Daniel 10:12 in Assamese 12 তেতিয়া তেওঁ মোক ক’লে, “হে দানিয়েল ভয় নকৰিবা; কাৰণ তুমি বুজিবলৈ, আৰু নিজকে ঈশ্বৰৰ আগত নম্ৰ কৰিবলৈ মন স্থিৰ কৰা প্ৰথম দিনৰে পৰা তোমাৰ বাক্য শুনা গৈছে; আৰু তোমাৰ বাক্যৰ কাৰণেই মই আহিলোঁ
Other Translations King James Version (KJV) Then said he unto me, Fear not, Daniel: for from the first day that thou didst set thine heart to understand, and to chasten thyself before thy God, thy words were heard, and I am come for thy words.
American Standard Version (ASV) Then said he unto me, Fear not, Daniel; for from the first day that thou didst set thy heart to understand, and to humble thyself before thy God, thy words were heard: and I am come for thy words' sake.
Bible in Basic English (BBE) Then he said to me, Have no fear, Daniel; for from the first day when you gave your heart to getting wisdom and making yourself poor in spirit before your God, your words have come to his ears: and I have come because of your words.
Darby English Bible (DBY) And he said unto me, Fear not, Daniel; for from the first day that thou didst set thy heart to understand, and to humble thyself before thy God, thy words were heard, and I am come because of thy words.
World English Bible (WEB) Then said he to me, Don't be afraid, Daniel; for from the first day that you did set your heart to understand, and to humble yourself before your God, your words were heard: and I am come for your words' sake.
Young's Literal Translation (YLT) And he saith unto me: Do not fear, Daniel, for from the first day that thou didst give thy heart to understand, and to humble thyself before thy God, thy words have been heard, and I have come because of thy words.
Cross Reference Leviticus 16:29 in Assamese 29 তোমালোকৰ বাবে চিৰস্থায়ী বিধি এই। সপ্তম মাহৰ দশম দিনা স্বদেশীয় হওঁক বা তোমালোকৰ মাজত বাস কৰা বিদেশীয়েই হওঁক, তোমালোক সকলোৱেই নিজ নিজ প্ৰাণক দুখ দি লঘোণ দিবা আৰু কোনো কৰ্ম্ম নকৰিবা।
Leviticus 16:31 in Assamese 31 সেয়েই তোমোলোকৰ সম্পূর্ণ বিশ্ৰামৰ বিশ্ৰাম-দিন; তোমালোকে নিজ নিজ প্ৰাণত দুখ দি লঘোণ দিবা। এইয়েই তোমালোকৰ মাজত চিৰস্থায়ী বিধি হ’ব।
Numbers 29:7 in Assamese 7 সেই সপ্তম মাহৰ দশম দিনা যিহোৱাৰ সন্মানৰ অৰ্থে তোমালোকৰ পবিত্ৰ সভা হ’ব; সেই দিনা তোমালোকে নিজ নিজ প্ৰাণক দুখ দিবা আৰু কোনো কাৰ্য্য নকৰিবা।
Psalm 69:10 in Assamese 10 যেতিয়া মই কান্দি কান্দি লঘোনেৰে মোৰ প্ৰাণক দুখ দিছিলোঁ; তেতিয়া সেয়ে মোলৈ নিন্দাৰ কাৰণ হল ।
Isaiah 35:4 in Assamese 4 ভয়াতুৰ মনৰ লোকক কোৱা, “শক্তিশালী হোৱা, ভয় নকৰিবা! চোৱা, তোমালোকৰ ঈশ্বৰ প্ৰতিকাৰৰ সৈতে, প্ৰতিফল দিবলৈ আহিব; তেওঁ আহিব আৰু তোমালোকক উদ্ধাৰ কৰিব।”
Isaiah 41:10 in Assamese 10 ভয় নকৰিবা, কাৰণ মই তোমাৰ লগত আছোঁ; ব্যাকুল নহ’বা, কাৰণ মই তোমাৰ ঈশ্বৰ; মই তোমাক শক্তি দিম, মই তোমাক সহায় কৰিম, আৰু মোৰ বিজয় যুক্ত সোঁ হাতেৰে তোমাক ধৰি ৰাখিম।
Isaiah 41:14 in Assamese 14 হে পোক যাকোব, হে ইস্ৰায়েল লোকসকল, ভয় নকৰিবা; যিহোৱাই কৈছে “ময়েই তোমাক সহায় কৰিম” আৰু ইস্ৰায়েলৰ পবিত্ৰ জনাই তোমাৰ মুক্তিদাতা।
Isaiah 58:9 in Assamese 9 তেতিয়া তুমি মাতিলে, যিহোৱাই তোমাক উত্তৰ দিব; তুমি সহায়ৰ বাবে কাতৰোক্তি কৰিলে, তেওঁ ক’ব, “এইয়া মই আছো।” যদি তুমি নিজৰ মাজৰ পৰা যুৱলি, দোষাৰোপ কৰা আঙুলি, আৰু অৰ্ধম্মবাক্য দূৰ কৰা,
Isaiah 65:24 in Assamese 24 তেওঁলোকে নামাতোঁতেই মই উত্তৰ দিম, আৰু তেওঁলোকৰ কথা কয় শেষ নকৰোঁতেই মই শুনিম।
Daniel 9:3 in Assamese 3 তেতিয়া মই লঘোণ দি, চট কাপোৰ পিন্ধি, ছাঁইত বহি, অনুৰোধ আৰু প্ৰাৰ্থনাৰে প্ৰভু ঈশ্বৰৰ অনুগ্ৰহ বিচাৰিবলৈ মই তেওঁলৈ মুখ কিৰিলোঁ।
Daniel 9:20 in Assamese 20 এইদৰে যি সময়ত মই কথা কৈ মোৰ পাপ আৰু মোৰ ইস্ৰায়েলী লোকসকলৰ পাপ স্বীকাৰ কৰি আছিলোঁ, আৰু ঈশ্বৰৰ পবিত্ৰ পৰ্ব্বতৰ হৈ ঈশ্বৰ যিহোৱাৰ আগত মোৰ অনুৰোধ কৰি আছিলোঁ,
Daniel 10:2 in Assamese 2 সেই দিনবোৰত মই দানিয়েলে তিনি সপ্তাহ শোক কৰি আছিলোঁ।
Daniel 10:11 in Assamese 11 সেই দূতে মোক ক’লে, “হে দানিয়েল, হে অতি প্ৰিয় পুৰুষ, যি কথা মই তোমাক কৈ আছো তুমি তাক বুজি লোৱা আৰু উঠি থিয় হোৱা; কাৰণ মোক তোমাৰ ওচৰলৈ পঠোৱা হ’ল।” যেতিয়া তেওঁ মোক সেই কথা কৈ আছিল, তেতিয়া মই উঠি থিয় হৈ কঁপিবলৈ ধৰিলোঁ।
Daniel 10:19 in Assamese 19 তেওঁ ক’লে, “হে অতি প্ৰিয় পুৰুষ ভয় নকৰিবা; তোমাৰ শান্তি হওক; তুমি এতিয়া সবল হোৱা, সবল হোৱা!” যেতিয়া তেওঁ মোক কথা কৈ আছিল, তেতিয়া মই সবল হ’লো আৰু ক’লোঁ, “মোৰ প্ৰভুৱে কওক; কাৰণ আপুনি মোক সবল কৰিলে।”
Matthew 28:5 in Assamese 5 দূতে মাত লগাই ক’লে, “তোমালোকে ভয় নকৰিবা; কিয়নো ক্ৰুচত হত হোৱা যীচুক তোমালোকে বিচাৰিছা বুলি মই জানিছোঁ।
Matthew 28:10 in Assamese 10 তেতিয়া যীচুৱে তেওঁলোকক ক’লে, “ভয় নকৰিবা; তোমালোক যোৱা, মোৰ ভাই সকলক গালীল প্ৰদেশলৈ যাবৰ বাবে সম্বাদ দিয়াগৈ; তেওঁলোকে তাতে মোক দেখা পাব”।
Mark 16:6 in Assamese 6 কিন্তু তেওঁ তেওঁলোকক ক’লে, “তোমালোকে ভয় নকৰিবা; তোমালোকে ক্ৰুচত হত হোৱা নাচৰতীয়া যীচুক বিচাৰিছা; তেওঁ উঠিল! তেওঁ ইয়াত নাই; চোৱা, এয়ে তেওঁক শুৱাই থোৱা ঠাই।
Luke 1:13 in Assamese 13 কিন্তু সেই দূতে তেওঁক ক’লে, “হে জখৰিয়া, ভয় নকৰিবা; কিয়নো তোমাৰ প্ৰার্থনা শুনা গ’ল, আৰু তোমাৰ ভার্যা এলীচাবেতে এজন পুত্ৰ প্ৰসৱ কৰিব আৰু তুমি তেওঁৰ নাম যোহন থবা।”
Luke 1:30 in Assamese 30 স্বর্গৰ দূতে তেওঁক ক’লে, “হে মৰিয়ম, ভয় নকৰিবা; কিয়নো তুমি ঈশ্বৰৰ দ্বাৰা অনুগ্ৰহ পালা।
Luke 2:10 in Assamese 10 দূতে তেওঁলোকক ক’লে, “ভয় নকৰিবা; কিয়নো চোৱা, যি শুভবার্তা সকলো লোকৰ কাৰণে হ’ব, সেই মহা আনন্দৰ শুভবার্তা মই তোমালোকৰ আগত ঘোষণা কৰিবলৈ আহিছোঁ।
Luke 24:38 in Assamese 38 তেতিয়া যীচুৱে তেওঁলোকক ক’লে, “তোমালোকৰ মনত কিয় উগুল-থুগুল লাগিছে? আৰু তোমালোকৰ অন্তৰত কি কাৰণে প্ৰশ্ন জাগিছে?
Acts 10:3 in Assamese 3 এদিন আবেলি প্ৰায় তিনি মান বজাত, দৰ্শনত ‘হে কৰ্ণীলিয়!’ বুলি তেওঁক মাতা ঈশ্বৰৰ এজন দূতক স্পষ্টকৈ দেখিলে৷
Acts 10:30 in Assamese 30 তেতিয়া কৰ্ণীলিয়ই ক’লে, “আজি চাৰি দিন হ’ল ঠিক এই সময়ত অৰ্থাৎ আবেলি তিনি মান বজাত প্ৰাৰ্থনা কৰি আছিলোঁ; তেতিয়া চাওক, উজ্জ্বল বস্ত্ৰ পিন্ধা এজন মানুহ মোৰ আগত থিয় হ’ল৷
Acts 18:9 in Assamese 9 প্ৰভুৱে ৰাতি পৌলক দৰ্শন দি ক’লে, “তুমি ভয় নকৰিবা, মনে মনে নাথাকি, প্ৰচাৰ কৰা;
Acts 27:24 in Assamese 24 আৰু থিয় হৈ ক’লে, ‘হে পৌল, তুমি ভয় নকৰিবা৷ চীজাৰৰ আগত তুমি থিয় হ’ব লাগিব আৰু চোৱা, তোমাৰ লগত যোৱা সকলো মানুহক ঈশ্ৱৰে অনুগ্ৰহ কৰি তোমাক দিলে’৷
Revelation 1:17 in Assamese 17 যেতিয়া মই তেওঁক দেখিছিলোঁ, তেতিয়া মৰা মানুহৰ নিচিনা হৈ তেওঁৰ চৰণত পৰিলোঁ। তাতে তেওঁ নিজৰ সোঁ হাত মোৰ গাত দি ক’লে, “ভয় নকৰিবা৷ মই প্ৰথম আৰু শেষ,