰ হাতত আছে, আৰু আপোনাৰ সকলো পথ যি জনে জানে, সেই ঈশ্বৰক আপুনি সমাদৰ নকৰিলে।
Hosea 8:4 in Assamese 4 মোৰ নির্দেশ নোলোৱাকৈয়ে ইস্রায়েলীয়াসকলে ৰজাসকলক নিযুক্ত কৰিলে; মই নজনাকৈয়ে তেওঁলোকে নেতাসকলক মনোনীত কৰিলে। তেওঁলোকে নিজৰ নিজৰ সোণ আৰু ৰূপেৰে তেওঁলোকৰ বাবে মূর্তি তৈয়াৰ কৰি নিজৰেই সর্বনাশ কৰিলে।
Habakkuk 2:19 in Assamese 19 যি জনে কাঠক সাৰ পোৱা বুলি কয়, বা শিলক উঠা বুলি কয়, তেওঁৰ সন্তাপ হ’ব! সেইবোৰে জানো শিক্ষা দিব? চোৱা, এইবোৰত সোণ আৰু ৰূপ খটোৱা হৈছে, কিন্তু সেইবোৰৰ ভিতৰত কিঞ্চিতো প্রাণবায়ু নাই।
Acts 17:29 in Assamese 29 আমি যদি ঈশ্বৰৰ সন্তান হওঁ, তেনেহলে মানুহৰ শিল্পকলা আৰু চিন্তাৰে সজা সোণ, ৰূপ বা পাথৰৰ মূর্তিৰ দৰে ঈশ্বৰৰ ঐশ্বৰিকতাক আমি কল্পনা কৰিব নালাগে।
Acts 19:26 in Assamese 26 কিন্তু ‘যিবোৰ হাতেৰে সাজে, সেইবোৰ ঈশ্বৰ নহয়’ পৌলে এই কথা কৈ, অকল ইফিচৰ নহয়, প্ৰায় গোটেই এচিয়াত বহু লোকক প্ৰভাম্বিত কৰি অপথে নিলে, ইয়াক আপোনালোকে দেখিছে আৰু শুনিও আছে।
Revelation 9:20 in Assamese 20 এই উৎপাতবোৰৰ দ্বাৰাই যি অৱশিষ্ট লোক সকলক বধ কৰা নহ’ল, তেওঁলোকে দেখিব, শুনিব, আৰু ফুৰিব নোৱাৰা এনে সোণ, ৰূপ, পিতল, শিল আৰু কাঠেৰে সজা মূৰ্তি আৰু দেৱতাবোৰৰ উপাসনা কৰিবলৈ নেৰিলে আৰু এই অভিপ্ৰায়েৰে নিজ নিজ হাতে কৰা কৰ্মৰ পৰা মন-পালটন নকৰিলে।