Amos 9:8 in Assamese 8 চোৱা, প্রভু যিহোৱাৰ দৃষ্টি অৱশ্যেই এই পাপপূৰ্ণ ৰাজ্যৰ ওপৰত আছে। পৃথিৱীৰ পৰা মই তাক উচ্ছন্ন কৰিম। তথাপিও মই যাকোবৰ বংশক সম্পূর্ণকৈ ধ্বংস নকৰিম।
Other Translations King James Version (KJV) Behold, the eyes of the Lord GOD are upon the sinful kingdom, and I will destroy it from off the face of the earth; saving that I will not utterly destroy the house of Jacob, saith the LORD.
American Standard Version (ASV) Behold, the eyes of the Lord Jehovah are upon the sinful kingdom, and I will destroy it from off the face of the earth; save that I will not utterly destroy the house of Jacob, saith Jehovah.
Bible in Basic English (BBE) See, the eyes of the Lord are on the evil kingdom, and I will put an end to it in all the earth; but I will not send complete destruction on Jacob, says the Lord.
Darby English Bible (DBY) Behold, the eyes of the Lord Jehovah are upon the sinful kingdom, and I will destroy it from off the face of the earth: only that I will not utterly destroy the house of Jacob, saith Jehovah.
World English Bible (WEB) Behold, the eyes of the Lord Yahweh are on the sinful kingdom, and I will destroy it from off the surface of the earth; except that I will not utterly destroy the house of Jacob," says Yahweh.
Young's Literal Translation (YLT) Lo, the eyes of the Lord Jehovah `are' on the sinful kingdom, And I have destroyed it from off the face of the ground, Only, I destroy not utterly the house of Jacob, An affirmation of Jehovah.
Cross Reference Genesis 6:7 in Assamese 7 সেয়ে যিহোৱাই ক’লে, “মই নিজে সৃষ্টি কৰা মানুহক পৃথিবীৰ পৰা উচ্ছন্ন কৰিম; মানুহৰ লগতে সকলো ডাঙৰ জীৱ-জন্তু, বগাই ফুৰা প্রাণী আৰু আকাশৰ চৰাইবোৰ লুপ্ত কৰিম; কিয়নো এই সকলোকে সৃষ্টি কৰি মই দুঃখ পাইছো।
Genesis 7:4 in Assamese 4 সাত দিনৰ পাছত মই দিনে-ৰাতিয়ে চল্লিশ দিনলৈকে পৃথিবীৰ ওপৰত বৰষুণ বৰষাম আৰু মই সৃষ্টি কৰা সকলোবোৰ জীৱকুলকে পৃথিৱীৰ পৰা উচ্ছন্ন কৰিম।”
Deuteronomy 4:31 in Assamese 31 কিয়নো আপোনালোকৰ ঈশ্বৰ যিহোৱা দয়ালু ঈশ্বৰ; তেওঁ আপোনাক হতাশ নকৰে আৰু ধ্বংসওঁ নকৰে, আৰু আপোনালোকৰ পিতৃসকলৰ লগত যি অঙ্গীকাৰ কৰি শপত খাইছিল তাক তেওঁ নাপাহৰে।
Deuteronomy 6:15 in Assamese 15 কিয়নো, আপোনালোকৰ মাজত থকা আপোনালোকৰ ঈশ্বৰ যিহোৱা নিজৰ মৰ্য্যদা ৰখাত উদ্যোগী; আপোনালোকৰ ঈশ্বৰ যিহোৱাৰ ক্ৰোধ আপোনালোকৰ বিৰুদ্ধে জ্বলি উঠিব, তাতে তেওঁ পৃথিবীৰ পৰা আপোনালোকক উচ্ছন্ন কৰিব।
1 Kings 13:34 in Assamese 34 এনে কাৰ্যবোৰে যাৰবিয়ামৰ পৰিয়়ললৈ পাপ আনিলে, আৰু এই অপৰাধে বিচ্ছিন্ন কৰি, পৃথিৱীৰ পৰা তেওঁৰ নাম লুপ্ত কৰিলে।
Psalm 11:4 in Assamese 4 কিন্তু যিহোৱা, তেওঁৰ পবিত্ৰ মন্দিৰত আছে; তেওঁৰ সিংহাসন স্বর্গতে আছে। তেওঁ মানুহলৈ চাই থাকে, তেওঁৰ চকুৱে মনুহক পৰীক্ষা কৰে।
Proverbs 5:21 in Assamese 21 কিয়নো মানুহে কৰা সকলো কাম যিহোৱাই চাই, আৰু তেওঁ তাৰ সকলো পথ পৰ্যবেক্ষণ কৰে।
Proverbs 15:3 in Assamese 3 যিহোৱাৰ দৃষ্টি সকলো ঠাইতে থাকে, ভাল আৰু বেয়াৰ ওপৰত তেওঁৰ দৃষ্টি থাকে।
Isaiah 27:7 in Assamese 7 তেওঁ ইস্ৰায়েলৰ প্ৰহাৰকক যেনেকৈ প্ৰহাৰ কৰিছিল, তেনেকৈ তেওঁ ইস্ৰায়েলক প্ৰহাৰ কৰিলে নে? তাৰ দ্বাৰাই হ’ত হোৱাসকলৰ হত্যাৰ দৰে জানো তেওঁৰ হত্যা হ’ল নে?
Jeremiah 5:10 in Assamese 10 তোমালোকে তাইৰ দ্রাক্ষাবাৰীৰ গড়বোৰ পাৰ হৈ তাক নষ্ট কৰা। কিন্তু নিঃশেষে সংহাৰ নকৰিবা। তাৰ ডালবোৰ দূৰ কৰা, কাৰণ সেইবোৰ যিহোৱাৰ নহয়।
Jeremiah 30:11 in Assamese 11 কিয়নো, যিহোৱাই কৈছে, ‘তোমাক ৰক্ষা কৰিবলৈ তোমাৰ লগত আছোঁ; কাৰণ মই যি জাতিৰ মাজলৈ তোমাক ছিন্ন-ভিন্ন কৰিলো, সেই আটাই জাতিক মই নিঃশেষে সংহাৰ কৰিলেও, তোমাক নিঃশেষে সংহাৰ নকৰিম; কিন্তু তোমাক সুবিচাৰেৰে শাস্তি দিম, তোমাক কোনোমতেই দণ্ড নিদিয়াকৈ নেৰোঁ।
Jeremiah 31:35 in Assamese 35 যিহোৱাই এইদৰে কৈছে - যি জন যিহোৱাই দিনৰ পোহৰৰ কাৰণে সুৰ্য্য আৰু ৰাতিৰ পোহৰৰ কাৰণে চন্দ্ৰ আৰু তৰাবোৰৰ নিয়ম স্থাপন কৰে, যি জনে সাগৰৰ ঢৌৱে গৰ্জ্জন কৰাকৈ সমুদ্ৰক আস্ফালন কৰায়, বাহিনীসকলৰ যিহোৱাৰ নামেৰে তেওঁ এই কথা কৈছে:
Jeremiah 33:24 in Assamese 24 “এই জাতিয়ে যি কৈছে, সেই বিষয়ে জানো তুমি ভু পোৱা নাই যেতিয়া তেওঁলোকে কৈছে, ‘যিহোৱাই নিজৰ মনোনীত এই দুই গোষ্ঠীক অগ্ৰাহ্য কৰিছে’; তেওঁলোকে নিজৰ আগত মোৰ প্ৰজাসকলক এক জাতি বুলি আৰু গণনা নকৰি এইদৰে হেয়জ্ঞান কৰে।’
Jeremiah 44:27 in Assamese 27 চোৱা, তেওঁলোকৰ মঙ্গলৰ বাবে নহয়, কিন্তু অমঙ্গলৰ বাবেহে মই তেওঁলোকলৈ জাগি থাকিম; আৰু এই মিচৰ দেশত থকা সকলো যিহূদী লোকক তৰোৱাল আৰু আকালৰ দ্বাৰাই নিঃশেষে বিনষ্ট কৰা হ’ব।
Hosea 1:6 in Assamese 6 পাছত গোমৰ পুনৰায় গৰ্ভৱতী হৈ এজনী ছোৱালী প্ৰসৱ কৰিলে; তেতিয়া যিহোৱাই হোচেয়াক ক’লে, “তুমি ছোৱালীজনীৰ নাম লো-ৰুহামা (দয়াৰ পাত্র নহয়) ৰাখা ; কিয়নো ইস্ৰায়েলৰ লোক সকলক মই পুনৰায় দয়া নকৰিম, তেওঁলোকক কোনোমতেই ক্ষমা নকৰিম।
Hosea 9:11 in Assamese 11 ইফ্ৰয়িমৰ বিষয়ে হ’লে, চৰাইৰ নিচিনাকৈ তেওঁলোকৰ গৌৰৱ দূৰলৈ উড়ি যাব; তেতিয়া সন্তানৰ জন্ম নহ’ব, কোনো গর্ভৱতী নহ’ব আৰু কোনেও গৰ্ভধাৰণো নকৰিব।
Hosea 13:15 in Assamese 15 ইফ্ৰয়িমে তেওঁৰ ভাইসকলৰ মাজত সফলতা লাভ কৰিলেও, যিহোৱাৰ পৰা এক প্রৱল পূবৰ বতাহ আহিব, মৰুভূমিৰ পৰা বৈ আহিব; ইফ্রয়িমৰ জুৰিবোৰ শুকাই যাব আৰু কুঁৱাত পানী নোহোৱা হ’ব; শত্ৰুৱে তেওঁৰ ভঁৰালৰ সকলো মূল্যৱান বস্তু লুট কৰি নিব।
Joel 2:32 in Assamese 32 যিকোনোৱে যিহোৱাৰ নাম ল’ব, তেওঁ উদ্ধাৰ পাব। কিয়নো যিহোৱাই এইদৰে কৈছে, ‘পৰিত্ৰাণ আৰু ৰক্ষা পোৱাসকলৰ মাজৰ পৰা পৰিত্ৰাণ পোৱা আৰু ৰক্ষা পোৱাসকলৰ মাজৰ পৰা যিহোৱাই যিসকলক আহ্বান কৰিলে।
Amos 9:4 in Assamese 4 শত্ৰুবোৰৰ দ্বাৰা তেওঁলোক বন্দী হৈ আন দেশলৈ গলেও, সেই ঠাইতো মই তেওঁলোকক বধ কৰিবলৈ তৰোৱালক আজ্ঞা দিম। মঙ্গলৰ কাৰণে নহয়, কিন্তু অমঙ্গলৰ কাৰণেহে মই তেওঁলোকৰ ওপৰত মোৰ দৃষ্টি ৰাখিম।
Obadiah 1:16 in Assamese 16 কাৰণ মোৰ পবিত্ৰ পৰ্ব্বতত তোমালোকে পান কৰাৰ দৰে, সকলো দেশবাসী সকলে অবিৰামভাৱে পান কৰিব। তেওঁলোকে পান কৰিব আৰু গিলিব, আৰু তেওঁলোকে কেতিয়াও খাবলৈ নোপোৱাৰ দৰে খাব।
Romans 11:1 in Assamese 1 তেনেহলে মই কওঁ, ঈশ্বৰে নিজ লোকক ত্যাগ কৰিলে নে? এনে নহওক; কিয়নো ময়ো অব্ৰাহামৰ বংশৰ বিন্যামীন ফৈদৰ এজন ইস্ৰায়েলীয়া।
Romans 11:28 in Assamese 28 এফালে তেওঁলোক শুভবাৰ্তাৰ সম্বন্ধে আপোনালোকৰ কাৰণে শত্ৰু; কিন্তু আনফালে ঈশ্বৰৰ মনোনীতৰ সম্বন্ধে তেওঁলোক ওপৰ-পুৰুষ সকলৰ কাৰণে প্ৰিয় পাত্ৰ।