Amos 9:11 in Assamese 11 যিহোৱাই কৈছে, “সেই দিনা মই দায়ুদৰ পৰি যোৱা পঁজাটো পুনৰায় তুলিম; মই তাৰ ভাঙি যোৱা ফাটবোৰ মেৰামতি কৰিম, ধ্বংসস্থানবোৰ ঠিক কৰিম, তাক আগৰ নিচিনাকৈ পুনৰায় গঢ়িম;
Other Translations King James Version (KJV) In that day will I raise up the tabernacle of David that is fallen, and close up the breaches thereof; and I will raise up his ruins, and I will build it as in the days of old:
American Standard Version (ASV) In that day will I raise up the tabernacle of David that is fallen, and close up the breaches thereof; and I will raise up its ruins, and I will build it as in the days of old;
Bible in Basic English (BBE) In that day I will put up the tent of David which has come down, and make good its broken places; and I will put up again his damaged walls, building it up as in the past;
Darby English Bible (DBY) In that day will I raise up the tabernacle of David which is fallen, and close up the breaches thereof; and I will raise up its ruins, and I will build it as in the days of old:
World English Bible (WEB) In that day I will raise up the tent of David who is fallen, and close up its breaches, and I will raise up its ruins, and I will build it as in the days of old;
Young's Literal Translation (YLT) In that day I raise the tabernacle of David, that is fallen, And I have repaired their breaches, And its ruins I do raise up, And I have built it up as in days of old.
Cross Reference Job 1:10 in Assamese 10 আপুনি তেওঁৰ চাৰিওফালে, আৰু তেওঁৰ ঘৰৰ লগতে সৰ্ব্বস্বৰ চাৰিওফালে জানো বেৰা দি ৰখা নাই? আপুনি তেওঁৰ হাতৰ কাৰ্যবোৰ আশীৰ্বাদযুক্ত কৰিছে আৰু তেওঁৰ সম্পত্তিও দেশত বৃদ্ধি পাইছে।
Psalm 80:12 in Assamese 12 তেন্তে কিয় তুমি তাৰ দেৱাল ভাঙি পেলালা? সেয়ে আটাই বাটৰুৱাই তাৰ ফল ছিঙে।
Psalm 89:40 in Assamese 40 তুমি তেওঁৰ সকলো প্রাচীৰ ভাঙি পেলালা; তুমি তেওঁৰ কোঁঠবোৰ বিনষ্ট কৰিলা।
Psalm 143:5 in Assamese 5 মই পূৰ্ব্বকালৰ দিনৰ কথা মনত পেলাও, মই তোমাৰ সকলো কার্যৰ বিষয়ে চিন্তা কৰোঁ, তোমাৰ হাতৰ কাৰ্যবোৰ ধ্যান কৰোঁ।
Isaiah 5:5 in Assamese 5 মই মোৰ দ্ৰাক্ষা-বাৰীলৈ যি কৰিম এতিয়া তাক মই তোমালোকক জনাওঁ; মই জোপোহা গছৰ বেৰাবোৰ গুচাম, মই তাক চৰণীয়া পথাৰলৈ ৰূপান্তৰিত কৰিম, আৰু তাৰ দেৱালবোৰ ভাঙিম তাতে তাক গছকা হ’ব।
Isaiah 9:6 in Assamese 6 কাৰণ আমালৈ এটি লৰা জন্মিল, আমালৈ এটি পুত্ৰ দান কৰা হ’ল; আৰু তেওঁৰ কান্ধত শাসন ভাৰ অৰ্পিত হ’ব, আৰু তেওঁ আশ্চৰ্য পৰামৰ্শদাতা, পৰাক্ৰমী ঈশ্বৰ, অন্তকালস্থায়ী পিতৃ, আৰু শান্তিৰাজ নামে প্ৰখ্যাত হ’ব।
Isaiah 11:1 in Assamese 1 যিচয়ৰ মূলৰ পৰা এটি পোখা ওলাব, আৰু মূলৰ পৰা এটা শাখা ওলাই ফলৱান হ’ব।
Isaiah 16:5 in Assamese 5 বিশ্বাসযোগ্য নিয়মেৰে এখন সিংহাসন স্থাপিত হ’ব, আৰু দায়ূদৰ তম্বুৰ পৰা এজন বিশ্বাসী তাত বহিব। তেওঁ ন্যায়বিচাৰ বিচৰাৰ দৰে তেওঁ বিচাৰ কৰিব, আৰু ধাৰ্মিকতাৰে কাৰ্য কৰিব।
Isaiah 63:11 in Assamese 11 তেওঁৰ লোকসকল পূৰ্ব্ব সময়ৰ মোচিৰ বিষয়ে শিকিছিল। লোকলোকে কৈছিল, যি “যি জনাই নিজৰ ভেড়াৰখীয়াসকলৰ সৈতে তেওঁলোকক সমুদ্ৰৰ পৰা উলিয়াই আনিছিল, সেই ঈশ্বৰ ক’ত? তেওঁলোকৰ মাজত পবিত্ৰ আত্মা স্থাপন কৰা ঈশ্বৰ ক’ত?
Jeremiah 23:5 in Assamese 5 যিহোৱাই কৈছে, “চোৱা, যি সময়ত মই দায়ুদৰ বংশত এক ধাৰ্ম্মিক গজালি উৎপন্ন কৰিম এনে কাল আহিছে। তেওঁ ৰজা হৈ ৰাজত্ব কৰিব, জ্ঞানেৰে সৈতে কাৰ্য্য কৰিব, আৰু দেশত বিচাৰ ও ন্যায় সিদ্ধ কৰিব।
Jeremiah 30:9 in Assamese 9 কিন্তু তেওঁলোকে তেওঁলোকৰ ঈশ্বৰ যিহোৱাৰ ভজনা কৰিব আৰু মই যি জনাক তেওঁলোকৰ ওপৰত নিযুক্ত কৰিম, তেওঁলোকৰ সেই ৰজা দায়ুদৰ বন্দী-কাম কৰিব।
Jeremiah 33:14 in Assamese 14 যিহোৱাই কৈছে - “চোৱা, ইস্ৰায়েল-বংশ আৰু যিহূদা-বংশৰ বিষয়ে মই কোৱা মঙ্গল-বাক্য যি দিনা সিদ্ধ কৰিম, এনে দিনবোৰ আহি আছে।
Jeremiah 33:20 in Assamese 20 যিহোৱাই এই কথা কৈছে: দিন আৰু ৰাতিৰ মোৰ নিয়ম যদি তোমালোকে এনেকৈ ভাঙিব পাৰা, যে, নিজ নিজ সময়ত দিন কি ৰাতি নহ’ব,
Jeremiah 46:26 in Assamese 26 আৰু তেওঁলোকৰ প্ৰাণ বিচাৰি ফুৰাসকলৰ হাতত, বাবিলৰ ৰজা নবুখদৰেচৰৰ আৰু তেওঁৰ প্ৰধান মন্ত্ৰীসকলৰ হাতত মই তেওঁলোকক সমপৰ্ণ কৰিম; তথাপি যিহোৱাই কৈছে, পাছত সেই দেশ আগৰ কালৰ দৰে বসতিস্থান হ’ব।
Lamentations 5:21 in Assamese 21 হে যিহোৱা, তোমালৈ আমাক উভতাই আনা, তেতিয়াহে আমি অনুতপ্ত হ’ম; আগৰ কালৰ নিচিনা আমাৰ দিন পুনৰায় কৰা,
Ezekiel 17:24 in Assamese 24 তেতিয়া মই যে যিহোৱা সেই বিষয়ে পথাৰত থকা সকলো গছবোৰে জানিব। মই ওখ গছজোপা চাপৰ, চাপৰ গছজোপা ওখ কৰোঁ; মই কেঁচাপতীয়া গছজোপা শুকান আৰু শুকান গছজোপা জকমকীয়া কৰোঁ! মই যিহোৱা; এই কথা ঘোষণা কৰিলোঁ আৰু ইয়াক সিদ্ধও কৰিলোঁ!”
Ezekiel 21:25 in Assamese 25 আৰু তুমি, হে অশুচি আৰু দুষ্ট ইস্ৰায়েলৰ অধিপতি, যিজনৰ শাস্তিৰ কাল উপস্থিত হ’ল, হত হ’বলগীয়া অন্তজনক অপৰাধৰ কাল উপস্থিত হোৱা দিন উকলিল,
Ezekiel 34:23 in Assamese 23 আৰু মই সেইবোৰৰ ওপৰত এজন মাত্ৰ ৰখীয়া মোৰ দাস দায়ুদক নিযুক্ত কৰিম! তেওঁ সেইবোৰক প্ৰতিপালন কৰিব; তেৱেঁই সেইবোৰক প্ৰতিপালন কৰি সেইবোৰৰ ৰখীয়া হ’ব।
Ezekiel 36:11 in Assamese 11 আৰু মই তোমালোকৰ ওপৰত মানুহ ও পশু বৃদ্ধি কৰিম তাতে সেইবোৰ বাঢ়ি বাঢ়ি অধিক প্ৰাণী উৎপন্ন কৰিব। আৰু তেতিয়া মই তোমালোকৰ দেশ আগৰ কালৰ দৰে বাসস্থান কৰিম, আৰু তোমালোকৰ আদি অৱস্থাতকৈ তোমালোকক অধিক মঙ্গল দান কৰিম; তেতিয়াহে মই যে যিহোৱা, তাক তোমালোকে জানিবা।
Ezekiel 37:24 in Assamese 24 আৰু মোৰ দাস দায়ুদ তেওঁলোকৰ ওপৰত ৰজা হ’ব, আৰু তেওঁলোক সকলোৰে এজন ৰখীয়া হ’ব; তেওঁলোকে মোৰ শাসন-প্ৰণালী বোৰত চলিব, আৰু মোৰ বিধিবোৰ পালন কৰি সেই মতে কাৰ্য্য কৰিব।
Hosea 3:5 in Assamese 5 তাৰপাছত ইস্ৰায়েলীয়াসকলে ঘূৰি আহি তেওঁলোকৰ ঈশ্বৰ যিহোৱা আৰু তেওঁলোকৰ ৰজা দায়ুদক বিচাৰিব। শেষকালত তেওঁলোকে ভয়েৰে যিহোৱা আৰু তেওঁৰ উত্তমতালৈ আহিব।
Micah 5:2 in Assamese 2 কিন্তু হে বৈৎলেহেম-ইফ্ৰাথা, যিহূদাৰ গোষ্ঠীবোৰৰ মাজত যদিও তোমালোক অতি ক্ষুদ্ৰ, তথাপিও ইস্ৰায়েলক শাসন কৰিবলৈ তোমালোকৰ পৰাই এজন মোৰ ওচৰলৈ আহিব, সেই জনৰ আৰম্ভণী পূৰ্ব্বকালৰ পৰা অনন্তকাললৈকে;
Micah 7:14 in Assamese 14 আপোনাৰ লোকসকলক আৰু আপোনাৰ আধিপত্যৰ পশুৰ জাকক, আপোনাৰ লাখুটিৰে চৰাওক ; যদিও তেওঁলোক কর্মিল পাহাৰৰ অৰণ্যত অকলশৰে আছে, তথাপিও তেওঁলোকক আগৰ দৰেই, বাচানত আৰু গিলিয়দত খাবলৈ দিয়ক।
Luke 1:31 in Assamese 31 চোৱা, তুমি গর্ভবতী হৈ এটি পুত্ৰ প্ৰসৱ কৰিবা আৰু তেওঁৰ নাম যীচু থবা।
Luke 1:69 in Assamese 69 তেওঁ আমাৰ কাৰণে তেওঁৰ দাস দায়ুদৰ বংশত এজন শক্তিশালী উদ্ধাৰকৰ্তাক দিলে।
Acts 2:30 in Assamese 30 কিন্তু নিজে এজন ভাৱবাদী হৈ তেওঁৰ বংশৰ পৰা এজনক তেওঁৰ সিংহাসনত বহুৱাবলৈ, ঈশ্বৰে শপত খাই যি প্ৰতিজ্ঞা কৰিছিল,
Acts 15:15 in Assamese 15 এই বিষয়ত ভাৱবাদী সকলৰ কথাৰো মিল আছে, যেনেকৈ লিখা আছে:*