Acts 6:9 in Assamese 9 কিন্তু লিবর্ত্তীন নামৰ সমাজৰ কেইজনমান ব্যক্তিৰ সৈতে কুৰীণীয়া আৰু আলেকজেন্দ্রিয়া নগৰৰ লগতে কিলকিয়া আৰু এচিয়া প্ৰদেশৰ পৰা অহা কিছুমান ব্যক্তিয়ে স্তিফানৰ সৈতে তর্ক কৰিব ধৰিলে।
Other Translations King James Version (KJV) Then there arose certain of the synagogue, which is called the synagogue of the Libertines, and Cyrenians, and Alexandrians, and of them of Cilicia and of Asia, disputing with Stephen.
American Standard Version (ASV) But there arose certain of them that were of the synagogue called `the synagogue' of the Libertines, and of the Cyrenians, and of the Alexandrians, and of them of Cilicia and Asia, disputing with Stephen.
Bible in Basic English (BBE) But some of those who were of the Synagogue named that of the Libertines, and some of the men of Cyrene and of Alexandria and those from Cilicia and Asia, had arguments with Stephen.
Darby English Bible (DBY) And there arose up certain of those of the synagogue called of freedmen, and of Cyrenians, and of Alexandrians, and of those of Cilicia and Asia, disputing with Stephen.
World English Bible (WEB) But some of those who were of the synagogue called "The Libertines," and of the Cyrenians, of the Alexandrians, and of those of Cilicia and Asia arose, disputing with Stephen.
Young's Literal Translation (YLT) and there arose certain of those of the synagogue, called of the Libertines, and Cyrenians, and Alexandrians, and of those from Cilicia, and Asia, disputing with Stephen,
Cross Reference Matthew 10:17 in Assamese 17 সতর্কভাৱে চলিবা; কিয়নো লোক সকলে তোমালোকক বিচাৰ সভাত শোধাই দিব আৰু তেওঁলোকৰ নাম-ঘৰবোৰত তোমালোকক কোবাব।
Matthew 23:34 in Assamese 34 এই কাৰণে চাওক, মই আপোনালোকৰ ওচৰলৈ ভাৱবাদী, জ্ঞানী আৰু বিধানৰ অধ্যাপক সকলক পঠাওঁ; তেওঁলোকক আপোনালোকে বধ কৰিব, ক্ৰুচত দিব; কিছুমানক আপোনালোকে নাম-ঘৰত কোবাব, আৰু নগৰে নগৰে তাড়না কৰিব।
Matthew 27:32 in Assamese 32 পাছত তেওঁলোক ওলাই যাওঁতে কুৰীণীৰ পৰা অহা চিমোন নামেৰে এজন মানুহক বিচাৰি পালে, তেওঁলোকে তেওঁক যীচুৰ ক্ৰুচ বৈ নিবলৈ ধৰি নিলে।
Mark 13:9 in Assamese 9 কিন্তু তোমালোকে নিজলৈ সাৱধান হ’বা; কিয়নো মানুহবোৰে তোমালোকক বিচাৰ সভাত শোধাই দিব; তদুপৰি নাম-ঘৰত তোমালোকক প্ৰহাৰ কৰিব৷ মোৰ কাৰণে দেশাধিপতি আৰু ৰজা সকলৰ সন্মুখত মোৰ সাক্ষী হ’বলৈ তোমালোক থিয় হ’বা।
Luke 21:12 in Assamese 12 কিন্তু এই সকলো ঘটনা ঘটাৰ পূৰ্বতে, মানুহে তোমালোকৰ ওপৰত হাত দি তোমালোকক তাড়না কৰিব; নাম-ঘৰ আৰু বন্দীশালত শোধাই দিব; আৰু মোৰ নামৰ কাৰণে তোমালোকক ৰজা আৰু দেশাধিপতিৰ আগলৈ নিয়া হ’ব।
Acts 2:9 in Assamese 9 পাৰ্থিয়া, মাদিয়া, এলাম, মেচোপতেমিয়া, যিহুদীয়া, কাপদকিয়া, পন্ত, এচিয়া,
Acts 11:20 in Assamese 20 কিন্তু তেওঁলোকৰ মাজৰ কুপ্ৰ আৰু কুৰীণীৰ কিছুমান আন্তিয়খিয়ালৈ আহি গ্ৰীকভাষী সকলৰ আগত প্ৰভু যীচুৰ শুভবাৰ্তা প্ৰচাৰ কৰিলে৷
Acts 13:1 in Assamese 1 আন্তিয়খিয়াত থকা মণ্ডলীত কেইজনমান ভাৱবাদী আৰু উপদেশক আছিল৷ তেওঁলোক হ’ল, - বাৰ্ণব্বা, চিমোন, যি জনক নিগ্ৰ বোলে, কুৰীণীৰ লুকীয়, ৰজা হেৰোদৰ লগত প্ৰতিপালিত হোৱা মনহেম আৰু চৌল৷
Acts 13:45 in Assamese 45 কিন্তু ইহুদী সকলে লোক সকলক দেখি, ঈৰ্ষাৰে পুৰ হৈ নিন্দা কৰি কৰি পৌলে কোৱা কথা অৱমাননা কৰিলে৷
Acts 15:23 in Assamese 23 তেওঁলোকৰ হাতত এইদৰে এখন পত্র লিখি পঠালে: “আন্তিয়খিয়া, চিৰিয়া আৰু কিলকিয়াৰ অনা-ইহুদী বিশ্বাসী ভাই সকলৰ সমীপলৈ- পাঁচনি, পৰিচাৰক আৰু বিশ্বাসী ভাই সকলৰ শুভেচ্ছা।
Acts 15:41 in Assamese 41 পৌলে চিৰিয়া আৰু কিলকিয়া দেশৰ মাজেদি গৈ মণ্ডলী সমূহক অধিক শক্তিশালী কৰিলে।
Acts 16:6 in Assamese 6 পবিত্ৰ আত্মাই পৌল আৰু তেওঁৰ সংগী সকলক এচিয়া দেশত বাক্য প্রচাৰ কৰিবলৈ বাধা দিলে, তেতিয়া তেওঁলোক ফৰুগিয়া আৰু গালাতীয়া প্ৰদেশৰ মাজেদি গ’ল।
Acts 17:17 in Assamese 17 সেয়ে তেওঁ ইহুদী আৰু ঈশ্বৰক উপাসনা কৰা গ্রীক সকলৰ লগত নাম-ঘৰত যুক্তিৰে আলোচনা কৰিলে। বজাৰ অঞ্চলতো প্রতিদিনে লগ পোৱা লোক সকলৰ লগত আলোচনা কৰিলে।
Acts 18:24 in Assamese 24 সেই সময়ত আপল্লো নামেৰে এজন ইহুদী মানুহ ইফিচলৈ আহিছিল৷ তেওঁ আলেকজেন্দ্ৰিয়া চহৰৰ নিবাসী আছিল। তেওঁ এজন সুবক্তা আৰু ধৰ্মশাস্ত্ৰৰ বিষয়বোৰত নিপূণ আছিল।
Acts 19:10 in Assamese 10 এইদৰে তেওঁ দুবছৰলৈ সেই ঠাইতে থাকিল, আৰু এচিয়াত বাস কৰা সকলো ইহুদী আৰু গ্ৰীক সকলে প্ৰভুৰ বাক্য শুনিবলৈ পালে।
Acts 19:26 in Assamese 26 কিন্তু ‘যিবোৰ হাতেৰে সাজে, সেইবোৰ ঈশ্বৰ নহয়’ পৌলে এই কথা কৈ, অকল ইফিচৰ নহয়, প্ৰায় গোটেই এচিয়াত বহু লোকক প্ৰভাম্বিত কৰি অপথে নিলে, ইয়াক আপোনালোকে দেখিছে আৰু শুনিও আছে।
Acts 21:27 in Assamese 27 কিন্তু সেই সাত দিন প্ৰায় শেষ হোৱাত, এচিয়া দেশৰ ইহুদী সকলে তেওঁক মন্দিৰত দেখি, গোটেই লোক সকলক উচতাই, তেওঁক ধৰি ৰিঙিয়াই ক’লে,
Acts 21:39 in Assamese 39 কিন্তু পৌলে ক’লে, “মই কিলিকিয়া দেশৰ তার্চ নগৰৰ ইহুদী মানুহ, সামান্য নগৰৰ মানুহ নহওঁ। বিনয় কৰোঁ, মানুহবোৰৰ আগত কথা ক’বলৈ মোক অনুমতি দিয়ক।”
Acts 22:3 in Assamese 3 “মই ইহুদী মানুহ, কিলিকিয়া দেশৰ তাৰ্চ নগৰ মোৰ ওপজা ঠাই, কিন্তু এই নগৰত প্ৰতিপালিত হৈ, গমলীয়েল অধ্যাপকৰ চৰণত ঠিকমতে আমাৰ পূৰ্ব-পুৰুষ সকলৰ পৰা প্ৰচলিত বিধানৰ শিক্ষা পালোঁ; আৰু আজি আপোনালোক যেনে হৈ আছে, ময়ো সেইদৰে ঈশ্বৰলৈ উৎসাহী হৈ আছিলোঁ।
Acts 22:19 in Assamese 19 মই ক’লো, ‘হে প্ৰভু, মই যে প্ৰত্যেক নাম-ঘৰত সোমাই তোমাক বিশ্বাস কৰা সকলক কোবাই কোবাই বন্দীশালত থৈছিলোঁ
Acts 23:34 in Assamese 34 তেতিয়া তেওঁ সেই পত্ৰ পঢ়ি পৌল কোন প্ৰদেশৰ বুলি সুধিলে; পাছত তেওঁক কিলিকিয়াৰ বুলি জানিব পাৰিলে,
Acts 26:11 in Assamese 11 এনেদৰে মই তেখেত সকলক শাস্তি দিবলৈ এটা নামঘৰৰ পৰা আন এটা নামঘৰলৈ গৈছিলোঁ, আৰু যীচু খ্ৰীষ্টৰ নিন্দা কৰিবলৈ জোৰ কৰিছিলোঁ৷ তেখেত সকলৰ বিৰুদ্ধে ক্ষোভ ইমানেই তীব্ৰ হৈ উঠিছিল যে, তেখেত সকলক তাড়না কৰিবৰ বাবে মই বিদেশৰ চহৰ সমূহলৈকো যাত্ৰা কৰিছিলোঁ৷
Acts 27:5 in Assamese 5 পাছত কিলিকিয়া আৰু পাম্ফুলিয়াৰ সন্মুখত থকা সাগৰ পাৰ হৈ, লুকিয়া দেশৰ মুৰা নগৰ পালোঁ৷
1 Corinthians 1:20 in Assamese 20 জ্ঞানী লোক ক’ত? পণ্ডিত লোকেই বা ক’ত? এই জগতৰ তার্কিক লোক বা ক’ত? ঈশ্বৰে জানো জগতৰ জ্ঞানক মূর্খতালৈ পৰিণত কৰা নাই?
Galatians 1:21 in Assamese 21 তাৰ পাছত মই চিৰিয়া আৰু কিলিকিয়াৰ শাসনাধীন অঞ্চলবোৰলৈ গ’লো;