Daniel 2:21 in Assamese 21 তেওঁ সময়, আৰু কাল পৰিবৰ্তন কৰে; তেওঁ ৰজাক তেওঁৰ সিংহাসনৰ পৰা আঁতৰাই, আৰু সিংহাসনত ৰজাক বহুৱাই; তেওঁ জ্ঞানীলোকক প্রজ্ঞা দিয়ে, আৰু বিবেচকসকলক জ্ঞান দিয়ে।
Other Translations King James Version (KJV) And he changeth the times and the seasons: he removeth kings, and setteth up kings: he giveth wisdom unto the wise, and knowledge to them that know understanding:
American Standard Version (ASV) And he changeth the times and the seasons; he removeth kings, and setteth up kings; he giveth wisdom unto the wise, and knowledge to them that have understanding;
Bible in Basic English (BBE) By him times and years are changed: by him kings are taken away and kings are lifted up: he gives wisdom to the wise, and knowledge to those whose minds are awake:
Darby English Bible (DBY) And it is he that changeth times and seasons; He deposeth kings, and setteth up kings; He giveth wisdom to the wise, And knowledge to them that know understanding.
World English Bible (WEB) He changes the times and the seasons; he removes kings, and sets up kings; he gives wisdom to the wise, and knowledge to those who have understanding;
Young's Literal Translation (YLT) And He is changing times and seasons, He is causing kings to pass away, and He is raising up kings; He is giving wisdom to the wise, and knowledge to those possessing understanding.
Cross Reference Exodus 31:3 in Assamese 3 মই বচলেলক মোৰ আত্মাৰে পৰিপূৰ্ণ কৰিম, তেওঁলৈ সকলো প্রকাৰ শিল্পকৰ্মৰ বাবে প্রজ্ঞা, বুদ্ধি, আৰু জ্ঞান দিম।
Exodus 31:6 in Assamese 6 চোৱা, মই দান ফৈদৰ অহীচামকৰ পুত্ৰ অবলীয়াবক তেওঁৰ সহকাৰী নিযুক্ত কৰিলোঁ। সকলো জ্ঞানী লোকৰ হৃদয়ত দক্ষতাৰে পৰিপূৰ্ণ কৰিলোঁ; সেয়েহে মই তোমাক যিবোৰ নিৰ্মাণ কৰিবলৈ আজ্ঞা দিলোঁ, সেই সকলোবোৰ তেওঁলোকে নিৰ্মাণ কৰিব।
1 Samuel 2:7 in Assamese 7 যিহোৱাই দৰিদ্ৰও কৰে আৰু ধনীও কৰে, তেওঁ নম্ৰও কৰে আৰু ক্ষমতাও দান কৰে৷
1 Kings 3:8 in Assamese 8 আপোনাৰ এই দাস, আপুনি মনোনীত কৰা আপোনাৰ দাসসকলৰ মাজত আছে; তেওঁলোক মহাজাতি, সংখ্যাত অগণন বা গণিব নোৱাৰা।
1 Kings 3:28 in Assamese 28 ৰজাই এই যি বিচাৰ নিস্পত্তি কৰিলে, সেই বিষয়ে শুনি গোটেই ইস্ৰায়েলে ৰজালৈ ভয় কৰিলে, কিয়নো তেওঁলোকে দেখিলে যে, বিচাৰ কৰিবৰ অৰ্থে তেওঁত ঈশ্বৰে দিয়া জ্ঞান আছে।
1 Kings 4:29 in Assamese 29 ঈশ্বৰে চলোমনক অতিশয় অধিক জ্ঞান আৰু বুদ্ধি দিলে আৰু সমূদ্ৰৰ তীৰত থকা বালিৰ নিচিনা অধিক বিষয় বুজিবলৈ এক বহল মন দিলে।
1 Kings 10:24 in Assamese 24 ঈশ্বৰে চলোমনৰ মনত যি জ্ঞান দিছিল, তেওঁৰ সেই জ্ঞানৰ কথা শুনিবৰ বাবে গোটেই পৃথিৱীৰ মানুহে তেওঁক সাক্ষাত কৰিব বিচাৰিছিল।
1 Chronicles 22:12 in Assamese 12 যেতিয়া তেওঁ ইস্রায়েলৰ দায়িত্ৱভাৰ তোমাৰ ওপৰত দিব তেতিয়া কেৱল যিহোৱাই তোমাক বুদ্ধি আৰু বিবেচনা দিয়ক, যাতে তুমি তোমাৰ ঈশ্ৱৰ যিহোৱাৰ বিধি পালন কৰিব পাৰিবা।
1 Chronicles 29:30 in Assamese 30 এই পুস্তকসমূহত ইস্ৰায়েলক ৰাজত্ৱ কৰা সময়ত দায়ূদে যিবোৰ কাৰ্য কৰিছিল, সেই সকলো ইয়াতে উল্লেখ আছে। লিখকসকলে ইস্রায়েল আৰু তাৰ ওচৰ চুবুৰীয়া ৰাজ্যৰ, দায়ূদৰ ক্ষমতা আৰু তেওঁৰ জীৱনৰ সকলো ঘটনা লিখিলে।
2 Chronicles 1:10 in Assamese 10 এতিয়া মই যেন এই লোকসকলক চলাব পাৰোঁ, এই কাৰণে তুমি মোক বুদ্ধি আৰু জ্ঞান দিয়া; কিয়নো তোমাৰ এই মহা জাতিৰ বিচাৰ কৰা কাৰ সাধ্য?”
Esther 1:13 in Assamese 13 তাৰ পাছত ৰজাই জ্ঞানীলোক আৰু যি সকলে সময়ৰ মূল্য বুজে তেওঁলোকৰ লগত আলোচনা কৰিলে, (কিয়নো বিচাৰ আৰু ব্যৱস্থা জনা সকললৈ ৰজাই সেইদৰে কৰে)।
Job 12:18 in Assamese 18 তেওঁ ৰজা সকলৰ ক্ষমতা গুচায়, আৰু তেওঁলোকৰ ককালত ডোল লগায়।
Job 34:24 in Assamese 24 তেওঁ অনুসন্ধান নকৰি পৰাক্ৰমীবিলাকক খণ্ড খণ্ড কৰি, আৰু তেওঁবিলাকৰ ঠাইত আন লোকক স্থাপন কৰে।
Psalm 31:14 in Assamese 14 কিন্তু, হে যিহোৱা, মই তোমাতেই ভাৰসা কৰিছো; মই কওঁ, “তুমিয়েই মোৰ ঈশ্বৰ।”
Psalm 75:5 in Assamese 5 তোমালোক জয়ী হবলৈ অত্যন্ত নিশ্চিন্ত নহবা; তোমালোকে গর্বকৰি কথা নকবা।”
Psalm 113:7 in Assamese 7 তেওঁ ধুলিৰ পৰা দুখীয়াক উঠায়, সাৰৰ দ’মৰ পৰা দীনহীনক তোলে,
Proverbs 2:6 in Assamese 6 কাৰণ যিহোৱাইহে প্রজ্ঞা দিয়ে, তেওঁৰে মুখৰ পৰা জ্ঞান আৰু বিবেচনা শক্তি ওলায়।
Proverbs 8:15 in Assamese 15 মোৰ দ্বাৰাই ৰজাসকলে ৰাজত্ব কৰে, অভিজাত লোকসকল আৰু ন্যায়েৰে যিসকল লোকে শাসন কৰে, সেইসকলো মোৰেই।
Ecclesiastes 3:1 in Assamese 1 প্ৰত্যেক বিষয়ৰ কাৰণে এক এক সময় আছে; আকাশৰ তলত প্ৰত্যেকটো কার্যৰ একোটা নির্দিষ্ট সময় আছে।
Jeremiah 27:5 in Assamese 5 ‘ময়েই নিজ মহাশক্তিৰে আৰু মেলা বাহুৰে পৃথিৱীক আৰু পৃথিৱীৰ ওপৰত থকা মানুহ আৰু পশুবোৰক সৃষ্ট কৰিলোঁ, আৰু মোৰ দৃষ্টিত যাক ভাল দেখোঁ, তাকে তাক দিওঁ।
Daniel 2:9 in Assamese 9 কিন্তু যদি আপোনালোকে সেই সপোন মোক নকয়, তেনেহ’লে আপোনালোকৰ বাবে কেৱল এটাই শাস্তি আছে। যেতিয়ালৈকে মোৰ মন সলনি নহয়, তেতিয়ালৈকে আপোনালোকে মোক মিছা আৰু বিভ্রান্তিকৰ কথা ক’বলৈ একেলগে সন্মত হৈছে, সেয়ে এতিয়া আপোনালোকেই মোৰ আগত সপোনটোও কওক; আৰু তেতিয়া মই জানিম যে, আপোলোকে তাৰ ফলিতাও মোৰ আগত ক’ব পাৰিব।”
Daniel 4:17 in Assamese 17 এই সিদ্ধান্ত বাৰ্ত্তাবাহকে জনোৱা আজ্ঞাৰ দ্বাৰাই আৰু পবিত্র জনাৰ দ্বাৰাই লোৱা সিদ্ধান্ত। সেয়ে যিসকল জীৱিত তেওঁলোকে জানিব লাগে যে, মানুহৰ ৰাজ্যত সৰ্ব্বোপৰি জনাই শাসন কৰে, আৰু যিজনকে তেওঁ ইচ্ছা কৰে, সেই জনক সেই ৰাজ্য দিয়ে, এনে কি, অতি নম্র লোককো তাৰ ওপৰত নিযুক্ত কৰে।’
Daniel 4:32 in Assamese 32 মানুহৰ মাজৰ পৰা তোমাক দূৰ কৰা হ’ব; পথাৰত বনৰীয়া জন্তুৰ সৈতে তোমাৰ ঘৰ হ’ব; আৰু গৰুৰ দৰে তুমি ঘাঁহ খাব লাগিব। সৰ্ব্বোপৰি জনাই শাসন কৰে, আৰু তেওঁ যিজনক দিবলৈ ইচ্ছা কৰে, সেই জনকে সেই ৰাজ্য দিয়ে, এই কথা আপুনি নজনালৈকে, সাত বছৰ অতিবাহিত হ’ব।”
Daniel 7:25 in Assamese 25 তেওঁ সৰ্ব্বোপৰিজনাৰ বিৰুদ্ধে কথা ক’ব, আৰু সৰ্ব্বোপৰিজনা প্রভুৰ পবিত্ৰ জনক তাড়না কৰিব, তেওঁ পর্ব আৰু বিধান সলনি কৰিবলৈ চেষ্টা কৰিব। আৰু এবছৰ, দুবছৰ, আৰু আধা বছৰৰ বাবে এই সকলো তেওঁৰ হাতত শোধাই দিয়া হ’ব।
Daniel 11:6 in Assamese 6 কেইবছৰমানৰ পাছত যেতিয়া নিৰূপিত সময় আহিব, তেতিয়া তেওঁলোকে মিত্রতা কৰিব। চুক্তি সুনিশ্চিত কৰিবলৈ দক্ষিণ দেশৰ ৰজাৰ জীয়েকক উত্তৰ দেশৰ ৰজালৈ দিয়া হ’ব; কিন্তু জীয়েকে নিজৰ ক্ষমতা হেৰুৱাব, আৰু তেওঁক পৰিত্যক্ত কৰা হ’ব। তেওঁ আৰু তেওঁক অনাসকলক, তেওঁৰ পিতৃক, আৰু সেই সময়ত তেওঁক সমৰ্থন কৰা জনক আপদত পেলোৱা হ’ব।
Luke 1:51 in Assamese 51 তেওঁ নিজ বাহুৰ দ্বাৰাই পৰাক্ৰমী কর্ম কৰিলে। নিজ নিজ হৃদয়ৰ কল্পনাত অহংকাৰী সকলক তেওঁ ছিন্ন-ভিন্ন কৰিলে।
Luke 21:15 in Assamese 15 কিয়নো তোমালোকৰ বিৰোধী সকলৰ কোনেও প্ৰতিশোধ বা প্ৰত্যুত্তৰ কৰিব নোৱাৰা বাক্য আৰু জ্ঞান মই তোমালোকক দিম।
Acts 13:21 in Assamese 21 পাছত তেওঁলোকে এজন ৰজা বিচৰাত, ঈশ্বৰে বিন্যামীন গোষ্ঠীৰ কীচৰ পুত্ৰ চৌলক চল্লিশ বছৰলৈকে ৰাজত্ব কৰিবলৈ দিলে৷
1 Corinthians 1:30 in Assamese 30 কাৰণ ঈশ্বৰৰ কার্যৰ দ্বাৰাই আপোনালোক এতিয়া খ্রীষ্ট যীচুৰ লগত যুক্ত হ’ল। খ্রীষ্টই হৈছে আমাৰ বাবে ঈশ্বৰে দিয়া জ্ঞান, তেৱেঁই আমাৰ জীৱনৰ ধাৰ্মিকতা, পবিত্রতা আৰু মুক্তি।
James 1:5 in Assamese 5 কিন্তু আপোনালোকৰ কাৰোবাৰ যদি জ্ঞানৰ অভাৱ হয় তেনেহলে যি জন দিওঁতা ঈশ্বৰ, যি জনে গৰিহণা নকৰাকৈ মুক্তহস্তে সকলোকে দান কৰে, তেওঁক যাচনা কৰক আৰু তাতে আপোনালোকক দিয়া হ’ব।
James 1:17 in Assamese 17 সকলো উত্তম দান আৰু সকলো সিদ্ধ বৰ ওপৰৰ পৰাহে হয়, আৰু আকাশৰ জ্যোতিবোৰ সেই পিতৃৰ পৰা তললৈ নামি আহে৷ ছাঁ যি দৰে সলনি হয়, তেনেদৰে তেওঁৰ কোনো পৰিৱৰ্তন নহয়৷
James 3:15 in Assamese 15 এনে জ্ঞান ওপৰৰ পৰা নামি অহা নহয়, কিন্তু সেয়ে পাৰ্থিৱ, ইন্দ্ৰিয়াসক্ত আৰু ভৌতিক।
Revelation 19:16 in Assamese 16 তেওঁৰ বস্ত্ৰত আৰু কৰঙণত, এই নাম লিখা আছে, “ৰজা সকলৰো ৰজা আৰু প্ৰভু সকলৰো প্ৰভু৷”