Acts 9:31 in Assamese 31 সেই সময়ত গোটেই যিহুদীয়া, গালীল, আৰু চমৰীয়া প্ৰদেশৰ মণ্ডলী সমূহ শান্তিত আছিল; বিশ্বাসী সকল সংখ্যাত বৃদ্ধি হৈ প্ৰভুৰ ভক্তিত আৰু পবিত্ৰ আত্মাই দিয়া উদগণিত থাকি, প্ৰভুৰ ভয়ত জীৱন-যাপন কৰিছিল ৷
Other Translations King James Version (KJV) Then had the churches rest throughout all Judaea and Galilee and Samaria, and were edified; and walking in the fear of the Lord, and in the comfort of the Holy Ghost, were multiplied.
American Standard Version (ASV) So the church throughout all Judaea and Galilee and Samaria had peace, being edified; and, walking in the fear of the Lord and in the comfort of the Holy Spirit, was multiplied.
Bible in Basic English (BBE) And so the church through all Judaea and Galilee and Samaria had peace and was made strong; and, living in the fear of the Lord and in the comfort of the Holy Spirit, was increased greatly.
Darby English Bible (DBY) The assemblies then throughout the whole of Judaea and Galilee and Samaria had peace, being edified and walking in the fear of the Lord, and were increased through the comfort of the Holy Spirit.
World English Bible (WEB) So the assemblies throughout all Judea and Galilee and Samaria had peace, and were built up. They were multiplied, walking in the fear of the Lord and in the comfort of the Holy Spirit.
Young's Literal Translation (YLT) Then, indeed, the assemblies throughout all Judea, and Galilee, and Samaria, had peace, being built up, and, going on in the fear of the Lord, and in the comfort of the Holy Spirit, they were multiplied.
Cross Reference Deuteronomy 12:10 in Assamese 10 আপোনালোকৰ ঈশ্বৰ যিহোৱাই আধিপত্য হিচাবে যি দেশ আপোনালোকক দিছে, আপোনালোকে যৰ্দন নদী পাৰ হৈ যেতিয়া সেই দেশত বাস কৰিব, তেতিয়া তেওঁ অপোনালোকৰ চাৰিওফালে থকা শত্রুবোৰৰ কাষৰ পৰা আপোনালোকক বিশ্রাম দিব আৰু আপোনালোকে নিৰাপদে সেই ঠাইত বাস কৰিব পাৰিব।
Joshua 21:44 in Assamese 44 তেতিয়া যিহোৱাই তেওঁলোকৰ পুৰ্ব্ব-পুৰুষসকলৰ আগত শপত খোৱাৰ দৰে চাৰিওফালে তেওঁলোকক জিৰণী দিলে৷ তেওঁলোকৰ শত্ৰুসকলৰ মাজৰ কোনেও তেওঁলোকৰ আগত থিয় হ’ব নোৱাৰিলে৷ যিহোৱাই তেওঁলোকৰ সকলো শত্ৰুক তেওঁলোকৰ হাতত দিলে।
Judges 3:30 in Assamese 30 সেই দিনাই মোৱাব দেশ ইস্ৰায়েলবাসীৰ ক্ষমতাৰ অধীন কৰা হ’ল আৰু তাৰ পাছত আশী বছৰলৈকে দেশত শান্তি বিৰাজ কৰিলে।
1 Chronicles 22:9 in Assamese 9 অৱশ্যে তোমাৰ এজন পুত্ৰ জন্মিব, তেওঁ শান্তিপ্রিয় ব্যক্তি হ’ব। মই তেওঁৰ চাৰিওফালে থকা সকলো শত্ৰুৰ পৰা তেওঁক ৰক্ষা কৰিম। কাৰণ তেওঁৰ নাম চলোমন (শান্ত) হ’ব, আৰু মই তেওঁৰ দিনত ইস্রায়েলক শান্তি আৰু নিৰিবিলি পৰিবেশ দিম।
1 Chronicles 22:18 in Assamese 18 তোমালোকৰ ঈশ্বৰ যিহোৱা, তোমালোকৰ লগত আছে আৰু চাৰিও দিশৰ পৰা তেওঁ তোমালোকক শান্তি দিব। তেওঁ দেশ নিবাসী সকলক মোৰ হাতত দিলে। যিহোৱাৰ আৰু তেওঁৰ লোকসকলৰ আগত দেশ বশীভূত হৈ আছে।
Nehemiah 5:9 in Assamese 9 মই পুনৰ ক’লোঁ, “আপোনালোকে যি কৰি আছে সেয়া ভাল নহয়। আমাৰ দেশৰ শত্রুবোৰে আমাক নিন্দা কৰাটো নিষেধ কৰিবলৈ আপোনালোকে আমাৰ ঈশ্বৰলৈ ভয় ৰাখি চলা উচিত নহয় নে?
Nehemiah 5:15 in Assamese 15 কিন্তু পূৰ্ব্বতে থকা দেশাধ্যক্ষসকল যিসকল মোৰ আগতে আছিল, তেওঁলোকে লোকসকলৰ ওপৰত গধুৰ বোজা দিছিল, আৰু তেওঁলোকৰ দৈনিক খোৱা বস্তু আৰু দ্ৰাক্ষাৰস বাবে লোকসকলৰ পৰা তেওঁলোকে চল্লিশ চেকল ৰূপ লৈছিল। তাৰ উপৰিও তেওঁলোকৰ দাস সকলে লোকসকলৰ ওপৰত অত্যাচাৰ কৰিছিল। কিন্তু মই সেইদৰে কৰা নাই, কাৰণ মই ঈশ্বৰলৈ ভয় কৰোঁ।
Esther 8:16 in Assamese 16 ইহুদী লোকসকলে লঘু অনুভৱ কৰিলে; আৰু তেওঁলোকে আনন্দ, উল্লাস আৰু গৌৰৱ কৰিলে।
Job 28:28 in Assamese 28 আৰু তেওঁ মনুষ্যক কলে, চোৱা, প্ৰভুলৈ ভয় ৰখাই জ্ঞান, আৰু কুকৰ্ম্ম ত্যাগ কৰাই সুবিবেচনা।
Psalm 86:11 in Assamese 11 হে যিহোৱা, তোমাৰ পথৰ বিষয়ে মোক শিক্ষা দিয়া, যাতে মই তোমাৰ সত্যত চলিব পাৰো; তোমাৰ নামক ভয় কৰাৰ কাৰণে মোৰ দুই মনৰ অন্তৰক এক মন দিয়া।
Psalm 94:13 in Assamese 13 যাতে তেওঁলোকে বিপদৰ কালত জিৰণি পায়, যেতিয়ালৈকে দুষ্টসকলৰ কাৰণে গাঁত খন্দা শেষ নহয়।
Psalm 111:10 in Assamese 10 যিহোৱালৈ ভয় ৰখাই জ্ঞানৰ আৰম্ভণ; যিসকলে তেওঁৰ আজ্ঞা অনুসাৰে কাৰ্য কৰে, তেওঁলোকে সুবুদ্ধি পায়; তেওঁৰ প্ৰশংসা অনন্ত কাললৈকে থাকে।
Proverbs 1:7 in Assamese 7 যিহোৱালৈ ভয় ৰখাই জ্ঞানৰ আৰম্ভণ- অজ্ঞানীলোকে প্রজ্ঞা আৰু অনুশাসন হেয়জ্ঞান কৰে।
Proverbs 8:13 in Assamese 13 যিহোৱাক ভয় কৰায়েই দুষ্টতাক ঘিণ কৰা হয়; মই অহঙ্কাৰ, গর্ব, কুপথ, আৰু বিপথগামী কথা ঘিণ কৰোঁ।
Proverbs 14:26 in Assamese 26 যিহোৱাক ভয় কৰাই দৃঢ়-বিশ্বাস, আৰু এয়ে তেওঁৰ সন্তান সকলৰ বাবে আশ্ৰয় স্থল হ’ব।
Proverbs 16:6 in Assamese 6 বিশ্বাসযোগ্য আৰু নিৰ্ভৰযোগ্য চুক্তিৰ দ্বাৰাই অপৰাধৰ প্ৰায়শ্চিত্ত হয়, আৰু যিহোৱালৈ ৰখা ভয়ৰ দ্বাৰাই মানুহ বেয়াৰ পৰা আঁতৰি আহে।
Proverbs 23:17 in Assamese 17 তোমাৰ হৃদয়ে পাপীক ঈৰ্ষা নকৰক; কিন্তু তুমি ওৰে দিনটো যিহোৱাৰ ভয়ত থাকা;
Isaiah 11:2 in Assamese 2 যিহোৱাৰ আত্মা, প্ৰজ্ঞাৰ আত্মা, আৰু সুবিবেচনা, পৰামৰ্শ, আৰু পৰাক্ৰমৰ আত্মা, জ্ঞান আৰু যিহোৱা বিষয়ক ভয়ৰ আত্মা, তেওঁৰ ওপৰত স্থিতি ল’ব।
Isaiah 11:10 in Assamese 10 সেই দিনা লোকসকলৰ বাবে যিচয়ৰ মূল নিচানৰূপে থিয় হ’ব। দেশবাসীয়ে তেওঁক বিচাৰি উলিয়াব আৰু তেওঁৰ বিশ্ৰামস্থান গৌৰৱাম্বিত হ’ব।
Isaiah 33:6 in Assamese 6 তোমালোকৰ সময়ত তেওঁ স্থায়ীভাৱে থাকিব, পৰিত্ৰাণ, জ্ঞান, আৰু বুদ্ধি প্ৰচুৰ পৰিমাণে হ’ব; যিহোৱা বিষয়ক ভয়েই তেওঁৰ পৰমধন।
Zechariah 8:20 in Assamese 20 “বাহিনীসকলৰ যিহোৱাই এই কথা কৈছে: ‘লোকসকল আকৌ আহিব, আনকি ভিন ভিন নগৰত নিবাস কৰা লোকসকলো আহিব।
John 14:16 in Assamese 16 আৰু মই পিতৃৰ ওচৰত প্ৰাৰ্থনা কৰিম, তেওঁ যাতে তোমালোকক আন এজন সহায়কর্তা দিয়ে আৰু তেওঁ যেন চিৰকাল তোমালোকৰ লগত থাকে৷
Acts 6:7 in Assamese 7 তাৰ পাছত ঈশ্বৰৰ বাক্য চৌদিশে বিয়পি গ’ল আৰু শিষ্য সকলৰ সংখ্যা যিৰূচালেমত দ্ৰুতগতিত বৃদ্ধি পাবলৈ ধৰিলে। ইয়াৰ উপৰি ইহুদী পুৰোহিত সকলৰ মাজৰ অনেকে খ্ৰীষ্টীয় বিশ্বাসৰ অনুগামী হৈ শৰণ ল’লে।
Acts 8:1 in Assamese 1 স্তিফানক বধ কৰা কথাত চৌলৰো সন্মতি আছিল। সেই সময়ত যিৰূচালেমত থকা মণ্ডলীৰ বিৰুদ্ধে বৰ তাড়না হৈছিল আৰু পাঁচনি সকলৰ বাহিৰে আন বিশ্বাসী সকল সমগ্র যিহূদা আৰু চমৰীয়া দেশৰ ঠায়ে ঠায়ে সিচঁৰিত হৈ গ’ল।
Acts 12:24 in Assamese 24 কিন্তু ঈশ্বৰৰ বাক্য ব্যাপক হাৰত বিয়পি গ’ল৷
Acts 16:5 in Assamese 5 এইদৰে মণ্ডলীবোৰ বিশ্বাসত দৃঢ় হৈ দিনে দিনে লেখত বৃদ্ধি পাবলৈ ধৰিলে।
Romans 5:5 in Assamese 5 সেই আশাই আমাক নিৰাশ নকৰে; কিয়নো আমাক দান কৰা পবিত্ৰ আত্মাৰ যোগেদি আমাৰ হৃদয়ত ঈশ্বৰৰ প্ৰেম বাকি দিয়া হৈছে।
Romans 14:17 in Assamese 17 কিয়নো ভোজন বা পান কৰাই ঈশ্বৰৰ ৰাজ্য নহয়; কিন্তু ধাৰ্মিকতা, শান্তি আৰু আনন্দ, পবিত্ৰ আত্মাৰ এইবোৰহে ঈশ্বৰৰ ৰাজ্যৰ সাৰ।
Romans 14:19 in Assamese 19 এতেকে শান্তিজনক আৰু পৰস্পৰৰ উন্নতি সাধক যি যি আছে, সেইবোৰহে অনুসৰণ কৰোঁ আহক।
Romans 15:13 in Assamese 13 এতেকে আপোনালোকে যেন পবিত্ৰ আত্মাৰ শক্তিৰে আশাত উপচি পৰিব পাৰে, তাৰ বাবে আশাৰ আকৰ ঈশ্বৰে আপোনালোকক আৰু বিশ্বাস কৰাৰ সকলোকে আনন্দ আৰু শান্তিৰে পৰিপূৰ্ণ কৰক।
1 Corinthians 3:9 in Assamese 9 কিয়নো আমি পৰস্পৰে ঈশ্বৰৰ সহকৰ্মী। আপোনালোক ঈশ্বৰৰ শস্যক্ষেত্ৰ, ঈশ্বৰে সজা গৃহস্বৰূপ।
1 Corinthians 14:4 in Assamese 4 যি জনৰ পৰভাষা ক’বলৈ ক্ষমতা আছে, তেওঁ নিজকে আত্মিকতাত বৃদ্ধি কৰে; কিন্তু যি জনে ঐশ্বৰিক ভাবোক্তি প্ৰচাৰ কৰে, তেওঁ মণ্ডলীক বৃদ্ধি তোলে।
1 Corinthians 14:12 in Assamese 12 এতেকে লোকৰ ক্ষেত্ৰতো ঠিক তেনে ধৰণৰেই, আপোনালোকে আত্মাৰ বিবিধ বৰলৈ হাবিয়াহ কৰিছে যেতিয়া, মণ্ডলীৰ আত্মিক বৃদ্ধিৰ বাবে উপচি পৰিবলৈ উৎসাহী হওক।
1 Corinthians 14:26 in Assamese 26 এতেকে হে প্ৰিয় ভাইসকল আপোনালোকে কি কৰিব? যেতিয়া আপোনালোক এঠাইত গোট খায়, তেতিয়া কোনো জনে গীত, কোনো জনে উপদেশ, কোনো জনে প্ৰকাশিত বাক্য, কোনো জনে পৰভাষা, কোনো জনে তাৰ অৰ্থ ভাঙণি কৰি কথা ক’ব। কিন্তু এই সকলো যেন মণ্ডলী বৃদ্ধি কৰিবলৈ কৰা হয়।
2 Corinthians 7:1 in Assamese 1 এই হেতুকে, হে প্ৰিয় ভাইসকল, এইবোৰ প্ৰতিজ্ঞা পোৱাৰ পাছত, আহক, আমি শৰীৰ আৰু আত্মাৰ সকলো অশুচিতাৰ পৰা নিজকে শুচি কৰি, ঈশ্বৰৰ ভয়ত পবিত্ৰতা সিদ্ধ কৰোঁহক।
2 Corinthians 10:8 in Assamese 8 আমাৰ ক্ষমতাৰ বিষয়ে যদিও কিছু অধিক গৰ্ব কৰোঁ, এই ক্ষমতা প্ৰভুৱে আপোনালোকক বিনষ্ট কৰিবৰ কাৰণে নহয়, কিন্তু আপোনালোকক বৃদ্ধি কৰিবলৈ দিলে৷ তথাপি সেই বিষয়ে মই লজ্জিত নহ’ম৷
2 Corinthians 12:19 in Assamese 19 আপোনালোকে ইমান সময়ে, আমি নিজকে নিৰ্দ্দোষী দেখুৱাবলৈ যত্ন কৰিছোঁ বুলি ভাবিছে নে? আমি ঈশ্বৰৰ দৃষ্টিত থকি খ্ৰীষ্টত কৈ আছোঁ; আৰু হে প্ৰিয় সকল, আপোনালোক বৃদ্ধি হ’বলৈহে এইবোৰ কথা কৈছোঁ।
2 Corinthians 13:10 in Assamese 10 এই কাৰণে বিনষ্ট কৰিবলৈ নহয়, কিন্তু বৃদ্ধি কৰিবলৈ প্ৰভুৱে মোক যি ক্ষমতা দিলে, সেই ক্ষমতাৰ দৰে, মই উপস্থিত কালত যেন কঠিন ব্যৱহাৰ কৰিব নালাগিব, এই অভিপ্ৰায়েৰে অনুপস্থিত থাকোঁতে, এইবোৰ কথা লিখিছোঁ।
Galatians 5:22 in Assamese 22 কিন্তু আত্মাৰ ফল হ’ল, প্ৰেম, আনন্দ, শান্তি, চিৰসহিষ্ণুতা, দয়া, মঙ্গলভাৱ, বিশ্বাস,
Ephesians 1:13 in Assamese 13 আপোনালোকেও খ্রীষ্টতে সত্যৰ বাক্য, পৰিত্রাণ লাভৰ শুভবার্তা শুনি তেওঁত বিশ্বাস কৰিলে। আপোনালোকক উত্তৰাধিকাৰৰ অর্থে ঈশ্বৰৰ প্ৰতিজ্ঞাযুক্ত পবিত্ৰ আত্মাৰে মোহৰ মৰা হ’ল।
Ephesians 4:12 in Assamese 12 ঈশ্বৰৰ পবিত্ৰ লোক সকলক প্রস্তুত কৰিবৰ বাবে, পৰিচর্যাৰ কার্য কৰিবলৈ আৰু খ্ৰীষ্টৰ শৰীৰ বৃদ্ধি কৰিবলৈ তেওঁ এই সকলো বৰ দান দিলে।
Ephesians 4:16 in Assamese 16 মানুহৰ শৰীৰৰ অঙ্গবোৰ যেনেদৰে একেলগে যুক্ত হৈ থাকে আৰু সেইবোৰে কৰণীয় কার্য সাধন কৰি গোটেই শৰীৰৰ বৃদ্ধি কৰে, সেইদৰে খ্ৰীষ্টৰ পৰা উৎপন্ন হোৱা সকলো বিশ্বাসী, খ্ৰীষ্টৰ শৰীৰত সংযুক্ত আৰু সংলগ্ন হৈ পৰস্পৰৰ সৈতে প্ৰেমত একত্ৰিত হৈ বৃদ্ধি সাধন কৰে। কিয়নো শৰীৰৰ অঙ্গ-প্রত্যঙ্গ পৰস্পৰৰ ওপৰত নির্ভৰশীল।
Ephesians 4:29 in Assamese 29 আপোনালোকৰ মুখৰ পৰা কোনো বেয়া কথা নোলাওক, কিন্তু উপদেশমূলক কথাৰে পৰস্পৰক গঢ়ি তোলক; তেতিয়া সেই ভাল কথা শুনা সকলক অনুগ্ৰহ দান কৰিব।
Ephesians 5:21 in Assamese 21 খ্ৰীষ্টৰ ভয়ত ইজনে সিজনৰ বশীভূত হওক।
Ephesians 6:18 in Assamese 18 সকলো প্ৰাৰ্থনা আৰু নিবেদনেৰে সকলো সময়তে আত্মাত প্ৰাৰ্থনা কৰক; আৰু ইয়াৰ কাৰণে পৰ দি, ঈশ্বৰৰ সকলো পবিত্ৰ লোকৰ কাৰণে সম্পূৰ্ণ ধৈৰ্য আৰু নিবেদনত লাগি থাকক।
Philippians 2:1 in Assamese 1 এতেকে খ্ৰীষ্টত যদি কোনো আশ্বাস, প্ৰেমৰ যদি কোনো সান্ত্বনা, আত্মাৰ যদি কোনো সহভাগিতা আৰু কোনো স্নেহ আৰু দয়া থাকে,
Colossians 1:10 in Assamese 10 আমি এনে ধৰণে প্ৰাৰ্থনা কৰি আছোঁ যাতে, সকলো ভাবে সন্তুষ্ট কৰিবৰ অৰ্থে আপোনালোকে যেন প্ৰভুত যোগ্যৰূপে জীৱন-যাপন কৰে আৰু তেওঁৰ সেই তত্ব-জ্ঞানত বাঢ়ি সকলো সৎকৰ্ম্মত ফলৱন্ত হয়৷
1 Thessalonians 5:11 in Assamese 11 এতেকে আপোনালোকে এতিয়া যেনেকৈ আছে, তেনেকৈয়ে পৰস্পৰে সান্ত্বনা দি থাকক আৰু এজনে আন জনক গঢ় দি তোলক।
2 Thessalonians 2:16 in Assamese 16 এতিয়া আমাৰ প্ৰভু যীচু খ্ৰীষ্টে নিজে আৰু যি জনে আমাক প্ৰেম কৰি, আমাক অনন্ত সান্ত্বনা আৰু ভৱিষ্যতৰ উত্তম আশা অনুগ্ৰহেৰে দিলে, আমাৰ সেই পিতৃ ঈশ্বৰে আপোনালোকৰ হৃদয়ক সান্ত্বনা দিয়ক;
1 Timothy 1:4 in Assamese 4 কাৰণ তেওঁলোকে বাধাৰহে সৃষ্টি কৰে৷ গল্প-কথা আৰু অন্তহীন বংশ তালিকাত মনোযোগ নিদিবা৷ এইবোৰে অযথা তর্ক-বিতর্কৰ সৃষ্টি কৰে আৰু ঈশ্ৱৰৰ কামত সহায় নকৰে৷ ঈশ্ৱৰৰ কাম বিশ্ৱাসৰ দ্ৱাৰা হয়৷
Hebrews 4:9 in Assamese 9 এতেকে ঈশ্বৰৰ লোকৰ কাৰণে সেই সপ্তম দিনৰ (বিশ্ৰামবাৰৰ) বিশ্ৰাম সংৰক্ষিত আছে।
Jude 1:20 in Assamese 20 কিন্তু, হে প্ৰিয় সকল, আপোনালোকে নিজৰ পৰম পবিত্ৰ বিশ্বাসৰূপ ভিত্তিমূলত নিজক গাঁথি লওঁক আৰু পবিত্ৰ আত্মাত প্ৰাৰ্থনা কৰক;