Colossians 2:19 in Assamese 19 কিন্তু সংস্পৰ্শ আৰু বন্ধনবোৰৰ দ্বাৰাই প্ৰতিপালিত আৰু দৃঢ়ৰূপে সংযুক্ত হোৱা গোটেই শৰীৰ যি জনৰ পৰা ঐশ্বৰিক ৰূপত বৃদ্ধি পাই বাঢ়ি আছে, সেই মূৰ স্বৰূপ খ্ৰীষ্টক অৱলম্বন নকৰে৷
Other Translations King James Version (KJV) And not holding the Head, from which all the body by joints and bands having nourishment ministered, and knit together, increaseth with the increase of God.
American Standard Version (ASV) and not holding fast the Head, from whom all the body, being supplied and knit together through the joints and bands, increasing with the increase of God.
Bible in Basic English (BBE) And not joined to the Head, from whom all the body, being given strength and kept together through its joins and bands, has its growth with the increase of God.
Darby English Bible (DBY) and not holding fast the head, from whom all the body, ministered to and united together by the joints and bands, increases with the increase of God.
World English Bible (WEB) and not holding firmly to the Head, from whom all the body, being supplied and knit together through the joints and ligaments, grows with God's growth.
Young's Literal Translation (YLT) and not holding the head, from which all the body -- through the joints and bands gathering supply, and being knit together -- may increase with the increase of God.
Cross Reference Job 19:9 in Assamese 9 তেওঁ মোৰ গৌৰৱস্বৰূপ বস্ত্ৰ সোলোকাই দিলে, আৰু মোৰ মুৰৰ কিৰীটি দূৰ কৰিলে।
Psalm 139:15 in Assamese 15 যেতিয়া মোক গোপন স্থানত গঠন কৰা হৈছিল, যেতিয়া মই পৃথিৱীৰ অধঃস্থানত চমৎকাৰ ৰূপে গঢ় লৈছিলো, তেতিয়াও মোৰ দেহ তোমাৰ পৰা লুকাই থকা নাছিল।
John 15:4 in Assamese 4 তোমালোক মোত সংযুক্ত হৈ থাকা, ময়ো তোমালোকৰ সৈতে সংযুক্ত হৈ থাকিম। দ্ৰাক্ষালতাত লাগি নাথাকিলে, ডালত যেনেকৈ গুটি ধৰিব নোৱাৰে, তেনেকৈ মোৰ লগত নাথাকিলে, তোমালোকে ফলবন্ত হ’ব নোৱাৰিবা।
John 17:21 in Assamese 21 গতিকে তেওঁলোক যেন সকলোৱে এক হয়; হে পিতৃ, তুমি যেনেকৈ মোৰ লগত আছা, তেনেকৈ ময়ো তোমাৰ লগত আছোঁ, তেনেকৈ তেওঁলোকেও যেন আমাৰ লগত থাকে, তাতে জগতে যেন বিশ্বাস কৰে তুমি যে মোক পঠিয়ালা৷
Acts 4:32 in Assamese 32 বিশ্বাসী সকল মনে চিত্তে এক হৈ আছিল। তেওঁলোকৰ কোনেও নিজৰ সম্পত্তিক নিজৰ বুলি দাবী নকৰিলে, বৰং তেওঁলোকে আটাই বস্তু উমৈহতীয়াকৈ ৰাখিলে।
Romans 11:17 in Assamese 17 কিন্তু কেতবোৰ ডাল যদি ভাঙি পেলোৱা হ’ল আৰু আপুনি বনৰীয়া জলফাই গছ হৈয়ো, যদি সেইবোৰৰ মাজত কলম স্বৰূপে লগোৱা হ’ল আৰু আপুনি জলফাইৰ শিপাৰ ৰসৰ সহভাগী হ’ল,
Romans 12:4 in Assamese 4 কাৰণ আমাৰ এই শৰীৰত যেনেকৈ অনেক অঙ্গ-প্ৰত্যঙ্গ আছে, অথচ সেই সকলো অঙ্গ-প্ৰত্যঙ্গৰ একে ৰূপৰ কাৰ্য নহয়,
1 Corinthians 1:10 in Assamese 10 কিন্তু মোৰ প্রিয় ভাইসকল, আমাৰ প্রভু যীচু খ্রীষ্টৰ নামত মই আপোনালোকক বিনয় কৰোঁ যে, আপোনালোকৰ পৰস্পৰৰ মাজত যেন মতৰ মিল থাকে; আৰু আপোনালোকৰ মাজত কোনো বিভেদ নাথাকক। আপোনালোক সকলোৰে যেন একে মন আৰু এক উদ্দেশ্য হয়।
1 Corinthians 3:6 in Assamese 6 মই ৰুলো, আপল্লোৱে পানী দিলে, কিন্তু ঈশ্বৰেহে বঢ়ালে।
1 Corinthians 10:16 in Assamese 16 আমি যি আশীৰ্বাদৰ পানপাত্ৰক আশীৰ্বাদ কৰোঁ, সেয়ে খ্ৰীষ্টৰ তেজৰ সহভাগিতা নহয় নে? আৰু যি পিঠা ভাঙো, সেয়ে খ্ৰীষ্টই দান কৰা শৰীৰৰ সহভাগিতা নহয় নে?
1 Corinthians 12:12 in Assamese 12 কিয়নো যেনেকৈ শৰীৰ এক আৰু তাৰ অঙ্গ-প্ৰত্যঙ্গ অনেক, কিন্তু সেই শৰীৰৰ সকলো অঙ্গ-প্ৰত্যঙ্গ অনেক হ’লেও এক শৰীৰ হয়, তেনেকৈ খ্ৰীষ্টও এক।
Galatians 1:6 in Assamese 6 খ্ৰীষ্টৰ অনুগ্ৰহত যি জনে আপোনালোকক আমন্ত্ৰণ কৰিলে, আপোনালোক ইমান সোনকালে তেওঁৰ পৰা অন্যবিধ শুভবাৰ্তালৈ ঘূৰি গৈছে দেখি মই আচৰিত মানিছো।
Galatians 5:2 in Assamese 2 চাওক, মই পৌলে আপোনালোকক কৈ আছোঁ, যদি আপোনালোকে চুন্নৎ কৰা যোগেদি পুনৰ বিধিবোৰলৈ ঘুৰি যায়, তেনেহলে খ্ৰীষ্টত আপোনালোকৰ একো লাভ নহ’ব।
Ephesians 1:22 in Assamese 22 ঈশ্বৰে সকলোকে খ্রীষ্টৰ চৰণৰ তলত বশীভূত কৰিলে আৰু তেওঁকেই সকলোৰে মূৰ কৰি মণ্ডলীক দান কৰিলে;
Ephesians 4:3 in Assamese 3 শান্তিৰ বন্ধনত থাকি আত্মাৰ ঐক্য ৰাখিবলৈ যত্নৱান হওক।
Ephesians 4:15 in Assamese 15 কিন্তু প্ৰেমৰ সৈতে সত্য কথা কম আৰু সকলোভাৱে যি খ্ৰীষ্ট মূৰ স্বৰূপ, তেওঁৰ উদ্দেশ্যে সকলো বিষয়ত আমি বৃদ্ধি পাম।
Ephesians 5:29 in Assamese 29 কিয়নো কোনেও নিজৰ শৰীৰক কেতিয়াও ঘৃণা নকৰে; কিন্তু পৰিপুষ্ট কৰি তাৰ যত্ন লয়। সেইদৰে খ্রীষ্টয়ো মণ্ডলীক ভালপায়।
Philippians 1:27 in Assamese 27 মই যেতিয়া আপোনালোকক চাবলৈ যাম, নাইবা চাবলৈ নাযাম, তথাপি আপোনালোকে যেন এক আত্মাৰে থিৰ হৈ আছে আৰু এক মনেৰে শুভবাৰ্তাৰ সমন্ধীয় বিশ্বাসৰ পক্ষে প্ৰাণপণ কৰিছে, এনে বিষয়ে যেন আপোনালোকৰ পৰা শুনিবলৈ পাম, আৰু ইয়াৰ বাবেই আপোনালোকে খ্ৰীষ্টৰ শুভবাৰ্তাৰ যোগ্য জীৱন-যাপন কৰক।
Philippians 2:2 in Assamese 2 তেনেহলে আপোনালোকে একে বিষয় ভাবি, এক প্ৰেমৰ, এক মনৰ আৰু এক চিত্তৰ লোক হৈ মোৰ আনন্দ পৰিপূৰ্ণ কৰক৷
Colossians 1:10 in Assamese 10 আমি এনে ধৰণে প্ৰাৰ্থনা কৰি আছোঁ যাতে, সকলো ভাবে সন্তুষ্ট কৰিবৰ অৰ্থে আপোনালোকে যেন প্ৰভুত যোগ্যৰূপে জীৱন-যাপন কৰে আৰু তেওঁৰ সেই তত্ব-জ্ঞানত বাঢ়ি সকলো সৎকৰ্ম্মত ফলৱন্ত হয়৷
Colossians 1:18 in Assamese 18 তেৱেঁই হৈছে, তেওঁৰ শৰীৰ স্বৰূপ মণ্ডলীৰ মূৰ৷ তেৱেঁই আদি আৰু মৃত লোকৰ মাজৰ পৰা প্ৰথমজাত, এই কাৰণে সকলো বিষয়তে তেওঁ অগ্ৰগণ্য হ’ল।
Colossians 2:2 in Assamese 2 মই বিচাৰো তেখেত সকলৰ হৃদয়ে যেন আশ্বাস পায় আৰু তেখেত সকলে প্ৰেমত সংযুক্ত হৈ সম্পূৰ্ণ নিশ্চয়তাযুক্ত বুদ্ধিৰূপ সকলো ধনত ধনী হ’বৰ বাবে যেন ঈশ্বৰৰ নিগূঢ়-তত্ব সঁচাকৈ জানে; সেই নিগূঢ় তত্বই হ’ল, খ্ৰীষ্ট৷
Colossians 2:6 in Assamese 6 এতেকে আপোনালোকে খ্ৰীষ্ট যীচুক যেনেকৈ প্ৰভুৰূপে গ্ৰহণ কৰিলে, তেনেকৈ তেওঁতেই জীৱন-যাপন কৰক৷
1 Thessalonians 3:12 in Assamese 12 আপোনালোকলৈ আমাৰ প্ৰেম যেনে, তেনেকৈ ইজনে সিজনলৈ আৰু সকলো লোকলৈ প্ৰভুৱে আপোনালোকৰ প্ৰেম বঢ়াই উপচাই দিয়ক।
1 Thessalonians 4:10 in Assamese 10 বাস্তৱতে সমুদায় মাকিদনিয়া প্রদেশৰ সকলো বিশ্বাসী ভাইকে আপোনালোকে প্রেম কৰে। কিন্তু হে ভাই সকল, আমাৰ পৰামর্শ এই যে আপোনালোকে যেন প্রেমত অধিককৈ উপচি পৰে।
2 Thessalonians 1:3 in Assamese 3 ভাই সকল, আপোনালোকৰ কাৰণে আমি সদায় ঈশ্বৰক ধন্যবাদ দিওঁ; আমি এনেদৰে ধন্যবাদ কৰা উচিত, কাৰণ আপোনালোকৰ বিশ্বাস অতিশয়ৰূপে বৃদ্ধি পাইছে আৰু আপোনালোক সকলোৱে প্রেমত পৰস্পৰৰ প্রতি উপচি পৰিছে;
1 Timothy 2:4 in Assamese 4 তেওঁৰ ইচ্ছা এয়ে যে, সকলো মানুহে যেন পৰিত্ৰাণ আৰু সত্যৰ জ্ঞান পায়।
1 Peter 3:8 in Assamese 8 অৱশেষত কওঁ, আপোনালোক সকলোৱে একে চিত্তৰ, আনৰ দুখত দূঃখী, স্নেহশীল, প্ৰেম কৰোঁতা আৰু নম্ৰ হওক৷
2 Peter 3:18 in Assamese 18 আমাৰ প্ৰভু আৰু ত্ৰাণকৰ্তা যীচু খ্ৰীষ্টৰ অনুগ্ৰহত আৰু জ্ঞানত বাঢ়ি বাঢ়ি যাওঁক। এতিয়া আৰু চিৰকাললৈকে তেওঁৰ মহিমা হওক। আমেন।