Amos 4:6 in Assamese 6 “মই তোমালোকৰ নগৰবোৰত আহাৰ নিদি তোমালোকৰ দাঁত পৰিস্কাৰ কৰি ৰাখিলোঁ আৰু তোমালোকৰ সকলো ঠাইত অন্নৰ অভাৱ কৰিলোঁ; তথাপি, তোমালোক মোলৈ ঘূৰি নাহিলা।” যিহোৱাই এই কথা কৈছে।
Other Translations King James Version (KJV) And I also have given you cleanness of teeth in all your cities, and want of bread in all your places: yet have ye not returned unto me, saith the LORD.
American Standard Version (ASV) And I also have given you cleanness of teeth in all your cities, and want of bread in all your places; yet have ye not returned unto me, saith Jehovah.
Bible in Basic English (BBE) But in all your towns I have kept food from your teeth, and in all your places there has been need of bread: and still you have not come back to me, says the Lord.
Darby English Bible (DBY) And I also have given you cleanness of teeth in all your cities, and want of bread in all your places; yet ye have not returned unto me, saith Jehovah.
World English Bible (WEB) "I also have given you cleanness of teeth in all your cities, And lack of bread in every town; Yet you haven't returned to me," says Yahweh.
Young's Literal Translation (YLT) And I also -- I have given to you cleanness of teeth in all your cities, And lack of bread in all your places, And ye have not turned back unto Me, an affirmation of Jehovah.
Cross Reference Leviticus 26:26 in Assamese 26 মই তোমলোকৰ অন্ন ৰূপ লাখুটি ভঙা কালত দহজনী মহিলাই একেটা তন্দুৰত তোমালোকৰ পিঠা তাও দিব, আৰু তেওঁলোকে জুখি জুখি তোমালোকৰ পিঠা তোমালোকক দিব, আৰু তাক খাই তোমালোকৰ ভোক নপলাব।
Deuteronomy 28:38 in Assamese 38 আপোনালোকে খেতিলৈ অধিক বীজ লৈ যাব, কিন্তু গোটাব অলপহে ; কিয়নো কাকতি ফৰিঙে তাক বিনষ্ট কৰিব।
1 Kings 17:1 in Assamese 1 পাছত গিলিয়দ-প্ৰৱাসীসকলৰ মাজৰ তিচবীয়া এলীয়াই আহাবক ক’লে, “মই যি জনৰ সাক্ষাতে থিয় হৈ আছোঁ, সেই ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাৰ জীৱনৰ শপত, এই কেইবছৰ নিয়ৰ বা বৰষুণ নহ’ব; কেৱল মোৰ বাক্য অনুসাৰেহে হ’ব।”
1 Kings 18:2 in Assamese 2 তেতিয়া এলিয়াই আহাবক দৰ্শন দিবলৈ গ’ল। সেই কালত চমৰীয়াত অতি বেছি আকাল হৈছিল।
2 Kings 4:38 in Assamese 38 তাৰ পাছত ইলীচা পুনৰ গিলগললৈ ঘূৰি গ’ল; সেই সময়ত সেই ঠাইত আকাল হৈছিল; তেতিয়া শিষ্য-ভাৱবাদীসকলৰ এটা দল তেওঁৰ আগত বহি আছিল; তেওঁ নিজৰ দাসক ক’লে, “ডাঙৰ চৰুটো জুইৰ ওপৰত বহাই দি শিষ্য-ভাৱবাদীৰ দলটোৰ কাৰণে আঞ্জাৰে চুৰুহা ৰান্ধা।”
2 Kings 6:25 in Assamese 25 সেয়ে চমৰীয়াত ভীষণ আকাল হ’ল; তেওঁলোকে নগৰখন এনেকৈ অৱৰোধ কৰি ৰাখিছিল যে খাবলৈ শেষত এটা গাধৰ মূৰ পর্যন্ত আশীটা ৰূপৰ মুদ্রাত আৰু এনেকি এক ‘কাব’ জোখৰ কপৌৰ বিষ্ঠাও পাঁচটা ৰূপৰ মুদ্রাত বিক্রী হৈছিল।
2 Kings 8:1 in Assamese 1 যি গৰাকী মহিলাৰ পুতেকক ইলীচাই জীয়াই তুলিছিল, এদিন তেওঁ সেই মহিলাক ক’লে, “তুমি তোমাৰ পৰিয়ালেৰে সৈতে আন যি ঠাইতে পাৰা সেই ঠাইলৈকে গৈ কিছুকাল থাকা, কিয়নো যিহোৱাই এই দেশত আকাল পঠাই দিব আৰু সেয়ে সাত বছৰ ধৰি থাকিব।”
2 Chronicles 28:22 in Assamese 22 ৰজা আহজে তেওঁৰ দুখৰ কালতো যিহোৱাৰ বিৰুদ্ধে অধিককৈ অপৰাধ কৰিছিল।
Isaiah 3:1 in Assamese 1 কিয়নো চোৱা, বাহিনীসকলৰ প্রভু যিহোৱাই, যিৰূচালেম আৰু যিহূদাৰ পৰা লাখুটি আৰু সাহাৰ্য, আহাৰৰ সকলো যোগান, আৰু পানীৰ সকলো যোগান গুচাব।
Isaiah 9:13 in Assamese 13 তথাপিও তেওঁলোকক প্ৰহাৰ কৰা লোকসকল তেওঁলৈ নুঘুৰিব, নাইবা তেওঁলোকে বাহিনীসকলৰ যিহোৱাক নিবিচাৰিব।
Isaiah 26:11 in Assamese 11 হে যিহোৱা, আপোনাৰ হাত দঙা আছে, তথাপি তেওঁলোক দৃষ্টি নকৰে; কিন্তু তেওঁলোকে লোকসকলৰ বাবে আপোনাৰ উৎসাহ দেখি লজ্জিত হ’ব; কাৰণ অগ্নিয়ে আপোনাৰ শত্রুবোৰক গ্ৰাস কৰিব।
Jeremiah 5:3 in Assamese 3 হে যিহোৱা, তোমাৰ দৃষ্টি সত্যলৈ নহয় নে? তুমি তেওঁলোকক প্ৰহাৰ কৰিলা; তথাপি তেওঁলোক দুখিত নহ’ল। তুমি তেওঁলোকলৈ বিনাশ আনিলা, তথাপি তেওলোক শাস্তি গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰিলে, তেওঁলোকে নিজ নিজ মুখ শিলতকৈয়ো টান কৰি উভটি আহিবলৈ অমান্তি হ’ল।
Jeremiah 8:5 in Assamese 5 তেন্তে কিয় যিৰূচালেমৰ এই জাতিয়ে বাট এৰি নিত্যে বিপথগামী হৈ থাকে? তেওঁলোকে প্ৰতাৰণাত লাগি থাকি উলটি আহিবলৈ অমান্তি হয়।
Ezekiel 16:27 in Assamese 27 এই হেতুকে চোৱা,মই তোমাৰ ওপৰলৈ মোৰ হাত মেলি তোমাৰ দৈনিক খোৰাক কমালোঁ আৰু তোমাৰ বেশ্যা চাবৰ কাৰণে লাজ পোৱা, তোমাক ঘিণ কৰা পলেষ্টীয়াসকলৰ জীয়াৰীসকলৰ ইচ্ছাত তোমাক সমৰ্পণ কৰিলোঁ।
Hosea 5:15 in Assamese 15 মই মোৰ নিজৰ ঠাইলৈ ঘূৰি যাম। তেওঁলোকে নিজৰ দোষ স্বীকাৰ নকৰা পর্যন্ত আৰু মোক বিচাৰি নহালৈকে মই সেই ঠাইত থাকিম। তেওঁলোকৰ সঙ্কটৰ সময়ত তেওঁলোকে মোক বিচাৰিবলৈ আপ্রাণ চেষ্টা কৰিব।”
Hosea 7:14 in Assamese 14 তেওঁলোকে নিজৰ বিচনাৰ ওপৰত বিলাপ কৰিলে, কিন্তু অন্তৰৰ পৰা মোৰ ওচৰত তেওঁলোকে কাতৰোক্তি নকৰিলে। শস্য আৰু নতুন দ্ৰাক্ষাৰস পাবৰ কাৰণে তেওঁলোক একগোট হয় আৰু মোৰ অহিতে বিদ্ৰোহ কৰে।
Joel 2:12 in Assamese 12 যিহোৱাই কৈছে, “তথাপি এতিয়াও”, “তোমালোকৰ সমস্ত মনেৰে সৈতে মোলৈ ঘূৰা। লঘোন, ক্ৰন্দন আৰু শোক কৰা।”
Amos 4:8 in Assamese 8 পানী খাবৰ কাৰণে দুই তিনিখন নগৰৰ লোকসকলে ঢলং পলং কৰি আন নগৰলৈ গ’ল, কিন্তু যথেষ্ট পানী নাপালে। তথাপিও তোমালোক মোলৈ ঘূৰি নাহিলা।” যিহোৱাই এই কথা কৈছে।
Haggai 2:17 in Assamese 17 যিহোৱাই এই কথা কৈছে, মই তোমালোকক দুৰ্দশাগ্রস্ত কৰিলোঁ, আৰু তোমালোকৰ হাতৰ সকলো উৎপন্ন উদ্ভিদ ৰোগেৰে নষ্ট কৰিলোঁ, তথাপিও তোমালোক এতিয়ালৈকে মোলৈ ঘূৰি অহা নাই।
Zechariah 1:3 in Assamese 3 সেই কাৰণে তুমি লোকসকলক কোৱা: ‘বাহিনীসকলৰ যিহোৱাই এই কথা কৈছে, “তোমালোকে মোলৈ ঘূৰা!” এয়ে বাহিনীসকলৰ যিহোৱাৰ বাক্য; “তেতিয়া মই তোমালোকলৈ ঘূৰিম!” এই কথা বাহিনীসকলৰ যিহোৱাই কৈছে।
Revelation 2:21 in Assamese 21 মন-পালটন কৰিবলৈ মই তেওঁক সময় দিলোঁ, কিন্তু তেওঁ নিজ ব্যভিচাৰৰ পৰা মন পালটাবলৈ ইচ্ছা নকৰে।
Revelation 9:20 in Assamese 20 এই উৎপাতবোৰৰ দ্বাৰাই যি অৱশিষ্ট লোক সকলক বধ কৰা নহ’ল, তেওঁলোকে দেখিব, শুনিব, আৰু ফুৰিব নোৱাৰা এনে সোণ, ৰূপ, পিতল, শিল আৰু কাঠেৰে সজা মূৰ্তি আৰু দেৱতাবোৰৰ উপাসনা কৰিবলৈ নেৰিলে আৰু এই অভিপ্ৰায়েৰে নিজ নিজ হাতে কৰা কৰ্মৰ পৰা মন-পালটন নকৰিলে।
Revelation 16:10 in Assamese 10 পঞ্চম দূত জনে পশুৰ সিংহাসনৰ ওপৰত নিজৰ বাটি বাকি দিলে; তাতে তাৰ ৰাজ্য অন্ধকাৰময় হ’ল; আৰু তেওঁলোকে মনোকষ্টত নিজ নিজ জিভা কামুৰিলে;