Daniel 11:32 in Assamese 32 নিয়ম লঙ্ঘন কৰা সকলক তেওঁ খোচামোদ কৰিব আৰু তেওঁলোকক ভ্ৰষ্ট কৰিব; কিন্তু নিজৰ ঈশ্বৰক জনা লোকসকল বলৱন্ত হ’ব আৰু ইয়াৰ বিৰুদ্ধে কাৰ্য কৰিব।
Other Translations King James Version (KJV) And such as do wickedly against the covenant shall he corrupt by flatteries: but the people that do know their God shall be strong, and do exploits.
American Standard Version (ASV) And such as do wickedly against the covenant shall he pervert by flatteries; but the people that know their God shall be strong, and do `exploits'.
Bible in Basic English (BBE) And those who do evil against the agreement will be turned to sin by his fair words: but the people who have knowledge of their God will be strong and do well.
Darby English Bible (DBY) And such as do wickedly against the covenant shall he pervert by flatteries; but the people that know their God shall be strong, and shall act.
World English Bible (WEB) Such as do wickedly against the covenant shall he pervert by flatteries; but the people who know their God shall be strong, and do [exploits].
Young's Literal Translation (YLT) And those acting wickedly `against' the covenant, he defileth by flatteries; and the people knowing their God are strong, and have wrought.
Cross Reference 1 Chronicles 28:9 in Assamese 9 হে বোপা চলোমন, তুমি তোমাৰ পিতৃৰ ঈশ্বৰক মানি চলিবা, আৰু তোমাৰ সকলো হৃদয়েৰ আৰু হৰ্ষিত মনেৰে তেওঁৰ পৰিচৰ্য্যা কৰিবা। এই দৰে কৰা কাৰণ যিহোৱাই সকলোৰে হৃদয় অনুসন্ধান কৰে আৰু সকলোৰে কল্পনাকো বুজে। তুমি যদি তেওঁক বিচাৰা, তেন্তে তুমি তেওঁক পাবা, কিন্তু যদি তেওঁক ত্যাগ কৰা, তেন্তে তেওঁ তোমাকো চিৰকাললৈকে ত্যাগ কৰিব।
Psalm 9:10 in Assamese 10 যিসকলে তোমাক জানে, তেওঁলোকে যেন তোমাত ভাৰসা ৰাখে, কিয়নো হে যিহোৱা, যিসকলে তোমাক বিচাৰে, তেওঁলোকক তুমি পৰিত্যাগ নকৰা।
Proverbs 19:5 in Assamese 5 মিছা সাক্ষী দিয়া জনে দণ্ড নোপোৱাকৈ নাথাকিব; আৰু যি জনে মিছা কথা কয় তেৱোঁ অব্যাহতি নাপায়।
Proverbs 26:28 in Assamese 28 মিছলীয়া জিভাই দমন কৰা লোকক ঘিণ কৰে, আৰু আত্মতৃপ্তিকৰ মুখে নিজলৈ বিনাশ আনে।
Jeremiah 31:34 in Assamese 34 তেতিয়া প্ৰতিজনে নিজ নিজ ওচৰ-চুবুৰিয়াক বা প্ৰতিজনে নিজ নিজ ভাইক এই শিক্ষা নিদিব বোলে, ‘যিহোৱাক জানা!’ কিয়নো তেওঁলোকৰ সকলো বৰৰ পৰা সৰুলৈকে সকলোৱে মোক জানিব” - এয়ে যিহোৱাৰ ঘোষণা। “কিয়নো মই তেওঁলোকৰ অপৰাধ ক্ষমা কৰিম আৰু তেওঁলোকৰ পাপ মই আৰু কেতিয়াও নুসুঁৱৰিম।”
Micah 5:7 in Assamese 7 বহুতো মানুহৰ মাজত যাকোবৰ অৱশিষ্ট লোক, যিহোৱাৰ পৰা অহা নিয়ৰ, আৰু ঘাঁহত পৰা বৰষুণৰ দৰে থাকিব। সেইবোৰে মানুহৰ, আৰু মনুষ্য সন্তানসকলৰ বাবে অপেক্ষা নকৰে।
Micah 7:15 in Assamese 15 তোমালোক মিচৰৰ দেশৰ পৰা ওলাই অহা দিনৰ দৰে, মই তেওঁলোকক আচৰিত কাৰ্য দেখুৱাম।
Zechariah 9:13 in Assamese 13 কিয়নো মই যিহূদাক মোৰ পক্ষে ধনুস্বৰূপে ভিৰালোঁ আৰু ইফ্ৰয়িমক কাঁড়স্বৰূপে গুণত জুৰিলোঁ। হে চিয়োন, তোমাৰ সন্তানসকলৰ বিৰুদ্ধে তোমাৰ সন্তানসকলক মই উচটাম, আৰু গ্রীকসকল, মই তোমাক এজন বীৰৰ তৰোৱালস্বৰূপ কৰিম!
Zechariah 10:3 in Assamese 3 ভেড়া ৰখীয়াসকলৰ অহিতে মোৰ ক্ৰোধ জ্বলি উঠিছে, আৰু এই মতা ছাগলীবোৰক (পৰিচাৰকসকলক) মই দণ্ড দিম; কিয়নো বাহিনীসকলৰ যিহোৱাই তেওঁৰ জাক যিহূদা-বংশৰ বুজ-বিচাৰ লৈ, তেওঁলোকক নিজৰ উত্তম ৰণুৱা ঘোঁৰা যেন কৰিব!
Zechariah 10:12 in Assamese 12 মই তেওঁলোকক মোৰে সৈতে সবল কৰিম আৰু তেওঁলোকে তেওঁৰ নামেৰে অহা-যোৱা কৰিব।” এয়েই যিহোৱাৰ ঘোষণা।
Zechariah 12:3 in Assamese 3 সেই দিনা মই যিৰূচালেমক সকলো জাতিৰ পক্ষে তুলিবলৈ কষ্টকৰ শিলস্বৰূপ কৰিম; আৰু যিসকলে তাক তুলিব, তেওঁলোকে নিজকে বৰকৈ আঘাত কৰিব আৰু পৃথিৱীৰ আটাই জাতিয়ে তাইৰ অহিতে গোট খাব।
Zechariah 14:1 in Assamese 1 চোৱা! যি দিনা তুমি লুট কৰি লোৱা দ্ৰব্য শত্ৰুৱে তোমাৰ মাজত ভাগ কৰি ল’ব, যিহোৱাৰ এনে এটা দিন আহি আছে।
Malachi 4:2 in Assamese 2 কিন্তু মোৰ নামত ভয় ৰাখোঁতা যি তোমালোক, তোমালোকৰ প্রতি ধাৰ্ম্মিকতাৰূপ সূৰ্য্য উদিত হ’ব, যাৰ কিৰণ সুস্থতাদায়ক; তোমালোকে বাহিৰ হৈ গোহালীৰ পৰা মুকলি হোৱা দামুৰিৰ নিচিনাকৈ ডেও দিবা।
John 17:3 in Assamese 3 এইটোৱে অনন্ত জীৱন; একমাত্ৰ সত্য ঈশ্বৰ যি তুমি, তোমাক আৰু তুমি পঠোৱা যীচু খ্ৰীষ্টক তেওঁলোকে যেন জানে।
2 Corinthians 4:3 in Assamese 3 কিন্তু আমাৰ শুভবাৰ্তা যদি ওৰণিৰে ঢকা হয়, তেনেহলে সেয়া বিনাশৰ পাত্ৰ সকললৈহে ঢকা হয়;
2 Thessalonians 2:9 in Assamese 9 চয়তানৰ শক্তিত সেই অবাধ্যতাৰ পুৰুষ আহিব। সি সকলো মিছা পৰাক্রম কার্য, আচৰিত চিন আৰু অদ্ভুত লক্ষণ দেখুৱাব;
2 Timothy 2:1 in Assamese 1 এতেকে হে মোৰ পুত্ৰ, খ্ৰীষ্ট যীচুত থকা যি অনুগ্ৰহ, তাৰ দ্ৱাৰাই তুমি বলৱান হোৱা।
Hebrews 10:32 in Assamese 32 সেই পূৰ্বকালৰ দিনবোৰ সোঁৱৰণ কৰক, আপোনালোকে পোহৰ পোৱাৰ পাছত, যিবোৰ দুখ আৰু কষ্ট ভোগ কৰিব লগা হৈছিল, তথাপি আপোনালোক স্থিৰ আছিল৷
1 John 2:3 in Assamese 3 আৰু আমি তেওঁৰ আজ্ঞাবোৰ যদি পালন কৰোঁ, তেনেহলে তাৰ দ্বাৰাই আমি জানিম যে, তেওঁক আমি জানিলোঁ।
1 John 5:20 in Assamese 20 আমি ইয়াকো জানো যে, ঈশ্বৰৰ পুত্ৰ আহিল আৰু তেওঁ আমাক সেই জ্ঞান দিলে; ইয়াৰ দ্ৱাৰা আমি জানো কোন সত্য আৰু এতিয়া আমি সেই সত্য ঈশ্ৱৰত আছোঁ আৰু তেওঁৰ পুত্ৰ যীচু খ্ৰীষ্টতো আছোঁ৷ এয়ে সত্য ঈশ্বৰ আৰু অনন্ত জীৱন।
Revelation 6:11 in Assamese 11 তেতিয়া তেওঁলোকৰ প্ৰত্যেক জনক বগা বস্ত্ৰ দিয়া হ’ল আৰু তেওঁলোকক এই কথা কোৱা হ’ল যে, যেতিয়ালৈ তেওঁলোকৰ সহদাস, আৰু ভাইসকলক তেওঁলোকৰ নিচিনাকৈ বধ কৰা নহ’ব, আৰু সেই সকলো সংখ্যা পুৰ নোহোৱালৈকে, তেওঁলোকে অলপ কাল ক্ষান্ত হ’ব লাগিব।
Revelation 7:9 in Assamese 9 এইবোৰৰ পাছত মই চাই দেখিলোঁ যে, কোনেও গণিব নোৱোৰা এক বৰ লোক সকল, য’ত সকলো জাতি, ফৈদ, লোক আৰু ভাষাৰ, বগা বস্ত্ৰ পিন্ধি আৰু হাতত খেজুৰ পাত লৈ সেই সিংহাসন আৰু মেষ-পোৱালি জনৰ আগত থিয় হৈ আছিল;
Revelation 12:7 in Assamese 7 এতিয়া স্বৰ্গত যুদ্ধ হ’ল৷ মিখায়েল আৰু তেওঁৰ দূত সকলে সেই ড্ৰেগনৰ সৈতে যুদ্ধ কৰিলে; সেই ড্ৰেগন আৰু তাৰ দূত সকলেও যুদ্ধ কৰিলে৷
Revelation 13:12 in Assamese 12 সি এই প্ৰথম পশুটোৰ সকলো অধিকাৰ, প্ৰথম পশুটোৰ উপস্থিতে পালন কৰে আৰু যি প্ৰথম পশুৰ মৃত্যুজনক ঘা সুস্থ কৰা হ’ল, সেই পশুক পৃথিৱী আৰু তাত নিবাস কৰা সকলোকে প্ৰণিপাত কৰিবলৈ বাধ্য কৰালে।