Colossians 3:11 in Assamese 11 এই জ্ঞানত কোনো গ্ৰীক বা ইহুদী, চুন্নৎ বা অচুন্নৎ, অসভ্য লোক, স্কুথীয়া, দাস, স্বাধীন, এনে কোনো থাকিব নোৱাৰে; কিন্তু খ্ৰীষ্টই সকলো বিষয় আৰু সকলোতে থাকে৷
Other Translations King James Version (KJV) Where there is neither Greek nor Jew, circumcision nor uncircumcision, Barbarian, Scythian, bond nor free: but Christ is all, and in all.
American Standard Version (ASV) where there cannot be Greek and Jew, circumcision and uncircumcision, barbarian, Scythian, bondman, freeman; but Christ is all, and in all.
Bible in Basic English (BBE) Where there is no Greek or Jew, no one with circumcision or without circumcision, no division between nations, no servant or free man: but Christ is all and in all.
Darby English Bible (DBY) wherein there is not Greek and Jew, circumcision and uncircumcision, barbarian, Scythian, bondman, freeman; but Christ [is] everything, and in all.
World English Bible (WEB) where there can't be Greek and Jew, circumcision and uncircumcision, barbarian, Scythian, bondservant, freeman; but Christ is all, and in all.
Young's Literal Translation (YLT) where there is not Greek and Jew, circumcision and uncircumcision, foreigner, Scythian, servant, freeman -- but the all and in all -- Christ.
Cross Reference Psalm 117:2 in Assamese 2 কিয়নো আমালৈ যিহোৱাৰ প্রেম অসীম, যিহোৱাৰ বিশ্বস্ততা অনন্তকাল স্থায়ী। তোমালোকে যিহোৱাৰ প্ৰশংসা কৰা!
Isaiah 19:23 in Assamese 23 সেই দিনা সেই ঠাইত মিচৰ দেশৰ পৰা অচূৰলৈকে এটা ৰাজপথ হ’ব, তাতে অচূৰীয়া লোকে মিচৰলৈ, আৰু মিচৰীয়া লোকে অচোৰলৈ অহা যোৱা কৰিব; আৰু মিচৰীয়াসকলে অচূৰীয়াসকলৰ সৈতে অৰাধনা কৰিব।
Isaiah 49:6 in Assamese 6 তেওঁ কৈছে, যাকোবৰ ফৈদসকলক পুন:স্হাপন কৰিবলৈ, আৰু ইস্ৰায়েলৰ জীৱিত লোকসকলক পুনৰায় স্থাপন কৰিবৰ অৰ্থে তুমি মোৰ দাস হোৱা অতি সৰু বিষয়। মই তোমাক ধর্মহীন লোকৰ আগত দ্বীপ্তিস্বৰূপ কৰিম। সেয়ে হ’য়তো পৃথিবীৰ অন্ত:লৈকে তুমি মোৰ পৰিত্রানৰ উপায় হ’বা
Isaiah 52:10 in Assamese 10 যিহোৱাই সকলো জাতিৰ দৃষ্টিতে তেওঁৰ পবিত্ৰ বাহু অনাবৃত কৰিলে; সমগ্র পৃথিবীয়ে আমাৰ ঈশ্বৰৰ পৰিত্ৰাণ দেখিবলৈ পাব।
Isaiah 66:18 in Assamese 18 কাৰণ মই তেওঁলোকৰ কাৰ্য আৰু কল্পনাবোৰ জানো। যি সময়ত সকলো জাতিক; আৰু সকলো ভাষা কোৱা লোকসকলক মই গোট খোৱাম, এনে সময় আহিছে। তেওঁলোকে আহিব আৰু মোৰ প্ৰতাপ দেখিবলৈ পাব।
Jeremiah 16:19 in Assamese 19 হে মোৰ বল, হে মোৰ কোঁঠ, আৰু সঙ্কটৰ কালৰ মোৰ আশ্ৰয় হে যিহোৱা, পৃথিৱীৰ অন্তৰ পৰা জাতিবোৰে তোমাৰ ওচৰলৈ আহি ক’ব, “আমাৰ পূৰ্ব্ব-পুৰুষসকলে মিছা, এনে কি অসাৰ আৰু অনুপকাৰী বস্তুৰ বাহিৰে একো অধিকাৰ কৰা নাই।
Hosea 2:23 in Assamese 23 মই তাইক মোৰ কাৰণে দেশত ৰোপণ কৰিম। লো-ৰুহামাক (দয়াৰ পাত্র নোহোৱাজনীক) মই দয়া কৰিম; লো-অম্মীক (মোৰ প্রজা নোহোৱাজনক) মই ক’ম “তুমি মোৰেই প্ৰজা” আৰু তেওঁ ক’ব “আপুনিয়েই মোৰ ঈশ্বৰ।”
Amos 9:12 in Assamese 12 যাতে ইস্রায়েলে ইদোমৰ বাকী অংশ আৰু মোৰ নামেৰে প্ৰখ্যাত হোৱা সকলো জাতিবোৰৰ দেশ অধিকাৰ কৰিব পাৰে।” যি জনে এই সকলো কার্য কৰে, সেই জন ঈশ্বৰ যিহোৱাই এই কথা ঘোষণা কৰিছে।
Micah 4:2 in Assamese 2 অনেক দেশৰ লোক যাব আৰু ক’ব, “আহাঁ, আমি যিহোৱাৰ পৰ্ব্বতটোলৈ উঠোহঁক, আৰু যাকোবৰ ঈশ্বৰৰ গৃহলৈ যাওঁহক। তেওঁ আমাক তেওঁৰ পথৰ বিষয়ে শিক্ষা দিব, আৰু আমি তেওঁৰ পথত চলিম;” কিয়নো চিয়োনৰ পৰা বিধান, আৰু যিৰূচালেমৰ পৰা যিহোৱাৰ বাক্য বাহিৰ ওলাব।
Zechariah 2:11 in Assamese 11 তেতিয়া সেই দিনা অনেক জাতিয়ে যিহোৱাৰ লগ ল’ব। তেওঁ ক’ব, “তোমালোক মোৰ প্ৰজা হ’বা; আৰু মই তোমাৰ মাজত বাস কৰিম।” তেতিয়া বাহিনীসকলৰ যিহোৱাই যে মোক তোমাৰ ওচৰলৈ পঠালে, ইয়াকে তুমি জানিবা।
Zechariah 8:20 in Assamese 20 “বাহিনীসকলৰ যিহোৱাই এই কথা কৈছে: ‘লোকসকল আকৌ আহিব, আনকি ভিন ভিন নগৰত নিবাস কৰা লোকসকলো আহিব।
Malachi 1:11 in Assamese 11 কিয়নো সূৰ্য্যৰ উদয়স্থানৰ পৰা অস্তগমণস্থান পর্যন্ত সকলো জাতিৰ মাজত মোৰ নাম মহান হ’ব আৰু প্ৰত্যেক স্থানত মোৰ নামৰ উদ্দেশ্যে ধূপ জ্বলোৱা আৰু শুচি নৈবেদ্য উৎসৰ্গ কৰা হ’ব; কিয়নো মোৰ নাম জাতিবোৰৰ মাজত মহান হ’ব” বাহিনীগণৰ যিহোৱাই কৈছে,
Matthew 12:18 in Assamese 18 ‘চোৱা, তেওঁ মোৰ দাস, তেওঁক মই মনোনীত কৰিলোঁ। তেৱেঁই মোৰ প্ৰিয়জন, মোৰ প্রাণ তেওঁতেই পৰম সন্তুষ্ট হয়। মই তেওঁৰ ওপৰত মোৰ আত্মা দিম, তেতিয়া তেওঁ অনা-ইহুদী সকলক ন্যায়-বিচাৰ ঘোষণা কৰিব।
John 6:56 in Assamese 56 যি জনে মই দান কৰা, মোৰ মাংস খায় আৰু মোৰ তেজ পান কৰে, সেই জন মোত থাকে, ময়ো তেওঁত থাকোঁ।
John 14:23 in Assamese 23 যীচুৱে উত্তৰ দি তেওঁক ক’লে, “কোনোৱে যদি মোক প্ৰেম কৰে, তেনেহলে তেওঁ মোৰ বাক্য পালন কৰিব; মোৰ পিতৃয়ে তেওঁক প্ৰেম কৰিব, আৰু আমি তেওঁৰ ওচৰলৈ আহি, তেওঁৰে সৈতে নিবাস কৰিম।
John 15:5 in Assamese 5 ময়েই দ্ৰাক্ষালতা, তোমালোক ডাল; যি জন মোৰ লগত থাকে আৰু ময়ো যি জনত থাকোঁ, সেই জন বহু ফলৱান হয়; কিয়নো মোৰ বাহিৰে তোমালোকে একো কৰিব নোৱাৰা।
John 17:23 in Assamese 23 মই তেওঁলোকত আৰু তুমি মোৰ লগত থাকিবা, এইদৰে তেওঁলোক যেন সম্পূৰ্ণকৈ এক হয়, জগতে যাতে জানে তুমি মোক পঠিয়াইছা, আৰু তুমি যেনেকৈ মোক প্ৰেম কৰিলা, তেনেকৈ তেওঁলোককো প্ৰেম কৰা৷
Acts 10:34 in Assamese 34 তেতিয়া পিতৰে মাত দিলে আৰু ক’লে, “ইয়াকে মই সঁচাকৈ উপলদ্ধি কৰিছোঁ যে, ঈশ্বৰে কাৰো পক্ষপাতীত্ব নকৰে৷
Acts 13:46 in Assamese 46 তাতে পৌল আৰু বাৰ্ণব্বাই সাহসেৰে ক’লে, “প্ৰথমতে আপোনালোকক ঈশ্বৰৰ বাক্য কোৱা উচিত আছিল৷ কিন্তু আপোনালোকে নিজকে দুৰ কৰি অনন্ত জীৱনৰ অযোগ্য দেখুৱালে, সেয়ে চাওক, আমি অনা-ইহুদী লোক সকলৰ মাজলৈ ঘুৰিলোঁ৷
Acts 15:17 in Assamese 17 যাতে মানৱ জাতিৰ অৱশিষ্ট অংশই প্রভুৰ অন্বেষণ কৰিব পাৰে; মোৰ নামেৰে আমন্ত্রিত সকলো অনা-ইহুদীও ইয়াৰ অন্তর্ভুক্ত।
Acts 26:17 in Assamese 17 তোমাক মই যি লোকসকলৰ পৰা উদ্ধাৰ কৰিলোঁ, সেই লোকসকল আৰু অনা-ইহুদী সকলে যেন মোক বিশ্ৱাস কৰাৰ দ্ৱাৰাই পাপ-মোচন আৰু পবিত্ৰীকৃত হোৱা লোক সকলৰ মাজত ভাগ পায়,
Acts 28:2 in Assamese 2 তাত থকা স্থানীয় লোক সকলে বিদেশী বুলি আমাক কেৱল উদাৰ মনেৰে গ্ৰহন কৰাই নহয়, কিন্তু সেই সময়ত ঘন বৰষুণ আৰু অতি ঠাণ্ডা হোৱা বাবে তেওঁলোকে জুই জ্ৱলাই আমাক মৰমেৰে গ্ৰহন কৰিলে৷
Acts 28:4 in Assamese 4 তাতে স্থানীয় লোক সকলে তেওঁৰ হাতত সাপ ওলমি থকা দেখি, ইজনে সিজনক ক’বলৈ ধৰিলে, “এই মানুহ জন নিশ্চয়কৈ এজন হত্যাকাৰী; সাগৰৰ পৰা ৰক্ষা পোৱাৰ পাছতো ন্যায় দিওঁতাই এওঁক জীয়াই থাকিব নিদিলে৷”
Romans 1:14 in Assamese 14 গ্ৰীক, বিদেশী, জ্ঞানী আৰু অজ্ঞানী, এই সকলোৰে ওচৰত মই ধৰুৱা হৈ আছোঁ৷
Romans 3:29 in Assamese 29 ঈশ্বৰ অকল ইহুদী সকলৰ ঈশ্বৰ নে? তেওঁ অনা-ইহুদী সকলৰো ঈশ্ৱৰ নহয় জনো? অৱশ্যে, অনা-ইহুদী সকলৰো ঈশ্বৰ হয়৷
Romans 4:10 in Assamese 10 তেনেহলে কি ধৰণে গণিত হ’ল? তেওঁ চুন্নৎ হোৱা অৱস্থাত, নে চুন্নৎ নোহোৱা অৱস্থাত? চুন্নৎ হোৱা অৱস্থাত নহয়, কিন্তু চুন্নৎ নোহোৱা অৱস্থাতহে গণিত হ’ল।
Romans 8:10 in Assamese 10 যদি খ্ৰীষ্ট আপোনালোকৰ জীৱনত থাকে, তেনেহলে পাপৰ কাৰণে এই শৰীৰ মৰা; কিন্তু ধাৰ্মিকতাৰ বাবে আত্মাই জীৱন।
Romans 9:24 in Assamese 24 কেৱল ইহুদী সকলৰ মাজৰ পৰা নহয়, কিন্তু অনা-ইহুদী সকলৰ মাজৰ পৰাও আমন্ত্ৰণ কৰিলে।
Romans 9:30 in Assamese 30 তেনেহলে আমি কি ক’ম? অনা-ইহুদী সকলে ধাৰ্মিকতালৈ কার্য নকৰিও, বিশ্বাসৰ দ্বাৰাই ধাৰ্মিকতা পালে;
Romans 10:12 in Assamese 12 কাৰণ ইহুদী বা গ্ৰীক ইয়াৰ মাজত একো প্ৰভেদ নাই; কিয়নো সকলোৰে একমাত্ৰ প্ৰভু আছে; যিমান মানুহে তেওঁক আহ্বান কৰে, তেওঁলোকক তেওঁ আশীৰ্বাদ কৰে৷
Romans 15:9 in Assamese 9 আৰু অনা-ইহুদী লোকেও ঈশ্বৰৰ দয়াৰ অৰ্থে তেওঁক গৌৰৱান্বিত কৰিবলৈ, এই বিষয়ে এনে ধৰণে লিখাও আছে, ‘এই কাৰণে মই অনা-ইহুদী সকলৰ মাজত তোমাৰ স্তুতি কৰিম; আৰু তোমাৰ নামেৰে গীতো গাম।”
1 Corinthians 1:29 in Assamese 29 ঈশ্বৰে এই কাম কৰিলে যাতে, কোনো মানুহে তেওঁৰ ওচৰত অহংকাৰ কৰিব নোৱাৰে।
1 Corinthians 3:21 in Assamese 21 এতেকে কোনেও যেন মানুহক লৈ গর্ব নকৰে! কিয়নো সকলো আপোনালোকৰেই;
1 Corinthians 7:19 in Assamese 19 চুন্নৎ হওক বা নহওক, সেইটো গুৰুত্বপূর্ণ বিষয় নহয়, কিন্তু ঈশ্বৰৰ আজ্ঞা পালন কৰাই হ’ল গুৰুত্বপূৰ্ণ কথা।
1 Corinthians 7:21 in Assamese 21 যেতিয়া ঈশ্বৰে আপোনাক আমন্ত্রণ কৰিছিল, তেতিয়া আপুনি দাস আছিল নেকি? ইয়াকে লৈ একো চিন্তা নকৰিব; অৱশ্যে যদি মুক্ত হোৱাৰ সুযোগ পায়, তেনেহলে সেই সুযোগ গ্রহণ কৰক।
1 Corinthians 12:13 in Assamese 13 কাৰণ আমি ইহুদী হওঁ বা গ্ৰীক হওঁ, দাস হওঁ বা স্বাধীন হওঁ, সকলোৱেই এক শৰীৰ হ’বলৈ এক আত্মাত বাপ্তিস্ম গ্ৰহন কৰিলোঁ; আৰু সকলোৱে এক আত্মা পান কৰিবলৈ পালোঁ।
1 Corinthians 14:11 in Assamese 11 কিন্তু মই যদি সেই ভাষাৰ অৰ্থ নুবুজোঁ, তেনেহলে যি জনে কয়, তেওঁৰ বাবে মই বিদেশীৰ নিচিনা হ’ম; আৰু সেই কোৱা জনো মোৰ বাবে বিদেশীৰ নিচিনা হ’ব।
Galatians 2:20 in Assamese 20 মই খ্ৰীষ্টে সৈতে ক্ৰুচত হত হ’লো; মই জীয়াই আছোঁ বুলিলেও, সেয়ে এতিয়া মই নহয়, খ্ৰীষ্টহে মোৰ লগত জীয়াই আছে; মোৰ শৰীৰত যি জীৱন এতিয়া আছে, ঈশ্বৰৰ পুত্ৰত কৰা বিশ্বাসতহে মই সেই জীৱন-যাপন কৰিছোঁ। তেওঁ মোক প্ৰেম কৰিলে আৰু মোৰ কাৰণে নিজকে সমৰ্পণ কৰিলে।
Galatians 3:28 in Assamese 28 এতিয়া খ্রীষ্ট যীচুত যি সকল আছে, তেওঁলোকৰ মাজত ইহুদী কি গ্ৰীক, দাস কি স্বাধীনৰ কোনো পার্থক্য নাই; পুৰুষ বা স্ত্রীৰ মাজত কোনো ভেদাভেদ নাই। কিয়নো খ্ৰীষ্ট যীচুত আপোনালোক সকলোৱেই এক।
Galatians 5:6 in Assamese 6 কিয়নো খ্ৰীষ্ট যীচুত চুন্নৎ আৰু অচুন্নতৰ একো সাৰ্থকতা নাই, কিন্তু ইয়াৰ পৰিৱৰ্তে প্ৰেমৰ যোগেদি একমাত্ৰ বিশ্বাসে কাৰ্য সাধন কৰে।
Galatians 6:14 in Assamese 14 কিন্তু আমাৰ প্ৰভু যীচু খ্ৰীষ্টৰ ক্ৰুচৰ বাহিৰে আন কোনো কথাত গৌৰৱ কৰা মোৰ পৰা নহওক; তেওঁৰ দ্বাৰাই জগত খন মোৰ বাবে আৰু মই জগত খনৰ বাবে ক্ৰুচত হত হলোঁ।
Ephesians 1:23 in Assamese 23 সেই মণ্ডলী তেওঁৰ শৰীৰ; তেওঁৰ পৰিপূর্ণতাই সকলো বিষয় সকলো প্রকাৰে পূর্ণ কৰে।
Ephesians 3:6 in Assamese 6 শুভবার্তাৰ দ্বাৰাই অনা-ইহুদী সকল খ্ৰীষ্ট যীচুত যুক্ত হৈ ইহুদী সকলৰ সৈতে সহ অধিকাৰী, এক শৰীৰৰ সদস্য আৰু প্ৰতিজ্ঞাত সহভাগী হয়।
Ephesians 3:17 in Assamese 17 বিশ্বাসৰ দ্বাৰাই আপোনালোকৰ হৃদয়বোৰত খ্ৰীষ্ট নিবাস কৰক, যাতে আপোনালোক তেওঁৰ প্রেমৰ ভিত্তিমূলত শিপা ধৰি সুদৃঢ় হয়।
Ephesians 6:8 in Assamese 8 মনত ৰাখিবা, তোমালোক দাস বা স্বাধীন, যিয়েই নহোৱা প্রতিজনে সকলো সৎকর্ম্মৰ কাৰণে নিজে প্ৰভুৰ পৰা পুৰস্কাৰ পাবা।
Philippians 3:7 in Assamese 7 কিন্তু মোৰ পক্ষে যি যি লাভ আছিল, সেই সকলোকে খ্ৰীষ্টৰ কাৰণে মই মূল্যহীন যেন মানিলো;
Colossians 2:10 in Assamese 10 যি জন সকলো আধিপত্য আৰু ক্ষমতাৰ মূৰ, তেওঁতেই আপোনালোক সম্পূৰ্ণৰূপে পূৰ্ণ হৈ আছে৷
1 John 5:11 in Assamese 11 সেই সাক্ষ্য এই যে, ঈশ্বৰে আমাক অনন্ত জীৱন দিলে আৰু সেই জীৱন তেওঁৰ পুত্ৰত আছে।
1 John 5:20 in Assamese 20 আমি ইয়াকো জানো যে, ঈশ্বৰৰ পুত্ৰ আহিল আৰু তেওঁ আমাক সেই জ্ঞান দিলে; ইয়াৰ দ্ৱাৰা আমি জানো কোন সত্য আৰু এতিয়া আমি সেই সত্য ঈশ্ৱৰত আছোঁ আৰু তেওঁৰ পুত্ৰ যীচু খ্ৰীষ্টতো আছোঁ৷ এয়ে সত্য ঈশ্বৰ আৰু অনন্ত জীৱন।
2 John 1:9 in Assamese 9 যি কোনোৱে খ্রীষ্টৰ উপদেশত নাথাকি সীমা পাৰ হৈ যায়, তেওঁত ঈশ্বৰ নাই; যি জনে সেই উপদেশত থাকে, তেওঁত পিতৃ আৰু পুত্ৰ, এই উভয়েই আছে।