Daniel 2:48 in Assamese 48 তেতিয়া ৰজাই দানিয়েলক অধিক সন্মান কৰিলে, আৰু অনেক আচৰিতজনক উপহাৰবোৰ দিলে। তেওঁ গোটেই বাবিল দেশৰ ওপৰত দানিয়েলক শাসনকৰ্ত্তা নিযুক্ত কৰিলে। দানিয়েল বাবিলত থকা সকলো জ্ঞানী লোকৰ ওপৰত প্ৰধান অধ্যক্ষ হ’ল।
Other Translations King James Version (KJV) Then the king made Daniel a great man, and gave him many great gifts, and made him ruler over the whole province of Babylon, and chief of the governors over all the wise men of Babylon.
American Standard Version (ASV) Then the king made Daniel great, and gave him many great gifts, and made him to rule over the whole province of Babylon, and to be chief governor over all the wise men of Babylon.
Bible in Basic English (BBE) Then the king made Daniel great, and gave him offerings in great number, and made him ruler over all the land of Babylon, and chief over all the wise men of Babylon.
Darby English Bible (DBY) Then the king made Daniel great, and gave him many great gifts, and made him ruler over the whole province of Babylon, and chief of the governors over all the wise men of Babylon.
World English Bible (WEB) Then the king made Daniel great, and gave him many great gifts, and made him to rule over the whole province of Babylon, and to be chief governor over all the wise men of Babylon.
Young's Literal Translation (YLT) Then the king hath made Daniel great, and many great gifts he hath given to him, and hath caused him to rule over all the province of Babylon, and chief of the perfects over all the wise men of Babylon.
Cross Reference Genesis 41:39 in Assamese 39 তেতিয়া ফৰৌণে যোচেফক ক’লে, “ঈশ্বৰে তোমাক এই সকলো কথা জনাইছে; এই যে তোমাৰ নিচিনা বুদ্ধিমান জ্ঞানী মানুহ কোনো নাই।
Numbers 22:16 in Assamese 16 তেওঁলোকে বিলিয়মৰ ওচৰলৈ গৈ তেওঁক ক’লে, “চিপ্পোৰৰ পুত্ৰ বালাকে এই কথা কৈছে, ‘মই নিবেদন কৰোঁ, মোৰ ওচৰলৈ আহিবলৈ আপোনাক একোৱে বাধা নিদিয়ক।
Numbers 24:11 in Assamese 11 এই হেতুকে মোক এতিয়াই এৰা আৰু নিজ ঘৰলৈ গুচি যোৱা। মই তোমাক অতিশয় সন্মানিত কৰিম বুলি কৈছিলোঁ, কিন্তু চোৱা, যিহোৱাই তোমাক সন্মানিত হোৱাৰ পৰা আতঁৰাই ৰাখিলে।”
1 Samuel 17:25 in Assamese 25 আৰু ইস্ৰায়েলৰ লোকসকলে পৰস্পৰৰ মাজত ক’বলৈ ধৰিলে, “ওপৰলৈ উঠি অহা সেই মানুহজনক তুমি দেখিছা নে? তেওঁ ইস্ৰায়েলক ইতিকিং কৰিবলৈ আহিছে। তেওঁক যিকোনোৱে বধ কৰিব, ৰজাই তেওঁক অধিক ধনেৰে ধনৱান কৰিব, আৰু তেওঁৰ লগত নিজৰ জীয়েকক বিয়া দিব, আৰু ইস্ৰায়েলৰ মাজত তেওঁৰ পিতৃ-বংশক স্ৱাধীন কৰিব।”
1 Samuel 25:2 in Assamese 2 সেই সময়ত মায়োনৰ এজন মানুহ আছিল, তেওঁৰ সম্পত্তি কৰ্মিলত আছিল। তেওঁ ধনবান লোক আছিল। তেওঁৰ তিনি হাজাৰ ভেড়া আৰু এক হাজাৰ ছাগলী আছিল; তেওঁ কাৰ্মিলত নিজৰ ভড়াবোৰৰ নোম কাটি আছিল।
2 Samuel 19:32 in Assamese 32 সেই বৰ্জ্জিলয় অতি বুঢ়া, আশী বছৰ বয়সীয়া, ৰজা মহনয়িমত থকা কালত তেওঁ ৰজাক আহাৰ যোগাইছিল; কাৰণ তেওঁ অতিশয় প্ৰতিপত্তিশালীলোক আছিল।
2 Kings 5:1 in Assamese 1 অৰামৰ (চিৰিয়া) ৰজাৰ সেনাপতিজনৰ নাম আছিল নামান। তেওঁ এজন সাহসী, পৰাক্ৰমী বীৰ আছিল আৰু তেওঁৰ যোগেদিয়েই যিহোৱাই অৰামীয়া সৈন্যৰ ওপৰত জয়ী হৈছিল। সেয়ে, ৰজাৰ ওচৰত তেওঁ এজন অতি মহান আৰু শ্রদ্ধাৰ ব্যক্তি আছিল। কিন্তু তেওঁ এজন কুষ্ঠৰোগীও আছিল।
Job 1:3 in Assamese 3 তেওঁৰ সাত হাজাৰ ভেড়া (মেষ) আৰু ছাগলী, তিনি হাজাৰ উট, পাঁচ শ হাল বলদ, পাচ শ গাধী, আৰু অতি অধিক দাস-দাসী আছিল; এই কাৰণে সেই পুৰুষ পূব দেশৰ লোকসকলৰ মাজত সকলোতকৈ মহান আছিল।
Jeremiah 5:5 in Assamese 5 মই ডাঙৰীয়াসকলৰ ওচৰলৈ গৈ তেওঁলোকৰ আগত কথা কম; কিয়নো তেওঁলোকে ক’লে, যিহোৱাৰ পথ আৰু তেওঁলোকৰ ঈশ্বৰৰ শাসন জানে, কিন্তু তেওঁলোকে এক মত হৈ যুৱলি ভাঙিলে আৰু যোঁত-জৰী চিঙি পেলালে।
Daniel 2:6 in Assamese 6 কিন্তু যদি সেই সপোন আৰু তাৰ ফলিতা আপোনালোকে মোক ক’ব পাৰে, তেনেহ’লে মোৰ পৰা উপহাৰ, পুৰস্কাৰ, আৰু অধিক সন্মান পাব; সেয়ে সেই সপোন আৰু তাৰ ফলিতা মোক কওক।”
Daniel 3:1 in Assamese 1 ৰজা নবূখদনেচৰে ষাঠি হাত ওখ আৰু ছহাত বহল এনে এক সোণৰ মূৰ্তি সাজি বাবিল প্ৰদেশৰ দূৰা নামৰ সমথলত স্থাপন কৰিলে।
Daniel 3:12 in Assamese 12 ইয়াত বাবিল প্ৰদেশৰ ৰাজ কাৰ্যত আপুনি নিযুক্ত কৰা চৈদ্ৰক, মৈচক, আৰু অবেদ-নগো নামেৰে কেইজনমান যিহূদীলোক আছে; তেওঁলোকে আপোনাৰ কথালৈ মনোযোগ দিয়া নাই। তেওঁলোকে আপোনাৰ দেৱতাসকলক সেৱা নকৰে, আৰু আপুনি স্থাপন কৰা সোণৰ মূৰ্তিক সাষ্টাঙ্গে প্রণিপাত নকৰে।”
Daniel 3:30 in Assamese 30 তেতিয়া ৰজাই চৈদ্ৰক, মৈচক আৰু অবেদ-নগোক বাবিল প্ৰদেশত উচ্চ পদত নিযুক্ত কৰিলে।
Daniel 4:9 in Assamese 9 “হে মায়াবীসকলৰ প্ৰধান অধ্যক্ষ বেলটচচৰ, মই জানোঁ যে, পবিত্ৰ দেৱতাসকলৰ আত্মা আপোনাত আছে, আৰু কোনো নিগূঢ় বিষয় আপোনাৰ বাবে কঠিন নহয়। মোৰ সপোন, আৰু সপোনৰ ফলিতা মোক কোৱা।
Daniel 5:11 in Assamese 11 পবিত্ৰ দেৱতাসকলৰ আত্মা থকা এজন মানুহ আপোনাৰ ৰাজ্যত আছে। আপোনাৰ পিতৃ থকা সময়ত জ্ঞান, বিবেচনা, আৰু দেৱতাসকলৰ প্রজ্ঞাৰ দৰে প্রজ্ঞা তেওঁত বিচাৰি পোৱা গৈছিল। আপোনাৰ পিতৃ, ৰজা নবুখদনেচৰে, তেওঁক শাস্ত্রজ্ঞ, মৃতলোকৰ লগত কথা পতাসকল, জ্ঞানীলোক, আৰু জ্যোতিষী সকলৰ ওপৰত অধ্যক্ষ নিযুক্ত কৰিছিল।
Daniel 5:16 in Assamese 16 মই শুনিছোঁ যে, আপুনি অৰ্থ বুজাব পাৰে, আৰু সমস্যা সামাধান কৰিব পাৰে। সেয়ে এতিয়া যদি আপুনি এই লিখা কথাখিনি পঢ়িব পাৰিব, আৰু ইয়াৰ অৰ্থ মোক বুজাব পাৰিব, তেনেহ’লে আপোনাক বেঙেনা বৰণীয়া বস্ত্র পৰিধান কৰোৱা হ’ব, আপোনাৰ ডিঙিত সোণৰ হাৰ পিন্ধোৱা হ’ব, আৰু আপোনাক ৰাজ্যৰ তৃতীয় শ্ৰেণীৰ শাসকৰ ক্ষমতা দিয়া হ’ব।
Daniel 5:29 in Assamese 29 তাৰ পাছত বেলচচৰে আজ্ঞা দিলে, আৰু তেওঁলোকে দানিয়েলক বেঙেনা বৰণীয়া বস্ত্ৰ, তেওঁৰ ডিঙিত সোণৰ হাৰ পিন্ধালে; আৰু ৰাজ্যৰ তৃতীয় শ্ৰণীৰ শাসকৰ ক্ষমতা তেওঁৰ থাকিব বুলি ৰজাই ঘোষণা কৰিলে।
Daniel 6:1 in Assamese 1 তাৰ পাছত দাৰিয়াবচে উচিত দেখি, গোটেই ৰাজ্যৰ ওপৰত এশ বিশ জন প্রাদেশিক অধ্যক্ষ নিযুক্ত কৰিলে।