Colossians 1:9 in Assamese 9 এই কাৰণে সেই কথা শুনা দিনৰে পৰা, আমি আপোনালোকৰ বাবে প্ৰাৰ্থনা কৰিবলৈ নেৰিলো, আপোনালোক সকলোৱে আত্মিক জ্ঞান আৰু বুদ্ধিৰ সম্বন্ধে ঈশ্বৰৰ ইচ্ছা বিষয়ক তত্ব-জ্ঞানেৰে পৰিপূৰ্ণ হওক৷
Other Translations King James Version (KJV) For this cause we also, since the day we heard it, do not cease to pray for you, and to desire that ye might be filled with the knowledge of his will in all wisdom and spiritual understanding;
American Standard Version (ASV) For this cause we also, since the day we heard `it', do not cease to pray and make request for you, that ye may be filled with the knowledge of his will in all spiritual wisdom and understanding,
Bible in Basic English (BBE) For this reason, we, from the day when we had word of it, keep on in prayer for you, that you may be full of the knowledge of his purpose, with all wisdom and experience of the Spirit,
Darby English Bible (DBY) For this reason *we* also, from the day we heard [of your faith and love], do not cease praying and asking for you, to the end that ye may be filled with the full knowledge of his will, in all wisdom and spiritual understanding,
World English Bible (WEB) For this cause, we also, since the day we heard this, don't cease praying and making requests for you, that you may be filled with the knowledge of his will in all spiritual wisdom and understanding,
Young's Literal Translation (YLT) Because of this, we also, from the day in which we heard, do not cease praying for you, and asking that ye may be filled with the full knowledge of His will in all wisdom and spiritual understanding,
Cross Reference 1 Samuel 12:23 in Assamese 23 মই তোমালোকৰ কাৰণে প্ৰাৰ্থনা কৰিবলৈ এৰি দিয়াৰ দ্বাৰাই যিহোৱাৰ বিৰুদ্ধে পাপ কৰিম, এনে নহওঁক, ইয়াৰ পৰিবৰ্তে, মই তোমালোকক উত্তম আৰু সৰল পথ শিকাম।
Psalm 119:99 in Assamese 99 মোৰ সকলো শিক্ষাগুৰুতকৈ মই জ্ঞানৱান; কিয়নো তোমাৰ আজ্ঞা-বোৰ মোৰ ধ্যানৰ বিষয়।
Psalm 143:10 in Assamese 10 তোমাৰ ইচ্ছাৰ কার্য সিদ্ধ কৰিবলৈ তুমি শিকোৱা, কিয়নো তুমিয়েই মোৰ ঈশ্বৰ; তোমাৰ মঙ্গলময় আত্মাৰে মোক সমান পথত চলাই নিয়া।
John 7:17 in Assamese 17 যদি কোনোৱে তেওঁৰ ইচ্ছা পালন কৰিবলৈ বিচাৰে, তেনেহলে তেওঁ জানিব যে এই শিক্ষা ঈশ্বৰৰ পৰা আহিছে নে মই নিজৰ পৰা কৈছোঁ।
Acts 12:5 in Assamese 5 এইদৰে পিতৰক বন্দীশালত ৰাখিলে, কিন্তু তেওঁৰ বাবে মণ্ডলীৰ লোক সকলে নিৰন্তৰে ঈশ্বৰৰ আগত প্ৰাৰ্থনা কৰি আছিল৷
Romans 1:8 in Assamese 8 প্ৰথমতে, যীচু খ্ৰীষ্টৰ যোগেদি অাপোনালোক সকলোৰে বিষয়ে মই ঈশ্বৰৰ ধন্যবাদ কৰিছোঁ, কাৰণ গোটেই জগতত অাপোনালোকৰ বিশ্বাস প্ৰচাৰিত হ’ল৷
Romans 12:2 in Assamese 2 আপোনালোক জগতৰ অনুৰূপ নহ’ব; কিন্তু মন নতুন কৰাৰ যোগেদি ৰূপান্তৰিত হওক, তাতে আপোনালোকে পৰীক্ষা কৰি জানি লওঁক, কোনটো উত্তম, গ্ৰহণীয় আৰু সিদ্ধ, কিয়নো এয়ে ঈশ্বৰৰ ইচ্ছা৷
1 Corinthians 1:5 in Assamese 5 আপোনালোক খ্রীষ্ট যীচুত সকলো বিষয়ত তেওঁৰ সৈতে সকলো বাক্যত আৰু জ্ঞানত উপচি পৰিছে।
Ephesians 1:8 in Assamese 8 সেই অনুগ্ৰহ তেওঁ আমালৈ সকলো জ্ঞান আৰু বুদ্ধিত উপচাই দিলে।
Ephesians 1:15 in Assamese 15 এই কাৰণে মই যেতিয়া প্ৰভু যীচুত আপোনালোকৰ বিশ্বাসৰ কথা আৰু ঈশ্বৰৰ মনোনীত পবিত্র লোক সকলৰ প্রতি আপোনালোকৰ প্ৰেমৰ কথা শুনিলো,
Ephesians 3:14 in Assamese 14 এই কাৰণে মই পিতৃৰ ওচৰত আঁঠু লৈছোঁ।
Ephesians 5:10 in Assamese 10 প্রভুৰ সন্তোষজনক যি, সেই বিষয়ে আপোনালোকে শিকক।
Ephesians 5:17 in Assamese 17 এই হেতুকে আপোনালোক নিৰ্ব্বোধ নহব, কিন্তু প্ৰভুৰ ইচ্ছা কি তাক জ্ঞাত হওক।
Ephesians 6:6 in Assamese 6 কেৱল চকুৰে চাই থকা সময়ত সন্তুষ্ট দিয়া চাকৰৰ দৰে মানুহৰ সন্তোষজনক নহৈ, বৰং নিজকে খ্ৰীষ্টৰ দাস ৰূপে মনে চিত্তে ঈশ্বৰৰ ইচ্ছা পালন কৰি প্ৰভু সকলৰ সেৱাকর্ম কৰা।
Philippians 1:4 in Assamese 4 যেতিয়াই মই প্ৰাৰ্থনা কৰো, প্ৰতিবাৰে মই আনন্দৰ সৈতে আপোনালোকৰ বাবে নিবেদন কৰো৷
Philippians 1:9 in Assamese 9 আৰু মই প্ৰাৰ্থনা কৰি আছোঁ, যাতে আপোনালোকে প্ৰেম, জ্ঞান আৰু সকলো বিবেচনাত অধিক অধিককৈ উপচি পৰে৷
Colossians 1:3 in Assamese 3 আমাৰ প্ৰভু যীচু খ্ৰীষ্টৰ পিতৃ ঈশ্বৰক ধন্যবাদ জনায় আপোনালোকৰ কাৰণে সদায় আমি প্ৰাৰ্থনা কৰি আছোঁ৷
Colossians 1:6 in Assamese 6 আৰু যিদিনা আপোনালোকে সত্যৰূপে ঈশ্বৰৰ অনুগ্ৰহৰ কথা শুনিলে আৰু জানিলে, সেই দিনাৰ পৰাই এই শুভবাৰ্তাই আপোনালোকৰ মাজত যেনেকৈ ফল ধৰিছিল, তেনেকৈ গোটেই জগততে উপস্থিত হৈ ফল ধৰি বাঢ়ি আছে৷
Colossians 3:16 in Assamese 16 খ্ৰীষ্টৰ বাক্যই আপোনালোকৰ সৈতে বাহুল্যৰূপে বাস কৰক। লগতে পৰস্পৰে সকলো জ্ঞানেৰে শিক্ষা আৰু চেতনা দি, ধৰ্মগীত, স্তুতি-গীত আৰু আত্মিক গানেৰে ঈশ্বৰলৈ হৃদয়েৰে ধন্যবাদ সহিত কৃতজ্ঞ হওক।
Colossians 4:5 in Assamese 5 বাহিৰা লোকৰ প্ৰতি জ্ঞানেৰে আচৰণ কৰিব আৰু সময়ক জ্ঞানেৰে ব্যৱহাৰ কৰিব।
Colossians 4:12 in Assamese 12 ইপাফ্ৰাই আপোনালোকক মঙ্গলবাদ জনাইছে৷ তেওঁ আপোনালোকৰ মাজৰ এজন আৰু খ্ৰীষ্ট যীচুৰ দাস৷ তেওঁ সদায় প্ৰাৰ্থনাৰে আপোনালোকৰ পক্ষে প্ৰাণপণ কৰিছে, যাতে আপোনালোকে ঈশ্বৰৰ সকলো ইচ্ছাত সিদ্ধ আৰু নিশ্চয়কৈ স্থিৰে থাকে৷
1 Thessalonians 1:3 in Assamese 3 আপোনালোকৰ বিশ্বাসৰ কাৰ্য, প্ৰেমৰ পৰিশ্ৰম আৰু আমাৰ প্ৰভু যীচু খ্ৰীষ্টত যি আশা আছে, সেই আশাক দৃঢ়ভাবে আৰু ধৈৰ্যেৰে যে আপোনালোকে ধৰি ৰাখিছে, সেয়েহে এইবোৰ কথা সোঁৱৰণ কৰি নিৰন্তৰে আমি প্রার্থনাত পিতৃ ঈশ্বৰৰ ধন্যবাদ কৰি আছোঁ।
1 Thessalonians 5:17 in Assamese 17 নিৰন্তৰে প্ৰার্থনা কৰি থাকক।
2 Thessalonians 1:11 in Assamese 11 এই কাৰণে আমিও আপোনালোকৰ বাবে সদায় প্রার্থনা কৰি থাকো, যাতে আমাৰ ঈশ্বৰে আপোনালোকক তেওঁৰ আমন্ত্রণৰ যোগ্যপাত্র বুলি গণ্য কৰিব৷ তাতে তেওঁৰ শক্তিত আপোনালোকে যেন মঙ্গলভাৱেৰে সকলো ভাল কাম কৰাৰ ইচ্ছা আৰু বিশ্বাসৰ প্রতিটো কার্য যেন সম্পূর্ণ কৰে;
2 Timothy 1:3 in Assamese 3 মই ঈশ্ৱৰক ধন্যবাদ দিওঁ, যি জন ঈশ্বৰক মোৰ পূৰ্বপুৰুষৰ দিনৰে পৰা আৰাধনা কৰি অহা হৈছে, সেই জন ঈশ্বৰকে মই নিৰ্মল বিবেকেৰে আৰাধনা কৰোঁ; সেই জনৰ ওচৰত নিতৌ দিনে-ৰতিয়ে প্রার্থনা কৰাৰ সময়ত তোমাক সোঁৱৰণ কৰোঁ,
Philemon 1:4 in Assamese 4 মোৰ প্ৰাৰ্থনাত মই তোমাৰ নাম উল্লেখ কৰি, সদায় মোৰ ঈশ্বৰৰ ধন্যবাদ দিওঁ,
Hebrews 10:36 in Assamese 36 কিয়নো আপোনালোকে ঈশ্বৰৰ ইচ্ছা পালন কৰি প্ৰতিজ্ঞাৰ ফল যেন পায়, তাৰ বাবে আপোনালোকৰ সহনশীলতাৰ প্ৰয়োজন আছে।
Hebrews 13:21 in Assamese 21 তেওঁৰ দৃষ্টিত যি উত্তম, আৰু সন্তোষজনক, সেয়া তেওঁ যীচু খ্ৰীষ্টৰ দ্বাৰাই আমাত কাৰ্য কৰক; তেওঁৰ মহিমা চিৰকাল হওক। আমেন।
James 1:5 in Assamese 5 কিন্তু আপোনালোকৰ কাৰোবাৰ যদি জ্ঞানৰ অভাৱ হয় তেনেহলে যি জন দিওঁতা ঈশ্বৰ, যি জনে গৰিহণা নকৰাকৈ মুক্তহস্তে সকলোকে দান কৰে, তেওঁক যাচনা কৰক আৰু তাতে আপোনালোকক দিয়া হ’ব।
James 3:17 in Assamese 17 কিন্তু ওপৰৰ পৰা অহা যি জ্ঞান, সেয়ে প্ৰথমে শুদ্ধ, পাছত শান্তিযুক্ত, ক্ষান্ত স্বভাৱী, কোমল-স্বভাৱী, দয়া আদি উত্তম ফলেৰে পৰিপূৰ্ণ, অকপট আৰু নিৰ্মল।
1 Peter 2:15 in Assamese 15 আপোনালোকে সৎ কৰ্ম কৰি কৰি যেন নিৰ্ব্বোধ লোক সকলৰ অজ্ঞানতাক নিৰুত্তৰ কৰে, ঈশ্বৰৰ এই ইচ্ছা৷
1 Peter 4:2 in Assamese 2 এনে ব্যক্তিয়ে মাংসিক অভিলাষত জীৱন-যাপন নকৰে৷ কিন্তু ঈশ্বৰৰ ইচ্ছাৰ দৰে মানৱ জীৱনৰ অৱশিষ্ট সময় কটায়৷
1 John 2:17 in Assamese 17 জগত আৰু জগতৰ কামনা-বাসনা শেষ হৈ গুচি যাব ধৰিছে; কিন্তু যি জনে ঈশ্বৰৰ ইচ্ছা পালন কৰে, তেওঁ চিৰকাললৈকে থাকে।
1 John 5:20 in Assamese 20 আমি ইয়াকো জানো যে, ঈশ্বৰৰ পুত্ৰ আহিল আৰু তেওঁ আমাক সেই জ্ঞান দিলে; ইয়াৰ দ্ৱাৰা আমি জানো কোন সত্য আৰু এতিয়া আমি সেই সত্য ঈশ্ৱৰত আছোঁ আৰু তেওঁৰ পুত্ৰ যীচু খ্ৰীষ্টতো আছোঁ৷ এয়ে সত্য ঈশ্বৰ আৰু অনন্ত জীৱন।